Business

Samsung বিশ্ব যুৱ দক্ষতা দিৱস উদযাপন কৰে, Samsung DOST দক্ষতা বিকাশ কাৰ্যসূচীৰ ৩০ জন শীৰ্ষ প্ৰদৰ্শনকাৰীক সন্মানিত কৰে

Samsung বিশ্ব যুৱ দক্ষতা দিৱস উদযাপন কৰে, Samsung DOST দক্ষতা বিকাশ কাৰ্যসূচীৰ ৩০ জন শীৰ্ষ প্ৰদৰ্শনকাৰীক সন্মানিত কৰে

বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে Samsung India-ই ২০২৫ চনত প্ৰশিক্ষণ লাভ কৰা ৯,৪০০ যুৱকৰ মাজৰ পৰা নিৰ্বাচিত ৩০ জন Samsung DOST Sales শীৰ্ষ প্ৰদৰ্শনকাৰীৰ সফলতা উদযাপন কৰে। এই শীৰ্ষ প্ৰদৰ্শনকাৰীসকলক Samsung DOSTৰ অধীনত সন্মানিত কৰা হয়। Samsung DOST হৈছে কোম্পানীটোৰ এক মুখ্য CSR দক্ষতা বিকাশ কাৰ্যসূচী, যিয়ে যুৱসকলক সংগঠিত ৰিটেইল খণ্ডত কেৰিয়াৰৰ বাবে প্ৰস্তুত কৰে। শিক্ষা আৰু নিয়োগৰ মাজৰ ব্যৱধান দূৰ কৰাৰ উদ্দেশ্যে Samsung DOST-এ বিশেষ Sales প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে যুৱসকলক ৰিটেইল খণ্ডৰ ফ্ৰণ্টলাইন কেৰিয়াৰৰ বাবে সাজু কৰে। অংশগ্ৰহণকাৰীসকলে চৰকাৰ স্বীকৃত প্ৰমাণপত্ৰ, প্ৰকৃত ৰিটেইল পৰিৱেশত ব্যৱহাৰিক অভিজ্ঞতা আৰু কৰ্মক্ষেত্ৰৰ প্ৰায়োগিক জ্ঞান লাভ কৰে, যিয়ে তেওঁলোকৰ নিয়োগযোগ্যতা আৰু কেৰিয়াৰৰ প্ৰস্তুতি অধিক…
Read More
উজনি অসমত বান সাহায্য বৃদ্ধি কৰি চিএছআৰ পদক্ষেপৰ জৰিয়তে ১,১০০টা পৰিয়ালক সহায় কৰিছে ইণ্ডাছ টাৱাৰ্ছে

উজনি অসমত বান সাহায্য বৃদ্ধি কৰি চিএছআৰ পদক্ষেপৰ জৰিয়তে ১,১০০টা পৰিয়ালক সহায় কৰিছে ইণ্ডাছ টাৱাৰ্ছে

টেলিকম আন্তঃগাঁথনি প্ৰতিষ্ঠান ইণ্ডাছ টাৱাৰ্ছে অসমত বান সাহায্য কাৰ্যসূচী অব্যাহত ৰাখিছে। ৰাজ্যখনে ভয়াৱহ বানপানীৰ প্ৰভাৱৰ সৈতে যুঁজি থকাৰ সময়তে কোম্পানীটোৱে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ প্ৰায় ১,১০০টা বানপীড়িত পৰিয়ালক সাহায্য প্ৰদান কৰিছে। কোম্পানীটোৰ ধ্বজাবাহী কৰ্পৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) কাৰ্যসূচী প্ৰগতিৰ অধীনত সোণাৰী আৰু টীয়ক কেন্দ্ৰসমূহৰ জৰিয়তে এই সাহায্য বিতৰণ কাৰ্যসূচী চলোৱা হৈছে। বানাক্ৰান্ত পৰিয়ালসমূহক শুকান খাদ্য সামগ্ৰী, ৱাশ্ব(পানী, অনাময় আৰু স্বাস্থ্যবিধি) সামগ্ৰী আৰু প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী অন্তৰ্ভুক্ত থকা একোটা সম্পূৰ্ণ সাহায্য কিট যোগান ধৰা হৈছে। গৰ্ভৱতী মহিলা, প্ৰসূতী মাতৃ আৰু ছমাহৰ পৰা দুবছৰ বয়সৰ শিশুসকলৰ উপযোগী নিৰ্দিষ্ট পুষ্টি আৰু স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ বিশেষভাৱে প্ৰস্তুত কৰা কিট বিতৰণ কৰা হৈছিল।ইণ্ডাছ…
Read More
২০টা অ’টিটি প্লেটফৰ্ম আৰু আনলিমিটেড ৫জি সুবিধাসম্পন্ন ২০০ টকীয়া মনোৰঞ্জন পেক মুকলি ভি-ৰ

২০টা অ’টিটি প্লেটফৰ্ম আৰু আনলিমিটেড ৫জি সুবিধাসম্পন্ন ২০০ টকীয়া মনোৰঞ্জন পেক মুকলি ভি-ৰ

ভোডাফোন আইডিয়াই ২০০ টকা মূল্যৰ এটা নতুন প্ৰিপেইড মনোৰঞ্জন পেক মুকলি কৰিছে, য’ত ২০টা অ'টিটি প্লেটফৰ্ম, ২০০তকৈও অধিক লাইভ টিভি চেনেল, ৩০জিবি হাই-স্পীড ডাটা আৰু ২৮ দিনৰ বৈধতাৰ সৈতে আনলিমিটেড ৫জি ডাটাৰ সুবিধা প্ৰদান কৰা হৈছে। টেলিকম অপাৰেটৰজনে জনোৱা মতে, এই নতুন ভি মুভিজ এণ্ড টিভি ভেল্যু পেকটোৰ লক্ষ্য হৈছে এটা একক ৰিচাৰ্জৰ অধীনত একাধিক ষ্ট্ৰীমিং সেৱা একত্ৰিত কৰি ডিজিটেল মনোৰঞ্জনক সহজ কৰি তোলা। এই পেকটোত অন্যান্য প্লেটফৰ্মৰ লগতে জিঅ' হটষ্টাৰ, ছনী লিভ, জি৫, লায়ন্সগেট প্লে, শ্বেমাৰু মি, মনোৰমা মেক্স, ফেনকোড, প্লেফ্লিক্স, ক্লিক, অটৰংগি, চৌপাল, অ'টিটি প্লে লাইভ, পকেট ফিল্মছ, য়ুপটিভি, আড্ডাটাইমছ, কাঁচা লংকা, টাইমছ প্লে আৰু নেক্সট জিটিভিৰ দৰে…
Read More
পানবজাৰৰ অলংকাৰ দোকানত ভুৱা BIS হলমাৰ্ক – BIS ৰ তালাচী অভিযান

পানবজাৰৰ অলংকাৰ দোকানত ভুৱা BIS হলমাৰ্ক – BIS ৰ তালাচী অভিযান

আজি ভাৰতীয় মানক ব্যুৰো (BIS) ৰ বিষয়াসকলে গুৱাহাটীৰ পানবজাৰৰ SC গোস্বামী ৰোডত অৱস্থিত M/s Roy Gahanalaya নামৰ এটা অলংকাৰৰ দোকানত তালাচী আৰু জব্দ অভিযান চলায়। BIS হলমাৰ্কৰ অপব্যৱহাৰ সন্দৰ্ভত পোৱা অভিযোগৰ ভিত্তিত এই অভিযান চলোৱা হয়। BIS ৰ প্ৰৱৰ্তন দলৰ তদন্তত প্ৰকাশ পাইছে যে দোকানখনত ভুৱা BIS হলমাৰ্ক থকা সোণৰ গহনা বিক্ৰী কৰা হৈছিল বুলি অভিযোগ উঠিছে। ভুৱা হলমাৰ্ক ব্যৱহাৰ কৰাটো BIS আইন, ২০১৬ ৰ অধীনত এক গুৰুতৰ অপৰাধ। কাৰণ চৰকাৰে অধিসূচিত জিলাসমূহত সোণৰ গহনা আৰু সামগ্ৰীৰ বাবে হলমাৰ্কিং বাধ্যতামূলক কৰিছে যাতে বিশুদ্ধতাৰ নিশ্চয়তা আৰু গ্ৰাহক সুৰক্ষা নিশ্চিত কৰিব পাৰি। ভাৰত চৰকাৰে অধিসূচনাৰ জৰিয়তে সোণৰ গহনাৰ বাবে হলমাৰ্কিং বাধ্যতামূলক কৰিছে।…
Read More
উত্তৰ-পূৰ্বাঞ্চলৰ তিব্বতীসকলৰ কণ্ঠত তিব্বতৰ স্বাধীনতাৰ প্ৰতিধ্বনি: চীনৰ জাতিগত একতা আৰু প্ৰগতি আইন প্ৰত্যাখ্যান

উত্তৰ-পূৰ্বাঞ্চলৰ তিব্বতীসকলৰ কণ্ঠত তিব্বতৰ স্বাধীনতাৰ প্ৰতিধ্বনি: চীনৰ জাতিগত একতা আৰু প্ৰগতি আইন প্ৰত্যাখ্যান

তিব্বতৰ ওপৰত চীনৰ অবৈধ দখলদাৰী আৰু তিব্বতী প্ৰতিৰোধক অপৰাধ হিচাপে গণ্য কৰিবলৈ আইনৰ অপব্যৱহাৰৰ বিৰুদ্ধে যোৱা ২ জুলাইত নিউয়ৰ্ক চহৰৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৫২ বছৰীয়া তিব্বতী কৰ্মী লোবগা ৰাংজেনে শৰীৰত জুই লগাই প্ৰতিবাদেৰে নিজকে আত্মজাহ কৰে। এই আত্মজাহৰ প্ৰতিবাদ এনে এক সময়ত পোহৰলৈ আহিছে, যি সময়ত তিব্বতীসকলে ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱা চীনৰ "জাতিগত একতা আৰু প্ৰগতি আইন"ক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে। এই আইনে ৰাষ্ট্ৰীয় একতা আৰু প্ৰগতিৰ নামত তিব্বতীসকলক বলপূৰ্বকভাৱে অত্যাচাৰী হান জাতিৰ সৈতে মিলি যাবলৈ বাধ্য কৰিছে। লোবগাৰ আত্মজাহৰ ঘটনা বৰ্তমানৰ তিব্বতৰ স্বাধীনতা সংগ্ৰামক প্ৰতিফলিত কৰা ১৬০তকৈও অধিক আত্মজাহ প্ৰতিবাদৰ অন্যতম। বেইজিঙে নিজৰ ঔপনিৱেশবাদী লক্ষ্য আগবঢ়াই নিবলৈ আৰু…
Read More
উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া ৰাজ্যসমূহত গ্ৰীষ্ম প্ৰবাহে গৰ্ভাৱস্থাত অধিক বিপদাশংকা কঢ়িয়াই আনিব পাৰে, অধ্যয়নত প্ৰকাশ

উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া ৰাজ্যসমূহত গ্ৰীষ্ম প্ৰবাহে গৰ্ভাৱস্থাত অধিক বিপদাশংকা কঢ়িয়াই আনিব পাৰে, অধ্যয়নত প্ৰকাশ

সমগ্ৰ দেশজুৰি চলোৱা এক অধ্যয়নত প্ৰকাশ পাইছে যে গৰ্ভাৱস্থাত দীৰ্ঘদিন ধৰি উত্কট গৰমৰ সংস্পৰ্শত থাকিলে নৱজাতকৰ জন্মৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। পৰম্পৰাগতভাৱে শীতল জলবায়ু, উষ্ণতা কম থকা ভাৰতৰ পাৰ্বত্য অঞ্চলসমূহ—যেনে মেঘালয়, নাগালেণ্ড আৰু অসমৰ কিছু অংশকে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মহিলাসকল এই ক্ষেত্ৰত আটাইতকৈ বেছি স্পৰ্শকাতৰ বুলি প্ৰমাণিত হৈছে। এনভাইৰনমেণ্টেল ৰিচাৰ্চ কমিউনিকেচনছ নামৰ পিৰ-ৰিভিউড জাৰ্নেল(সমকক্ষ-সমীক্ষা জাৰ্নেল) আলোচনীত প্ৰকাশিত এই অধ্যয়নটোত ২০১৫ চনৰ পৰা ২০২০ চনৰ ভিতৰত দেশজুৰি পঞ্জীয়ন হোৱা ২,০৯,২৬৬টা নৱজাতকৰ তথ্য বিশ্লেষণ কৰা হৈছিল। গৱেষকসকলে গড় উষ্ণতা জুখিবলৈ যোৱাৰ পৰিৱৰ্তে ইণ্ডিয়া হিট ইণ্ডেক্স ব্যৱহাৰ কৰি ক্ৰমাগত ‘অসহ্যকৰ গৰম’ৰ দিনবোৰৰ সৈতে প্ৰতিটো গৰ্ভাৱস্থাৰ তুলনা কৰিছিল।ফলাফলত দেখা গৈছে…
Read More
অসমত বৰ্ধিত চাহিদাৰ বাবে ষ্টাৰ হেল্থে বৃদ্ধি কৰিছে বৰ্ষাকালীন স্বাস্থ্যসেৱা

অসমত বৰ্ধিত চাহিদাৰ বাবে ষ্টাৰ হেল্থে বৃদ্ধি কৰিছে বৰ্ষাকালীন স্বাস্থ্যসেৱা

ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেন্স কোম্পানী লিমিটেডে ৰাজ্যখনত মৌচুমী বতৰৰ আগমনৰ লগে লগে ডেংগু, মেলেৰিয়া, জ্বৰ আৰু অন্যান্য সংক্ৰামক ৰোগৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসমত ভাৰ্চুৱেল চিকিত্সক পৰামৰ্শ আৰু ঘৰুৱা স্বাস্থ্যসেৱাৰ সক্ৰিয়ভাৱে সম্প্ৰসাৰণ কৰিছে।কোম্পানীটোৱে জনোৱা মতে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ তথ্য অনুসৰি অসমত জ্বৰ আৰু সংক্ৰামক ৰোগৰ বাবে ঘৰুৱা স্বাস্থ্যসেৱা ব্যৱহাৰ কৰা গ্ৰাহকৰ সংখ্যা ১৬ গুণ বৃদ্ধি পাইছে। একে সময়তে, শেহতীয়াকৈ মুকলি কৰা ভাৰ্চুৱেল অ’পিডি সেৱাও সমগ্ৰ দেশতে জনপ্ৰিয় হৈ পৰিছে আৰু অধিক গ্ৰাহকে ইয়াক প্ৰাথমিক চিকিৎসা পৰামৰ্শৰ মাধ্যম হিচাপে বাছনি কৰিছে। এই পদক্ষেপৰ অধীনত পলিচীধাৰীসকলে 7200 222 333 নম্বৰৰ টক্ টু ষ্টাৰ হেল্পলাইনৰ জৰিয়তে সহায় লাভ কৰিব পাৰিব,…
Read More
গাড়ীৰ পিছত এইবাৰ পাকঘৰ,ৰেষ্টুৰেণ্টত ঠাই ল’ব ইথানলে

গাড়ীৰ পিছত এইবাৰ পাকঘৰ,ৰেষ্টুৰেণ্টত ঠাই ল’ব ইথানলে

পেট্ৰ'লৰ পিছত এইবাৰ ভাৰত চৰকাৰে ইথানল চিলিণ্ডাৰৰ কথা চিন্তা চৰ্চা কৰিছে। এই সন্দৰ্ভত প্ৰাৰম্ভিক প্ৰায় সকলো প্ৰস্তুতি সম্পন্ন কৰিছে কেন্দ্ৰীয় চৰকাৰে। ঘৰুৱা পাকঘৰৰ ইন্ধন খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ এখন নতুন নীতিৰ খচৰাও প্ৰস্তুত কৰা হৈছে। এই আঁচনি অনুসৰি, অনাগত দিনত ভাৰতীয় গ্ৰাহকে এলপিজি চিলিণ্ডাৰ (LPG) অৰ্থাৎ ৰন্ধন গেছৰ পৰিৱৰ্তে ইথানল (Ethanol) ব্যৱহাৰ কৰি খাদ্য ৰান্ধিব পাৰিব। গাড়ীৰ পিছত এইবাৰ পাকঘৰ,ৰেষ্টুৰেণ্টত ঠাই ল'ব ইথানলে।LPGৰ বিকল্প হ'ব ইথানল।ডাঙৰ সিদ্ধান্ত মোদী চৰকাৰৰ।ছেপ্তেম্বৰৰ ভিতৰত ঘোষণা হোৱাৰ সম্ভাৱনা কেন্দ্ৰৰ নতুন নীতি।এলপিজি চিলিণ্ডাৰৰ ক্ৰমাগত বৰ্ধিত মূল্যৰ তুলনাত ইথানল যথেষ্ট সুলভ হ’ব। চৰকাৰী প্ৰতিবেদন অনুসৰি, ইথানল ব্যৱহাৰ কৰিলে গ্ৰাহকৰ ৰন্ধন ইন্ধনৰ মাহিলী খৰচ প্ৰায় ৩০% ৰ…
Read More
আল্ট্ৰাভায়োলেটৰ কেছবেক আঁচনি ঘোষণা

আল্ট্ৰাভায়োলেটৰ কেছবেক আঁচনি ঘোষণা

ইন্ধনৰ ক্ৰমাগত মূল্যবৃদ্ধিৰ মাজতে পেট্ৰ’ল চালিত দুচকীয়া বাহনৰ গৰাকীসকলক বৈদ্যুতিক বাহন(ইভি) আঁকোৱালি ল’বলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে বুধবাৰে আল্ট্ৰাভায়োলেট নামৰ ইভি নিৰ্মাতা প্ৰতিষ্ঠানটোৱে এক দেশজোৰা গ্ৰাহক ইনচেণ্টিভ কাৰ্যসূচী ঘোষণা কৰিছে। কোম্পানীটোৱে ইয়াৰ বাবে কিল দ্য পেট্ৰ’ল বিল নামৰ এক কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াৰ অধীনত যিসকল গ্ৰাহকে আল্ট্ৰাভায়োলেট এফ৭৭ বা এক্স-৪৭ বৈদ্যুতিক মটৰচাইকেল ক্ৰয় কৰিব, সেইসকলে নিজৰ পুৰণি পেট্ৰ’ল চালিত বাহনখনে যোৱা দুবছৰত অতিক্ৰম কৰা দূৰত্বৰ ওপৰত ভিত্তি কৰি কেছবেক লাভ কৰিব পাৰিব। এই আঁচনিৰ অধীনত, চালকসকলে পুৰণি বাহনেৰে অতিক্ৰম কৰা প্ৰতি কিলোমিটাৰৰ বিপৰীতে ১ টকাকৈ কেছবেক লাভ কৰিব, য’ত সৰ্বাধিক ৩০,০০০ টকা পৰ্যন্ত সুবিধা পোৱা যাব। উদাহৰণস্বৰূপ, যোৱা দুবছৰত ২০,০০০ কিলোমিটাৰ…
Read More
পুৰী ৰথযাত্ৰাত ভিটামিন ডিৰ সজাগতা বৃদ্ধিৰ বাবে ছানফিষ্ট মেৰী লাইটৰ ‘সূৰ্য বৰদান’ অভিযান

পুৰী ৰথযাত্ৰাত ভিটামিন ডিৰ সজাগতা বৃদ্ধিৰ বাবে ছানফিষ্ট মেৰী লাইটৰ ‘সূৰ্য বৰদান’ অভিযান

ছানফিষ্ট মেৰী লাইটে প্ৰচুৰ সূৰ্যৰ পোহৰ পোৱাৰ পিছতো দেশৰ লাখ লাখ ভাৰতীয়ক প্ৰভাৱিত কৰি অহা ভিটামিন ডি-ৰ অভাৱজনিত সমস্যাৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ ঐতিহ্যমণ্ডিত পুৰী ৰথযাত্ৰাত সূৰ্য বৰদান পদক্ষেপৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিছে। এই অভিযান ব্ৰেণ্ডটোৰ সূৰ্যৰ সৈতে থকা পুৰণি সম্পৰ্ক আৰু ভিটামিন ডি-ৰ গুণাগুণ শীৰ্ষক প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলা হৈছে। ওড়িশাৰ অন্যতম বৃহৎ সাংস্কৃতিক সমাৱেশৰ সময়ত আয়োজিত এই কাৰ্যসূচীয়ে 'হৰ কিৰণ ম্যে ছুপা হ্যে ভিটামিন ডি কা বৰদান' বাৰ্তা কঢ়িয়াই লৈ ফুৰিছে, যাতে ভক্ত আৰু পৰিয়ালসমূহে ভিটামিন ডি-ৰ প্ৰয়োজনীয়তা বুজি পায়।এই অনুষ্ঠানত সূৰ্য সহায়কসকলে দৰ্শনাৰ্থীসকলৰ সৈতে মতবিনিময় কৰে, দৰ্শনাৰ্থীক দুই মিনিটৰ এক ভিটামিন ডিৰ প্ৰয়োজনীয়তা পৰীক্ষা সম্পূৰ্ণ…
Read More