Paromita

893 Posts
নগাঁওৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ; ৰাজনীতিত যোগদানৰ জল্পনা

নগাঁওৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ; ৰাজনীতিত যোগদানৰ জল্পনা

জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ সাজু হৈছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই। আয়ুক্তগৰাকীয়ে চৰকাৰী চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণৰ সিদ্ধান্ত সদৰি কৰাৰ পিছতে তেওঁৰ সম্ভাৱ্য ৰাজনৈতিক পদাৰ্পণক লৈ ৰাজ্যজুৰি নতুন চর্চাৰ সূচনা হৈছে। বুধবাৰে দায়িত্বৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্তৰে প্ৰশাসনিক জীৱনৰ এক উল্লেখযোগ্য অধ্যায় সামৰে দেৱাশিষ শৰ্মাই। দেৱাশিষ শৰ্মাই নগাঁও জিলাৰ আয়ুক্ত পদৰ লগতে পূৰ্বে মৰিগাঁও জিলাৰ আয়ুক্ত হিচাপেও দায়িত্ব পালন কৰিছিল। জনমুখী প্ৰশাসন, ক্ষেত্ৰভিত্তিক পৰিদৰ্শন আৰু সাধাৰণ লোকৰ সৈতে প্ৰত্যক্ষ যোগাযোগৰ বাবে কাৰ্যকালজুৰি তেওঁ বিশেষ পৰিচিতি লাভ কৰিছিল। গাঁও অঞ্চললৈ নিয়মীয়াকৈ গৈ স্থানীয় লোকৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ সমস্যা প্ৰত্যক্ষভাৱে শুনি সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰাক অগ্ৰাধিকাৰ…
Read More
মানুহৰ দৰে আচৰণ শিককঃ হিন্দু-মুছলমান ৰাজনীতি বন্ধৰ আহ্বান বদৰুদ্দিন আজমলৰ

মানুহৰ দৰে আচৰণ শিককঃ হিন্দু-মুছলমান ৰাজনীতি বন্ধৰ আহ্বান বদৰুদ্দিন আজমলৰ

হিন্দু-মুছলমান ৰাজনীতি এৰি প্ৰথমে মানুহ হ'ব লাগে। বুধবাৰে বৰপেটা জিলাত এই মন্তব্য কৰে বিধায়ক তথা এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে। ধৰ্মীয় বিভাজনৰ ৰাজনীতি কৰা নেতাসকলক তীব্ৰ সমালোচনা কৰি আজমলে কয়- এনে কথা কোৱা লোক মানুহেই নহয়, জন্তুতকৈও অধম। বন্যাৰ্ত লোকসকলৰ সৈতে মত বিনিময় কৰাৰ পিছত বদৰুদ্দিন আজমলে কয়, "আপুনি হিন্দুও নহ'ব, মুছলমানো নহ'ব। আপুনি মানুহৰ সন্তান। কেতিয়া মানুহ হ'ব, সেয়া মই নাজানো।" ধৰ্মীয় বিভাজনৰ ৰাজনীতি কৰা নেতাসকলক সমালোচনা কৰি এআইইউডিএফৰ সভাপতিগৰাকীয়ে কয় যে, মানুহক বিভক্ত কৰাৰ ৰাজনীতি এৰি প্ৰথমে মানুহৰ দৰে আচৰণ শিকা উচিত। তেওঁ কয়, "এনে কথা কোৱা লোক মানুহেই নহয়, জন্তুতকৈও অধম। তেওঁলোকক প্ৰথমে মানুহ হ'বলৈ কওক। অন্ততঃ এবাৰ…
Read More
অসমৰ বান পৰিস্থিতি স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ সময়ৰ প্ৰয়োজন হ’ব: জে পি নাড্ডা

অসমৰ বান পৰিস্থিতি স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ সময়ৰ প্ৰয়োজন হ’ব: জে পি নাড্ডা

অসমলৈ আহিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা। বানে বিধ্বস্ত কৰা উজনি অসমৰ পৰিস্থিতিৰ বুজ ল'বলৈ বুধবাৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিৱসাগৰ জিলাৰ বানাক্ৰান্ত নেপালীখুটি গাঁও পৰিদৰ্শন কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালৰ সৈতে মত বিনিময় কৰে। পৰিদৰ্শনৰ অন্তত বানাক্ৰান্ত ৰাজ্যখনক সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম-নাগালেণ্ড সীমান্তৰ নেপালীখুটি গাঁও পৰিদৰ্শন কৰি নাড্ডাই বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। ৰাজ্যখনত ১৯ জুলাইত হোৱা ভয়ংকৰ বানপানীয়ে সৃষ্টি কৰা পৰিস্থিতি স্বচক্ষে প্ৰত্যক্ষ কৰাৰ পাছত ক্ষয়-ক্ষতিৰ ব্যাপকতাক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰে। জে পি নাড্ডাই কয়, "মই নেপালীখুটিৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…
Read More
পশু চিকিৎসা বিষয়াৰ নিযুক্তিক লৈ কোটি টকীয়া দুৰ্নীতিৰ অভিযোগ; উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চিআইডি-এছআইটি তদন্ত আৰম্ভ

পশু চিকিৎসা বিষয়াৰ নিযুক্তিক লৈ কোটি টকীয়া দুৰ্নীতিৰ অভিযোগ; উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চিআইডি-এছআইটি তদন্ত আৰম্ভ

পশু চিকিৎসা বিষয়াৰ নিযুক্তিত কোটি কোটি টকাৰ লেনদেন আৰু অ'এমআৰ উত্তৰপত্ৰত হেৰফেৰৰ অভিযোগে কৰ্ণাটকৰ ৰাজনীতিত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। উচ্চ ন্যায়ালয়ে ঘটনাটোক "দিবালোকত সংঘটিত জালিয়াতি" বুলি অভিহিত কৰাৰ পাছতে ৰাজ্য চৰকাৰে সম্পূৰ্ণ নিযুক্তি প্ৰক্ৰিয়া স্থগিত ৰাখি চিআইডি তদন্তৰ লগতে বিশেষ তদন্তকাৰী দল গঠনৰ সিদ্ধান্ত লৈছে। ১৭ জুলাইত কৰ্ণাটক লোকসেৱা আয়োগে ৪০০টা পশু চিকিৎসা বিষয়াৰ পদৰ বাবে সফল প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছিল। তালিকা প্ৰকাশৰ কিছু সময়ৰ ভিতৰতে একাংশ পৰীক্ষাৰ্থীয়ে নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে। উৎকোচৰ জৰিয়তে চাকৰি দিয়াৰ লগতে অ'এমআৰ উত্তৰপত্ৰত হেৰফেৰ কৰা হৈছে বুলি দাবী কৰি বিভিন্ন নথি-পত্ৰ আদালতৰ সন্মুখত দাখিল কৰে আবেদনকাৰীসকলে। বিচাৰপীঠে বিষয়টোৰ…
Read More
৮২ জনলৈ বৃদ্ধি অসমৰ বানত নিহতৰ সংখ্যা! শিৱসাগৰ-চৰাইদেউত পুনৰ উদ্ধাৰ ২টা মৃতদেহ

৮২ জনলৈ বৃদ্ধি অসমৰ বানত নিহতৰ সংখ্যা! শিৱসাগৰ-চৰাইদেউত পুনৰ উদ্ধাৰ ২টা মৃতদেহ

প্ৰতি দিনেই দীঘলীয়া হৈছে বানৰ মৃত্যুমিছিল! উজনি অসমত সৃষ্ট প্ৰলয়ংকাৰী বান পৰিস্থিতি বহু অংশত উন্নতিলৈ আহিলেও এতিয়াও অন্ত পৰা নাই বানে নমাই অনা বিভীষিকাৰ। পানী আঁতৰাৰ লগে লগে বিভিন্ন প্ৰান্তত পোহৰলৈ আহিছে নতুন নতুন মৃত্যুৰ ঘটনা। শেহতীয়াকৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সদৰি কৰা তথ্য অনুসৰি, এইবাৰৰ বানত নিহতৰ সংখ্যা ৮২ জনলৈ বৃদ্ধি পাইছে। প্ৰাধিকৰণে জানিবলৈ দিয়া মতে, শিৱসাগৰৰ নাজিৰা ৰাজহ চক্ৰ আৰু চৰাইদেউৰ সোণাৰিত শেহতীয়াকৈ দুজন লোকৰ মৃত্যু হৈছে। বৰ্তমানলৈ বানৰ ফলত কোনো লোক নিৰুদ্দেশ হৈ থকাৰ তথ্য পোৱা হোৱা নাই। বৰ্তমান শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট আৰু নগাঁও- এই পাঁচখন জিলাৰ ১৭টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৩৭৯খন গাঁও এতিয়াও বানৰ…
Read More
জেন-জিক ভয় দেখুৱাই নিমাত কৰিব নোৱাৰিব”; শিক্ষাৰ্থী আন্দোলনক লৈ ৰাহুলৰ শানিত আক্ৰমণ

জেন-জিক ভয় দেখুৱাই নিমাত কৰিব নোৱাৰিব”; শিক্ষাৰ্থী আন্দোলনক লৈ ৰাহুলৰ শানিত আক্ৰমণ

নিট প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি দেশজুৰি অব্যাহত থকা শিক্ষাৰ্থী আন্দোলন আৰু প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা বলপ্ৰয়োগক লৈ উত্তপ্ত হৈ আছে জাতীয় ৰাজনীতি। এই ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিৰোধী দলসমূহ। এনে পৰিস্থিতিৰ মাজতে পুনৰ শানিত ভাষাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক লক্ষ্য কৰি আক্ৰমণ চলায় লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰা এটা পোষ্টত ৰাহুলে অভিযোগ কৰে যে, প্ৰতিবাদকাৰী যুৱ-প্ৰজন্মৰ কণ্ঠ স্তব্ধ কৰিবলৈ চৰকাৰে এফআইআৰ ৰুজু কৰাৰ লগতে তেওঁলোকৰ সামাজিক মাধ্যমৰ একাউণ্ট আঁতৰোৱাৰ পথ অৱলম্বন কৰিছে। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক উদ্দেশ্যি ৰাহুলে কয়, "জেন জি-ক ভয় দেখুৱাই নিমাত কৰিব নোৱাৰিব।"…
Read More
অৰুণাচল-নাগালেণ্ডত ধাৰাসাৰ বৰষুণৰ আগজাননী; উজনি অসমত পুনৰ বানৰ আশংকা

অৰুণাচল-নাগালেণ্ডত ধাৰাসাৰ বৰষুণৰ আগজাননী; উজনি অসমত পুনৰ বানৰ আশংকা

আকৌ বতৰে ধাৰণ কৰিব কালৰূপ! অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত আগন্তুক দিনকেইটাত ধাৰাসাৰ বৰষুণৰ আগজাননী জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। একে সময়তে উজনি অসমৰ কেইবাখনো জিলাত পুনৰ বান, আকস্মিক বান, ভূমিস্খলন আৰু জলাবদ্ধতাৰ আশংকাও ব্যক্ত কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে সদৰি কৰা মতে, ৩০ জুলাইৰ পৰা ১ আগষ্টলৈকে অসমৰ লগতে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ বিভিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। বিশেষকৈ অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত হোৱা প্ৰবল বৰষুণৰ প্ৰভাৱ উজনি অসমৰ কেইবাখনো জিলাত পৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। তিনিচুকীয়া জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। একেদৰে নাগালেণ্ডৰ মন, মোককচাং আৰু ৱোখা জিলাতো অৰেঞ্জ এলাৰ্ট বলৱৎ কৰা হৈছে। এই…
Read More
বৰষুণৰ বিভীষিকা! ভয়ংকৰ ভূমিস্খলনত কৰুণ মৃত্যু দুই কিশোৰ ভাতৃৰ

বৰষুণৰ বিভীষিকা! ভয়ংকৰ ভূমিস্খলনত কৰুণ মৃত্যু দুই কিশোৰ ভাতৃৰ

প্ৰবল বৰষুণে সৃষ্টি কৰা ভূমিস্খলনৰ বিভীষিকাত এইবাৰ কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল দুজনকৈ কিশোৰ ভাতৃয়ে!বুধবাৰে নাগালেণ্ডৰ মোককচাং চহৰৰ আপাৰ পেনলি ৱাৰ্ডত সংঘটিত এই শোকাৱহ ঘটনাত মৃত্যু হয় একেটা পৰিয়ালৰ দুজন ছাত্ৰৰ। ঘটনাটোত আহত হয় তেওঁলোকৰ মাতৃও। মৃত্যু হোৱা দুয়োজন হৈছে আলিছপুৰ গাঁৱৰ মেৰেনবা ছাংটামৰ পুত্ৰ মুৱালং ছাংটাম (১৯) আৰু থ্ৰিডিবা ছাংটাম (১৬)। মুৱালং দ্বাদশ শ্ৰেণী আৰু থ্ৰিডিবা একাদশ শ্ৰেণীত মককচুংস্থিত কুইন মেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি আছিল। পূব নাগালেণ্ড জনজাতীয় সন্থা, মককচুং শাখাই জানিবলৈ দিয়া মতে, আপাৰ পেনলি ৱাৰ্ডত থকা ভাড়াঘৰৰ ওপৰত হঠাতে ভূমিস্খলন হোৱাত ঘৰটো মাটিৰ তলত পোত খায় যায়। সেই ঘটনাত দুয়োজন ভাতৃৰ মৃত্যু হয়। আহত মাতৃ বৰ্তমান…
Read More
মানৱতাবিৰোধী অপৰাধৰ নতুন গোচৰ; প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাসহ ৪০ জনৰ বিৰুদ্ধে জাৰি গ্ৰেপ্তাৰী পৰোৱানা

মানৱতাবিৰোধী অপৰাধৰ নতুন গোচৰ; প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাসহ ৪০ জনৰ বিৰুদ্ধে জাৰি গ্ৰেপ্তাৰী পৰোৱানা

স্বদেশলৈ ওভতাৰ সম্ভাৱনাৰ মাজতেই নতুনকৈ আইনী জটিলতাত আবদ্ধ হ'ল ভাৰতত আশ্ৰয় লৈ থকা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। শেহতীয়াকৈ শ্বেখ হাছিনাৰ লগতে আন ৪০ জনৰ বিৰুদ্ধে এক নতুন ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে। ২০১৩ চনত ঢাকাৰ শাপলা চত্বৰত হেফাজত-ই-ইছলামৰ সমদলৰ ওপৰত চলোৱা আৰক্ষীৰ অভিযানক কেন্দ্ৰ কৰি মানৱতাবিৰোধী অপৰাধৰ অভিযোগত এই গোচৰ ৰুজু কৰা হৈছে। ন্যায়াধিকৰণৰ মুখ্য অভিয়োজক আমিনুল ইছলামে সাংবাদিকক জনোৱা মতে, সোমবাৰে ন্যায়াধিকৰণৰ পঞ্জীয়কৰ ওচৰত আনুষ্ঠানিকভাৱে অভিযোগপত্ৰ দাখিল কৰাৰ পিছতে আদালতে শ্বেখ হাছিনাসহ ৪০ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ কৰে আৰু পলাতক অভিযুক্তসকলৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে। এই গোচৰত তদানীন্তন সেনাপ্ৰধান,…
Read More
বোম্বে উচ্চ ন্যায়ালয়ৰ সেউজ সংকেত; মেটা, গুগল, এক্সৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব নীতিন গাডকাৰীয়ে

বোম্বে উচ্চ ন্যায়ালয়ৰ সেউজ সংকেত; মেটা, গুগল, এক্সৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব নীতিন গাডকাৰীয়ে

ই-২০ ইন্ধন নীতিক কেন্দ্ৰ কৰি দেশজুৰি অব্যাহত থকা বিতৰ্কৰ মাজতে এইবাৰ মেটা, গুগল আৰু এক্সৰ দৰে ডিজিটেল প্লেটফৰ্মৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰাৰ পথ মুকলি কৰিলে বোম্বে উচ্চ ন্যায়ালয়ে। ডিপফেক ভিডিঅ' আৰু বিভ্ৰান্তিকৰ প্ৰচাৰৰ জৰিয়তে নিজৰ লগতে পৰিয়ালৰ ভাৱমূৰ্তি ক্ষুণ্ণ কৰাৰ অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আদালতৰ কাষ চাপিছিল। আদালতৰ অনুমতি লাভ কৰাৰ পিছত গাডকাৰীয়ে মেটাৰ অধীনস্থ ফেচবুক আৰু ইনষ্টাগ্ৰাম, এক্স, গুগলৰ লগতে এই মানহানিকৰ বিষয়বস্তু সৃষ্টি আৰু প্ৰচাৰ কৰা অচিনাক্ত ব্যক্তি বা পৃষ্ঠাসমূহৰ বিৰুদ্ধে দেৱানী গোচৰ দাখিল কৰিব পাৰিব। গোচৰটোত ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু দূৰসংযোগ বিভাগকো পক্ষভুক্ত কৰা হৈছে। আবেদনখনত উল্লেখ কৰা…
Read More