উত্তৰ-পূৱ

চচলত হাজাৰ হাজাৰ বানাক্ৰান্তৰ গৰ্জন

চচলত হাজাৰ হাজাৰ বানাক্ৰান্তৰ গৰ্জন

উজনি অসমৰ ভয়াৱহ বানাক্ৰান্ত ৰাইজক উচিত ক্ষতিপূৰণ আৰু সাহাৰ্য প্ৰদানৰ দাবীত বুধবাৰে গুৱাহাটীৰ চচলস্থিত প্ৰতিবাদী স্থলীত ৰাইজৰ দলৰ উদ্যোগত এক গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তিনিটা মাহ অতিক্ৰম কৰাৰ পিছতো চৰকাৰে কোনো ধৰণৰ প্ৰাপ্য সাহায্য নিদিয়াৰ অভিযোগ তুলি শ শ বানপীড়িত ৰাইজে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে। লগতে এই গণ বিক্ষোভ কাৰ্যসূচীত কুংকি চৌধুৰী, জ্ঞানশ্ৰী বৰাৰ লগতে চিজেপিৰ তিনিগৰাকী কেন্দ্ৰীয় নেতাই অংশগ্ৰহণ কৰে।নিজৰ ঘৰ-বাৰী, খেতি-বাতি ধ্বংস হোৱাৰ পিছতো চৰকাৰৰ কৃপাদৃষ্টি নোপোৱাত হাহাকাৰ কৰা এইসকল লোকে প্ৰতিবাদ স্থলীত উপস্থিত হৈ চৰকাৰ বিৰোধী উত্তাল শ্ল'গানেৰে আকাশ-বতাহ কঁপাই তোলে।
Read More
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ১০ মাহ পাছতো ফিক্সড পে’ৰ পৰা বঞ্চিত হৈ আছে শতাধিক অস্থায়ী বন শ্ৰমিক

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ১০ মাহ পাছতো ফিক্সড পে’ৰ পৰা বঞ্চিত হৈ আছে শতাধিক অস্থায়ী বন শ্ৰমিক

অসম চৰকাৰৰ বন বিভাগত  প্ৰয়োজনীয় বনকৰ্মীৰ অভাৱত ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যান  , বন্যপ্ৰাণী অভয়াৰণ্য , সংৰক্ষিত বনাঞ্চল , ব্যঘ্ৰ প্ৰকল্প সমুহত  বন্যপ্ৰাণী , জীৱ জন্তু , গছ - গছনি আদি চোৰাং চিকাৰী , দুস্কৃতিকাৰীৰ  কবলৰ পৰা ৰক্ষা কৰা , চোৱা চিতা বা  পৰিচৰ্যা কৰা , তহল দিয়া আদি কাৰ্যৰ বাবে বনকর্মীৰ অভাৱ হোৱা বুলি বিভাগটোৰ  শীৰ্ষ বিষয়াই সময়ে সময়ে সদৰি কৰি আহিছে। সেই সময়ত বন বিভাগত তৃণমূল পৰ্যায়ৰ বনকৰ্মী হিচাপে পৰিচিত কেবা শতাধিক কেজুৱেল বন শ্ৰমিকে  বছৰ বছৰ ধৰি এই পৰ্যন্ত নিৰ্ধাৰিত হাৰত বেতন লাভ কৰা বা ফিক্সড পে' হাৰত দৰমহা লাভৰ পৰা দুখলগাকৈ বঞ্চিত হৈ আহিছে । এই সন্দৰ্ভত সদৌ…
Read More
এছিয়ান গেমছত ভাৰতীয় মহিলা হকী দলৰ বৃহৎ জয়

এছিয়ান গেমছত ভাৰতীয় মহিলা হকী দলৰ বৃহৎ জয়

এছিয়ান গেমছত ভাৰতীয় মহিলা হকী দলে তেওঁলোকৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখি ইণ্ডোনেছিয়াক ১৭-১ গ'লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। সোমবাৰে নাগোয়াত অনুষ্ঠিত ‘পুল বি’-ৰ এই মেচখনত অগ্ৰণী ফৰৱাৰ্ড দীপিকা ছেহৰাৱাট, ৰুতুজা দাদাচো পিচাল আৰু নৱনীত কৌৰে হেট্ৰিক অৰ্জন কৰি দলৰ এই একচেতীয়া বিজয় সুনিশ্চিত কৰে। উজবেকিস্তানৰ বিৰুদ্ধে ১৯-০ গ’লৰ জয়ৰ পাছত ভাৰতীয় দলটোৰ এইটো একেৰাহে দ্বিতীয়টো বৃহৎ সফলতা। ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকলৈ পোনপটীয়া অৰ্হতা অৰ্জন কৰাৰ লক্ষ্যৰে ভাৰতীয় দলে এছিয়ান গেমছত স্বৰ্ণ পদকৰ দিশে অগ্ৰসৰ হৈছে। ২২ বছৰীয়া দীপিকাই (৮ম, ২৮তম, ৪০তম মিনিট) তিনিটা পেনাল্টি কৰ্ণাৰক গ'ললৈ ৰূপান্তৰ কৰে। ৰুতুজা দাদাচো পিচালে (১৫তম, ২০তম, ৩৮তম) ফিল্ড প্লে’ৰ জৰিয়তে তিনিটা গ'ল…
Read More
কেৰালামত ক্ষন্তেকীয়া বান, ভূমিস্খলনত ৬জনৰ মৃত্যু

কেৰালামত ক্ষন্তেকীয়া বান, ভূমিস্খলনত ৬জনৰ মৃত্যু

কেৰালামৰ ইডুক্কি জিলাৰ ভাট্টাভাদাৰ কোট্টাকাম্বুৰত দেওবাৰে ব্যাপক ভূমিস্খলন আৰু ক্ষন্তেকীয়া বানে বিধ্বংসী ৰূপ ধাৰণ কৰে ৷ এই ভয়াবহ প্ৰাকৃতিক দুৰ্যোগত কমেও ছয়জন লোক নিহত হোৱাৰ বিপৰীতে পৰ্যটককে ধৰি আন কেইবাজনো লোক নিৰুদ্দেশ হৈ আছে ৷ধাৰাসাৰ বৰষুণৰ বাবে বতৰ বিজ্ঞান বিভাগে আজি অৰ্থাৎ সোমবাৰে কোট্টায়ম, ইডুক্কি, এৰ্নাকুলাম, থ্ৰিছুৰ, মালাপ্পুৰম, পলাক্কাডকে ধৰি ছয়খন জিলাত য়েল্ল’ এলাৰ্ট জাৰি কৰিছে । বতৰ বিজ্ঞান বিভাগে ঘণ্টাত ৪০ কিলোমিটাৰ পৰ্যন্ত বেগেৰে প্ৰচণ্ড বতাহ বলিব বুলিও সকীয়াই দিছে ।বিশেষকৈ পাহাৰীয়া অঞ্চলত বৰষুণৰ পৰিমাণ তীব্ৰতৰ হৈ থকাৰ বাবে জনসাধাৰণক অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ কৰ্তৃপক্ষই আহ্বান জনাইছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ভি ডি সাথীছানে বিষয়াসকলক পৰিস্থিতি নিৰীক্ষণ…
Read More
মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ পাটছৈ থানাৰ অন্তৰ্গত ছাজিৰক অঞ্চলত বৃহৎ অভিযানত

মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ পাটছৈ থানাৰ অন্তৰ্গত ছাজিৰক অঞ্চলত বৃহৎ অভিযানত

মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ পাটছৈ থানাৰ অন্তৰ্গত ছাজিৰক অঞ্চলত অভিযান চলাই চিডিঅ-আইডব্লিউ আৰু অসম ৰাইফলছৰ এটা দলে । অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হয় ।জানিব পৰা মতে, দেওবাৰে চিডিঅ-আইডব্লিউ আৰু অসম ৰাইফলছৰ এটা যুটীয়া দলে ইম্ফল পশ্চিম জিলাৰ ছাজিৰক অভিযান চলায় এটা চিএমডি, পাঁচটা ৯ মিমি পিষ্টল, এটা পিএডি আৰু আঠটা ছিংগল বেৰেল গান উদ্ধাৰ কৰে । ইয়াৰ উপৰি অভিযানকাৰী দলটোৱে এটা হেণ্ড গ্ৰেনেড, ৪৬ জাঁই বিভিন্ন ধৰণৰ সজীৱ গুলী, ছটা টিএছএম আৰু এটা ৱায়াৰলেছ হেণ্ডছেট উদ্ধাৰ কৰে ।গ্ৰেপ্তাৰ কৰা দুই লোকৰ পৰা অভিযানকাৰী দলটোৱে ২.৩ কিলোগ্ৰাম ওজনৰ ১০টা পেকেট নিচাজাতীয় সামগ্ৰীসহ AS01DT-7707 নম্বৰৰ এখন…
Read More
মুম্বাইত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে

মুম্বাইত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে

মুম্বাইত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে । বিদ্যুৎস্পৃষ্ট হৈ দুজন লোকে প্ৰাণ হেৰুওৱা ঘটনাৰ পিচতেই পথ দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয় ।ম্বাইৰ কোষ্টেল ৰোডত এখন তীব্ৰবেগী বিলাসী বাহনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত লোকজনক ইতিমধ্যে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । দেওবাৰে পুৱা ৫:২০ বজাত দুৰ্ঘটনাটো সংঘটিত হয় ।এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে তীব্ৰবেগী বিলাসী বাহনখন চূৰ্চুমৈ হৈ পৰে । নগৰ কৰ্তৃপক্ষই কয় যে এই দুৰ্ঘটনাটো তীব্ৰ গতিৰ বাবে সংঘটিত হৈছে ।মৃত তিনিজনৰ ভিতৰত দুজনক চিনাক্ত কৰা হৈছে । এই দুজন হৈছে সঞ্জয় গাজল…
Read More
ভাৰতৰ হৈ পদক অৰ্জনৰ দৃঢ় লক্ষ্যৰে খেলপথাৰত অৱতীৰ্ণ হ’ব অৰুণাচল প্ৰদেশৰ উদীয়মান ৱুছু খেলুৱৈ নাইমেন ৱাংছুৱে

ভাৰতৰ হৈ পদক অৰ্জনৰ দৃঢ় লক্ষ্যৰে খেলপথাৰত অৱতীৰ্ণ হ’ব অৰুণাচল প্ৰদেশৰ উদীয়মান ৱুছু খেলুৱৈ নাইমেন ৱাংছুৱে

২০২৬ চনৰ ‘আইচি-নাগোয়া এছিয়ান গেমছ’ ত কাইলৈ ভাৰতৰ হৈ পদক অৰ্জনৰ দৃঢ় লক্ষ্যৰে খেলপথাৰত অৱতীৰ্ণ হ’ব অৰুণাচল প্ৰদেশৰ উদীয়মান ৱুছু (Wushu) খেলুৱৈ নাইমেন ৱাংছুৱে। 'স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া' (SAI)-ৰ সময়সূচী অনুসৰি ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা ০৫:৩০ বজাত এই খেল অনুষ্ঠিত হ'ব। জাপানৰ 'আইচি প্ৰিফেকচাৰেল মাৰ্শ্বেল আৰ্টছ হল (Aichi Prefectural Martial Arts Hall) ত অনুষ্ঠিত হ'ব।
Read More
এটা মছজিদত বিস্ফোৰণ

এটা মছজিদত বিস্ফোৰণ

পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাৰ কোহাট জিলাত শুকুৰবাৰে এটা মছজিদৰ ওচৰত সংঘটিত এক ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত ১৫ জনকৈ লোক নিহত আৰু ৫০ জনৰো অধিক লোক আহত হৈছে।শুকুৰবাৰৰ নামাজৰ সময়ৰ আশে-পাশে এই বিস্ফোৰণ সংঘটিত হয়। আৰক্ষীৰ মতে, বিস্ফোৰণত মছজিদটোৰ বাহিৰৰ অংশ ক্ষতিগ্ৰস্ত হয় আৰু এটা দেৱাল খহি পৰে। কোহাটৰ এখন চৰকাৰী চিকিৎসালয়ৰ বিষয়া তাহিৰ আলী শ্বাহে জনোৱা মতে, চিকিৎসালয়খনলৈ ১৫টা মৃতদেহ আৰু ৫০ৰো অধিক আহত লোকক অনা হৈছে। আহতসকলৰ মাজত কেইজনমান আৰক্ষী কৰ্মী। বৰ্তমান চিকিৎসালয়খনত ২৫ জন লোকৰ চিকিৎসা চলি আছে।
Read More
জুবিন বন্দনাত মুখৰিত জুবিন ক্ষেত্ৰ

জুবিন বন্দনাত মুখৰিত জুবিন ক্ষেত্ৰ

জুবিন বন্দনাত মুখৰিত জুবিন ক্ষেত্ৰ । গীত-নৃত্য, চিত্ৰশিল্পৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীলৈ মৰম । শিপিনীয়ে একেৰাতিতে বৈ আনিলে জুবিন গাৰ্গৰ গীত ।আকাশ-বতাহ মুখৰিত হৈ পৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী সৃষ্টিৰাজি আৰু জুবিন বন্দনাৰে ।অনুৰাগীসকলে চকুৰ পানীৰে প্রিয় শিল্পীগৰাকীৰ শেষ শয়ন স্থানত অৰ্পণ কৰে শ্ৰদ্ধাঞ্জলি । অসমীয়া বোৱা-কটা শিল্পৰে শিৱসাগৰ নামতি দিকচু মাউট গাঁৱৰ জীয়ৰী বিউটি গগৈয়ে জুবিন অনুৰাগৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে । প্ৰাণৰ শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ পিছৰে পৰা নিজৰ অকৃত্ৰিম প্ৰেম আৰু শ্ৰদ্ধাৰ নিদৰ্শন স্বৰূপে তেওঁ তাঁতশালত বোৱাই উলিয়াইছে জুবিন গাৰ্গৰ কালজয়ী গীত 'মই নথকাৰ অনুভৱ'ৰ কলি সম্বলিত এক বিশেষ গামোচা ।বিউটি গগৈয়ে নিজ হাতে তৈয়াৰ কৰা এই গামোচাখন…
Read More
অসমৰ আকাশে-বতাহে এটা নাম চিৰবিদ্যমান-জুবিন গাৰ্গ

অসমৰ আকাশে-বতাহে এটা নাম চিৰবিদ্যমান-জুবিন গাৰ্গ

জুবিনৰ কায়িক অনুপস্থিতিৰ এবছৰ, সামাজিক মাধ্যমত শোক প্ৰকাশ নেটিজেনৰ ৷ পিছে বুকুত এসাগৰ বেদনা লৈয়ে মনোৰঞ্জন জগতৰ তাৰকাসকল সাহস হৈ থিয় দিছে অসমীয়াৰ বাবে ৷নদ-নদী, হাবি-বননি, জীৱ-জন্তু, চৰাই-চিৰিকতি, প্ৰকৃতিসৃষ্ট যেনিয়েই অসমীয়াৰ চকু যায়, তাতেই সকলোৱে জুবিনক বিচাৰি পায় ৷মানুহজন আঁতৰি গ’ল যদিও সকলোৱে তেওঁৰ উপস্থিতি অনুভৱ কৰে ৷ অসমৰ আকাশে-বতাহে এটা নাম চিৰবিদ্যমান-জুবিন গাৰ্গ ৷আজিও অনুৰাগীয়ে ফেচবুক, ইনষ্টাগ্ৰামত লিখে, "ঘূৰি আহক না জুবিন দা ৷" জুবিন গাৰ্গৰ এবছৰীয়া অনুপস্থিতিত তেওঁৰ অতিকে ভাল বন্ধু তথা অসমীয়া ছবি জগতৰ আগশাৰীৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই ক’লে এটি গুৰুত্বপূৰ্ণ কথা ৷ তেওঁ সামাজিক মাধ্যমত জুবিন সৈতে তেওঁৰ দুখন ফটো শ্বেয়াৰ কৰিছে ৷ শিৰোনামত লিখিছে,…
Read More