উজনি অসমত বান সাহায্য বৃদ্ধি কৰি চিএছআৰ পদক্ষেপৰ জৰিয়তে ১,১০০টা পৰিয়ালক সহায় কৰিছে ইণ্ডাছ টাৱাৰ্ছে

টেলিকম আন্তঃগাঁথনি প্ৰতিষ্ঠান ইণ্ডাছ টাৱাৰ্ছে অসমত বান সাহায্য কাৰ্যসূচী অব্যাহত ৰাখিছে। ৰাজ্যখনে ভয়াৱহ বানপানীৰ প্ৰভাৱৰ সৈতে যুঁজি থকাৰ সময়তে কোম্পানীটোৱে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ প্ৰায় ১,১০০টা বানপীড়িত পৰিয়ালক সাহায্য প্ৰদান কৰিছে। কোম্পানীটোৰ ধ্বজাবাহী কৰ্পৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) কাৰ্যসূচী প্ৰগতিৰ অধীনত সোণাৰী আৰু টীয়ক কেন্দ্ৰসমূহৰ জৰিয়তে এই সাহায্য বিতৰণ কাৰ্যসূচী চলোৱা হৈছে। বানাক্ৰান্ত পৰিয়ালসমূহক শুকান খাদ্য সামগ্ৰী, ৱাশ্ব(পানী, অনাময় আৰু স্বাস্থ্যবিধি) সামগ্ৰী আৰু প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী অন্তৰ্ভুক্ত থকা একোটা সম্পূৰ্ণ সাহায্য কিট যোগান ধৰা হৈছে।

গৰ্ভৱতী মহিলা, প্ৰসূতী মাতৃ আৰু ছমাহৰ পৰা দুবছৰ বয়সৰ শিশুসকলৰ উপযোগী নিৰ্দিষ্ট পুষ্টি আৰু স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ বিশেষভাৱে প্ৰস্তুত কৰা কিট বিতৰণ কৰা হৈছিল।ইণ্ডাছ টাৱাৰ্ছ লিমিটেডৰ চাৰ্কল চিইঅ’ (নেছা) ৰাজেন্দ্ৰ গুৰুঙে কয় যে বানপানীয়ে হাজাৰ হাজাৰ পৰিয়ালৰ খাদ্য, স্বাস্থ্যসেৱা আৰু অন্যান্য মৌলিক প্ৰয়োজনীয়তাসমূহৰ উপলব্ধতাত ব্যাঘাত জন্মাইছে। তেওঁ কয় যে, কোম্পানীটো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত সাহায্য, পুনৰুদ্ধাৰ প্ৰচেষ্টাত সমৰ্থন আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ।সাহায্য বিতৰণ কাৰ্যসূচীৰ সময়ত কোম্পানীটোৰ কৰ্মচাৰীসকলেও আক্ৰান্ত অঞ্চলসমূহ ভ্ৰমণ কৰে আৰু হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। এই সাহায্য পদক্ষেপ নৰ্থ-ইষ্ট এফেক্টেড এৰিয়া ডেভেলপমেণ্ট ছচায়িটী(এনইএআইডি)ৰ দ্বাৰা ৰূপায়ণ কৰা হৈছিল।

কোম্পানীটোৱে উল্লেখ কৰে যে অলপতে অৰুণাচল প্ৰদেশত কৰা বান সাহায্য পদক্ষেপে সমগ্ৰ অঞ্চলটোৰ দুৰ্যোগ প্ৰশমন আৰু আক্ৰান্ত সমাজক সহায় কৰাৰ নিৰন্তৰ প্ৰচেষ্টাকে প্ৰতিফলিত কৰে।এই সাহায্য পদক্ষেপে উজনি অসমৰ সমাজ আৰু স্থানীয় যোগান শৃংখলসমূহক পৰোক্ষভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে। ডিব্ৰুগড়ে উজনি অসমৰ অন্যতম মুখ্য বাণিজ্যিক কেন্দ্ৰ হিচাপে কাম কৰাৰ পৰিপ্ৰেক্ষিতত কৰ্পৰেট খণ্ডৰ এনে ধাৰাবাহিক মানৱীয় সাহাৰ্য্যই চৰকাৰৰ দুৰ্যোগ প্ৰশমন আৰু পুনৰ্সংস্থাপনৰ প্ৰচেষ্টাক পৰিপূৰক কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ চাহিদাক সুস্থিৰ কৰাত সহায় কৰিব পাৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *