উত্তৰ-পূৱ

উত্তৰাখণ্ডত উজ্জ্বয়িনী এক্সপ্ৰেছৰ ৩টা ডবা লাইনচ্যুত, কথমপি প্ৰাণে বাচিল শতাধিক যাত্ৰী

উত্তৰাখণ্ডত উজ্জ্বয়িনী এক্সপ্ৰেছৰ ৩টা ডবা লাইনচ্যুত, কথমপি প্ৰাণে বাচিল শতাধিক যাত্ৰী

উত্তৰাখণ্ডত ইতিহাসপ্ৰসিদ্ধ তীৰ্থনগৰী ঋষিকেশৰ সমীপত সোমবাৰে নিশা ৰে’লপথৰ পৰা চিটিকি পৰিল উজ্জ্বয়িনী এক্সপ্ৰেছৰ ৩টাকৈ ডবা। খাণ্ড গাঁও অঞ্চলৰ যোগ নগৰী ৰে’ল ষ্টেচনৰ ওচৰত নিশা প্ৰায় ৯:৪০ বজাত ৰে’লখন ইয়াৰ ইয়াৰ্ডলৈ লৈ যোৱাৰ সময়তে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। সৌভাগ্যবশতঃ সেই সময়ত ৰে’লখনৰ ভিতৰত কোনো যাত্ৰী থকা নাছিল, যাৰ বাবে এক ডাঙৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰে। ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ইন্দোৰৰ লক্ষ্মীবাই নগৰ আৰু যোগ নগৰী ঋষিকেশৰ মাজত চলাচল কৰা ৰে’লখন ছণ্টিং লাইনৰ শেষ প্ৰান্তত থকা বাফাৰৰ সৈতে পোনপটীয়াকৈ সংঘৰ্ষত লিপ্ত হয়। এই তীব্ৰ খুন্দাৰ ফলত ডবাসমূহৰ ওপৰত অতিৰিক্ত চাপৰ সৃষ্টি হোৱাত এটা ডবা সম্পূৰ্ণৰূপে চিটিকি পৰে আৰু…
Read More
বনাঞ্চল সংকোচন আৰু মানুহ-হস্তী সংঘাতৰ মাজতে কলিয়াবৰত বন্যহস্তীৰ অস্বাভাৱিক মৃত্যু

বনাঞ্চল সংকোচন আৰু মানুহ-হস্তী সংঘাতৰ মাজতে কলিয়াবৰত বন্যহস্তীৰ অস্বাভাৱিক মৃত্যু

অসমত হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হোৱাৰ মাজতে মঙলবাৰে পুৱা কলিয়াবৰৰ লেংটেং ২ নম্বৰ বস্তি এলেকাত উদ্ধাৰ হয় এটা বন্যহস্তীৰ মৃতদেহ। গাঁৱৰ একাংশ বাসিন্দাই পুৱা পথাৰলৈ যোৱাৰ সময়তে প্ৰথমবাৰৰ বাবে হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰে আৰু লগে লগে সমগ্ৰ বিষয়টো স্থানীয় গাঁওবুঢ়াক অৱগত কৰে। ইয়াৰ পাছতে গাঁৱৰ ৰাইজে ঘটনা সন্দৰ্ভত শালনা বন সংমণ্ডলক খবৰ দিয়ে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে বন বিভাগৰ ৱেষ্টাৰ্ণ ৰেঞ্জৰ এটা দল যুদ্ধকালীন তৎপৰতাৰে ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় একাংশ বাসিন্দাৰ গুৰুতৰ অভিযোগ অনুসৰি কোনো অচিনাকি দুষ্কৃতিকাৰীয়ে অবৈধভাৱে বিদ্যুতৰ সংযোগ ব্যৱহাৰ কৰি হাতীটোক বিদ্যুৎস্পৃষ্ট কৰাইছিল, যাৰ ফলত প্ৰাণীটোৰ কৰুণ মৃত্যু ঘটে। অৱশ্যে এতিয়ালৈকে চৰকাৰীভাৱে মৃত্যুৰ প্ৰকৃত কাৰণ সন্দৰ্ভত কোনো স্পষ্ট…
Read More
বাংলাদেশীৰ বিৰুদ্ধে এক্সন আৰম্ভ হিমন্ত চৰকাৰৰ

বাংলাদেশীৰ বিৰুদ্ধে এক্সন আৰম্ভ হিমন্ত চৰকাৰৰ

বাংলাদেশীৰ বিৰুদ্ধে এক্সন আৰম্ভ হিমন্ত চৰকাৰৰ। কথা মতেই কাম আৰম্ভ হিমন্ত চৰকাৰৰ। বাংলাদেশীৰ বিৰুদ্ধে মহাঅভিযান। দৰঙৰ ধূলাত আৰক্ষীৰ জালত পৰিল বাংলাদেশী। আৰক্ষীয়ে আটক কৰিছে ৩২বছৰীয়া মহম্মদ জাকিৰক। বাংলাদেশৰ বড়িশাল জিলাৰ মচীনপুৰ গাঁৱৰ বাসিন্দা মহম্মদ জাকিৰ।
Read More
টিনৰ বাকচত ওলাল যুৱতী!

টিনৰ বাকচত ওলাল যুৱতী!

টিনৰ বাকচত ওলাল যুৱতী! লোমহৰ্ষক ঘটনাই কঁপাইছে দেশ। নীলা ড্ৰাম, ফ্ৰীজৰ পাছত টিনৰ বাকছক লৈ দেশজুৰি চাঞ্চল্য। টিনৰ বাকচত পোৱা গ'ল ২৫বছৰীয়া যুৱতীৰ কটা মূৰ। হাত-ভৰি, শৰীৰ বিভিন্ন অংশ পোৱা গ'ল এটা বেগত। লগে লগে ৰে'লৰ ডবাত হুলস্থুলীয়া পৰিৱেশ। যুৱতীগৰাকীৰ শৰীৰত চোকা অস্ত্ৰৰে আঘাট কৰাৰ চিন স্পষ্ট। বাকচ আৰু বেগটোত তেজৰ দাগ স্পষ্ট। ৰে'লৰ চাফাই কৰ্মচাৰীয়ে বাকচটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে প্রশাসনক। কোনোৱে হত্যা কৰি যুৱতীগৰাকীক বাকচত ভৰাই উঠাই দিছিল ৰে'লত। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ ৰে'ল ষ্টেচনত এই ঘটনা।
Read More
প্ৰধানমন্ত্ৰীয়ে লাভ কৰিলে আন এক সন্মান

প্ৰধানমন্ত্ৰীয়ে লাভ কৰিলে আন এক সন্মান

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়োৱা হৈছে ছুইডেনৰ সৰ্বোচ্চ সন্মান ‘অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ’ ৷ এয়া হৈছে স্ক্যাণ্ডিনেভিয়ান ৰাষ্ট্ৰই বিদেশী চৰকাৰৰ মুৰব্বীক প্ৰদান কৰা সৰ্বোচ্চ সন্মান । প্ৰধানমন্ত্ৰীৰ ছুইডেন ভ্ৰমণৰ সময়ত প্ৰদান কৰা এই সন্মান ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিদেশী ৰাষ্ট্ৰৰ পৰা লাভ কৰা ৩১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ছুইডেনৰ সৰ্বোচ্চ সন্মান ‘অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ’ৰে সন্মানিত হোৱাটো কেৱল ব্যক্তিগত স্বীকৃতি নহয় বৰঞ্চ “ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ বাবে” আৰু ভাৰত-ছুইডেনৰ সম্পৰ্ক শক্তিশালী কৰাত অৰিহণা যোগোৱা সকলোৰে বাবে এক সন্মান ।
Read More
ভি ডি সতীশনে সোমবাৰে কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে

ভি ডি সতীশনে সোমবাৰে কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভি ডি সতীশনে সোমবাৰে কেৰালামৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । সতীশনৰ সৈতে আন ২০ জন বিধায়কেও তেওঁৰ কেবিনেটৰ মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । ৰাজ্যপাল আৰ ভি আৰ্লেকাৰে আটাইকে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় ৷ তিৰুৱনন্তপুৰমৰ চেন্ট্ৰেল ষ্টেডিয়ামত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হয় শপতগ্ৰহণ অনুষ্ঠান ।শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে সতীশনে কয়, “পবিত্ৰ দায়িত্ববোধেৰে মই সৰ্বাংগীন শাসন ব্যৱস্থা নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, সকলো সম্প্ৰদায়ক সন্মান জনোৱা আৰু কেৰালামৰ উন্নয়ন আৰু প্ৰগতিক অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।”
Read More
ভি ডি সতীশনৰ নেতৃত্বত কেৰালাত নতুন অধ্যায়, মুখ্যমন্ত্ৰীসহ ২০ গৰাকী মন্ত্ৰীৰ শপত গ্ৰহণ

ভি ডি সতীশনৰ নেতৃত্বত কেৰালাত নতুন অধ্যায়, মুখ্যমন্ত্ৰীসহ ২০ গৰাকী মন্ত্ৰীৰ শপত গ্ৰহণ

কেৰালামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে সোমবাৰে শপত গ্ৰহণ কৰিলে কংগ্ৰেছ বিধায়িনী দলৰ নেতা ভি ডি সতীশনে। ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে জেষ্ঠ কংগ্ৰেছ নেতাগৰাকীক আনুষ্ঠানিকভাৱে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়। ঈশ্বৰৰ নামত শপত লোৱা সতীশনৰ উপৰিও তেওঁৰ ২০ জনীয়া কেবিনেটৰ সদস্যসকলেও এই ভব্য অনুষ্ঠানত মন্ত্ৰী হিচাপে শপত লয়। মুখ্যমন্ত্ৰী সতীশনকে ধৰি এই নতুন কেবিনেটখনত মুঠ ১৪ গৰাকী নতুন মুখক স্থান দিয়া হৈছে। ২০০১ চনৰে পৰা পাৰাভুৰ সমষ্টিৰ পৰা ধাৰাবাহিকভাৱে নিৰ্বাচিত হৈ অহা সতীশনে প্ৰথমবাৰৰ বাবে চৰকাৰৰ কোনো প্ৰশাসনিক পদ অলংকৃত কৰিছে। নতুন মন্ত্ৰীসভাখনত দুগৰাকী মহিলা আৰু অনুসূচিত জাতি সম্প্ৰদায়ৰ দুজন প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰা হৈছে। কেবিনেটখনত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰমেশ চেন্নিথালা,…
Read More
গংগা নদীত আমিষ অৱশিষ্ট নিক্ষেপক লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

গংগা নদীত আমিষ অৱশিষ্ট নিক্ষেপক লৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

পবিত্ৰ গংগা নদীত আমিষ খাদ্যৰ অৱশিষ্ট পেলোৱা কাৰ্যই হিন্দু সম্প্ৰদায়ৰ ধৰ্মীয় অনুভূতিত গভীৰ আঘাত হানিব পাৰে। বাৰাণসীত এখন নাৱৰ ওপৰত ইফটাৰ পাৰ্টিৰ আয়োজন কৰি নদীত খাদ্যৰ উচ্ছিষ্ট পেলোৱাৰ অভিযোগত অভিযুক্ত ৫ জন ব্যক্তিক জামিন প্ৰদান কৰি এই গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে। যোৱা ১৫ মে’ত এক আদেশৰ জৰিয়তে ন্যায়ধীশ ৰাজীৱ লোচন শুক্লাৰ একক বিচাৰপীঠে অভিযুক্ত মহম্মদ আজাদ আলী, মহম্মদ তহচিম, নিহাল আফ্ৰিদী, মহম্মদ তৌচিফ আহমেদ আৰু মহম্মদ আনাছৰ জামিন মঞ্জুৰ কৰে। আদালতে নিজৰ ৰায়দানত উল্লেখ কৰে, "বিচাৰাধীন সমগ্ৰ তথ্য, পৰিস্থিতি, আবেদনকাৰীসকলৰ পূৰ্বৰ কোনো অপৰাধমূলক ইতিহাস নথকাৰ কথা আৰু তেওঁলোকে ইতিমধ্যে খাটিবলগীয়া হোৱা কাৰাবাসৰ সময়খিনিলৈ লক্ষ্য ৰাখি প্ৰথম দৃষ্টিত তেওঁলোক…
Read More
পাটনা অভিমুখী ৰে’লৰ ডবাত হঠাৎ জুই, ছাছাৰাম ষ্টেচনত আতংকময় পৰিস্থিতি আৰু যাত্ৰীৰ চিঞৰ-বাখৰ

পাটনা অভিমুখী ৰে’লৰ ডবাত হঠাৎ জুই, ছাছাৰাম ষ্টেচনত আতংকময় পৰিস্থিতি আৰু যাত্ৰীৰ চিঞৰ-বাখৰ

বিহাৰৰ ছাছাৰাম ৰে’ল ষ্টেচনত ৰৈ থকা অৱস্থাতে দেওবাৰে পুৱা পাটনা অভিমুখী এখন দ্ৰুতবেগী যাত্ৰীবাহী ৰে’লৰ ডবাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। প্লেটফৰ্ম নম্বৰ ৬ত থকা ছাছাৰাম-পাটনা পেচেঞ্জাৰ ৰে’লখন পুৱা প্ৰায় ৬ বজাত যাত্ৰা আৰম্ভ কৰাৰ ঠিক কিছু সময় পূৰ্বেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে। হঠাতে ৰে’লখনৰ এটা ডবাৰ পৰা ক’লা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰি ষ্টেচনত থকা যাত্ৰীসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হয়। প্ৰাৰম্ভিক তদন্ত অনুসৰি শ্বৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰে’ল আৰক্ষী প্ৰশাসন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ যুদ্ধকালীন তৎপৰতাৰে জুই নিৰ্বাপন কৰে। এই দুৰ্ঘটনাত কোনো যাত্ৰী হতাহত…
Read More
যোধপুৰত দুগৰাকী ভগ্নীৰ মর্মান্তিক পৰিণতি: ধৰ্ষণকাণ্ডত ন্যায় নোপোৱাৰ অভিযোগে আৰক্ষীক ঘেৰাও ক্ষুব্ধ জনতাৰ

যোধপুৰত দুগৰাকী ভগ্নীৰ মর্মান্তিক পৰিণতি: ধৰ্ষণকাণ্ডত ন্যায় নোপোৱাৰ অভিযোগে আৰক্ষীক ঘেৰাও ক্ষুব্ধ জনতাৰ

দলবদ্ধ ধৰ্ষণৰ বলি হোৱা বায়েকে দীৰ্ঘদিন ধৰি ন্যায় নোপোৱাৰ ক্ষোভতে অৱশেষত আত্মহত্যা কৰিলে ভনীয়েকেও। ৰাজস্থানৰ গ্ৰাম্য যোধপুৰত সংঘটিত এই মৰ্মান্তিক ঘটনাই সমগ্ৰ জিলাখনতে বৰ্তমান চৰম উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে। আৰক্ষীৰ নিষ্ক্ৰিয়তা আৰু গাফিলতিৰ বাবেই দুয়োগৰাকী ভগ্নীয়ে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হোৱা বুলি এতিয়া পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি, বিগত চাৰি বছৰ ধৰি মহীপাল নামৰ এজন স্থানীয় লম্পট আৰু তাৰ সহযোগীসকলে জ্যেষ্ঠ ভগ্নীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰি আহিছিল। আপত্তিজনক ভিডিঅ’ দেখুৱাই ব্লেকমেইলিং কৰাৰ লগতে তেওঁলোকে যুৱতীগৰাকীৰ পৰা ধাৰাবাহিকভাৱে ধন দাবী কৰিছিল। এই মানসিক যন্ত্ৰণা সহ্য কৰিব নোৱাৰি যোৱা ২০ মাৰ্চত ভুক্তভোগী যুৱতীগৰাকীয়ে নিজ গৃহতে আত্মহনন কৰে। ইফালে, বায়েকৰ মৃত্যুৰ পাছত…
Read More