উজনিৰ বানত ককবকাইছে হাজাৰ হাজাৰ জনতা! বানৰ তাণ্ডৱ শাম কাটিলেও এতিয়াও শাম কটা নাই প্ৰলয়ংকাৰী বানে নমাই অনা বিভীষিকা। বানৰ পিছত এতিয়া এসাজ ভাত, এটোপাল পানী আৰু এখন কাপোৰৰ বাবে হাহাকাৰ কৰিছে বানাক্ৰান্ত জনতাই। এনে সময়তে এই বন্যাৰ্ত জনতাৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠন, দল-সংগঠন, শিল্পী, কলা-কুশলী আৰু সুহৃদয়বান ব্যক্তি। বান পৰিস্থিতিৰ সময়ত সকলোৱে একেলগে থিয় হোৱাৰ সময়তে এইবাৰ বান সাহায্য বিতৰণক লৈ এক বিশেষ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ৰবিবাৰে সামাজিক মাধ্যমত পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত বৰ্তমান বান সাহায্য আৰু পুনৰ্বাসনৰ কাম পূৰ্ণগতিত অব্যাহত আছে। কিন্তু বহু অঞ্চল এতিয়াও পথ আৰু নৌপথেৰে সংযোগহীন হৈ থকাৰ বাবে সকলো ঠাইত তাৎক্ষণিকভাৱে সাহায্য সামগ্ৰী পঠিয়াব পৰা হোৱা নাই।
মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, ভাৰতীয় বায়ুসেনাই শনিবাৰৰ পৰা শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিসহ দুৰ্গম বানাক্ৰান্ত অঞ্চলত আকাশমাৰ্গেৰে সাহায্য সামগ্ৰী বিতৰণ কৰি আছে। দেওবাৰেও বায়ুসেনাৰ হেলিকপ্টাৰে শিৱসাগৰৰ আন কেইবাটাও সংযোগহীন অঞ্চলত সাহায্য সামগ্ৰী কঢ়িয়াই নিয়ে। একে সময়তে বিভিন্ন চৰকাৰী সংস্থাই নৌকাৰে উদ্ধাৰ অভিযান আৰু সাহায্য বিতৰণৰ কাম অব্যাহত ৰাখিছে।
ইফালে, বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ কেন্দ্ৰীয় চৰকাৰৰ মূল্যায়নকাৰী দলেও দেওবাৰৰ পৰা ৰাজ্য ভ্ৰমণ আৰম্ভ কৰা বুলি সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। দলটোৱে ক্ষতিগ্ৰস্ত জিলাসমূহ পৰিদৰ্শন কৰি এক বিস্তৃত প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ হাতত দাখিল কৰিব।
সাহায্য বিতৰণত হোৱা পলম সম্পৰ্কে মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, “কোনো বানাক্ৰান্ত অঞ্চলক চৰকাৰে অৱহেলা কৰা নাই। কিন্তু বানৰ পৰিস্থিতিৰ বাবে প্ৰশাসন বহু ঠাইলৈ এতিয়াও যাব পৰা নাই। এনে অৱস্থাত মানুহৰ অসন্তুষ্টি স্বাভাৱিক। তথাপিও প্ৰতিগৰাকী ক্ষতিগ্ৰস্ত লোকৰ কাষ চাপিবলৈ চৰকাৰে নিৰন্তৰ চেষ্টা চলাই আছে।”
শিক্ষা খণ্ডতো বানৰ ব্যাপক প্ৰভাৱ পৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, চৰাইদেউ আৰু শিৱসাগৰৰ বহু বিদ্যালয়ৰ শ্ৰেণীকোঠা আৰু চৌহদ বোকা-মাটিৰে ভৰি পৰিছে। এই বিদ্যালয়সমূহ পুনৰ সচল কৰিবলৈ চৰকাৰে জৰুৰীভাৱে আৰ্থিক সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰি আছে আৰু বিদ্যালয়সমূহলৈ পোনপটীয়াকৈ ধন হস্তান্তৰৰ ব্যৱস্থাও প্ৰস্তুত কৰা হৈছে।
একেসময়ে বিজেপিৰ কৰ্মীসকলকো বানাক্ৰান্ত পৰিয়ালৰ সহায়ত আগবাঢ়ি আহিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্যখনত থকা দলটোৰ প্ৰায় ৫০ লাখ সদস্যৰ স্বেচ্ছামূলক বৰঙণিৰে প্ৰায় ১২ কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই ধনেৰে বানপীড়িত মহিলাসকলক চাদৰ-মেখেলা আৰু শিশুসকলক পেণ্ট-টি-চাৰ্ট আদি বিতৰণ কৰা হ’ব।
বাজেট অধিৱেশন সমাপ্ত হোৱাৰ পিছত ৰাজ্য চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰীক শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ পুনৰ্বাসন আৰু পুনৰ নিৰ্মাণ কাৰ্যৰ দায়িত্ব দিয়া হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।
