অসমলৈ আহিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা। বানে বিধ্বস্ত কৰা উজনি অসমৰ পৰিস্থিতিৰ বুজ ল’বলৈ বুধবাৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শিৱসাগৰ জিলাৰ বানাক্ৰান্ত নেপালীখুটি গাঁও পৰিদৰ্শন কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালৰ সৈতে মত বিনিময় কৰে। পৰিদৰ্শনৰ অন্তত বানাক্ৰান্ত ৰাজ্যখনক সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম-নাগালেণ্ড সীমান্তৰ নেপালীখুটি গাঁও পৰিদৰ্শন কৰি নাড্ডাই বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। ৰাজ্যখনত ১৯ জুলাইত হোৱা ভয়ংকৰ বানপানীয়ে সৃষ্টি কৰা পৰিস্থিতি স্বচক্ষে প্ৰত্যক্ষ কৰাৰ পাছত ক্ষয়-ক্ষতিৰ ব্যাপকতাক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰে।
জে পি নাড্ডাই কয়, “মই নেপালীখুটিৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বানৰ ফলত হোৱা ব্যাপক ক্ষয়-ক্ষতি স্বচক্ষে দেখিলোঁ। ধ্বংসৰ মাত্ৰা ইমানেই বিস্তৃত যে স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিবলৈ কিছু সময় লাগিব।”
বানাক্ৰান্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্টকৈ কৈছে, কেন্দ্ৰীয় চৰকাৰৰ সহায়-সহযোগিতাৰ কোনো অভাৱ নহ’ব। আৰ্থিক সাহায্য, পুনৰ সংস্থাপন, ক্ষতিপূৰণ অথবা সম্পত্তিৰ ক্ষতি- প্ৰতিটো ক্ষেত্ৰতে প্ৰয়োজনীয় সহায় আগবঢ়োৱা হ’ব।”
উল্লেখ্য যে, শেহতীয়া ভয়ংকৰ বানৰ পাছত অসম এতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সংগ্ৰাম অব্যাহত ৰাখিছে। চৰকাৰী তথ্য অনুসৰি, বানৰ ফলত ৰাজ্যখনত এতিয়ালৈ ৮৯ জন লোকৰ মৃত্যু ঘটিছে। পাঁচখন জিলাত এতিয়াও এক লাখ ২২ হাজাৰতকৈ অধিক লোক বানৰ প্ৰভাৱত আছে। ইফালে, নিশাৰ বৰষুণৰ পাছত নতুনকৈ বান পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকাত প্ৰশাসনে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে।
