প্ৰিমিয়াম চেডান ক্ৰেতাসকলক লক্ষ্য কৰি স্ক’ডা শ্লাভিয়া মণ্টে কাৰ্ল’ত এক্সক্লুচিভ ৰং সংযোজন

স্ক’ডা অটো ইণ্ডিয়াই নিজৰ শ্লাভিয়া মণ্টে কাৰ্ল’  মডেলত দুটা নতুন এক্সক্লুচিভ ডুৱেল-টোন ৰং— চিমলা গ্ৰীন আৰু ষ্টীল গ্ৰে অন্তৰ্ভুক্ত কৰি নিজৰ প্ৰিমিয়াম চেডান শ্ৰেণীটোক অধিক আকৰ্ষণীয় কৰি তুলিছে। স্ক’ডাই ঘোষণা কৰা অনুসৰি, এই সীমিত সংস্কৰণৰ গাড়ী কেৱল ২০০ খনহে প্ৰস্তুত কৰা হ’ব। এই ৰংসমূহ ১.০ লিটাৰ টিএছআই অটোমেটিক আৰু ১.৫ লিটাৰ টিএছআই ডিএছজি অটোমেটিক দুয়োটা পাৱাৰট্ৰেইনতে উপলব্ধ হ’ব। এই শেহতীয়া সংযোজনৰ উদ্দেশ্য হৈছে শ্লাভিয়া মণ্টে কাৰ্ল’ৰ ক্ৰীড়াসুলভ ষ্টাইল, ব্লেক-আউট বাহ্যিক অংশ, মণ্টে কাৰ্ল’ৰ স্বকীয় ডিজাইন, ক’লা আৰু ৰঙা ৰঙৰ কেবিন থিম আৰু অত্যাধুনিক ইণ্টেৰিঅ’ৰ অক্ষুণ্ণ ৰাখি গ্ৰাহকক অধিক এক্সক্লুচিভ বা অনন্য অনুভৱ প্ৰদান কৰা। ব্ৰেণ্ড ডাইৰেক্টৰ আশিস গুপ্তাই কয় যে শ্লাভিয়া মণ্টে কাৰ্ল’ই নিজৰ স্বকীয় ডিজাইন, প্ৰিমিয়াম আকৰ্ষণ, আকৰ্ষণীয় ড্ৰাইভিং ডাইনেমিক্স আৰু মটৰস্পৰ্টছ-অনুপ্ৰাণিত ৰূপৰ বাবে বিপুল সমাদৰ লাভ কৰিছে। তেওঁ লগতে কয় যে, গ্ৰাহকৰ ক্ৰমবৰ্ধমান আকাংক্ষাৰ সৈতে সংগতি ৰাখি স্ক’ডাই নিজৰ চেডান পৰ্টফলিঅ’ অধিক শক্তিশালী কৰি যাব।

এই চেডান বাহনখনত স্ক’ডাৰ শক্তিশালী টাৰ্বো-পেট্ৰ’ল টিএছআই ইঞ্জিন ব্যৱহাৰ কৰা হৈছে। ক্ৰেতাসকলে ১১৫ পিএছ শক্তি আৰু ১৭৮ এনএম টৰ্ক উৎপাদন কৰা ১.০ লিটাৰৰ টিএছআই ইঞ্জিনটো বাছনি কৰিব পাৰে, যি ছিক্স-স্পীড টৰ্ক কনভাৰ্টাৰ অট’মেটিকৰ সৈতে উপলব্ধ। আনহাতে, ১৫০ পিএছ শক্তি আৰু ২৫০ এনএম টৰ্ক প্ৰদান কৰা ১.৫ লিটাৰৰ টিএছআই ইঞ্জিনটো বাছনি কৰিব পাৰে, যি চিজেন-স্পীড ডিএছজি ট্ৰেন্সমিছনৰ সৈতে সংযোজিত। এই ডাঙৰ ইঞ্জিনটোত ইন্ধনৰ ৰাহি আৰু তাপ নিয়ন্ত্ৰণ উন্নত কৰিবলৈ এক্টিভ চিলিণ্ডাৰ প্ৰযুক্তি আৰু প্লাজমা-কোটেড চিলিণ্ডাৰ লাইনাৰ্ছ ব্যৱহাৰ কৰা হৈছে। মণ্টে কাৰ্ল’ বেগ বা চিহ্নই স্ক’ডা অটোৰ এশ বছৰীয়া মটৰস্পৰ্টছৰ ঐতিহ্য আৰু ১৯১২ চনৰ পৰা ৰেলী মণ্টে কাৰ্ল’ৰ সৈতে থকা সম্পৰ্কক সন্মান জনাইছে। শেহতীয়াকৈ কোম্পানীটোৰ ভাৰতীয় বাহনসূচী— যাৰ ভিতৰত শ্লাভিয়া মণ্টে কাৰ্ল’, কুশ্বাক মণ্টে কাৰ্ল’, কাইলাক, কডিয়াক আৰু অক্টাভিয়া আৰএছ অন্তৰ্ভুক্ত আছিল— কইম্বাটুৰৰ কোএএচটিটি চাৰ্কিটত এটা একক নিৰ্মাতা কোম্পানীৰ দ্বাৰা আটাইতকৈ দ্ৰুতবেগী মাল্টি-কাৰ ৰিলেৰ বাবে ইণ্ডিয়া এণ্ড এছিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। মাত্ৰ ১২ মিনিট ৩০.৯৭ ছেকেণ্ডত এই প্ৰত্যাহ্বান সম্পূৰ্ণ কৰিছিল।

সীমিত সংস্কৰণৰ এই শ্লাভিয়া মণ্টে কাৰ্ল’ৰ মুকলিয়ে গুৱাহাটী মহানগৰীৰ প্ৰিমিয়াম চেডান ক্ৰেতাসকলৰ মাজত তীব্ৰ আগ্ৰহৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে, যিহেতু চহৰখনত অত্যাধুনিক সুবিধা আৰু প্ৰদৰ্শনকেন্দ্ৰিক বাহনৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। চহৰখনত প্ৰিমিয়াম অটোম’টিভ ব্ৰেণ্ডসমূহৰ প্ৰতি ক্ৰমবৰ্ধমান পছন্দক লক্ষ্য কৰিলে দেখা যায় যে এই এক্সক্লুচিভ ২০০খন বাহনৰ অফাৰে এক সুকীয়া বাহনৰ গৰাকী হ’ব বিচৰা উৎসাহীসকলক আকৰ্ষণ কৰিব পাৰে। ই লগতে উত্তৰ-পূৰ্বাঞ্চলত স্ক’ডাৰ সম্প্ৰসাৰিত ডীলাৰ আৰু গ্ৰাহক নেটৱৰ্কক অধিক শক্তিশালী কৰিব। স্ক’ডা অটো ইণ্ডিয়াই বৰ্তমান চাৰিটা মডেল— কাইলাক, শ্লাভিয়া, কুশ্বাক আৰু কডিয়াক বিক্ৰী কৰি আছে আৰু দেশৰ ১৮৯খন চহৰত ৩৪০তকৈও অধিক গ্ৰাহক টাচ্চপইণ্টত সক্ৰিয় হৈ আছে। কোম্পানীটোৱে ২০২৫ চনত ৭২,৬৬৫ খন বাহন বিক্ৰী কৰি ১০৭ শতাংশ বাৰ্ষিক বিকাশ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। স্ক’ডা অটোৱে গোলকীয়ভাৱে ২০২৫ চনত ১.০৪ মিলিয়নৰো অধিক বাহন গ্ৰাহকক যোগান ধৰিছে আৰু গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বজাৰসমূহত নিজৰ উপস্থিতি সম্প্ৰসাৰণ অব্যাহত ৰাখিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *