উত্তৰ-পূৱ

পুনৰ ভাৰতীয়সকলক সোণ নিকিনিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

পুনৰ ভাৰতীয়সকলক সোণ নিকিনিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰয়োজন নাথাকিলে সোণ নিকিনিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। স্বদেশী আৰু আত্মনিৰ্ভৰশীলতাৰ বাৰ্তা দি সোণ কিনাৰ পৰা বিৰত থাকিবলৈ দেশবাসীক আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।নিজৰ ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে তেওঁ এই বাৰ্তা প্ৰচাৰ কৰে। ইনষ্টাগ্ৰামত প্ৰকাশ কৰা এটা ৰীলত প্রধানমন্ত্ৰী মোদীয়ে কয়, “প্ৰয়োজন নাথাকিলে সোণো কিনা উচিত নহয়। আমি যিমানেই স্বদেশীৰ ওপৰত গুৰুত্ব দিম, সিমানেই আত্মনিৰ্ভৰতাৰ ওপৰত জোৰ দিম। মোৰ দৃঢ় বিশ্বাস, ভাৰত যেতিয়া স্বাধীনতাৰ ১০০ বছৰ পূৰ্ণ কৰিব, তেতিয়া আমি আমাৰ যুৱ প্ৰজন্মৰ হাতত এখন উন্নত ভাৰত তুলি দিব পাৰিম।”
Read More
মেঘালয়ত ৰাজনৈতিক জল্পনা: ৯ বিধায়ক বিজেপিত যোগদানৰ খবৰ নস্যাৎ ইউ ডি পিৰ

মেঘালয়ত ৰাজনৈতিক জল্পনা: ৯ বিধায়ক বিজেপিত যোগদানৰ খবৰ নস্যাৎ ইউ ডি পিৰ

ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টিৰ (ইউ ডি পি) ১২ গৰাকী বিধায়কৰ ভিতৰত ৯ গৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিত (বিজেপি) যোগদান কৰিব পাৰে বুলি খবৰ প্ৰকাশ পোৱাৰ পিছত মেঘালয়ত সম্ভাৱ্য ৰাজনৈতিক পুনৰবিন্যাসক লৈ জল্পনা তীব্ৰতৰ হৈ পৰিছে। অৱশ্যে ইউ ডি পিয়ে এই খবৰক উৰাবাতৰি বুলি নস্যাৎ কৰি কয় যে দল এৰাৰ কোনো ইচ্ছা তেওঁলোকৰ কোনো বিধায়কে প্ৰকাশ কৰা নাই। গুৱাহাটীত ইউ ডি পি নেতা আৰু বিজেপি নেতাৰ মাজত হোৱা বৈঠকৰ পিছত ৰাজনৈতিক আলোচনাই গতি লাভ কৰা বুলি জানিব পৰা গৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ আৰু উত্তৰ-পূবৰ ভাৰপ্ৰাপ্ত সম্বিত পাত্ৰই নতুন দিল্লীত দলৰ কেন্দ্ৰীয় নেতৃত্বক এই অগ্ৰগতিৰ বিষয়ে অৱগত কৰা বুলি জানিব পৰা গৈছে, আনহাতে অসমৰ…
Read More
বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ দাম

বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ দাম

মাহটোৰ প্ৰথমটো দিনতে বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। তেল বিপণন সংস্থাসমূহে পুনৰ ১৯ কিলোগ্ৰামৰ কমাৰ্চিয়েল এলপিজি চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰিছে। ৯.৫০ টকাকৈ বৃদ্ধি পালে প্ৰতিটো চিলিণ্ডাৰৰ দাম। ৫ কিলোগ্ৰামৰ নন-ডমেষ্টিক চিলিণ্ডাৰৰ দামো ২ টকা বৃদ্ধি কৰি ৭৬২ টকাৰ পৰা ৭৬৪ টকা কৰা হৈছে। অৱশ্যে সাধাৰণ ৫ কিলোগ্ৰামৰ এলপিজি চিলিণ্ডাৰ আৰু XTRALITE-ৰ দাম অপৰিৱৰ্তিত আছে। কমাৰ্চিয়েল চিলিণ্ডাৰ মূলতঃ ৰেষ্টুৰেণ্ট, হোটেল আৰু বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠানত ব্যৱহাৰ কৰা হয়। স্বস্তিৰ কথা এয়াই যে, ঘৰুৱা চিলিণ্ডাৰৰ দামৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাই।
Read More
ভূমিস্খলনত একেটা পৰিয়ালৰে তিনিগৰাকীয়ে প্ৰাণ হেৰুৱালে

ভূমিস্খলনত একেটা পৰিয়ালৰে তিনিগৰাকীয়ে প্ৰাণ হেৰুৱালে

পুনৰ কৃত্ৰিম বানত বুৰিল গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল । সোমবাৰে নিশাৰে পৰা হৈ থকা মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ কেইবাটাও অঞ্চলত পানী জমা হোৱাৰ ফলত স্বাভাৱিক জীৱন যাপন ব্যাহত হৈছে ।ইয়াৰ মাজতে মঠঘৰীয়াত হোৱা ভূমিস্খলনত একেটা পৰিয়ালৰে তিনিগৰাকীয়ে প্ৰাণ হেৰুৱালে ।বৰষুণৰ মাজতেই মঙলবাৰে পুৱা প্ৰায় ৮ বজাত মহানগৰীৰ মঠঘৰীয়াৰ লক্ষ্মী মন্দিৰ অঞ্চলত হোৱা ভয়াৱহ ভূমিস্খলনত নগেন ৰাজবংশীৰ লগতে তেওঁৰ পত্নী মীনা ৰাজবংশী আৰু কন্য়া চুনু ৰাজবংশীৰ মৃত্য়ু হয় । চাৰিজনীয়া পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ বিপ্লৱ ৰাজবংশীক স্থানীয় ৰাইজে বোকামাটিৰ তলৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লগে লগে স্থানীয় ৰাইজে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।
Read More
পুনৰ উত্তপ্ত মণিপুৰ

পুনৰ উত্তপ্ত মণিপুৰ

মণিপুৰৰ কাংপোকপি জিলাত সোমবাৰে পুৱা সশস্ত্ৰ নগা বিদ্ৰোহীৰ আক্ৰমণত তিনি অসামৰিক লোক নিহত হোৱাৰ লগতে চাৰিজন গুৰুতৰভাৱে আহত হয়।আজি পুৱা প্ৰায় ৮ বজাত প্ৰায় ৫০জন সশস্ত্ৰ বিদ্ৰোহীয়ে কাংপোকপি জিলাৰ টেইখাং গাঁৱত প্ৰৱেশ কৰি অসামৰিক লোকক লক্ষ্য কৰি ধাৰাসাৰ গুলীচালনা কৰে। আক্ৰমণৰ সময়ত গাঁওখনৰ কেইবাটাও ঘৰত অগ্নিসংযোগ কৰা হয় বুলিও অভিযোগ উঠিছে। গুলীচালনাৰ ফলত আতংকিত গাঁওবাসীয়ে প্ৰাণৰক্ষাৰ বাবে অঞ্চলটোৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়।এই আক্ৰমণত নিহত হোৱা তিনিজন লোক হৈছে টিংনেইচিন (৪০), টংপাও লহুভুমৰ পত্নী; হইনেইং লহুজেম (২১), থাংগৌলেন লহুজেমৰ পত্নী; আৰু লামটিনথাং লহুজেম (৩৬), ছেইলুন লহুজেমৰ পুত্ৰ। আনহাতে, আক্ৰমণত চাৰিজন লোক গুৰুতৰভাৱে আহতসকল হৈছে—নেমনেইচং লহুজেম (৫০), ছেইলুন লহুজেম (৭০), ডেইলহিং…
Read More
মধ্যপ্ৰাচ্যৰ যুদ্ধকালীন পৰিস্থিতিৰ পাছতো বৃদ্ধি পালে দেশৰ GDP

মধ্যপ্ৰাচ্যৰ যুদ্ধকালীন পৰিস্থিতিৰ পাছতো বৃদ্ধি পালে দেশৰ GDP

বিশ্বজুৰি অনিশ্চয়তা, মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত তেলৰ সংকটৰ মাজতো দেশৰ GDP বৃদ্ধিক এক বৃহৎ সফলতা বুলি অভিহিত কৰিলে মোদীয়ে।দেশৰ GDPৰ এই বৃদ্ধিক লৈ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত ভাৰতৰ অৰ্থনীতিয়ে প্ৰত্যাশাতকৈ উন্নত প্ৰদৰ্শন দাঙি ধৰিছে। প্ৰথম তিনিমাহত ভাৰতৰ জিডিপি ৭.৮% বৃদ্ধি পাইছে। উৎপাদন, সেৱা আৰু বিনিয়োগ খণ্ডৰ উৎকৃষ্ট কাম-কাজে খনি খণ্ডৰ দুৰ্বলতা আৰু কৃষি খণ্ডৰ তুলনামূলকভাৱে কম বৃদ্ধিৰ প্ৰভাৱ চম্ভালি লোৱাৰ বাবে অৰ্থনীতিয়ে ৭.৮ শতাংশ হাৰত বৃদ্ধি লাভ কৰিছে।শেহতীয়া GDP পৰিসংখ্যাৰ প্ৰতিক্ৰিয়াত মোদীয়ে এই সফলতাৰ কৃতিত্ব ভাৰতীয়সকলৰ সংকল্প আৰু কঠোৰ পৰিশ্ৰমক দিয়ে। তেওঁ কয় যে কঠিন গোলকীয় পৰিস্থিতিৰ মাজতো এই পৰিসংখ্যাই ভাৰতৰ সামৰ্থ্যৰ প্ৰমাণ…
Read More
অমিত শ্বাহৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বৈঠক; জনসাধাৰণৰ অনুভূতিৰ প্ৰতি লক্ষ্য ৰাখি জনগণনা স্থগিত

অমিত শ্বাহৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বৈঠক; জনসাধাৰণৰ অনুভূতিৰ প্ৰতি লক্ষ্য ৰাখি জনগণনা স্থগিত

মেইটেই আৰু নগা সংগঠনসমূহে জনগণনা আৰু সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC) ৰূপায়ণৰ দাবীত অব্যাহত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত, ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া মণিপুৰত জনগণনা ২০২৭ৰ কাৰ্যক্ৰম কেন্দ্ৰই পিছুৱাই দিছে। সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত মণিপুৰৰ বৰ্তমান পৰিস্থিতিৰ বুজ ল’বলৈ অনুষ্ঠিত এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লা, মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিং, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। মণিপুৰ চৰকাৰৰ মতে, বৈঠকত ৰাজ্যত NRC ৰূপায়ণ নোহোৱালৈকে জনগণনা পিছুৱাই দিয়াৰ দাবী সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। মণিপুৰৰ জনসাধাৰণৰ “অনুভূতি আৰু আকাংক্ষা”ৰ প্ৰতি লক্ষ্য…
Read More
পৰিষ্কাৰ তাৱাঙৰ বাবে একত্ৰিত প্ৰচেষ্টা: ৩৫০ ৰো অধিক স্বেচ্ছাসেৱকেৰে বৃহৎ পৰিষ্কাৰ অভিযান

পৰিষ্কাৰ তাৱাঙৰ বাবে একত্ৰিত প্ৰচেষ্টা: ৩৫০ ৰো অধিক স্বেচ্ছাসেৱকেৰে বৃহৎ পৰিষ্কাৰ অভিযান

তাৱাং আৰু ইয়াৰ মনোৰম পৰ্যটনস্থলীসমূহ পৰিষ্কাৰ, সেউজ আৰু প্লাষ্টিকমুক্ত কৰি ৰখাৰ এক সমূহীয়া প্ৰচেষ্টাৰ অংশ হিচাপে মনপা মিমাং ছোগপা (MMT) এ জিলা প্ৰশাসন, তাৱাং আৰু ভাৰতীয় সেনাৰ সহযোগত এক বৃহৎ পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ আয়োজন কৰে। এই অভিযানে নাগুলা পাছৰ সিপাৰে থকা গ্ৰিটছাং ছ’ৰ পৰা আৰম্ভ কৰি চাৰ্কিট হাউচ, তাৱাঙৰ ওপৰত থকা বিশাল বুদ্ধ মূৰ্তিলৈকে এক বিস্তৃত অঞ্চল সামৰি লৈছিল, য’ত স্বেচ্ছাসেৱকসকলে পৰ্যটনস্থলী আৰু ৰাস্তাৰ দাঁতিৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা আৰু জাৱৰ পৰিষ্কাৰ কৰে। পৰিষ্কাৰ তাৱাঙৰ বাবে ৩৫০ ৰো অধিক স্বেচ্ছাসেৱকে হাত মিলাইছিল, যাৰ ভিতৰত আছিল চাৰিওটা বজাৰ কল্যাণ সমিতিৰ সদস্য, তাৱাং আৰক্ষী, ছাত্ৰ-ছাত্ৰী, BRO, PWD, PHED, RWD আৰু তাৱাঙৰ উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মী…
Read More
কে এছ ইউৰ ৰেলীত নেতাজীৰ মূৰ্তি ভাঙচুৰক গৰিহণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ, দোষীৰ বিৰুদ্ধে ব্যৱস্থাৰ আশ্বাস

কে এছ ইউৰ ৰেলীত নেতাজীৰ মূৰ্তি ভাঙচুৰক গৰিহণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ, দোষীৰ বিৰুদ্ধে ব্যৱস্থাৰ আশ্বাস

খাছী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ সময়ত স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ আৱক্ষ মূৰ্তি ভাঙচুৰ কৰা ঘটনাৰ পাছত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে. চাংমাই ২৯ আগষ্টত ৰাইনজাহৰ আৰ আৰ কলনী পৰিদৰ্শন কৰি স্থানীয় অ-জনজাতীয় সম্প্ৰদায়ৰ লোকসকলক সাক্ষাৎ কৰে। চাংমাই ক্ষতিগ্ৰস্ত আৱক্ষ মূৰ্তিটো পৰিদৰ্শন কৰে আৰু কে এছ ইউৰ ক'লা পতাকা মটৰচাইকেল ৰেলীৰ সময়ত শ্বিলঙৰ কেইবাটাও স্থানত সংঘটিত হিংসা আৰু ভাঙচুৰৰ ঘটনাৰ পাছত বাসিন্দাসকলৰ উদ্বেগৰ কথা শুনে। মুখ্যমন্ত্ৰীয়ে সম্প্ৰদায়টোক আশ্বাস দিয়ে যে ক্ষতিগ্ৰস্ত আৱক্ষ মূৰ্তিটো পুনৰুদ্ধাৰ কৰা হ'ব আৰু পুনৰুদ্ধাৰৰ কামৰ বাবে ৫ লাখ টকা অনুমোদন জনায়। চাংমাই পুনৰ উল্লেখ কৰে যে ৰাজ্য চৰকাৰে ভাঙচুৰৰ কাৰ্য আৰু শ্বিলং তথা মেঘালয়ৰ শান্তি, সম্প্ৰীতি আৰু…
Read More
৫ দিনীয়া ভ্ৰমণসূচীৰে বিদেশলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

৫ দিনীয়া ভ্ৰমণসূচীৰে বিদেশলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

৫ দিনীয়া ভ্ৰমণসূচীৰে বিদেশলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উজবেকিস্তান আৰু কিৰ্গিজস্তানলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী। ২৯ৰ পৰা ৩০ আগষ্টলৈ প্ৰধানমন্ত্ৰী থাকিব উজবেকিস্তানত। বাণিজ্য, স্বাস্থ্য, শিক্ষা আদি বিষয়ত হ’ব দ্বিপাক্ষিক বৈঠক। ইয়াৰ পাছতে ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত কিৰ্গিজস্তানত থাকিব মোদী। SCO সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে। এই বৈঠকতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতেও বৈঠকৰ সম্ভাৱনা। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণে মধ্য এছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰাৰ সম্ভাৱনা।
Read More