যানবাহন চুৰিৰ বিৰুদ্ধে চলোৱা এক বিশেষ অভিযানত সফলতা লাভ কৰিছে আৰক্ষীয়ে। নগাঁও জিলাৰ ডুমডুমিয়া অঞ্চলত চলোৱা অভিযানত ছয়খন সন্দেহজনক চোৰাং মটৰচাইকেল জব্দ কৰাৰ লগতে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।
মঙলবাৰে ডুমডুমিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কাৰ্তিক বছাকৰ নেতৃত্বত বালিসত্ৰ সাপ্তাহিক বজাৰ অঞ্চলত এই অভিযান চলোৱা হয়।
অভিযানকালত বেলগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বজাকাটি পাথাৰ গাঁৱৰ বাসিন্দা আছিকুল ইছলামক আটক কৰে আৰক্ষীয়ে। পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীৰ মতে, অভিযানত উদ্ধাৰ হোৱা ছয়খন মটৰচাইকেল চোৰাং বুলি সন্দেহ কৰা হৈছে। বাহনসমূহ জব্দ কৰি অধিক তদন্ত আৰম্ভ কৰা হৈছে।
জব্দ কৰা মটৰচাইকেলকেইখন ক’ৰ পৰা অহা আৰু সেয়া কোনো বৃহৎ বাহন চুৰি চক্ৰৰ সৈতে জড়িত নেকি, সেই দিশত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
গ্ৰেপ্তাৰ হোৱা আছিকুল ইছলামক জেৰা অব্যাহত আছে বুলিও আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে। তদন্তকাৰী বিষয়াসকলে এই চক্ৰৰ সৈতে জড়িত আন লোকৰ সন্ধানো চলাই আছে।
