নিট প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি দেশজুৰি অব্যাহত থকা শিক্ষাৰ্থী আন্দোলন আৰু প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা বলপ্ৰয়োগক লৈ উত্তপ্ত হৈ আছে জাতীয় ৰাজনীতি। এই ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিৰোধী দলসমূহ। এনে পৰিস্থিতিৰ মাজতে পুনৰ শানিত ভাষাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক লক্ষ্য কৰি আক্ৰমণ চলায় লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে।
সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰা এটা পোষ্টত ৰাহুলে অভিযোগ কৰে যে, প্ৰতিবাদকাৰী যুৱ-প্ৰজন্মৰ কণ্ঠ স্তব্ধ কৰিবলৈ চৰকাৰে এফআইআৰ ৰুজু কৰাৰ লগতে তেওঁলোকৰ সামাজিক মাধ্যমৰ একাউণ্ট আঁতৰোৱাৰ পথ অৱলম্বন কৰিছে।
প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক উদ্দেশ্যি ৰাহুলে কয়, “জেন জি-ক ভয় দেখুৱাই নিমাত কৰিব নোৱাৰিব।”
ইয়াৰ পিছতে তেওঁ চৰকাৰক লক্ষ্য কৰি কয়, “প্ৰথমে তেওঁলোকৰ হাড় ভাঙিলে, এতিয়া তেওঁলোকৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰি সামাজিক মাধ্যমৰ একাউণ্ট আঁতৰাই দিছে।”
ৰাহুলে লগতে মন্তব্য কৰে যে, বৰ্তমানৰ শাসকীয় নেতৃত্ব অতীতৰ প্ৰতিনিধি, কিন্তু জেন জি দেশৰ ভৱিষ্যৎ। সেইবাবে দেশৰ ভৱিষ্যৎ প্ৰজন্মৰ সৈতে কেনে ব্যৱহাৰ কৰা হৈছে, সেই বিষয়ে চৰকাৰে সাৱধানে চিন্তা কৰা উচিত বুলিও তেওঁ উল্লেখ কৰে।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও দিল্লীৰ যন্তৰ মন্তৰত ২০ জুলাইত প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীয়ে চলোৱা বলপ্ৰয়োগৰ ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছিল ৰাহুল গান্ধীয়ে। তেওঁৰ দাবী অনুসৰি, সৰ্বোচ্চ ন্যায়ালয়ৰ তত্বাৱধানত এখন স্বতন্ত্ৰ উচ্চক্ষমতাসম্পন্ন তদন্ত কমিটি গঠন কৰি ঘটনাটোৰ তদন্ত কৰা উচিত।
ঘটনাটোৰ এটা ভিডিঅ’ও সামাজিক মাধ্যমত শ্বেয়াৰ কৰে ৰাহুলে। সেই ভিডিঅ’ত আৰক্ষীয়ে প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত লাঠিচালনা কৰাৰ দৃশ্য দেখা যায়। লগতে অসামৰিক পোছাক পিন্ধা এজন ব্যক্তিয়ে ভাৰতীয় পতাকা বহন কৰি থকা এজন শিক্ষাৰ্থীক জোৰকৈ পথত আছাৰি পেলোৱা দৃশ্যও ধৰা পৰিছে।
ইফালে, এই ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে সংসদ চৌহদৰ মকৰ দ্বাৰত ইণ্ডিয়া মিত্ৰজোঁটৰ সাংসদসকলেও প্ৰতিবাদ সাব্যস্ত কৰে। শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ বলপ্ৰয়োগ আৰু অযোধ্যাৰ ৰাম মন্দিৰলৈ আগবঢ়োৱা অনুদানৰ কথিত অনিয়মৰ অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰৰ জবাবদিহিতা বিচাৰি সাংসদসকলে শ্লোগান দিয়ে।
উল্লেখযোগ্য যে, এই প্ৰতিবাদৰ মাজতেই ৰাজ্যসভাত “লোকপৰীক্ষা (অসাধু উপায় প্ৰতিৰোধ) সংশোধনী বিধেয়ক, ২০২৬” উত্থাপন আৰু গৃহীত কৰাৰ কাৰ্যসূচীও আছিল।
