Paromita

893 Posts
নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত পিষ্টলসহ আটক বিহাৰৰ এজন লোক

নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত পিষ্টলসহ আটক বিহাৰৰ এজন লোক

ৰে'ল ষ্টেচনসমূহত অব্যাহত থকা নিৰাপত্তা ব্যৱস্থাৰ মাজতে নিউ বঙাইগাঁও ৰে'ল ষ্টেচনত জব্দ হ'ল এটা পিষ্টল আৰু পাঁচজাঁই সজীৱ গুলী। অস্ত্ৰসহ বিহাৰৰ এজন লোকক জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে ৰে'ল আৰক্ষীয়ে। সোমবাৰে নিশা নিয়মীয়া তালাচী অভিযান চলোৱাৰ সময়তে এই সফলতা লাভ কৰে ৰে'ল আৰক্ষীয়ে। উপ-পৰিদৰ্শক সঞ্জীৱ চৌধুৰীৰ নেতৃত্বত থকা আৰক্ষীৰ দলটোৱে ষ্টেচন চৌহদত সন্দেহজনকভাৱে ঘূৰি ফুৰা এজন লোকক প্ৰত্যক্ষ কৰি জেৰা আৰম্ভ কৰে। পিছত লোকজনৰ লগত থকা ট্ৰলী বেগখন তালাচী চলোৱাত উদ্ধাৰ হয় এটা কাৰখানাত নিৰ্মিত পিষ্টল আৰু ৭.৬৫ মিলিমিটাৰৰ পাঁচজাঁই সজীৱ গুলী। আটকাধীন লোকজন বিহাৰৰ গোপালগঞ্জ জিলাৰ ৪৯ বছৰীয়া সতীশ কুমাৰ বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। জব্দ কৰা অস্ত্ৰটো নিজৰ দখলত…
Read More
এনআৰচিৰ পৰা বাদ পৰা লোকৰ আপীল প্ৰক্ৰিয়া কেতিয়া? কেন্দ্ৰ-অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

এনআৰচিৰ পৰা বাদ পৰা লোকৰ আপীল প্ৰক্ৰিয়া কেতিয়া? কেন্দ্ৰ-অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

অসমৰ চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰা লোকসকলৰ আপীল প্ৰক্ৰিয়া এতিয়াও আৰম্ভ নোহোৱাক কেন্দ্ৰ কৰি উচ্চতম ন্যায়ালয়ত পুনৰ উত্থাপিত হৈছে গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইবাৰ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু ৰাজ্যিক এনআৰচি সমন্বয়কৰ কাৰ্যালয়লৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। একে সময়তে পূৰ্বৰে পৰা বিচাৰাধীন একে বিষয়ৰ আন এখন আবেদনৰ সৈতে নতুন আবেদনখন সংযুক্ত কৰাৰ নিৰ্দেশ দিয়ে আদালতে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম পাঞ্চোলীৰ বিচাৰপীঠে মঙলবাৰে এই নিৰ্দেশ দিয়ে। অসম ৰাজ্যিক জমিয়ত উলেমাই দাখিল কৰা এখন আবেদনৰ শুনানিৰ সময়ত বিষয়টো আদালতৰ বিবেচনালৈ আহে। আবেদনকাৰী পক্ষই আদালতত সদৰি কৰি কয় যে, আইনত আপীলৰ ব্যৱস্থা থাকিলেও এনআৰচিৰ পৰা বাদ পৰা লোকসকলৰ…
Read More
একে পৰিয়ালৰ চাৰি সদস্য সন্ধানহীন; বানৰ সোঁতে উটুৱাই নিলে মাতৃ-কন্যাক, উদ্ধাৰত নামি নিৰুদ্দেশ দুই পুত্ৰ

একে পৰিয়ালৰ চাৰি সদস্য সন্ধানহীন; বানৰ সোঁতে উটুৱাই নিলে মাতৃ-কন্যাক, উদ্ধাৰত নামি নিৰুদ্দেশ দুই পুত্ৰ

উজনি অসমৰ বিস্তীৰ্ণ অঞ্চলত অব্যাহত বান পৰিস্থিতিয়ে কঢ়িয়াই আনিলে আন এক শোকাৱহ ঘটনা। চৰাইদেউ জিলাত বানপানীৰ প্ৰবল সোঁতত উটি গৈ সন্ধানহীন হৈ পৰিছে একেটা পৰিয়ালৰ চাৰিজন সদস্য। ঘটনাৰ পিছত সময়মতে উদ্ধাৰ অভিযান আৰম্ভ নোহোৱাৰ অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰে স্থানীয় বাসিন্দাই। দেওবাৰে সন্ধিয়া টেঙাপুখুৰী আৰক্ষী থানাৰ অন্তৰ্গত অভয়পুৰীয়া গাঁৱত এই ঘটনা সংঘটিত হয়। ধাৰাসাৰ বৰষুণৰ ফলত হঠাতে পানীৰ স্তৰ বৃদ্ধি পোৱাৰ পিছত ৰোহিনী দুৱাৰাৰ পৰিয়ালটোৱে সুৰক্ষিত স্থানলৈ যাবলৈ চেষ্টা কৰে। সেই সময়তে পত্নী টুটুমণি দুৱাৰা আৰু কন্যা বিদিশা দুৱাৰাক উটুৱাই নিয়ে বানপানীৰ প্ৰবল সোঁতে। তেওঁলোকৰ আৰ্তনাদ শুনি উদ্ধাৰৰ উদ্দেশ্যে পানীত জাঁপ দিয়ে দুই পুত্ৰ বিদ্যুৎ দুৱাৰা আৰু বিপ্লৱ দুৱাৰাই।…
Read More
অটোৰ গোপন চেম্বাৰত লুকুৱাই অনা সন্দেহযুক্ত হেৰ’ইন জব্দ; ধলাইত আটক চালক

অটোৰ গোপন চেম্বাৰত লুকুৱাই অনা সন্দেহযুক্ত হেৰ’ইন জব্দ; ধলাইত আটক চালক

যানবাহনৰ গোপন চেম্বাৰ ব্যৱহাৰ কৰি নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ নতুন কৌশল পোহৰলৈ আহিল কাছাৰত। ধলাই আৰক্ষী থানাৰ সন্মুখত চলোৱা তালাচী অভিযানত এখন অটোৰ বিশেষভাৱে নিৰ্মাণ কৰা গোপন চেম্বাৰৰ পৰা সন্দেহযুক্ত হেৰ'ইন জব্দ কৰাৰ লগতে চালকজনক আটক কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে সদৰী কৰা মতে, সোমবাৰে আবেলি প্ৰায় ৫.৩০ বজাত নিয়মীয়া বাহন তালাচীৰ সময়ত ভাগা বজাৰৰ পৰা শিলচৰ অভিমুখে আহি থকা এখন অটো সন্দেহৰ ভিত্তিত ৰখোৱা হয়। নিৰ্দিষ্ট গোপন তথ্যৰ ভিত্তিত বাহনখনত অধিক বিস্তৃতভাৱে তালাচী চলায় আৰক্ষীয়ে। অটোখন চলাই আছিল শ্যামাচৰণপুৰ গাঁও পঞ্চায়তৰ বাসিন্দা ২৭ বছৰীয়া ছেবুল হুছেইন বৰভূঞাই। প্ৰাৰম্ভিক তালাচীত কোনো নিচাযুক্ত দ্ৰব্য উদ্ধাৰ হোৱা নাছিল যদিও গোপন তথ্যৰ ভিত্তিত পুনৰ পৰীক্ষা চলোৱাৰ…
Read More
ধুবুৰীত আন্তঃৰাষ্ট্ৰীয় অনলাইন জুৱা চক্ৰ উৎখাত; গ্ৰেপ্তাৰ চাৰিজন

ধুবুৰীত আন্তঃৰাষ্ট্ৰীয় অনলাইন জুৱা চক্ৰ উৎখাত; গ্ৰেপ্তাৰ চাৰিজন

ৰাজ্যত অব্যাহত থকা জুৱাৰ অবৈধ বেহাৰ মাজতে এইবাৰ ধুবুৰীত অনলাইন জুৱাৰ বেহা চলাই জালত পৰিল চাৰি জুৱাৰী। ধুবুৰী চহৰৰ এখন হোটেলত চলি থকা আন্তঃৰাষ্ট্ৰীয় অনলাইন জুৱা আৰু অনলাইন খেলৰ চক্ৰ উৎখাত কৰি অভিযুক্ত চাৰিজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে সোমবাৰে পুৱা প্ৰায় ১১.১৫ বজাত এন এছ পথস্থিত আফ্ৰিন হোটেলৰ ৫৭ নম্বৰ কোঠাত অভিযান চলায়। অভিযানৰ সময়ত অনলাইন জুৱাৰ জাল চলাই থকা অৱস্থাতেই অভিযুক্তসকলক হাতে-লোটে ধৰা পেলায় আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে ধুবুৰীৰ সংৰক্ষিত চৰৰ কালাপাকানী দ্বিতীয় খণ্ডৰ হাৰাণ আলী, দক্ষিণ শালমাৰাৰ বালুঘাট-ফুলবাৰী দলঙৰ সমীপৰ আব্দুল মতিন, কালাপাকানী দ্বিতীয় খণ্ডৰ হোচেন আলী আৰু ওচমান গনী। অভিযানৰ সময়ত অভিযুক্তসকলৰ পৰা…
Read More
চৰকাৰৰ সৈতে আলোচনাৰ পথ মুকলি; ২১ দিনৰ অন্তত অনশন ভংগ আইছাৰ তিনি নেতাৰ

চৰকাৰৰ সৈতে আলোচনাৰ পথ মুকলি; ২১ দিনৰ অন্তত অনশন ভংগ আইছাৰ তিনি নেতাৰ

বিগত প্ৰায় এমাহ ধৰি নতুন দিল্লীৰ যন্তৰ মন্তৰত চলি অহা প্ৰতিবাদৰ অন্তত অৱশেষত আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে মোদী চৰকাৰে। শিক্ষা ব্যৱস্থাত সংস্কাৰ আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে সাব্যস্ত কৰি অহা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত আজি ৰূপায়ণ কৰা হয় সংসদ চলো পদযাত্ৰা। ককৰোচ জনতা পাৰ্টিৰ নেতৃত্বত এই পদযাত্ৰা বাহিৰ হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ বাবে নেতৃত্বক আমন্ত্ৰণ জনায়। ইয়াৰ পিছতে বিগত ২১ দিন ধৰি গ্ৰহণ কৰি অহা অনশন ধৰ্মঘটৰ আজি অৱসান ঘটায় ছাত্ৰ সংগঠন আইছাৰ ৩ নেতাই। সোমবাৰে যন্তৰ মন্তৰত বিৰোধী সাংসদ আৰু নাগৰিক সমাজৰ প্ৰতিনিধিৰ উপস্থিতিত পানী গ্ৰহণ কৰি অনশন ভংগ কৰে অনশনকাৰী নেতাসকলে। উল্লেখ্য যে, সৰ্বভাৰতীয় ছাত্ৰ সন্থাই ৰাজহুৱা…
Read More
অসমত বান পৰিস্থিতিৰ অৱনতি; মৃতকৰ সংখ্যা ৫লৈ বৃদ্ধি, ৫৭ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত

অসমত বান পৰিস্থিতিৰ অৱনতি; মৃতকৰ সংখ্যা ৫লৈ বৃদ্ধি, ৫৭ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত

ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ মাজতে ৰাজ্যত সৃষ্টি হৈছে অধিক সংকটজনক পৰিস্থিতি। এজন লোকৰ মৃত্যু হোৱাৰ পিছতে এইবাৰৰ বানত মৃতকৰ সংখ্যা ৫জনলৈ বৃদ্ধি পাইছে। আনহাতে সাতখন জিলাত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ৫৭ হাজাৰ অতিক্ৰম কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা দৈনিক বান প্ৰতিবেদন অনুসৰি, শেহতীয়া মৃত্যুৰ ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাত। বান পৰিস্থিতিৰ অৱনতি ঘটাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে উদ্ধাৰ আৰু স্থানান্তৰ অভিযানৰ বাবে ভাৰতীয় সেনা আৰু বায়ুসেনাক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছে। বৰ্তমান চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া আৰু ওদালগুৰি জিলাত বানৰ প্ৰভাৱ পৰিছে। এই জিলাসমূহত মুঠ ৫৭ হাজাৰ ১০০ৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাত…
Read More
ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত জৰুৰী পৰিস্থিতি; ডিজিপিৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য, উপস্থিত খোদ মুখ্যমন্ত্ৰী

ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত জৰুৰী পৰিস্থিতি; ডিজিপিৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য, উপস্থিত খোদ মুখ্যমন্ত্ৰী

ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত সোমবাৰে পুৱা সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ। কাৰ্যালায়ৰ ভিতৰত আৰক্ষী সঞ্চালকপ্ৰধান অনুৰাগ ধনকৰৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ততাতৈয়াকৈ ডিজিপি অফিচত উপস্থিত হয় খোদ মুখ্যমন্ত্ৰী মাণিক সাহা। মুখ্যমন্ত্ৰীৰ উপস্থিতিৰ সময়ত কাৰ্যালয়ত একাধিক জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু চৰকাৰী বিষয়াৰ সমাগম ঘটে। ঘটনাটোৰ সন্দৰ্ভত উচ্চপদস্থ বিষয়াসকলৰ সৈতে তেওঁ পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে অৱশ্যে সাংবাদিকৰ মুখামুখি হোৱাৰ পৰা বিৰত থাকে। উল্লেখ্য যে, অনুৰাগ ধনকৰ ১৯৯৪ বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱাৰ ত্ৰিপুৰা শাখাৰ বিষয়া। ২০২৫ চনৰ মে' মাহত তেওঁ ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে আৰক্ষী সঞ্চালকপ্ৰধান (গোপন তথ্য) হিচাপে দায়িত্ব পালন…
Read More
দিখৌ নৈৰ বাঢ়নী পানীত ব্যাহত ৰে’ল চলাচল; শিমলুগুৰিৰ দুটা অংশত অনিৰ্দিষ্টকাললৈ বন্ধ সেৱা

দিখৌ নৈৰ বাঢ়নী পানীত ব্যাহত ৰে’ল চলাচল; শিমলুগুৰিৰ দুটা অংশত অনিৰ্দিষ্টকাললৈ বন্ধ সেৱা

ধাৰাসাৰ বৰষুণে ৰাজ্যজুৰি সৃষ্টি কৰিছে নতুন বান পৰিস্থিতি। সেই পৰিস্থিতিৰ প্ৰভাৱত দিখৌ নৈৰ বাঢ়নী পানীয়ে শিৱসাগৰ জিলাৰ শিমলুগুৰি অঞ্চলত ৰে'ল যোগাযোগ ব্যাহত কৰিছে। ৰে'লপথৰ ওপৰেৰে পানী বৈ যোৱাত শিমলুগুৰি–নামতিআলি আৰু শিমলুগুৰি–চেলেংহাট অংশত ৰে'ল চলাচল অনিৰ্দিষ্টকাললৈ বন্ধ ৰাখিছে উত্তৰ-পূব সীমান্ত ৰে'লৱেই। ৰে'ল কৰ্তৃপক্ষই জনোৱা অনুসৰি, দিখৌ নৈৰ বাঢ়নী পানীয়ে শিমলুগুৰি ৰে'ল ষ্টেচনৰ চৌহদ, ৰে'ল আৱাসিক এলেকা আৰু ৰে'লপথ আৱৰি পেলাইছে। যাত্ৰী আৰু ৰে'ল চলাচলৰ সুৰক্ষা নিশ্চিত কৰাৰ স্বাৰ্থতে এই সিদ্ধান্ত গ্ৰহণ কৰে ৰে'ল কৰ্তৃপক্ষই। ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা চলাচল কৰা দূৰণীবতীয়া ৰে'লসমূহ ৰঙিয়া–ৰঙাপাৰা পথেৰে চলাচল কৰোৱা হৈছে। বাঢ়নী পৰিস্থিতিৰ বাবে কেইবাখনো স্থানীয় ৰে'ল বাতিল কৰে ৰে'লৱেই আৰু আন কেইখনমান ৰে'লৰ যাত্ৰাপথ…
Read More
পাঁচ বছৰত ৮৫ শতাংশ হ্ৰাস ৰাজ্যত ৰুজু হোৱা অপৰাধমূলক গোচৰঃ মুখ্যমন্ত্ৰী

পাঁচ বছৰত ৮৫ শতাংশ হ্ৰাস ৰাজ্যত ৰুজু হোৱা অপৰাধমূলক গোচৰঃ মুখ্যমন্ত্ৰী

বিগত পাঁচ বছৰত ৮৫ শতাংশ হ্ৰাস পাইছে ৰাজ্যত ৰুজু হোৱা অপৰাধমূলক গোচৰৰ সংখ্যা। শনিবাৰে এই পৰিসংখ্যা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অপৰাধবিৰোধী অভিযান একেই তৎপৰতাৰে অব্যাহত থাকিব আৰু আধুনিক প্ৰযুক্তিনিৰ্ভৰ আৰক্ষী ব্যৱস্থাৰ জৰিয়তে আইন-শৃংখলা অধিক শক্তিশালী কৰি তোলা হ'ব। সামাজিক মাধ্যম এক্সত ২০২১ চনৰ পৰা ২০২৬ চনৰ জুন মাহলৈকে অপৰাধ আৰু বিচাৰ ব্যৱস্থাৰ বিভিন্ন পৰিসংখ্যা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২১ চনত ৰাজ্যত ১ লাখ ৩৩ হাজাৰ ২৩৯টা অপৰাধমূলক গোচৰ ৰুজু হৈছিল। ২০২৬ চনৰ জুন মাহলৈ সেই সংখ্যা ২০ হাজাৰ ৫৮২টালৈ নামি আহিছে। একে সময়তে প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ ৩৭৯ৰ পৰা ১১২লৈ হ্ৰাস…
Read More