Paromita

1016 Posts
আপোনাৰ আই কিউ ৰাহুল গান্ধীৰ দৰেঃ বিগ বছত প্ৰৱেশক লৈ তীব্ৰ বাকযুদ্ধ ৰিয়া আহিৰ আৰু শ্বেহজাদ পুনাৱালাৰ

আপোনাৰ আই কিউ ৰাহুল গান্ধীৰ দৰেঃ বিগ বছত প্ৰৱেশক লৈ তীব্ৰ বাকযুদ্ধ ৰিয়া আহিৰ আৰু শ্বেহজাদ পুনাৱালাৰ

সামাজিক মাধ্যমত এক অভাৱনীয় বাকযুদ্ধত লিপ্ত হৈছে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ শ্বেহজাদ পুনাৱালা আৰু মুম্বাইৰ মডেল ৰিয়া আহিৰ। জনপ্ৰিয় ৰিয়েলিটি শ্ব' 'বিগ বছ ২০'ত ৰিয়া আহিৰে ৰাইজৰ ভোটৰ জৰিয়তে প্ৰৱেশ লাভ কৰাত ব্যৰ্থ হোৱাৰ পিছতে পুনাৱালাই মডেলগৰাকীৰ সাধাৰণ জ্ঞান আৰু বৌদ্ধিক স্তৰক লৈ কটাক্ষ কৰে। এই তৰ্কৰ মাজতে ৰিয়াই পুনাৱালাক 'আংকল' বুলি সম্বোধন কৰাত বিজেপিৰ প্ৰাক্তন মুখপাত্ৰজনে তেওঁক উভতি ধৰি কয় যে ৰিয়া আহিৰৰ আই কিউ আৰু জ্ঞানৰ মাত্ৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে একে। এক প্ৰতিবাদৰ সময়ত আৰক্ষীৰ বাহন আগচি ধৰি সামাজিক মাধ্যমত চৰ্চালৈ অহা মডেল ৰিয়া আহিৰে বিগ বছৰ প্ৰৱেশদ্বাৰত মুখ থেকেচা খাইছিল। ইয়াৰ পিছতে পুনাৱালাই সামাজিক মাধ্যম এক্সত…
Read More
‘সন্মানৰ’ নামত জীয়াৰীক হত্যা! তাৰ পিছতে দুৰ্ঘটনাৰ নাটক ৰচি আৰক্ষীৰ জালত পিতা-পুত্ৰ

‘সন্মানৰ’ নামত জীয়াৰীক হত্যা! তাৰ পিছতে দুৰ্ঘটনাৰ নাটক ৰচি আৰক্ষীৰ জালত পিতা-পুত্ৰ

কেৱল 'সন্মানৰ' খাতিৰত হাতুৰীৰে কোবাই নৃশংসভাৱে হত্যা কৰা হ'ল এগৰাকী যুৱতীক। এজন যুৱকৰ সৈতে ভাইৰেল হোৱা এটা ভিডিঅ'ৰ পিছতে এই বৰ্বৰ কাণ্ড সংঘটিত কৰে নিজ পিতৃ আৰু ভাতৃয়ে। যুৱতীগৰাকীক হত্যাৰ পিছত মৃতদেহ ৰাজপথত পেলাই এক পথ দুৰ্ঘটনাৰ ভুৱা নাটক ৰচিছিল দুয়োজনে। কিন্তু আৰক্ষীৰ পুংখানুপুংখ তদন্তত পোহৰলৈ আহে এই পৰিকল্পিত হত্যাকাণ্ড। আহমেদাবাদৰ সৰখেজ অঞ্চলৰ জুহাপুৰাৰ এখন চিকিৎসালয়ত অভ্যৰ্থনাৰক্ষী হিচাপে কৰ্মৰত আছিল ২২ বছৰীয়া ছোফিয়া ফাৰুক। প্ৰায় তিনি মাহ পূৰ্বে এজন যুৱকৰ সৈতে ছোফিয়াৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। ইয়াকে লৈ যুৱতীগৰাকীক কঠোৰ সকীয়নি দিছিল পিতৃ আৰু ভাতৃয়ে। কিন্তু অন্যান্য যুৱকৰ সৈতে কথা-বতৰা অব্যাহত ৰখাৰ সন্দেহত পৰিয়ালৰ সন্মান ৰক্ষাৰ নামত…
Read More
চি চি টিভিৰে চোৰাংচোৱাগিৰি আৰু পাৰ্টী কৰাত বাধ প্ৰতিশোধ ল’বলৈ শহুৰেকক হত্যা বোৱাৰীৰ

চি চি টিভিৰে চোৰাংচোৱাগিৰি আৰু পাৰ্টী কৰাত বাধ প্ৰতিশোধ ল’বলৈ শহুৰেকক হত্যা বোৱাৰীৰ

ঘৰৰ ভিতৰত অহৰহ চি চি টিভিৰে চোৰাংচোৱাগিৰি, নিশাৰ পাৰ্টী কৰাত কঠোৰ বাধা আৰু সামান্য খৰচৰ বাবেও বিচাৰিবলগীয়া হৈছিল হাত খৰচ। এক অভিজাত পৰিয়ালৰ ভিতৰচৰাত পুঞ্জীভূত হৈ থকা এনে ক্ষোভৰ ভয়ংকৰ পৰিণতি হিচাপে সংঘটিত হ'ল এক নৃশংখ হত্যাকাণ্ড। উত্তৰ প্ৰদেশৰ কানপুৰ চহৰৰ এটা ফ্লেটৰ ভিতৰতে ঔষধ ব্যৱসায়ী বিনীত মিনোচাক ২৬ বাৰ চুৰিকাঘাত কৰি হত্যা কৰা ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁৰ বোৱাৰী শালুক। যোৱা শনিবাৰে নিশা কানপুৰৰ নিজ এপাৰ্টমেণ্টৰ ভিতৰত ৬৩ বছৰীয়া ব্যৱসায়ী বিনীত মিনোচাৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। চি চি টিভি ফুটেজ পৰীক্ষাৰ পাছতে দেওবাৰে নিশা এক এনকাউণ্টাৰৰ অন্তত আৰক্ষীয়ে আটক কৰে পৰিয়ালটোৰ প্ৰাক্তন কৰ্মচাৰী বিশাল আৰু তেওঁৰ সহযোগী ৰাজ…
Read More
পুত্ৰক বচাবলৈ গৈ পুখুৰীত জাপ পিতৃৰ! চৰাইদেউত একলেগে সলিল সমাধি পিতা-পুত্ৰৰ

পুত্ৰক বচাবলৈ গৈ পুখুৰীত জাপ পিতৃৰ! চৰাইদেউত একলেগে সলিল সমাধি পিতা-পুত্ৰৰ

পুত্ৰক বচাবলৈ চেষ্টা কৰি পুখুৰীত জাপ দি একেলগে সলিল সমাধি ঘটিল পিতা আৰু পুত্ৰৰ। চৰাইদেউ জিলাৰ সাপেখাতীত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। মাছ ধৰিবলৈ গৈ গভীৰ পানীত পৰি যোৱা পুত্ৰক উদ্ধাৰৰ চেষ্টা চলাওঁতেই দুয়োগৰাকীৰে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। স্থানীয় সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, সাপেখাতীৰ ১ নং ধুনীয়া পথাৰ অঞ্চলত সংঘটিত হয় এই হৃদয়বিদাৰক কাণ্ড। নিজৰ ঘৰৰ চৌহদতে থকা পুখুৰীত মাছ ধৰি আছিল ৩০ বছৰীয়া সৌৰভ গগৈয়ে। সেই সময়তে ভৰি পিছলি তেওঁ পুখুৰীৰ গভীৰ পানীত সোমাই পৰে। ইপিনে, পুত্ৰক পানীত তললৈ যোৱা প্ৰত্যক্ষ কৰে পিতৃয়ে। সৌৰভক উদ্ধাৰৰ বাবে তৎপৰ হৈ পুখুৰীত জঁপিয়াই পৰে ৫২ বছৰীয়া পিতৃ লক্ষী গগৈ। কিন্তু…
Read More
ঐশ্বৰিক মহত্ব! জেচিবি, ক্ৰেনৰ দৰে শক্তিশালী যন্ত্ৰ ব্যৱহাৰ কৰিও বিফল প্ৰশাসন, একে ঠাইতে অটল থাকিল হনুমানৰ বিগ্ৰহ

ঐশ্বৰিক মহত্ব! জেচিবি, ক্ৰেনৰ দৰে শক্তিশালী যন্ত্ৰ ব্যৱহাৰ কৰিও বিফল প্ৰশাসন, একে ঠাইতে অটল থাকিল হনুমানৰ বিগ্ৰহ

এবাৰ নহয়, দুবাৰ নহয়, সকলো আধুনিক শক্তি প্ৰয়োগ কৰি বাৰে বাৰে চেষ্টা চলাইও প্ৰশাসনে লৰচৰ কৰিব নোৱাৰিলে এক প্ৰাচীন হনুমান বিগ্ৰহ। মধ্যপ্ৰদেশৰ ঐতিহাসিক ধৰ্মীয় চহৰ উজ্জয়িনীৰ পথ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে 'খড়ে হনুমান' মন্দিৰৰ প্ৰতিমা স্থানান্তৰ কৰিবলৈ গৈ চূড়ান্ত বিমোৰত পৰিছে পৌৰ নিগম আৰু জিলা প্ৰশাসন। চাৰিদিন ধৰি ক্ৰেন, জে চি বিৰ দৰে অত্যাধুনিক গধুৰ যন্ত্ৰ প্ৰয়োগ কৰিও দেৱালয়খনৰ দণ্ডায়মান বিগ্ৰহটো নিজ স্থানৰ পৰা এক ইঞ্চিও স্থানান্তৰ কৰিব নোৱাৰিলে কৰ্তৃপক্ষই। কণ্ঠাল চকৰ পৰা ছত্ৰী চক সংযোগী পথটো সম্প্ৰসাৰণৰ আওতাত পৰাৰ বাবেই প্ৰশাসনে ইতিমধ্যে মন্দিৰৰ মূল সৌধ আৰু গৰ্ভগৃহ ভাঙি পেলাইছে। কিন্তু বিগ্ৰহটো স্থানান্তৰৰ সকলো প্ৰয়াস ব্যৰ্থ হোৱাত সম্প্ৰতি এখন অস্থায়ী চালিৰ…
Read More
দিল্লীৰ প্ৰাক্তন মুখ্য সচিব ৰাকেশ মেহতাৰ চৰম পন্থা! নয়দাৰ বাসগৃহত উদ্ধাৰ মৃতদেহ

দিল্লীৰ প্ৰাক্তন মুখ্য সচিব ৰাকেশ মেহতাৰ চৰম পন্থা! নয়দাৰ বাসগৃহত উদ্ধাৰ মৃতদেহ

দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবেই জীৱনৰ চৰম সিদ্ধান্ত বাছি ল'লে দিল্লীৰ প্ৰাক্তন মুখ্য সচিব ৰাকেশ মেহতাই। নয়দাৰ এটা ভাড়াঘৰত দেওবাৰে ৭৫ বছৰীয়া অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত এয়া এক আত্মহত্যা বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা এক আত্মঘাতী পত্ৰত মেহতাই নিজৰ গুৰুতৰ আৰু দীৰ্ঘম্যাদী ৰোগৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি লিখে যে তেওঁৰ মৃত্যুৰ বাবে কোনো জগৰীয়া নহয়। নয়দাৰ ৮২ ছেক্টৰৰ কেন্দ্ৰীয় বিহাৰ ২ ছ'চাইটিৰ এটা ফ্লেটত অকলশৰীয়াকৈ বসবাস কৰিছিল ১৯৭৫ বেটছৰ এই প্ৰবীণ প্ৰশাসনিক বিষয়াগৰাকীয়ে। তেওঁৰ পত্নী তথা এগৰাকী অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াই নিজ সন্তানসহ ডেৰাডুনত থকা সময়তে সংঘটিত হয় এই…
Read More
পত্নীক হত্যা কৰিও অনুশোচনাহীন ৰামানুজ এইচ আই ভি পজিটিভ! আৰক্ষীৰ জিম্মাৰ পৰাই দিলে আন এক হত্যাকাণ্ডৰ ভাবুকি

পত্নীক হত্যা কৰিও অনুশোচনাহীন ৰামানুজ এইচ আই ভি পজিটিভ! আৰক্ষীৰ জিম্মাৰ পৰাই দিলে আন এক হত্যাকাণ্ডৰ ভাবুকি

পত্নীক নৃশংসভাৱে হত্যা কৰিও তিলমানো অনুশোচনা নাই হত্যাকাৰী ৰামানুজ গোস্বামীৰ। বেলতলাৰ বশিষ্ঠপুৰৰ নিজ বাসগৃহত সংঘটিত এই চাঞ্চল্যকৰ কাণ্ডৰ পাছত আৰক্ষীৰ জিম্মাত থকা ড্ৰাগছাসক্ত হত্যাকাৰীজন এইচ আই ভি পজিটিভ বুলি পোহৰলৈ আহিছে। এটা নিচামুক্তি কেন্দ্ৰৰ সৈতে জড়িত সিদ্ধাৰ্থ প্ৰতিম দত্ত নামৰ এজন ব্যক্তিয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে বিগত পাঁচ বছৰত কে’বাবাৰো নিচামুক্তি কেন্দ্ৰত আশ্ৰয় লোৱা ৰামানুজ এইচ আই ভি আক্ৰান্ত আছিল আৰু ইয়াৰ নিয়মীয়া ঔষধ খাই আছিল। বিয়াৰ পূৰ্বে ৰামানুজৰ এই অসুস্থতা আৰু ড্ৰাগছ আসক্তিৰ বিষয়ে অৱগত নাছিল পত্নী ৰিয়া। পৰৱৰ্তী সময়ত এই কথা পোহৰলৈ অহাত দুয়োৰে মাজত সঘনে কাজিয়াৰ সৃষ্টি হৈছিল। কিন্তু পিতৃ-মাতৃ নথকা ৰিয়াই সকলো সহ্য কৰিয়েই…
Read More
‘আমোলাতন্ত্ৰৰ স্বেচ্ছাচাৰিতাই উত্তৰ প্ৰদেশক ‘অৰৱেলিয়ান ডিষ্টপিয়া’লৈ ৰূপান্তৰিত কৰিব পাৰেঃ ডিএম মেধা ৰূপমক তীব্ৰ ভৰ্ৎসনা উচ্চ ন্যায়ালয়ৰ

‘আমোলাতন্ত্ৰৰ স্বেচ্ছাচাৰিতাই উত্তৰ প্ৰদেশক ‘অৰৱেলিয়ান ডিষ্টপিয়া’লৈ ৰূপান্তৰিত কৰিব পাৰেঃ ডিএম মেধা ৰূপমক তীব্ৰ ভৰ্ৎসনা উচ্চ ন্যায়ালয়ৰ

এগৰাকী মেধাৱী ছাত্ৰীক আইনবিৰুদ্ধভাৱে কাৰাৰুদ্ধ কৰি আদালতৰ তীব্ৰ ভৰ্ৎসনাৰ সন্মুখীন হ'ল দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কন্যা মেধা ৰূপম। গৌতম বুদ্ধ নগৰৰ জিলা দণ্ডাধীশগৰাকীৰ এনে পদক্ষেপে উত্তৰ প্ৰদেশক জৰ্জ অৰৱেলৰ কাল্পনিক দমনমূলক সমাজলৈ অৰ্থাৎ 'অৰৱেলিয়ান ডিষ্টপিয়া'লৈ ঠেলি দিব পাৰে বুলি মন্তব্য কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে। দিল্লী বিশ্ববিদ্যালয়ৰ সমাজকৰ্মী ছাত্ৰী আকৃতি চৌধুৰীৰ ওপৰত আৰোপ কৰা কঠোৰ ৰাষ্ট্ৰীয় সুৰক্ষা আইন চমুকৈ এন এছ এ খাৰিজ কৰে আদালতে। লগতে ডি এম মেধা ৰূপমকে ধৰি সংশ্লিষ্ট আৰক্ষী বিষয়াৰ ব্যক্তিগত দৰমহাৰ পৰা ৫ লাখ টকাৰ ক্ষতিপূৰণ আদায় দিয়াৰ নিৰ্দেশ দিয়ে বিচাৰপীঠে। ন্যায়াধীশ অতুল শ্ৰীধৰণ আৰু ন্যায়াধীশ অচল সচদেৱৰ খণ্ডপীঠে স্পষ্ট কৰে যে কোনো তথ্য-প্ৰমাণ…
Read More
উচ্চ ন্যায়ালয়ত মুখ থেকেচা ৰাহুল গান্ধীৰ! প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য গোচৰত চমন খাৰিজৰ আবেদন নাকচ

উচ্চ ন্যায়ালয়ত মুখ থেকেচা ৰাহুল গান্ধীৰ! প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য গোচৰত চমন খাৰিজৰ আবেদন নাকচ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যৰ ফলত নামি অহা আইনী মেৰপাকৰ পৰা এইবাৰো ৰেহাই নাপালে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। লোকসভাৰ বিৰোধী দলপতিগৰাকীৰ বিৰুদ্ধে ২০১৯ চনত জাৰি কৰা এখন আদালতৰ চমন খাৰিজ কৰিবলৈ অস্বীকাৰ কৰে ব’ম্বে উচ্চ ন্যায়ালয়ে। মেজিষ্ট্ৰেট আদালতৰ নিৰ্দেশনাত কোনো ধৰণৰ আইনবিৰোধী দিশ দেখা পোৱা নাই বুলি স্পষ্ট কৰি দি কংগ্ৰেছ নেতাগৰাকীৰ আবেদন খাৰিজ কৰে ন্যায়াধীশ এন আৰ বৰকাৰৰ একক বিচাৰপীঠে। উল্লেখ্য যে, ৰাফাল যুদ্ধবিমান চুক্তিৰ প্ৰসংগত ২০১৮ চনত ৰাজস্থানৰ এক ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী মোদীক 'কমাণ্ডাৰ-ইন-থিফ' বুলি কটাক্ষ কৰিছিল ৰাহুল গান্ধীয়ে। এই মন্তব্যৰ পিছতেই বিজেপি সদস্য এম এইচ শ্ৰীশ্ৰিমালে গিৰগাঁও মেজিষ্ট্ৰেট আদালতত কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে এক মানহানিৰ গোচৰ…
Read More
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী পৰিৱৰ্তনৰ ইংগিত; পাঠদানৰ সময়সীমা বৃদ্ধি শিক্ষা সংসদৰ

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী পৰিৱৰ্তনৰ ইংগিত; পাঠদানৰ সময়সীমা বৃদ্ধি শিক্ষা সংসদৰ

শেহতীয়া প্ৰলয়ংকাৰী বান আৰু লোকপিয়লৰ কাম-কাজৰ ফলত গভীৰভাৱে ব্যাহত হৈছে ৰাজ্যৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচীত সালসলনি ঘটোৱাৰ দিশে অগ্ৰসৰ হৈছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা সংসদ। ইয়াৰ অংশ হিচাপে দুয়োটা শ্ৰেণীৰ পাঠ্যক্ৰম সমাপ্ত কৰাৰ বাবে নিয়মীয়া পাঠদানৰ সময় বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে সংসদে। শিক্ষা সংসদে জাৰি কৰা এক জাননী অনুসৰি, দশম শ্ৰেণীৰ নিয়মীয়া পাঠদান ২০২৭ বৰ্ষৰ ২২ ফেব্ৰুৱাৰীলৈকে চলাই নিয়াৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, দ্বাদশ শ্ৰেণীৰ শ্ৰেণীকোঠাৰ পাঠদান ২০২৭ বৰ্ষৰ ৮ মাৰ্চলৈকে অব্যাহত ৰাখিব লাগিব বুলি স্পষ্ট নিৰ্দেশনা দিয়ে বিভাগীয় কৰ্তৃপক্ষই। উল্লেখ্য যে, ৰাজ্যৰ কেইবাখনো জিলাত…
Read More