27
Jul
শিক্ষাৰ্থী নহয় যেন সন্ত্ৰাসবাদীহে! শিক্ষা নীতিৰ সংস্কাৰ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে দেশজুৰি চলি থকা প্ৰতিবাদৰ মাজতে শিক্ষাৰ্থীৰ ওপৰত একে-৪৭ ৰাইফলেৰে গুলীবৰ্ষণ কৰাৰ অভিযোগ উঠিল বিহাৰ আৰক্ষীৰ এজন জোৱানৰ বিৰুদ্ধে। সামাজিক মাধ্যমত ঘটনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে অৱশেষত অভিযুক্ত আৰক্ষী জোৱানজনক নিলম্বন কৰে বিহাৰ আৰক্ষী মুখ্য কাৰ্যালয়ে। জানিব পৰা মতে, ২৫ জুলাইত 'বিহাৰ বন্ধ' কাৰ্যসূচীৰ সময়ত শিৱান জিলাত প্ৰতিবাদ সাব্যস্ত কৰিছিল শিক্ষাৰ্থী সংগঠনসমূহে। এই প্ৰতিবাদৰ সময়তেই আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। সেই সময়তে এজন আৰক্ষী জোৱানে একে-৪৭ ৰাইফল ব্যৱহাৰ কৰি গুলীচালনা কৰা বুলি অভিযোগ উত্থাপন হয়। ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত বিয়পি…
