10
Aug
অৱশেষত অৱসান ঘটিল অসমৰ বেডমিণ্টন খেলুৱৈ অস্মিতা চলিহাৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ। কোৰিয়া মাষ্টাৰ্ছৰ মহিলা একক শাখাৰ খিতাপ জয় কৰি ভাৰতীয় বেডমিণ্টনৰ ইতিহাসত নতুন অধ্যায় সংযোজন কৰিলে অস্মিতাই। চীনৰ চতুৰ্থ বাছনিৰ খেলুৱৈ হান ছিয়ান ছিক পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ মহিলা একক শাখাৰ খিতাপ জয় কৰাৰ পিছতে ভাৰতীয় বেডমিণ্টনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৰিয়া মাষ্টাৰ্ছ জয় কৰা খেলুৱৈ হিচাপে নাম লিপিবদ্ধ কৰে অসম কন্যাগৰাকীয়ে। দেওবাৰে অনুষ্ঠিত ফাইনেলত অস্মিতাই প্ৰথমখন খেলত ১৪-২১ ব্যৱধানত পৰাস্ত হোৱাৰ পিছতো মেচখনলৈ শক্তিশালী প্ৰত্যাৱৰ্তন কৰে। দ্বিতীয়খন খেলত ২১-১৪ আৰু তৃতীয়খন খেলত ২১-১৪ ব্যৱধানত জয় সাব্যস্ত কৰি চীনা খেলুৱৈগৰাকীক পৰাস্ত কৰে অসমৰ বাঁওহতীয়া শ্বাটলাৰগৰাকীয়ে। এই জয়ৰ জৰিয়তে কেৰিয়াৰৰ সৰ্ববৃহৎ খিতাপটো লাভ কৰে…
