ইন্ধনৰ ক্ৰমাগত মূল্যবৃদ্ধিৰ মাজতে পেট্ৰ’ল চালিত দুচকীয়া বাহনৰ গৰাকীসকলক বৈদ্যুতিক বাহন(ইভি) আঁকোৱালি ল’বলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে বুধবাৰে আল্ট্ৰাভায়োলেট নামৰ ইভি নিৰ্মাতা প্ৰতিষ্ঠানটোৱে এক দেশজোৰা গ্ৰাহক ইনচেণ্টিভ কাৰ্যসূচী ঘোষণা কৰিছে। কোম্পানীটোৱে ইয়াৰ বাবে কিল দ্য পেট্ৰ’ল বিল নামৰ এক কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াৰ অধীনত যিসকল গ্ৰাহকে আল্ট্ৰাভায়োলেট এফ৭৭ বা এক্স-৪৭ বৈদ্যুতিক মটৰচাইকেল ক্ৰয় কৰিব, সেইসকলে নিজৰ পুৰণি পেট্ৰ’ল চালিত বাহনখনে যোৱা দুবছৰত অতিক্ৰম কৰা দূৰত্বৰ ওপৰত ভিত্তি কৰি কেছবেক লাভ কৰিব পাৰিব।
এই আঁচনিৰ অধীনত, চালকসকলে পুৰণি বাহনেৰে অতিক্ৰম কৰা প্ৰতি কিলোমিটাৰৰ বিপৰীতে ১ টকাকৈ কেছবেক লাভ কৰিব, য’ত সৰ্বাধিক ৩০,০০০ টকা পৰ্যন্ত সুবিধা পোৱা যাব। উদাহৰণস্বৰূপ, যোৱা দুবছৰত ২০,০০০ কিলোমিটাৰ যাত্ৰা কৰা এজন গ্ৰাহকে ২০,০০০ টকাৰ কেছবেক লাভৰ যোগ্য হ’ব। আল্ট্ৰাভায়োলেট কৰ্তৃপক্ষই জনোৱা মতে, এই পদক্ষেপ বৈদ্যুতিক বাহন ক্ৰয় কৰাৰ সামগ্ৰিক খৰচ হ্ৰাস কৰাৰ লগতে চালকসকলক ইন্ধনৰ নামত প্ৰতি মাহে আনুমানিক ৩,০০০ টকাৰ পৰা ৫,০০০ টকা পৰ্যন্ত ৰাহি কৰাত সহায় কৰিবলৈ প্ৰস্তুত কৰা হৈছে।
আল্ট্ৰাভায়োলেটৰ মুখ্য কাৰ্যবাহী বিষয়া তথা সহ-প্ৰতিষ্ঠাপক নাৰায়ণ সুব্ৰমণিয়মে এই পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি কয় যে, ক্ৰমাগতভাৱে বৃদ্ধি পোৱা পেট্ৰ’লৰ মূল্যই ইভি বাহন ক্ৰয় কৰা প্ৰক্ৰিয়াটোক অধিক সুলভ কৰি তুলিব পৰা ব্যৱহাৰিক পদক্ষেপৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰিছে। তেওঁ কয় যে, এই পদক্ষেপে গ্ৰাহকসকলক কম পৰিচালন ব্যয়, উন্নত প্ৰযুক্তি আৰু উৎকৃষ্ট বাহনৰ অভিজ্ঞতা প্ৰদান কৰাৰ লগতে ইলেক্ট্ৰিক বাহনৰ ব্যৱহাৰ খৰতকীয়া কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ লক্ষ্যৰ সৈতেও সংগতি ৰাখিছে। ইন্ধনৰ মূল্য আৰু পৰিচালন ব্যয়ে গ্ৰাহকৰ ক্ৰয় সংক্ৰান্তীয় সিদ্ধান্তত প্ৰভাৱ পেলোৱাৰ এই সময়ছোৱাত এই পদক্ষেপে প্ৰিমিয়াম বৈদ্যুতিক দুচকীয়া বাহনৰ প্ৰতি গ্ৰাহকৰ আগ্ৰহ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত যিহেতু ইভি আন্তঃগাঁথনি ক্ৰমান্বয়ে সম্প্ৰসাৰিত হৈছে, গতিকে এনে ইনচেণ্টিভ-কেন্দ্ৰিক পদক্ষেপে অধিক সংখ্যক যাত্ৰীক পৰম্পৰাগত পেট্ৰ’ল চালিত মটৰচাইকেলৰ এক কাৰ্যকৰী বিকল্প হিচাপে ইলেক্ট্ৰিক বাহন গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব পাৰে।
