স্বদেশলৈ ওভতাৰ সম্ভাৱনাৰ মাজতেই নতুনকৈ আইনী জটিলতাত আবদ্ধ হ’ল ভাৰতত আশ্ৰয় লৈ থকা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। শেহতীয়াকৈ শ্বেখ হাছিনাৰ লগতে আন ৪০ জনৰ বিৰুদ্ধে এক নতুন ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে। ২০১৩ চনত ঢাকাৰ শাপলা চত্বৰত হেফাজত-ই-ইছলামৰ সমদলৰ ওপৰত চলোৱা আৰক্ষীৰ অভিযানক কেন্দ্ৰ কৰি মানৱতাবিৰোধী অপৰাধৰ অভিযোগত এই গোচৰ ৰুজু কৰা হৈছে।
ন্যায়াধিকৰণৰ মুখ্য অভিয়োজক আমিনুল ইছলামে সাংবাদিকক জনোৱা মতে, সোমবাৰে ন্যায়াধিকৰণৰ পঞ্জীয়কৰ ওচৰত আনুষ্ঠানিকভাৱে অভিযোগপত্ৰ দাখিল কৰাৰ পিছতে আদালতে শ্বেখ হাছিনাসহ ৪০ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ কৰে আৰু পলাতক অভিযুক্তসকলৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে। এই গোচৰত তদানীন্তন সেনাপ্ৰধান, প্ৰশাসনিক বিষয়া, ৰাজনীতিবিদ আৰু নিৰাপত্তা সংস্থাৰ বিষয়াও অভিযুক্ত হিচাপে অন্তৰ্ভুক্ত হৈছে।
অভিযোগ কৰা মতে, ২০১৩ চনৰ ৫ মে’ত হেফাজত-ই-ইছলামে ঢাকাৰ শাপলা চত্বৰত প্ৰতিবাদী সমদল অনুষ্ঠিত কৰাৰ পিছত নিশাৰ ভিতৰতে আইন-শৃংখলা বাহিনীয়ে অভিযান চলাই প্ৰতিবাদকাৰীসকলক উচ্ছেদ কৰিছিল। তদন্তত সেই অভিযানত ঢাকাসহ মুঠ পাঁচখন জিলাত ৫৮ জন লোকৰ মৃত্যু হোৱা বুলি তথ্য পোৱা গৈছে বুলি অভিয়োজনপক্ষই উল্লেখ কৰিছে।
মানৱাধিকাৰ সংগঠন ‘অধিকাৰ’-এ সেই ঘটনাক গণহত্যা বুলি বৰ্ণনা কৰিছিল। অৱশ্যে হিউমেন ৰাইটছ ৱাচে বৃহৎ পৰিসৰৰ গণহত্যাৰ অভিযোগ সমৰ্থন নকৰিলেও আৰক্ষীৰ অভিযানে বহু লোকৰ প্ৰাণহানি ঘটোৱা বুলি উল্লেখ কৰিছিল। এমনেষ্টি ইণ্টাৰনেশ্যনেলেও ঘটনাটোৰ নিৰপেক্ষ তদন্তৰ দাবী উত্থাপন কৰিছিল।
ইয়াৰ বিপৰীতে সেই সময়ৰ আৱামী লীগ চৰকাৰে সদৰি কৰা মতে, সংঘৰ্ষ, পদদলিত হোৱা আৰু প্ৰতিবাদকাৰীৰ আক্ৰমণৰ ফলত পাঁচজন নিৰাপত্তাৰক্ষীসহ মুঠ ১১ জনৰ মৃত্যু হৈছিল। চৰকাৰে প্ৰকাশ কৰা বহু নিহতৰ তালিকাক অস্বীকাৰ কৰি অভিযোগ উত্থাপন কৰিছিল যে, তালিকাত উল্লেখ থকা কিছুমান ব্যক্তি জীৱিত আছিল আৰু আন কিছুমান নাম কাল্পনিক।
উল্লেখযোগ্য যে, ২০২৪ চনত ছাত্ৰ নেতৃত্বাধীন গণঅভ্যুত্থানৰ ফলত ক্ষমতাচ্যুত হোৱাৰ পিছত শ্বেখ হাছিনা ভাৰতলৈ আহি আশ্ৰয় লয়। ইয়াৰ পূৰ্বেও এক বিচাৰত অনুপস্থিত অৱস্থাত ন্যায়াধিকৰণে তেওঁক মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰিছিল।
১৯৭১ চনৰ মুক্তিযুদ্ধৰ সময়ত পাকিস্তানী সেনাবাহিনীৰ সহযোগীসকলৰ বিচাৰৰ উদ্দেশ্যে ২০১০ চনত গঠন কৰা এই ন্যায়াধিকৰণৰ আইন পৰৱৰ্তী সময়ত সংশোধন কৰা হয়। সংশোধিত আইনৰ অধীনতে অন্তৱৰ্তীকালীন চৰকাৰে আৱামী লীগ চৰকাৰৰ প্ৰাক্তন নেতা আৰু বিষয়াসকলৰ বিৰুদ্ধেও মানৱতাবিৰোধী অপৰাধৰ অভিযোগত বিচাৰ চলোৱাৰ ব্যৱস্থা কৰে।
