Paromita

292 Posts
ইৰাণৰ বিৰুদ্ধে ইজৰাইল-আমেৰিকাৰ যুদ্ধৰ ১২ দিন; দুই পক্ষৰ সংঘাতত থকা-সৰকা মধ্যপ্ৰাচ্য

ইৰাণৰ বিৰুদ্ধে ইজৰাইল-আমেৰিকাৰ যুদ্ধৰ ১২ দিন; দুই পক্ষৰ সংঘাতত থকা-সৰকা মধ্যপ্ৰাচ্য

ইৰাণৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাৰ বিধ্বংসী যুদ্ধই আজি দ্বাদশ দিনত ভৰি দিলে। মধ্যপ্ৰাচ্যৰ আকাশ কঁপাই ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ ওপৰত ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰখাৰ বিপৰীতে উপসাগৰীয় দেশসমূহত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লৈছে ইৰাণে। লেবাননত ইৰাণ সমৰ্থিত হিজবুল্লাহৰ ঘাটিত ইজৰাইলে চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰত যুদ্ধ বিমান আৰু ৰকেট নিক্ষেপেৰে সমগ্ৰ অঞ্চলটোত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এক প্ৰতিবেদন অনুসৰি, এই ত্ৰিপাক্ষিক যুদ্ধত এতিয়ালৈকে প্ৰায় ১৩০০ লোকৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। কেৱল তেহৰাণতে ৪৬০ জন লোক নিহত হোৱাৰ বিপৰীতে লেবাননত বিগত ২৪ ঘণ্টাত এক লাখৰো অধিক লোক স্থানচ্যুত হৈছে। ৰাষ্ট্ৰসংঘৰ তথ্য মতে, যুদ্ধ আৰম্ভ হোৱাৰ পৰা লেবাননত প্ৰায় ৭ লাখ…
Read More
বিধানসভা নিৰ্বাচনৰ পূৰ্বে মোদী-শ্বাহৰ অসম ভ্ৰমণ; কোকৰাঝাৰত ৰে’লৱে কোচ ফেক্টৰীৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

বিধানসভা নিৰ্বাচনৰ পূৰ্বে মোদী-শ্বাহৰ অসম ভ্ৰমণ; কোকৰাঝাৰত ৰে’লৱে কোচ ফেক্টৰীৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে পুনৰ ৰাজ্য ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দুদিনীয়া কাৰ্যসূচীৰে ১৩ মাৰ্চত মোদীয়ে কোকৰাঝাৰত উপস্থিত হৈ বি টি চি চুক্তি অনুসৰি বাঁশবাৰীত হ’বলগীয়া ৰে’লৱে কোচ ৰিপেয়াৰিং ফেক্টৰীৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ অভিলাষী 'অসম মালা' প্ৰকল্পৰ লগতে বি টি চিৰ বাবে গুৰুত্বপূৰ্ণ ছয়খন বৃহৎ দলঙৰো আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা অনুসৰি, ১৩ মাৰ্চৰ বিয়লি প্ৰধানমন্ত্ৰীয়ে তিনিখন নতুন ৰে’লসেৱাৰ শুভাৰম্ভ কৰাৰ লগতে ৰে’ল বিভাগৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। কোকৰাঝাৰৰ কাৰ্যসূচী সামৰি সন্ধিয়া গুৱাহাটীত উপস্থিত হৈ তেওঁ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত চাহ বাগিচাৰ শ্ৰমিকক পট্টা…
Read More
অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱক লৈ সদন উত্তাল; অমিত শ্বাহ আৰু গৌৰৱ গগৈৰ তীব্ৰ বাকযুদ্ধ

অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱক লৈ সদন উত্তাল; অমিত শ্বাহ আৰু গৌৰৱ গগৈৰ তীব্ৰ বাকযুদ্ধ

অধ্যক্ষৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱক লৈ আজি সংসদত শাসক-বিৰোধীৰ মাজত সৃষ্টি হয় এক উত্তপ্ত পৰিৱেশৰ। সদনৰ কাম-কাজত বাধা সৃষ্টি কৰাক লৈ দুয়োপক্ষই ইজনে আনজনক তীব্ৰ আক্ৰমণ কৰা পৰিলক্ষিত হয়। এই বিতৰ্কত অংশগ্ৰহণ কৰি সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে স্পষ্ট কৰি দিয়ে যে এই প্ৰস্তাৱ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে কোনো ব্যক্তিগত আক্ৰমণ নহয়। গগৈয়ে সদনত কয় যে সংসদৰ মৰ্যাদা ৰক্ষাৰ বাবে এক দায়িত্ববোধৰ পৰাহে এই প্ৰস্তাৱ অনা হৈছে। ইয়াৰ লগতে তেওঁ চৰকাৰক কটাক্ষ কৰি মন্তব্য কৰে যে ভৱিষ্যতে যেতিয়া সংসদীয় নথি-পত্ৰৰ ওপৰত গৱেষণা হ’ব, তেতিয়া পৰিসংখ্যাই ক’ব যে কিৰেন ৰিজিজুৱেই আছিল এনে এজন সংসদীয় পৰিক্ৰমা মন্ত্ৰী যিয়ে বিৰোধীৰ ভাষণত আটাইতকৈ…
Read More
গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে ধ্বংস কৰিব কংগ্ৰেছকঃ গুৱাহাটীত বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ

গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে ধ্বংস কৰিব কংগ্ৰেছকঃ গুৱাহাটীত বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীৰ

কংগ্ৰেছৰ দুই জ্যেষ্ঠ নেতা গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে আজি গুৱাহাটীত তীব্ৰ আক্ৰমণাত্মক হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সংবাদ মাধ্যমৰ আগত বিৰোধীৰ দুই প্ৰভাৱশালী নেতাক সমালোচনা কৰি তেওঁ দাবী কৰে যে এই দুই নেতাই দলটোক ধ্বংসৰ দিশলৈ লৈ যাব আৰু তেওঁলোক কংগ্ৰেছত থকালৈকে ইয়াৰ পৰা বিজেপিহে লাভান্বিত হ’ব। মুখ্যমন্ত্ৰীয়ে কয়, “গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দলটোক ধ্বংস কৰিব। তেওঁলোক কংগ্ৰেছত থকালৈকে বিজেপিৰহে লাভ হ’ব।” দেশৰ ৰাজনীতিৰ প্ৰসংগ টানি তেওঁ লগতে কয় যে যেতিয়ালৈকে ৰাহুল গান্ধী কংগ্ৰেছত থাকিব, তেতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই ক্ষমতা লাভ কৰি যাব। আগন্তুক নিৰ্বাচনৰ বাবে শাসকীয় বিজেপিৰ প্ৰস্তুতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে…
Read More
অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাজ্যত চৰকাৰৰ বিশাল বিত্তীয় চমক; ৪০ লাখ মহিলাৰ একাউণ্টত সোমাল ৩৬০০ কোটি টকা

অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাজ্যত চৰকাৰৰ বিশাল বিত্তীয় চমক; ৪০ লাখ মহিলাৰ একাউণ্টত সোমাল ৩৬০০ কোটি টকা

নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ প্ৰাকক্ষণত ৰাজ্যৰ ৪০ লাখ মহিলা হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ বৃহৎ ধনৰাশি প্ৰদানেৰে এক অভিলেখ ৰচনা কৰিলে ৰাজ্য চৰকাৰে। মঙলবাৰে একে সময়তে ৰাজ্যজুৰি অনুষ্ঠিত ৩৮০০ খন সভাৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত ৯ হাজাৰকৈ টকা জমা দিয়া হয়। আগন্তুক নিৰ্বাচনৰ পূৰ্বে মহিলা ভোটাৰক আকৰ্ষিত কৰাৰ লক্ষ্যৰে চৰকাৰখনে গ্ৰহণ কৰা এই পদক্ষেপক এক বিশেষ ৰাজনৈতিক মাষ্টাৰষ্ট্ৰোক হিচাপে গণ্য কৰা হৈছে। গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিশাল পুঁজি বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হ’লে চৰকাৰী আঁচনিৰ ধন বিতৰণত বাধা আহিব পাৰে বাবেই চৰকাৰে আগতীয়াকৈ চাৰিমাহৰ…
Read More
নলবাৰীত নিশাৰ উত্তপ্ত পৰিস্থিতিৰ পাছত মুকলি কংগ্ৰেছী কাৰ্যকৰ্তাক; দোষীক গ্ৰেপ্তাৰৰ দাবী অশোক শৰ্মাৰ

নলবাৰীত নিশাৰ উত্তপ্ত পৰিস্থিতিৰ পাছত মুকলি কংগ্ৰেছী কাৰ্যকৰ্তাক; দোষীক গ্ৰেপ্তাৰৰ দাবী অশোক শৰ্মাৰ

আৰক্ষীৰ জিম্মাৰ পৰা মুকলি কৰি দিয়া হ’ল নলবাৰীৰ উত্তপ্ত নিশাৰ প্ৰতিবাদকাৰী কংগ্ৰেছী নেতা-কৰ্মীসকলক। যোৱা নিশা প্ৰাক্তন বিধায়ক অশোক শৰ্মাসহ কেইবাজনো নেতাক নলবাৰী আৰক্ষীয়ে আটক কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। নিজৰ দলীয় সতীৰ্থক আক্ৰমণ কৰা দোষীক গ্ৰেপ্তাৰৰ দাবীত আৰক্ষী থানাৰ সন্মুখত গৰজি উঠা এইসকল নেতাক নিশাৰ অন্ধকাৰতে জিম্মাত লৈছিল আৰক্ষীয়ে। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ মাজতে কংগ্ৰেছ নেতা পৰাগ চক্ৰৱৰ্তীক আক্ৰমণ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি নলবাৰীত এতিয়া সৃষ্টি হৈছে এক উত্তপ্ত ৰাজনৈতিক পৰিৱেশৰ। আৰক্ষীৰ জিম্মাৰ পৰা ওলাই আহিয়েই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি অশোক শৰ্মাই কয়, “নলবাৰীত যি ঘটিল সেয়া এক অতি ভয়ংকৰ ইংগিত। আমাৰ নেতাৰ ওপৰত আক্ৰমণ হ’ল,…
Read More
ইন্ধন সংকটত ককবকাই থকা বাংলাদেশলৈ সহায়ৰ হাত ভাৰতৰ; পাইপলাইনেৰে পঠোৱা হ’ল ৫০০০ টন ডিজেল

ইন্ধন সংকটত ককবকাই থকা বাংলাদেশলৈ সহায়ৰ হাত ভাৰতৰ; পাইপলাইনেৰে পঠোৱা হ’ল ৫০০০ টন ডিজেল

তীব্ৰ ইন্ধন সংকটৰ সন্মুখীন হোৱা চুবুৰীয়া দেশ বাংলাদেশলৈ সহায়ৰ হাত আগবঢ়ালে ভাৰতে। দুই দেশৰ মাজত হোৱা পাইপলাইন চুক্তি অনুসৰি পাইপলাইনেৰে ৫০০০ টন ডিজেলৰ প্ৰথমটো চালান আজি প্ৰেৰণ কৰা হয়। পাৰ্বতীপুৰ সীমান্তৰ জৰিয়তে এই ইন্ধন দেশখনত প্ৰৱেশ কৰিব বুলি জানিব পৰা গৈছে। বাংলাদেশ পেট্ৰ’লিয়াম কৰ্প’ৰেচনৰ (বিপিচি) অধ্যক্ষ মহম্মদ ৰেজানুৰ ৰহমানে এই যোগানৰ কথা নিশ্চিত কৰি কয়, “ভাৰতৰ সৈতে হোৱা আমাৰ চুক্তি মৰ্মে প্ৰতি বছৰে পাইপলাইনেৰে ১,৮০,০০০ টন ডিজেল যোগান ধৰা হ’ব। আজিৰ ৫০০০ টনৰ চালানটো সেই চুক্তিৰে এক অংশ।” আগন্তুক দুমাহত চুক্তিৰ লক্ষ্য অনুসৰি সম্পূৰ্ণ পৰিমাণৰ ইন্ধন সংগ্ৰহ কৰা হ’ব বুলিও তেওঁ আশাপ্ৰকাশ কৰে। ইফালে দেশখনৰ আভ্যন্তৰীণ ইন্ধন সংকটক লৈ উদ্বেগ…
Read More
গুৱাহাটীবাসীৰ বাবে মুকলি হ’ল ৰাজ্যৰ দীৰ্ঘতম মহাৰাজ পৃথু উৰণ সেতু; যান-জঁটৰ পৰা মুক্তি পাব হাজাৰ হাজাৰ যাত্ৰীয়ে

গুৱাহাটীবাসীৰ বাবে মুকলি হ’ল ৰাজ্যৰ দীৰ্ঘতম মহাৰাজ পৃথু উৰণ সেতু; যান-জঁটৰ পৰা মুক্তি পাব হাজাৰ হাজাৰ যাত্ৰীয়ে

গুৱাহাটীৰ যান-জঁট সমস্যাৰ স্থায়ী সমাধানৰ লক্ষ্যৰে ৰাজ্যৰ দীৰ্ঘতম 'মহাৰাজ পৃথু উৰণ সেতু' আজি ৰাইজৰ বাবে মুকলি কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। চহৰখনৰ মাজমজিয়াৰ দীঘলীপুখুৰীৰ পৰা নিউ গুৱাহাটী পৰ্যন্ত বিস্তৃত এই ৫.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰটোৱে আমবাৰী, চানমাৰী আৰু বামুণীমৈদানৰ দৰে ব্যস্ত অঞ্চলসমূহক সংযোগ কৰিছে। প্ৰায় ৮৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই মেগা প্ৰকল্পটোৱে মহানগৰীৰ যাতায়ত ব্যৱস্থাত এক নতুন মাত্ৰা যোগ কৰিব বুলি আশা কৰা হৈছে। এই নতুন উৰণ সেতুখনক চানমাৰীৰ বিদ্যমান উৰণ সেতুৰ সৈতে সংলগ্ন কৰা হৈছে, যাৰ ফলত পূব আৰু কেন্দ্ৰীয় গুৱাহাটীৰ মাজত এক নিৰৱচ্ছিন্ন যাতায়ত পথ মুকলি হ’ল। বিভাগীয় সূত্ৰই সদৰী কৰা অনুসৰি, গুৱাহাটী ক্লাৱ আৰু…
Read More
আন্তৰ্জাতিক মহিলা দিৱসত জ্যেষ্ঠ মহিলা অভিযন্তাক সম্বৰ্ধনা অসম মহিলা অভিযন্তা সংস্থাৰ

আন্তৰ্জাতিক মহিলা দিৱসত জ্যেষ্ঠ মহিলা অভিযন্তাক সম্বৰ্ধনা অসম মহিলা অভিযন্তা সংস্থাৰ

ৰাজ্যৰ মহিলা অভিযন্তা সকলৰ একমাত্ৰ আৰু উমৈহতীয়া সংগঠন অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবেলিও ৮ মাৰ্চত গুৱাহাটীৰ পানবজাৰস্থিত ইন্সটিটিউট অৱ ইঞ্জিনিয়াৰ্ছৰ সভাগৃহত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটোৰ আৰম্ভণিতে উপস্থিত সকলোকে আদৰণি জনায় নাৰী দিৱসৰ তাৎপৰ্য দাঙি ধৰে ৰা সংস্থাৰ সভানেত্ৰী আৰু নীপকোৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালক মৃদুলা দাসে । সদস্যা সকলে পৰিবেশন কৰা এক সমাবেত সঙ্গীতৰ পাছত অসমত অভিযান্ত্ৰিকৰ স্নাতক পাঠ্যক্ৰমৰ বাটকটীয়া কেইগৰাকীমান মহিলা জ্যেষ্ঠ অভিযন্তা ক্ৰমে সংস্থাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ৰীতা ৰাজখোৱাৰ উপৰিও বন্দিতা ফুকন , নয়ন ভাণ্ডাৰী শৰ্মা , ৰেখা মজুমদাৰ , লাবণ্য পদ্মপতি বৰুৱা , মৃদুলা দাস আৰু পুতুলী শইকীয়া বৰুৱাক…
Read More
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেণ সিং ইংতিৰ দেহাৱসান

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেণ সিং ইংতিৰ দেহাৱসান

ৰাজ্যৰ জনজাতীয় সমাজৰ স্বাৰ্থত দশকজুৰি কাম কৰি অহা এজন নিষ্ঠাবান ৰাজনীতিকক হেৰুৱালে ৰাজ্যৰ ৰাজনৈতিক মহলে। মঙলবাৰে পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ সাংসদ বীৰেণ সিং ইংতিয়ে। কাৰ্বি আংলঙৰ দৰে পিছপৰা অঞ্চলৰ লোকসকলৰ অধিকাৰৰ হকে সংসদৰ মজিয়াত সবল নেতৃত্ব দিয়া এইগৰাকী নেতাৰ বিয়োগে ৰাজ্যৰ জনজাতীয় ৰাজনীতিত এক বিশেষ শূন্যতাৰ সৃষ্টি কৰিছে। প্ৰায় আঠটা দশকজোৰা জীৱন পৰিক্ৰমাত ইংতিয়ে লোকসভাত একাধিকবাৰ স্বায়ত্তশাসিত জিলা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰা ইংতি কেৱল এজন নিৰ্বাচনী প্ৰাৰ্থীয়েই নাছিল, বৰঞ্চ পাহাৰীয়া জিলাৰ সামাজিক আৰু ৰাজনৈতিক উত্তৰণৰ অন্যতম পথপ্ৰদৰ্শক আছিল। ১৯৪৫ চনত জন্মগ্ৰহণ কৰা এইগৰাকী…
Read More