অসমৰ চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰা লোকসকলৰ আপীল প্ৰক্ৰিয়া এতিয়াও আৰম্ভ নোহোৱাক কেন্দ্ৰ কৰি উচ্চতম ন্যায়ালয়ত পুনৰ উত্থাপিত হৈছে গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইবাৰ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু ৰাজ্যিক এনআৰচি সমন্বয়কৰ কাৰ্যালয়লৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। একে সময়তে পূৰ্বৰে পৰা বিচাৰাধীন একে বিষয়ৰ আন এখন আবেদনৰ সৈতে নতুন আবেদনখন সংযুক্ত কৰাৰ নিৰ্দেশ দিয়ে আদালতে।
মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম পাঞ্চোলীৰ বিচাৰপীঠে মঙলবাৰে এই নিৰ্দেশ দিয়ে। অসম ৰাজ্যিক জমিয়ত উলেমাই দাখিল কৰা এখন আবেদনৰ শুনানিৰ সময়ত বিষয়টো আদালতৰ বিবেচনালৈ আহে।
আবেদনকাৰী পক্ষই আদালতত সদৰি কৰি কয় যে, আইনত আপীলৰ ব্যৱস্থা থাকিলেও এনআৰচিৰ পৰা বাদ পৰা লোকসকলৰ বাবে সেই প্ৰক্ৰিয়া আজিলৈ আৰম্ভ কৰা হোৱা নাই। ইয়াৰ ফলত বাদ পৰা লোকসকলে অব্যাহতভাৱে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বুলিও আদালতক অৱগত কৰা হয়। একে বিষয়ত পূৰ্বৰে পৰা আন এখন আবেদন বিচাৰাধীন হৈ থকাৰ কথাও উল্লেখ কৰে আবেদনকাৰী পক্ষই।
এই দাখিলৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু ৰাজ্যিক এনআৰচি সমন্বয়কৰ কাৰ্যালয়লৈ জাননী জাৰি কৰে বিচাৰপীঠে। লগতে, নতুন আবেদনখন পূৰ্বৰে পৰা বিচাৰাধীন গোচৰৰ সৈতে সংযুক্ত কৰাৰ নিৰ্দেশ দিয়ে।
আনহাতে, নাগৰিকত্ব আইন, ১৯৫৫-ৰ ১৪এ ধাৰা আৰু ২০০৩ চনৰ নাগৰিকত্ব (নাগৰিক পঞ্জীয়ন আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান) বিধিমালাৰ ১৩ নম্বৰ বিধি অনুসৰি চূড়ান্ত এনআৰচিত নাম অন্তৰ্ভুক্ত হোৱা সকলো ব্যক্তিক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদানৰ নিৰ্দেশ বিচাৰিও আবেদনখনত দাবী উত্থাপন কৰা হৈছে।
উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত সম্পন্ন হোৱা প্ৰক্ৰিয়াৰ অন্তত ২০১৯ চনৰ ৩১ আগষ্টত অসমৰ চূড়ান্ত এনআৰচি প্ৰকাশ কৰা হৈছিল। চৰকাৰী তথ্য অনুসৰি, মুঠ ৩.৩০ কোটি লোকে আবেদন দাখিল কৰিছিল। ইয়াৰে ৩.১১ কোটি লোকৰ নাম চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হয় যদিও ১৯.০৬ লাখ আবেদনকাৰীৰ নাম বাদ পৰে।
উত্তৰদাতাসকলৰ পৰা জবাব লাভ কৰাৰ পিছত সংযুক্ত আবেদন দুয়োখনৰ শুনানি একেলগে গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।
