ই-২০ ইন্ধন নীতিক কেন্দ্ৰ কৰি দেশজুৰি অব্যাহত থকা বিতৰ্কৰ মাজতে এইবাৰ মেটা, গুগল আৰু এক্সৰ দৰে ডিজিটেল প্লেটফৰ্মৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰাৰ পথ মুকলি কৰিলে বোম্বে উচ্চ ন্যায়ালয়ে। ডিপফেক ভিডিঅ’ আৰু বিভ্ৰান্তিকৰ প্ৰচাৰৰ জৰিয়তে নিজৰ লগতে পৰিয়ালৰ ভাৱমূৰ্তি ক্ষুণ্ণ কৰাৰ অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আদালতৰ কাষ চাপিছিল।
আদালতৰ অনুমতি লাভ কৰাৰ পিছত গাডকাৰীয়ে মেটাৰ অধীনস্থ ফেচবুক আৰু ইনষ্টাগ্ৰাম, এক্স, গুগলৰ লগতে এই মানহানিকৰ বিষয়বস্তু সৃষ্টি আৰু প্ৰচাৰ কৰা অচিনাক্ত ব্যক্তি বা পৃষ্ঠাসমূহৰ বিৰুদ্ধে দেৱানী গোচৰ দাখিল কৰিব পাৰিব। গোচৰটোত ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু দূৰসংযোগ বিভাগকো পক্ষভুক্ত কৰা হৈছে।
আবেদনখনত উল্লেখ কৰা মতে, সামাজিক মাধ্যমত প্ৰচাৰিত বিভিন্ন পোষ্ট, সম্পাদিত ভিডিঅ’ আৰু ডিপফেক সামগ্ৰীৰ জৰিয়তে ই-২০ আঁচনিৰ পৰা গাডকাৰী আৰু তেওঁৰ পৰিয়ালে আৰ্থিকভাৱে লাভৱান হৈছে বুলি মিছা প্ৰচাৰ চলোৱা হৈছে। তেওঁৰ অভিযোগ অনুসৰি, এই অপপ্ৰচাৰৰ লক্ষ্য হৈছে জনসাধাৰণক বিভ্ৰান্ত কৰা আৰু তেওঁৰ ৰাজহুৱা ভাৱমূৰ্তি নষ্ট কৰা।
গাডকাৰীয়ে আদালতত উল্লেখ কৰা মতে, ইথানল মিশ্ৰিত পেট্ৰ’ল কাৰ্যসূচী আৰু ই-২০ আঁচনি পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ অধীনত নপৰে। এই আঁচনি পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ দায়িত্বত ৰূপায়ণ কৰা হয়। সেইবাবে তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ বাস্তৱভিত্তিহীন।
আবেদনখনত তেওঁ আৰু উল্লেখ কৰা মতে, ই-২০ নীতি প্ৰস্তুত, ৰূপায়ণ বা পৰিচালনাৰ ক্ষেত্ৰত তেওঁৰ কোনো ভূমিকাই নাই। তথাপিও সামাজিক মাধ্যমত চলোৱা এই অপপ্ৰচাৰৰ ফলত তেওঁৰ ব্যক্তিগত আৰু ৰাজহুৱা সুনাম ক্ষতিগ্ৰস্ত হৈছে।
গাডকাৰীয়ে আদালতৰ ওচৰত ডিপফেক ভিডিঅ’, সম্পাদিত দৃশ্য আৰু তেওঁৰ সৈতে ই-২০ আঁচনিৰ মিছা সম্পৰ্ক স্থাপন কৰা সকলো বিষয়বস্তু তাৎক্ষণিকভাৱে আঁতৰাই পেলোৱাৰ নিৰ্দেশ বিচাৰে। লগতে এইধৰণৰ বিষয়বস্তু সৃষ্টি, প্ৰকাশ আৰু প্ৰচাৰ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু ভৱিষ্যতেও এনে প্ৰচাৰ বন্ধ কৰাৰ নিৰ্দেশ বিচাৰে।
বোম্বে উচ্চ ন্যায়ালয়ে গাডকাৰীক দেৱানী গোচৰ দাখিলৰ অনুমতি প্ৰদান কৰিছে যদিও অন্তৱৰ্তীকালীন সকাহ সম্পৰ্কীয় আবেদন পৰৱৰ্তী পৰ্যায়ত শুনানি গ্ৰহণ কৰা হ’ব বুলি আদালতে উল্লেখ কৰে।
