অবৈধভাৱে মজুত কৰা ৩৩টা ৰন্ধন গেছৰ চিলিণ্ডাৰেই অৱশেষত কাৰাগাৰলৈ পঠিয়ালে কাজিৰঙাৰ দুই ভাতৃক। যোৰহাটৰ এখন আদালতে দুয়োজনক ৬ মাহকৈ কাৰাদণ্ড আৰু ৫ হাজাৰ টকাকৈ জৰিমনা বিহে।
শেহতীয়াকৈ ঘোষণা কৰা এক ৰায়ত কাজিৰঙাৰ কাকজান আলি চুবুৰীৰ বাসিন্দা ছাদিকুৰ ৰহমান আৰু ছিদ্দিকে ৰহমানক দোষী সাব্যস্ত কৰে যোৰহাটৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে। দুয়োজনে জৰিমনা আদায় দিব নোৱাৰিলে আৰু এক মাহকৈ কাৰাদণ্ড ভুগিব লাগিব বুলিও ৰায়ত উল্লেখ কৰা হয়।
খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে ২০১৮ চনত দাখিল কৰা এক গোচৰৰ ভিত্তিত এই ৰায় প্ৰদান কৰা হয়। সেই সময়ত বিভাগ আৰু আৰক্ষীৰ যৌথ দলে অভিযান চলাই অভিযুক্ত দুজনৰ দোকান-সহ বাসগৃহৰ পৰা ৩৩ টা অননুমোদিত ঘৰুৱা এলপিজি চিলিণ্ডাৰ জব্দ কৰিছিল।
তদন্তৰ অন্তত অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ৰ অধীনত গোচৰটো আদালতলৈ প্ৰেৰণ কৰা হয়। বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত আদালতে দুয়োজন অভিযুক্তক দোষী সাব্যস্ত কৰে।
উল্লেখ্য যে, এই গোচৰত আন এজন অভিযুক্ত পবিন্দ্ৰ নাথ ফুকনো জড়িত আছিল। কিন্তু বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে তেওঁৰ মৃত্যু ঘটে। তেওঁ পঞ্চায়ত কৰ সংগ্ৰাহক হিচাপে কৰ্মৰত আছিল।
ইফালে, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ যুটীয়া সঞ্চালক (ভাৰপ্ৰাপ্ত) বিকাশ দাসে আদালতৰ এই ৰায়ক আদৰণি জনায়। অবৈধভাৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যৱসায়ত জড়িত লোকসকলৰ বাবে এই ৰায়ে এক স্পষ্ট বাৰ্তা বহন কৰিব বুলি মন্তব্য কৰে তেওঁ।
