প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ ১৩৫তম সংস্কৰণত কৰা আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু জল শক্তি মন্ত্ৰণালয়ে আৰম্ভ কৰা দেশব্যাপী #CatchTheRain অভিযানৰ অংশ হিচাপে, ব্ৰহ্মপুত্ৰ ব’ৰ্ডে গুৱাহাটীত এবিধীয়া জল সংৰক্ষণ আৰু বৰষুণৰ পানী সংৰক্ষণ সজাগতা অভিযান সফলতাৰে সম্পন্ন কৰিলে।
এই অভিযানৰ উদ্দেশ্য আছিল জল সংৰক্ষণৰ গুৰুত্ব প্ৰচাৰ কৰা আৰু ব’ৰ্ডৰ বিষয়াসকল আৰু কৰ্মচাৰীসকলৰ মাজত বহনক্ষম জল ব্যৱস্থাপনাৰ অভ্যাসক উৎসাহিত কৰা।
অভিযানৰ অংশ হিচাপে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অধ্যক্ষ ড° ৰণবীৰ সিঙে জল সংৰক্ষণৰ শপত বাক্য পাঠ কৰায়। সজাগতা বৃদ্ধি আৰু সক্ৰিয় অংশগ্ৰহণক উৎসাহিত কৰিবলৈ ব’ৰ্ডে জল সংৰক্ষণ বিষয়ক কুইজ প্ৰতিযোগিতা আৰু পোষ্টাৰ নিৰ্মাণ প্ৰতিযোগিতা আয়োজন কৰে। প্ৰতিযোগিতাসমূহত বিষয়া আৰু কৰ্মচাৰীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰি বৰষুণৰ পানী সংৰক্ষণ আৰু দক্ষ জল ব্যৱস্থাপনাৰ গুৰুত্ব তুলে ধৰে।
এবিধীয়া অভিযানখন ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ সন্মিলন কক্ষত ড° ৰণবীৰ সিংৰ সভাপতিত্বত অনুষ্ঠিত সমাপনী অনুষ্ঠানৰ মাজেৰে সামৰণি পৰে। অনুষ্ঠানত প্ৰতিযোগিতাত বিজয়ীসকলক তেওঁলোকৰ কৃতিত্বৰ স্বীকৃতি স্বৰূপে পুৰস্কাৰ প্ৰদান কৰা হয়।
