পশু চিকিৎসা বিষয়াৰ নিযুক্তিত কোটি কোটি টকাৰ লেনদেন আৰু অ’এমআৰ উত্তৰপত্ৰত হেৰফেৰৰ অভিযোগে কৰ্ণাটকৰ ৰাজনীতিত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। উচ্চ ন্যায়ালয়ে ঘটনাটোক “দিবালোকত সংঘটিত জালিয়াতি” বুলি অভিহিত কৰাৰ পাছতে ৰাজ্য চৰকাৰে সম্পূৰ্ণ নিযুক্তি প্ৰক্ৰিয়া স্থগিত ৰাখি চিআইডি তদন্তৰ লগতে বিশেষ তদন্তকাৰী দল গঠনৰ সিদ্ধান্ত লৈছে।
১৭ জুলাইত কৰ্ণাটক লোকসেৱা আয়োগে ৪০০টা পশু চিকিৎসা বিষয়াৰ পদৰ বাবে সফল প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছিল। তালিকা প্ৰকাশৰ কিছু সময়ৰ ভিতৰতে একাংশ পৰীক্ষাৰ্থীয়ে নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে। উৎকোচৰ জৰিয়তে চাকৰি দিয়াৰ লগতে অ’এমআৰ উত্তৰপত্ৰত হেৰফেৰ কৰা হৈছে বুলি দাবী কৰি বিভিন্ন নথি-পত্ৰ আদালতৰ সন্মুখত দাখিল কৰে আবেদনকাৰীসকলে।
বিচাৰপীঠে বিষয়টোৰ শুনানিৰ সময়ত ঘটনাটোক “দিবালোকত সংঘটিত জালিয়াতি” বুলি মন্তব্য কৰে। আদালতৰ এই পৰ্যবেক্ষণৰ পিছতে তদন্তৰ দায়িত্ব চিআইডিক অৰ্পণ কৰাৰ উপৰি পৃথক বিশেষ তদন্তকাৰী দল গঠন কৰে ৰাজ্য চৰকাৰে।
উচ্চ ন্যায়ালয়ে সদৰি কৰা মতে, অহা ৬ আগষ্টৰ ভিতৰত বিশেষ তদন্তকাৰী দলক তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিব লাগিব।
অভিযোগকাৰী প্ৰাৰ্থীসকলে প্ৰকাশ কৰা তথ্য অনুসৰি, প্ৰতিটো পশু চিকিৎসা বিষয়াৰ পদৰ বাবে ৮০ লাখ টকাৰ পৰা ১ কোটি টকালৈ উৎকোচ লোৱা হৈছিল। অভিযোগৰ সমৰ্থনত তেওঁলোকে কথিত দালালসকলক জড়িত কৰি ষ্টিং অপাৰেচনৰ ভিডিঅ’, অডিঅ’ আৰু অন্যান্য বৈদ্যুতিন প্ৰমাণো ৰাজহুৱা কৰিছে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই গোচৰত জড়িত থকাৰ অভিযোগত চিকন্দৰ চৌধুৰী আৰু আৰিফ মহম্মদ মোল্লা নামৰ দুজন কথিত মধ্যভোগীক গ্ৰেপ্তাৰ কৰা হৈছে। তদন্তকাৰী সংস্থাই এতিয়া ধনৰ লেনদেন আৰু নিযুক্তি প্ৰক্ৰিয়াৰ আন দিশসমূহৰো অনুসন্ধান অব্যাহত ৰাখিছে।
ইফালে, অসামৰিক আৰক্ষীৰ নিযুক্তি পৰীক্ষাক কেন্দ্ৰ কৰিও নতুন বিতৰ্কৰ সৃষ্টি হৈছে। অ’এমআৰ উত্তৰপত্ৰ আৰু প্ৰশ্নকাকতৰ নাম্বাৰিঙক লৈ অভিযোগ উত্থাপন কৰা হৈছে যদিও কৰ্ণাটক পৰীক্ষা প্ৰাধিকৰণে প্ৰশ্নকাকত ফাদিল হোৱা বুলি কৰা দাবী সম্পূৰ্ণৰূপে নাকচ কৰিছে।
এই ঘটনাক কেন্দ্ৰ কৰি ৰাজনৈতিক আক্ৰমণ-প্ৰত্যাক্ৰমণো তীব্ৰ হৈছে। বিজেপিয়ে সমগ্ৰ ঘটনাৰ চিবিআই তদন্ত দাবী কৰি ৰাজ্য চৰকাৰক সমালোচনাৰ লক্ষ্য কৰিছে। আনহাতে, ৰাজ্যৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেই কয়, বিজেপি শাসনকালতো একাধিক প্ৰশ্নকাকত ফাদিলৰ ঘটনা সংঘটিত হৈছিল; সেয়ে বৰ্তমানৰ ঘটনাক লৈ ৰাজনৈতিক সুবিধা ল’বলৈ চেষ্টা কৰাৰ কোনো নৈতিক অধিকাৰ বিৰোধী দলটোৰ নাই।
