উত্তৰ-পূৱ

বাইক চুৰি কাণ্ডত গ্ৰেপ্তাৰ ছাদ্দাম আৰু চাহজামাল

বাইক চুৰি কাণ্ডত গ্ৰেপ্তাৰ ছাদ্দাম আৰু চাহজামাল

কাহিলীপাৰা আৰক্ষীৰ জালত ২ কুখ্যাত গাড়ীচোৰ । আৰক্ষীয়ে চুৰি বাইকসহ গ্ৰেপ্তাৰ কৰে ছাদ্দাম হুছেইন আৰু চাহজামাল শ্বেইখ।শুকুৰবাৰে পুৱা ৪.৩০ বজাত কাহিলীপাৰাৰ কনকলতা পথৰ পৰা দুই চোৰে চুৰি কৰিছিল AS 01 GQ 0839 নম্বৰৰ এখন ৰয়েল এনফিল্ড হাণ্টাৰ। GPS ত গোৱালপাৰা দিশে গৈ থকা দেখি ধূপধৰা আৰক্ষীক খবৰ দিছিল কাহিলীপাৰা আৰক্ষীয়ে। গৈ থকা অৱস্থাতেই ৬.৩০ বজাত আৰক্ষীয়ে চুৰি বাইকসহ ধৰে এটা চোৰক, আনহাতে পলায়ন কৰে আন এজনে।পিছত ৰাইজে কৰায়ত্ত কৰে গতাই দিয়ে আৰক্ষীক।২০২৫ চনতো বাইক চুৰি কৰি দিছপুৰ আৰক্ষীৰ জালত পৰিছিল ছাদ্দাম হুছেইন আৰু চাহজামাল শ্বেইখ।
Read More
আঠগাঁও সাৰ্বজনীন দুৰ্গাপূজাৰ বৰ্ণাঢ্য শুভাৰম্ভ

আঠগাঁও সাৰ্বজনীন দুৰ্গাপূজাৰ বৰ্ণাঢ্য শুভাৰম্ভ

শাৰদীয় দুৰ্গোৎসৱৰ ষষ্ঠীৰ দিনা শুকুৰবাৰে আঠগাঁও সাৰ্বজনীন দুৰ্গাপূজাৰ বৰ্ণাঢ্য শুভাৰম্ভ হয়। ১৯৮৩ চনত প্ৰতিষ্ঠা হোৱা এই পূজা সমিতিয়ে এইবাৰ ৪৩সংখ্যক বৰ্ষৰ দুৰ্গাপূজা উদযাপন কৰিছে। এইবাৰ পূজাৰ মণ্ডপটো হায়দৰাবাদৰ প্ৰসিদ্ধ শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰৰ আৰ্হিত ‘স্বৰ্ণগিৰি’ৰ ৰূপত সজাই তোলা হৈছে। মণ্ডপৰ মনোমোহা সজ্জাই ভক্ত-দৰ্শনাৰ্থীৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে।পূজাৰ মণ্ডপটো আনুষ্ঠানিকভাৱে মুকলি কৰে মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক বিজয় গুপ্তা, অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান জি এম শ্ৰীবাস্তৱ, বিশিষ্ট লেখিকা তথা কবি সুধা শ্ৰীবাস্তৱ আৰু অসম প্ৰদেশ বিজেপি যুৱ মৰ্চাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ঈশান ভৰালীয়ে। এই উপলক্ষে বিধায়ক বিজয় গুপ্তা আৰু প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান জি এম শ্ৰীবাস্তৱে মণ্ডপৰ মূল প্ৰৱেশদ্বাৰৰ দুয়োকাষে…
Read More
পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫ টকালৈ বৃদ্ধি , ৮.৫ টকালৈ হ্ৰাস ডিজেলৰ

পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫ টকালৈ বৃদ্ধি , ৮.৫ টকালৈ হ্ৰাস ডিজেলৰ

কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ শুল্ক ক্ষেত্ৰত কিছু সাল-সলনি কৰিছে । পেট্ৰ’লৰ ৰপ্তানি শুল্ক বৃদ্ধিৰ বিপৰীতে ডিজেলৰ শুল্ক হ্ৰাস কৰিছে । বিত্ত মন্ত্ৰালয়ে এক অধিসূচনাযোগে এই বিষয়ে সদৰী কৰিছে ।কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫ টকালৈ বৃদ্ধি কৰিছে । ইয়াৰ বিপৰীতে ডিজেলৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ৮.৫ টকালৈ হ্ৰাস কৰিছে । শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল ৰপ্তানিৰ ওপৰত শুল্ক বৃদ্ধি কৰিছে ।উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দামৰ হ্ৰাস-বৃদ্ধিৰ বাবে চৰকাৰে প্ৰতি ১৫ দিনৰ মূৰে মূৰে এই শুল্কৰ পুনৰীক্ষণ কৰি আহিছে ।
Read More
পুনৰ আৰম্ভ হ’ব উচ্ছেদ অভিযান

পুনৰ আৰম্ভ হ’ব উচ্ছেদ অভিযান

মেৰাপানী সীমান্তৰ ২ নং নেঘেৰীবিলত শনিবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব উচ্ছেদ অভিযান। পুনৰ উচ্ছেদ অভিযানক লৈ অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।জানিব পৰা মতে, উচ্ছেদৰ স্থগিতাদেশ লাভ কৰা ৫৯টা পৰিয়ালক ঘৰ খালী কৰিবলৈ বন বিভাগৰ তৰফৰ পৰা দিয়া হৈছে চূড়ান্ত নিৰ্দেশ। মাইকযোগে প্ৰচাৰ কৰি পৰিয়ালকেইটাক নিজৰ বয়-বস্তু সামৰি ঘৰ এৰিবলৈ নিৰ্দেশ দিছে বন বিভাগে। ফলত পুনৰ অনিশ্চয়তাত পৰিছে নেঘেৰীবিলৰ উচ্ছেদৰ সন্মুখীন হোৱা পৰিয়ালসমূহ।ইয়াৰ পিছতে অঞ্চলটোত পুনৰ উচ্ছেদকেন্দ্ৰিক উত্তেজনা আৰু উৎকণ্ঠাৰ সৃষ্টি হৈছে।
Read More
মণিপুৰত সন্দেহজনক NSCN-IMৰ এম্বুশ্বত এগৰাকী মহিলা নিহত

মণিপুৰত সন্দেহজনক NSCN-IMৰ এম্বুশ্বত এগৰাকী মহিলা নিহত

মণিপুৰৰ কামজং জিলাত বৃহস্পতিবাৰে সন্ধিয়া সন্দেহযুক্ত NSCN-IMৰ কেডাৰে সংঘটিত কৰা এক এম্বুশ্বত এগৰাকী মহিলা নিহত হোৱাৰ লগতে তেওঁৰ স্বামী গুৰুতৰভাৱে গুলীবিদ্ধ হয় । আনহাতে, ঘটনাৰ পিছৰে পৰা আন দুজন লোক সন্ধানহীন হৈ আছে ।এই আক্ৰমণত হাটনেইকিম হাওকিপ নামৰ মহিলাগৰাকী থিতাতে নিহত হোৱা বুলি জানিব পৰা গৈছে । তেওঁৰ স্বামী জামখংগাম হাওকিপ গুৰুতৰভাৱে গুলীবিদ্ধ হয় । আন দুজন লোকৰ বৰ্তমানলৈকে কোনো সন্ধান পোৱা হোৱা নাই ।ঘটনাটোক তীব্ৰ গৰিহণা দি কুকি-জো কাউন্সিলে ইয়াৰ তাৎক্ষণিক আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছে । লগতে আক্ৰমণৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি দোষীক জবাবদিহি কৰাৰ আহ্বান জনাইছে সংগঠনটোৱে ।কুকি-জো কাউন্সিল (KZC)-এ ১৬ অক্টোবৰত প্ৰকাশ কৰা…
Read More
ৰাজধানী দিল্লীত দাহন কৰা হ’ব ৩০ ফুট উচ্চতাৰ পইতাচোৰা

ৰাজধানী দিল্লীত দাহন কৰা হ’ব ৩০ ফুট উচ্চতাৰ পইতাচোৰা

এইবাৰ ৰাজধানী দিল্লীত দাহন কৰা হ’ব ৩০ ফুট উচ্চতাৰ পইতাচোৰা। ৰামলীলাত ৰাৱণ, কুম্ভকর্ণ আৰু মেঘনাদৰ সৈতে দাহ কৰা হ'ব পইতাচোৰাক।পিতামপুৰাত শ্রীকেশৱ ৰামলীলা কমিটীয়ে আয়োজন কৰা ৰামলীলাত 'স্বচ্ছ ভাৰত' আৰু ‘স্বচ্ছ দিল্লী' অভিযানৰ অংশ হিচাপে পইতাচোৰা দাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কমিটীৰ বিষয়ববীয়াই সদৰী কৰা অনুসৰি, পইতাচোৰাই লেতেৰাক প্ৰতিনিধিত্ব কৰে। যাৰবাবে তেওঁলোকে ৰামলীলাত পইতাচোৰাক জ্বলাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Read More
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ মুকলি উদ্বোধন মুখ্যমন্ত্ৰীৰ

গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ মুকলি উদ্বোধন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন কৰে৷ খানাপাৰৰ আন্তঃৰাজ্যিক বাছ আস্থানৰ ভৱনত 'ভিএফএছ গ্ল'বেল'-এ স্থাপন কৰা এই কেন্দ্ৰটোৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে চাইপ্ৰাছ, ইজিপ্ত, আয়াৰলেণ্ড, জাপান, মাল্টা, মৰক্কো আৰু যুক্তৰাজ্যৰ ভিছাৰ বাবে আবেদন কৰিব পাৰিব৷ উল্লখ্য যে এই কেন্দ্ৰত শ্বেনগেন ভিছা আবেদনৰো সুবিধা থাকিব আৰু এই ভিছা লাভ কৰা লোকে ইউৰোপৰ ২৯ দেশ ভ্ৰমণ কৰিব পাৰিব৷ এই কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ সেৱাৰ সুবিধা সহজে উপলব্ধ কৰাব আৰু বিশ্বৰ বহু দেশক উত্তৰ-পূৰ্বাঞ্চলৰ ওচৰ চপাই আনিব৷
Read More
পুতলা নাটৰ জৰিয়তে স্বচ্ছতাৰ বাৰ্তা ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত সুৰজিৎ একাডেমীৰ প্ৰদৰ্শন

পুতলা নাটৰ জৰিয়তে স্বচ্ছতাৰ বাৰ্তা ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত সুৰজিৎ একাডেমীৰ প্ৰদৰ্শন

স্বচ্ছতাৰ প্ৰতি সজাগতা সৃষ্টি আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাৰ্তা ছাত্ৰ-ছাত্ৰীৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে গুৱাহাটীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আজি সুৰজিৎ একাডেমীৰ উদ্যোগত ‘স্বচ্ছতা হি সেৱা’ বিষয়ক দুখন পুতলা নাট সফলতাৰে মঞ্চস্থ কৰা হয়। ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰপ্ৰাপ্ত শিল্পী বিনীতা দেৱীৰ পৰিচালনাত আৰু ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ জ্যেষ্ঠ ফেল’শ্বিপপ্ৰাপ্ত সীমান্ত শৰ্মাৰ সামগ্ৰিক পৰিকল্পনাত অনুষ্ঠিত এই পুতলা নাট প্ৰদৰ্শনে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিশেষ উৎসাহ আৰু আনন্দৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰত ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ ‘স্বচ্ছতা হি সেৱা ২০২৬’ অভিযানৰ অংশ হিচাপে বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজিত পুতলা নাট প্ৰদৰ্শনীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক…
Read More
শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ঐতিহ্য মহোৎসৱ উদযাপন

শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ঐতিহ্য মহোৎসৱ উদযাপন

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত আৰু আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ সহযোগত বিশ্ববিদ্যালয় চৌহদত দুদিনীয়া কাৰ্যসূচীৰে ‘বীণা চৌধুৰী শ্ৰীমন্ত শংকৰদেৱ ঐতিহ্য মহোৎসৱ - ২০২৬’ উদযাপন কৰা হয় । উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে উদযাপিত মহোৎসৱৰ মূল উদ্দেশ্য আছিল নৱ প্ৰজন্মক অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে জানিবলৈ আৰু তাক সংৰক্ষণ কৰিবলৈ উৎসাহিত কৰা। মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পদ্মশ্ৰী যতীন গোস্বামীয়ে ভাগ লৈ ভাষণ প্ৰসংগত পৰম্পৰাগত জ্ঞান, ঐতিহ্য আৰু সংস্কৃতি নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ছাত্ৰ-ছাত্ৰীসকলক নিজৰ শিপাৰ সৈতে চিনাকি কৰাই দিয়াত এনে প্ৰতিযোগিতা আৰু সাংস্কৃতিক পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি তেওঁ উল্লেখ কৰে।…
Read More
গীতা নগৰ থানাৰ গৃহ প্ৰৱেশত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ অংশগ্ৰহণ

গীতা নগৰ থানাৰ গৃহ প্ৰৱেশত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ অংশগ্ৰহণ

নিউ গুৱাহাটী সমষ্টিৰ অন্তৰ্গত গীতা নগৰ আৰক্ষী থানাৰ গৃহ প্ৰৱেশ অনুষ্ঠান আজি সম্পন্ন হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিউ গুৱাহাটী সমষ্টিৰ জনপ্ৰিয় বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা।​অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক শৰ্মাই গীতা নগৰ আৰক্ষী থানাৰ সেৱাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে আৰম্ভণিৰে পৰাই এই থানখনে অঞ্চলটোত আইনী ব্যৱস্থা সুদৃঢ় কৰাৰ লগতে ৰাইজৰ সুৰক্ষা আৰু শান্তি-শৃংখলা বজায় ৰখাৰ ক্ষেত্ৰত অতি সুদক্ষ আৰু নিষ্ঠাৰে দায়িত্ব পালন কৰি আহিছে। বৰ্তমান গুৱাহাটী দূৰদৰ্শন পৰিসৰত এই নতুন গৃহটি ভাৰা ঘৰ হিচাপে লৈ কাৰ্যালয়ৰ কাম-কাজ চলোৱা হৈছে যদিও, অনাগত দিনত গীতা নগৰ আৰক্ষী থানাই নিজা স্থায়ী ঠিকনা আৰু স্থায়ী গৃহ লাভ কৰিব বুলি…
Read More