অসম

মই প্ৰথমবাৰ বিধায়ক হোৱাৰ সময়ত শিশু হৈ আছিল অমিত শ্বাহঃ মল্লিকাৰ্জুন খাৰ্গে

মই প্ৰথমবাৰ বিধায়ক হোৱাৰ সময়ত শিশু হৈ আছিল অমিত শ্বাহঃ মল্লিকাৰ্জুন খাৰ্গে

মই যেতিয়া প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিলো, সেই সময়ত অমিত শ্বাহ শিশু আছিল। অথচ আজি তেওঁ আমাক দেশভক্তিৰ শিক্ষা দিয়ে। - সোমবাৰে গোৱাত অনুষ্ঠিত এক বিশাল জনসভাত এইদৰেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে সৰৱ হৈ পৰিল কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ‘বন্দে মাতৰম’ক লৈ কংগ্ৰেছ নেতৃত্বক অমিত শ্বাহে কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দি ৮৪ বছৰীয়া জ্যেষ্ঠ নেতাজনে বিজেপি নেতৃত্বক কঠোৰ ভাষাৰে সমালোচনা কৰে। কংগ্ৰেছ মুখ্য কাৰ্যালয়ত স্বাধীনতা দিৱসৰ অনুষ্ঠানত ছোনিয়া গান্ধীয়ে ‘বন্দে মাতৰম’ মাজভাগতে বন্ধ কৰাৰ নিৰ্দেশ দিয়া বুলি অমিত শ্বাহে অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগ অস্বীকাৰ কৰি কংগ্ৰেছে স্পষ্ট কৰে যে ছোনিয়া গান্ধীয়ে দলৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ বাবে…
Read More
ড্ৰাগছ মাফিয়াই পৰিকল্পতিভাৱে হত্যা কৰিছে আৰক্ষী বিষয়া নৱজিৎ দাসকঃ মুখ্যমন্ত্রীৰ বিস্ফোৰক তথ্য

ড্ৰাগছ মাফিয়াই পৰিকল্পতিভাৱে হত্যা কৰিছে আৰক্ষী বিষয়া নৱজিৎ দাসকঃ মুখ্যমন্ত্রীৰ বিস্ফোৰক তথ্য

ৰাজ্যজুৰি ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ থকাৰ সময়তে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। ডিমা হাছাও জিলাৰ লাইচং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসক ড্ৰাগছ মাফিয়াই গাড়ীৰে মহতিয়াই পৰিকল্পিতভাৱে হত্যা কৰাৰ তথ্য আনুষ্ঠানিকভাৱে সদৰী কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্রীয়ে স্পষ্ট কৰে যে এয়া কোনো সাধাৰণ পথ দুৰ্ঘটনা নাছিল, বৰঞ্চ তালাচীৰ সময়ত ড্ৰাগছ মাফিয়াই আৰক্ষী বিষয়াজনক হত্যা কৰাৰ নিশ্চিত প্ৰমাণ পোৱা গৈছে। মুখ্যমন্ত্রীয়ে এই সন্দৰ্ভত কয়, “নৱজিৎ দাসৰ ঘটনাটোৱে আকৌ এবাৰ প্ৰমাণ কৰিছে যে আমাৰ সন্মুখত প্ৰত্যাহ্বান কিমান আছে। মই ভাবো যে এই প্ৰত্যাহ্বানবিলাক আমি গ্ৰহণ কৰিব লাগিব আৰু এইবিলাকক এৰি দিব নালাগিব।…
Read More
নালছাৰ সমাৱৰ্তনৰ বিতৰ্কৰ পাছত এইবাৰ টিআইএছএছৰ সমাৰোহৰ পৰাও বাদ পৰিল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত

নালছাৰ সমাৱৰ্তনৰ বিতৰ্কৰ পাছত এইবাৰ টিআইএছএছৰ সমাৰোহৰ পৰাও বাদ পৰিল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত

নালছাৰ সমাৱৰ্তন অনুষ্ঠানলৈ আমন্ত্ৰণক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এইবাৰ টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ (TISS) দীক্ষান্ত সমাৰোহৰ পৰাও বাদ পৰিল ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত। প্ৰতিষ্ঠানটোৰ ৮৬ সংখ্যক দীক্ষান্ত সমাৰোহত পূৰ্বে মুখ্য ন্যায়াধীশগৰাকীক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছিল যদিও শেহতীয়াকৈ তেওঁৰ স্থানত টাটা মেমৰিয়েল হস্পিটেলৰ সঞ্চালক ডাঃ চি এছ পৰমেশক মুখ্য অতিথি হিচাপে মনোনীত কৰা হয়। উল্লেখযোগ্য যে যোৱা ২ আগষ্টত অনুষ্ঠিত হ’বলগীয়া এই সমাৰোহখন ছাত্ৰ-ছাত্ৰী আৰু কৰ্তৃপক্ষৰ মাজত সম্ভাৱ্য প্ৰতিবাদ তথা নিৰাপত্তাজনিত উদ্বেগৰ সৃষ্টি হোৱাৰ পাছতে মাত্ৰ দুদিন পূৰ্বে স্থগিত ৰখা হৈছিল। পূৰ্বে হায়দৰাবাদৰ নালছাৰ আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানতো মুখ্য ন্যায়াধীশগৰাকীৰ উপস্থিতিক লৈ ব্যাপক ক্ষোভৰ সৃষ্টি হৈছিল।…
Read More
অযোধ্যাৰ ৰাম মন্দিৰৰ চান্দা চুৰি কাণ্ডঃ চম্পত ৰায় আৰু অনিল মিশ্ৰক ক্লীন চিট এছআইটিৰ

অযোধ্যাৰ ৰাম মন্দিৰৰ চান্দা চুৰি কাণ্ডঃ চম্পত ৰায় আৰু অনিল মিশ্ৰক ক্লীন চিট এছআইটিৰ

অযোধ্যাৰ ঐতিহাসিক ৰাম মন্দিৰৰ দানৰ ধন আত্মসাতৰ অভিযোগত গঠিত বিশেষ তদন্তকাৰী দলে নিৰ্দোষ ঘোষণা কৰিলে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ প্ৰাক্তন সাধাৰণ সম্পাদক চম্পত ৰায় আৰু প্ৰাক্তন সদস্য অনিল মিশ্ৰক। সোমবাৰে উত্তৰ প্ৰদেশৰ গৃহ বিভাগে এছআইটিৰ এই চূড়ান্ত প্ৰতিবেদন পৰৱৰ্তী পদক্ষেপৰ বাবে ন্যাসৰ হাতত আনুষ্ঠানিকভাৱে তুলি দিয়ে। মন্দিৰৰ চান্দা চুৰিৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই যোৱা ২৭ জুনত দুয়োগৰাকী নেতাই নিজৰ নিজৰ পদৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পিছতে তদন্তকাৰী দলে মন্দিৰৰ দান ব্যৱস্থাপনা সংক্ৰান্তত দুয়োকে মাৰাথন জেৰা চলায় আৰু অৱশেষত দুয়োকে সকলো অভিযোগৰ পৰা অব্যাহতি প্ৰদান কৰে। জেৰাৰ সময়ত চম্পত ৰায়ে চান্দা চুৰি কাণ্ডত তেওঁৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলি স্পষ্ট কৰি…
Read More
অসমত 11.64 লাখ পৰিয়ালে সম্পূৰ্ণ কৰিলে স্ব-গণনা; 15 ছেপ্টেম্বৰলৈ চলিব গৃহ তালিকাকৰণ আৰু আবাসিক লোকপিয়ল

অসমত 11.64 লাখ পৰিয়ালে সম্পূৰ্ণ কৰিলে স্ব-গণনা; 15 ছেপ্টেম্বৰলৈ চলিব গৃহ তালিকাকৰণ আৰু আবাসিক লোকপিয়ল

লোকপিয়ল 2027 ৰ স্ব-গণনা (SE) পৰ্যায় অসমত সফলতাৰে সম্পূৰ্ণ হৈছে। জাননী দিয়া সময়ছোৱাত, যিটো 16 আগষ্টত শেষ হয়, 11,64,586 পৰিয়ালে স্ব-গণনা সম্পূৰ্ণ কৰে। জিলাৰ ভিতৰত কাছাৰ, শ্ৰীভূমি আৰু কোকৰাঝাৰে শীৰ্ষ তিনিটা স্থান দখল কৰে। লোকপিয়ল পৰিচালনা সঞ্চালকালয়, অসমত অনুষ্ঠিত এখন সংবাদমেলত অসমৰ লোকপিয়ল পৰিচালনা সঞ্চালক বিশ্বজিৎ পেগুৱে স্ব-গণনাৰ সফল সমাপ্তি ঘোষণা কৰে আৰু অসমৰ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে প্ৰশংসা কৰে। তেওঁ জনায় যে আজিৰে পৰা গৃহ তালিকাকৰণ আৰু আবাসিক লোকপিয়ল (HLO) পৰ্যায় আৰম্ভ হৈছে।এই পৰ্যায়ত প্ৰশিক্ষিত গণকসকলে 15 ছেপ্টেম্বৰলৈ ৰাজ্যৰ প্ৰতিটো ঘৰলৈ যাব। পেগুৱে আশ্বাস দিয়ে যে লোকপিয়লৰ "কোনো বাদ নপৰে, কোনো দুবাৰ নহয়" নীতি কঠোৰভাৱে মানি চলা হ’ব আৰু…
Read More
৯৬,৮৪২ টা বানপীড়িত পৰিয়াললৈ ১৫,০০০ টকাকৈ ১৪৬.২৬ কোটি টকা বিতৰণ: ড০ হিমন্ত বিশ্ব শৰ্মা

৯৬,৮৪২ টা বানপীড়িত পৰিয়াললৈ ১৫,০০০ টকাকৈ ১৪৬.২৬ কোটি টকা বিতৰণ: ড০ হিমন্ত বিশ্ব শৰ্মা

উজনি অসমত জুলাই মাহত অহা ভয়াবহ বানপানীৰ পাছত বানপীড়িত পৰিয়ালসমূহৰ বাবে দ্বিতীয় পৰ্যায়ৰ অন্তৱৰ্তীকালীন বিত্তীয় সাহায্য বিতৰণ প্ৰক্ৰিয়া মুকলি কৰে ৰাজ্য চৰকাৰে। আজি এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ ৯৬,৮৪২ টা বানপীড়িত পৰিয়াললৈ ১৫,০০০ টকাকৈ হস্তান্তৰ কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত বৰ্তমানলৈকে মুঠ ১৪৬.২৬ কোটি টকা বিতৰণ কৰা হৈছে। বানত হোৱা ক্ষয় ক্ষতি সন্দৰ্ভত কয় যে চৰকাৰী জৰীপ অনুসৰি ২৬,৬৮১ টা ঘৰ আৰু ১৮,৮৮ৰ টা গোহালি ঘৰ আংশিক বা সম্পূৰ্ণৰূপে ক্ষতিগ্রস্ত হৈছে। ইয়াৰ উপৰি ৪১,০০০ টা তাঁতশালৰ সামগ্ৰী নষ্ট হৈছে, ৫,৯৮,৬৯১ টা…
Read More
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সামাজিক মাধ্যমত হত্যাৰ ভাবুকি! অভিযুক্ত আব্দুল মুতালেবক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সামাজিক মাধ্যমত হত্যাৰ ভাবুকি! অভিযুক্ত আব্দুল মুতালেবক ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

স্বাধীনতা দিৱসৰ পোনপটীয়া সম্প্ৰচাৰৰ সময়ত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা এজন ব্যক্তিক দেওবাৰে আদালতে পাঁচ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত আব্দুল মুতালেবক দেওবাৰে আদালতত হাজিৰ কৰোৱাৰ পাছতে ন্যায়ালয়ে এই জিম্মা মঞ্জুৰ কৰে। মুখ্যমন্ত্ৰীক হত্যা কৰাৰ বাবে ১ কোটি টকা দাবী কৰাৰ লগতে পাকিস্তানৰ সমৰ্থনত শ্লোগান দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ধৃত যুৱকজনৰ বিৰুদ্ধে। উল্লেখ্য যে, শনিবাৰে গুৱাহাটীৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পেজত স্বাধীনতা দিৱসৰ কাৰ্যসূচী পোনপটীয়াকৈ সম্প্ৰচাৰ হৈ থকাৰ সময়তে এই চাঞ্চল্যকৰ ঘটনাটো পোহৰলৈ আহে। লাইভ চলি থকাৰ মাজতে আব্দুল মুতালেবে…
Read More
পি চিদাম্বৰম কেৱল ‘বৌদ্ধিক নক্সাল’ নহয়, তেওঁ এগৰাকী ‘বিশুদ্ধ নক্সাল’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

পি চিদাম্বৰম কেৱল ‘বৌদ্ধিক নক্সাল’ নহয়, তেওঁ এগৰাকী ‘বিশুদ্ধ নক্সাল’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বৌদ্ধিক নক্সাল’ বিষয়ক মন্তব্যক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ ৰাজনৈতিক বাকযুদ্ধৰ। লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে বিৰোধীক 'বৌদ্ধিক নক্সাল’ বুলি অভিহিত কৰাৰ পিছতে নিজকে এগৰাকী গৌৰৱাম্বিত 'বৌদ্ধিক নক্সাল’ বুলি মন্তব্য কৰিছিল প্ৰাক্তন গৃহমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে। ইয়াৰ পিছতে এই প্ৰসংগ টানি দেওবাৰে অনুষ্ঠিত এক সংবাদমেলত চিদাম্বৰক আক্ৰমণৰ লক্ষ্য কৰি লয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে চিদাম্বৰমক কেৱল ‘বৌদ্ধিক নক্সাল’ নহয়, এজন ‘বিশুদ্ধ নক্সাল’ বুলি অভিহিত কৰে। বাওঁপন্থী উগ্ৰবাদ দমনৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে চিদাম্বৰমৰ কাৰ্যকালৰ ভূমিকা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই। তেওঁ দাবী কৰে যে যিহেতু চিদাম্বৰমে নিজকে সামাজিক মাধ্যমত…
Read More
নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগঃ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক শিক্ষাৰ্থীৰ সৈতে পোনপটীয়াকৈ আলোচনাৰ আহ্বান ৰাহুল গান্ধীৰ

নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগঃ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক শিক্ষাৰ্থীৰ সৈতে পোনপটীয়াকৈ আলোচনাৰ আহ্বান ৰাহুল গান্ধীৰ

ঝাৰখণ্ডত নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগক লৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিষয়টোত হস্তক্ষেপৰ আহ্বান জনাইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক পত্ৰযোগে প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ সৈতে পোনপটীয়াকৈ সাক্ষাৎ কৰি তেওঁলোকৰ দাবী শুনিবলৈ আহ্বান জনায় ৰাহুলে। ১৪ আগষ্টত লিখা পত্ৰখন সোমবাৰে ৰাজহুৱা কৰে ৰাহুল গান্ধীয়ে। পত্ৰখনত তেওঁ প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ আন্দোলন শান্তিপূৰ্ণ আৰু তেওঁলোকৰ দাবী ন্যায়সংগত বুলি উল্লেখ কৰাৰ লগতে বিষয়টো সমাধানৰ বাবে ৰাজ্য চৰকাৰক অধিক সক্ৰিয় হ’বলৈ আহ্বান জনায়। ৰাহুল গান্ধীয়ে কয়, "সংবিধানে প্ৰদান কৰা শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ আমাৰ গণতন্ত্ৰৰ অন্যতম মূল স্তম্ভ। সেয়েহে যোৱা কেইবামাহ ধৰি প্ৰশ্নকাকত ফাদিল আৰু শিক্ষাব্যৱস্থাত অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদ কৰা শিক্ষাৰ্থীসকলক কংগ্ৰেছে সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে।" ঝাৰখণ্ডৰ…
Read More
হলিউডৰ জনপ্ৰিয় অভিনেত্ৰী হেডেন পেনেটিয়েৰৰ অকাল বিয়োগ

হলিউডৰ জনপ্ৰিয় অভিনেত্ৰী হেডেন পেনেটিয়েৰৰ অকাল বিয়োগ

হলিউড জগতত শোকৰ ছাঁ পেলাই মাত্ৰ ৩৬ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ প্ৰখ্যাত আমেৰিকান অভিনেত্ৰী হেডেন পেনেটিয়েৰৰ। অহা শুকুৰবাৰে ৩৭ বছৰত ভৰি দিয়াৰ কথা আছিল অভিনেত্ৰীগৰাকীয়ে। কিন্তু তাৰ পূৰ্বেই তেওঁৰ এই আকস্মিক অৱসানে সমগ্ৰ বিনোদন জগতকে স্তব্ধ কৰি তুলিছে। তেওঁৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা হোৱা নাই। কন্যাৰ আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰে হেডেনৰ পিতৃ স্কিপ পেনেটিয়েৰে। এক আবেগিক বিবৃতিত পিতৃয়ে উল্লেখ কৰে যে অপৰিসীম প্ৰতিভা আৰু আন্তৰিকতাৰে ভৰা হেডেনে পৰ্দাৰ জৰিয়তে বিশ্বৰ লাখ লাখ দৰ্শকৰ মন জয় কৰাৰ লগতে সকলোৰে জীৱনলৈ অনাবিল আনন্দ কঢ়িয়াই আনিছিল। এই অপূৰণীয় ক্ষতিৰ সময়ছোৱাত পৰিয়ালৰ সকলো সদস্যকে এই শোক সহ্য কৰাৰ বাবে…
Read More