মধ্যৰাতি হ্ৰদৰ পাৰত পাৰ্টি কৰি গা ধুবলৈ পানীত নামি সলিল সমাধি দুগৰাকী কনিষ্ঠ চিকিৎসকৰ

মধ্যৰাতি হ্ৰদৰ পাৰত পাৰ্টি কৰি গা ধুবলৈ পানীত নামি সলিল সমাধি ঘটিল দুগৰাকী কনিষ্ঠ চিকিৎসকৰ। ঝাৰখণ্ডৰ জামছেদপুৰৰ ডিমনা হ্ৰদৰ ওচৰৰ নিষিদ্ধ জলাশয়ত শুকুৰবাৰে পুৱতি নিশা সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। নিশা একেলগে তিনিগৰাকী কনিষ্ঠ চিকিৎসকে পানীত নমাৰ পিছতে সলিল সমাধি ঘটে দুজনৰ। ইফালে আনজন কনিষ্ঠ চিকিৎসকে সাঁতুৰি কোনোমতে নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়।

মৃত কনিষ্ঠ চিকিৎসক দুগৰাকীক ডাঃ সমীৰ আৰু ডাঃ সক্ষম বুলি চিনাক্ত কৰা হৈছে। উদ্ধাৰকাৰী দলে জলাশয়ৰ পৰা দুয়োগৰাকী চিকিৎসকৰ মৃতদেহ উদ্ধাৰ কৰিছে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে এমজিএম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বহু কনিষ্ঠ চিকিৎসক আৰু জ্যেষ্ঠ চিকিৎসক ঘটনাস্থলীত উপস্থিত হয়।

ঘটনাৰ বিৱৰণী অনুসৰি, এমজিএম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ কনিষ্ঠ চিকিৎসক সমীৰ, সক্ষম আৰু যশে নিশা ডিমনা হ্ৰদৰ কাষৰ নিষিদ্ধ জলাশয়ৰ ওচৰত পাৰ্টি কৰি আছিল। স্থানীয় প্ৰশাসনে বিপজ্জনক এলেকা হিচাপে ঘোষণা কৰি য’ত প্ৰৱেশ নিষিদ্ধ কৰিছিল, সেই স্থানলৈ যোৱাৰ পিছতেই এই দুৰ্ঘটনা সংঘটিত হয়।

প্ৰাথমিক অনুসন্ধানত পোহৰলৈ অহা অনুসৰি, পাৰ্টিৰ সময়ত এজন চিকিৎসকৰ মোবাইল ফোন পানীত পৰি যায়। মোবাইল উদ্ধাৰৰ উদ্দেশ্যে প্ৰথমে পানীত নামে এজন কনিষ্ঠ চিকিৎসক। গভীৰ পানীত ডুবিবলৈ আৰম্ভ কৰাত উদ্ধাৰৰ চেষ্টা কৰি আন দুগৰাকী চিকিৎসকো পানীত জঁপিয়াই পৰে।

সাঁতুৰিবলৈ জনা ডাঃ যশে কোনোমতে পাৰত উঠিবলৈ সক্ষম হয়। আনহাতে, ডাঃ সমীৰ আৰু ডাঃ সক্ষম দ পানীত ডুব যায়।

ঘটনাৰ পিছতে ডাঃ যশে সহকৰ্মী আৰু আৰক্ষীক খবৰ দিয়ে। তাৰ পিছতে আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে। অভিযান চলাই দুয়োগৰাকী চিকিৎসকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

বৰ্তমান আৰক্ষীয়ে ডাঃ যশৰ পৰা ঘটনাৰ সম্পৰ্কে অধিক তথ্য সংগ্ৰহ কৰি আছে। অবিৰত বৰষুণৰ ফলত জলাশয়টোৰ পানীৰ স্তৰ স্বাভাৱিকতকৈ বহু বৃদ্ধি পোৱাই দুৰ্ঘটনাটোক অধিক ভয়ংকৰ কৰি তুলিছিল বুলি তদন্তকাৰী সংস্থাই জানিবলৈ দিয়ে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *