Business

ভাৰতত নিচানে মুকলি কৰিলে প্ৰিমিয়াম এছইউভি টেক্টন, বাহনখনৰ প্ৰাৰম্ভিক মূল্য ১০.৪৯ লাখ টকা

ভাৰতত নিচানে মুকলি কৰিলে প্ৰিমিয়াম এছইউভি টেক্টন, বাহনখনৰ প্ৰাৰম্ভিক মূল্য ১০.৪৯ লাখ টকা

নিচান মটৰ ইণ্ডিয়াই বৃহস্পতিবাৰে ভাৰতত ৱৰ্ল্ড প্ৰিমিয়াৰৰ জৰিয়তে সম্পূৰ্ণ নতুন টেক্টন প্ৰিমিয়াম চি-এছইউভি বাহনখন মুকলি কৰিছে। এয়া হৈছে ২০২৬ চনত কোম্পানীটোৰ দ্বিতীয়টো উৎপাদন আৰু দেশৰ দ্ৰুতগতিত বৃদ্ধি পোৱা এছইউভি বজাৰত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ বাবে প্ৰতিষ্ঠানটোৰ কৌশলৰ এক গুৰুত্বপূৰ্ণ খোজ। নিচানৰ চেন্নাইস্থিত কাৰখানাত প্ৰস্তুত টেক্টনৰ টি১৬০ মেনুৱেল ভেৰিয়েণ্টৰ প্ৰাৰম্ভিক মূল্য ১০.৪৯ লাখ টকা (বিশেষ প্ৰাৰম্ভিক মূল্য) নিৰ্ধাৰণ কৰা হৈছে, আনহাতে টি২৮০ ৰেঞ্জৰ মূল্য ১৪.৯৯ লাখ টকাৰ পৰা আৰম্ভ হৈছে। নিচানৰ এক বাহন এক বিশ্ব দৰ্শনৰ অধীনত বিকশিত এই এছইউভিখন মধ্যপ্ৰাচ্য আৰু আফ্ৰিকাৰ বজাৰসমূহলৈও ৰপ্তানি কৰা হ’ব, যাৰ ফলত নিচানৰ গোলকীয় উৎপাদন আৰু উৎপাদন কৌশলত ভাৰতৰ ভূমিকা অধিক শক্তিশালী হ’ব। কিংবদন্তী…
Read More
৪ বিধ নতুন সামগ্ৰী মুকলিৰে নিজৰ গা ধোৱা চাবোনৰ পৰ্টফলিঅ’ ন ৰূপত সজাই তুলিছে এলাইফে

৪ বিধ নতুন সামগ্ৰী মুকলিৰে নিজৰ গা ধোৱা চাবোনৰ পৰ্টফলিঅ’ ন ৰূপত সজাই তুলিছে এলাইফে

এডব্লিউএল এগ্ৰি বিজনেছ লিমিটেড(পূৰ্বৰ আদানি উইলমাৰ লিমিটেড)ৰ ব্যক্তিগত যতন ব্ৰেণ্ড 'এলাইফ'-এ নিজৰ নতুন ব্ৰেণ্ড প্ৰস্তাৱ খুবছুৰতি কুছ খাছ-ৰ অংশ হিচাপে উন্নত ফৰ্মুলেচন, স্কিনকেয়াৰ-অনুপ্ৰাণিত উপাদান আৰু আধুনিক পেকেজিঙেৰে চাৰিটা নতুন ভেৰিয়েণ্টৰ সৈতে নিজৰ গা ধোৱা চাবোনৰ পৰ্টফলিঅ' পুনৰ মুকলি কৰিছে।এই নতুন পৰিসৰৰ চাবোনসমূহ যোৱা ১৫ জুলাইত কোম্পানীটোৰ মুন্দ্ৰা উৎপাদন কেন্দ্ৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই অনুষ্ঠানত সমগ্ৰ ভাৰতৰ এলাইফৰ ৫০ গৰাকী শীৰ্ষ ডিষ্ট্ৰিবিউটৰ উপস্থিত থাকে, যিয়ে ব্ৰেণ্ডটোৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্পৰ্শ কৰাৰ লগতে ব্যৱসায়িক অংশীদাৰসকলৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰি তোলে।এই নতুন পৰ্টফলিঅ'ত এক্টিভ নিম্বু, হালধি চন্দন, ৰ’জী গ্ল’ আৰু ফ্ৰেছ লিলি অন্তৰ্ভুক্ত কৰা হৈছে। কোম্পানীটোৰ মতে, চাবোনসমূহত…
Read More
অম্বুবাচী মেলাত শুদ্ধোৎসৱৰ জৰিয়তে হাজাৰ হাজাৰ ভক্তক সেৱা আগবঢ়ালে ছানৰাইজ পিয়ৰে

অম্বুবাচী মেলাত শুদ্ধোৎসৱৰ জৰিয়তে হাজাৰ হাজাৰ ভক্তক সেৱা আগবঢ়ালে ছানৰাইজ পিয়ৰে

আইটিচি লিমিটেড-ৰ অন্তৰ্ভুক্ত মচলা ব্ৰেণ্ড‘ছানৰাইজ পিয়ৰ-এ গুৱাহাটীৰ কামাখ্যা মন্দিৰত আয়োজিত অম্বুবাচী মেলা ২০২৬ৰ সময়ত নিজৰ ধ্বজাবাহী কাৰ্যসূচী শুদ্ধোৎসৱ আয়োজন কৰে। ২১ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত এই ৬ দিনীয়া সামাজিক জনসংযোগ কাৰ্যসূচীৰ জৰিয়তে ব্ৰেণ্ডটোৱে হাজাৰ হাজাৰ ভক্তক সেৱা আগবঢ়ায়।এই পদক্ষেপৰ অংশ হিচাপে ব্ৰেণ্ডটোৱে প্ৰতিদিনে ৫০০তকৈও অধিক ভক্তক সতেজভাৱে প্ৰস্তুত কৰা খিচিৰি যোগান ধৰে আৰু উৎসৱ থলীত ৩,০০০তকৈও অধিক দৰ্শনাৰ্থীৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্যসূচীয়ে সামাজিক সেৱাক গ্ৰাহকৰ সৈতে সংযোগ স্থাপনৰ এক মাধ্যম হিচাপে ব্যৱহাৰ কৰে, যাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ আৰু পবিত্ৰ ধৰ্মীয় সমাৱেশত অংশ লোৱা ভক্তসকলৰ মাজত ব্ৰেণ্ডটোৰ স্থিতি অধিক সুদৃঢ় হয়।আইটিচি লিমিটেডৰ মচলা শাখাৰ ব্যৱসায়িক মুৰব্বী পীয়ূষ মিশ্ৰই…
Read More
হাইপভল্ট-আৰৰ আত্মপ্ৰকাশেৰে কীৱেৰ প্ৰিমিয়াম ইভি বাহন বিকাশৰ লক্ষ্য নিৰ্ধাৰণ

হাইপভল্ট-আৰৰ আত্মপ্ৰকাশেৰে কীৱেৰ প্ৰিমিয়াম ইভি বাহন বিকাশৰ লক্ষ্য নিৰ্ধাৰণ

কীৱে ইণ্ডিয়া-ই শনিবাৰে নতুন হাইপভল্ট-আৰ মুকলি কৰি ইলেট্ৰিক পৰিবহন পৰ্টফলিঅ’ৰ সম্প্ৰসাৰণ কৰিছে। ইয়াৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে ভাৰতৰ প্ৰিমিয়াম প্ৰদৰ্শন ইলেট্ৰিক স্কুটাৰ খণ্ডত খোজ থ'লে। স্কুটাৰখনৰ প্ৰাৰম্ভিক এক্স-শ্ব’ৰুম মূল্য ১.৯৯ লাখ টকা ধাৰ্য কৰা হৈছে। গ্ৰাসকসকলে কোম্পানীৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে ৫,০০০ টকা দি অনলাইন বুকিং কৰিব পাৰিব। কীৱে ইণ্ডিয়াৰ ৪০তকৈও অধিক অনুমোদিত ডিলাৰশ্বিপৰ জৰিয়তে অচিৰে ডেলিভাৰী আৰম্ভ হ’ব বুলি আশা কৰা হৈছে। এই স্কুটাৰখনত ৫.০৪ কেডব্লিউএইছ-ৰ দুটা খুলিব পৰা এনএমচি বেটাৰী আৰু ১২কেডব্লিউ-ৰ পিক মিড-মাউণ্টেড স্থায়ী মেগনেট ছিংক্ৰনাছ মটৰ ব্যৱহাৰ কৰা হৈছে। হাইপভল্ট-আৰ স্কুটাৰখনে আইডিচি-প্ৰমাণিত ১৮০ কিলোমিটাৰ ৰেঞ্জ আৰু সৰ্বাধিক ১১৫ কি.মি/ঘণ্টা স্পীড প্ৰদান কৰে। ই মাত্ৰ ২.৩ ছেকেণ্ডতে ০-৪০ কি.মি/ঘণ্টা স্পীড…
Read More
অৱসৰকালীন পৰিকল্পনা মজবুত কৰাৰ লক্ষ্যৰে জেনেৰেলী চেন্ট্ৰেল লাইফৰ সোনহেৰা পেঞ্চন আঁচনিৰ শুভাৰম্ভণি

অৱসৰকালীন পৰিকল্পনা মজবুত কৰাৰ লক্ষ্যৰে জেনেৰেলী চেন্ট্ৰেল লাইফৰ সোনহেৰা পেঞ্চন আঁচনিৰ শুভাৰম্ভণি

জেনেৰেলী চেন্ট্ৰেল লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড (জিচিএলআইচিএল)-এ গ্ৰাহকসকলক এক দীৰ্ঘম্যাদী অৱসৰকালীন পুঁজি গঠন কৰাত সহায় কৰা আৰু অতিৰিক্ত স্বাস্থ্যজনিত সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে সোনহেৰা পেঞ্চন আঁচনি মুকলি কৰিছে। এইখন এখন লাভাংশযুক্ত, বজাৰৰ সৈতে সংযোগ নথকা পেঞ্চন তথা সঞ্চয়মুখী জীৱন বীমা আঁচনি। বীমা প্ৰতিষ্টানটোৱে জনোৱা মতে, ভাৰতত অৱসৰকালীন প্ৰস্তুতিৰ বৰ্ধিত প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনিখন প্ৰস্তুত কৰা হৈছে। উল্লেখ্য যে, ২০২২ চনত ভাৰতত জ্যেষ্ঠ নাগৰিকৰ জনসংখ্যা ১০.৫ শতাংশ আছিল, যি ২০৫০ৰ ভিতৰত প্ৰায় ২০.৮ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে, উন্নত অৰ্থনীতিত পেঞ্চন সম্পত্তি জিডিপিৰ প্ৰায় ৮০ শতাংশ হোৱাৰ তুলনাত ভাৰতত ই মাত্ৰ ১৭ শতাংশ হৈ আছে।এই সোনহেৰা পেঞ্চন…
Read More
‘ফৰ হাৰ’ সুগন্ধি শৃংখলাৰে মহিলাৰ সুগন্ধি শিতানত প্ৰৱেশ পার্ক এভিনিউৰ

‘ফৰ হাৰ’ সুগন্ধি শৃংখলাৰে মহিলাৰ সুগন্ধি শিতানত প্ৰৱেশ পার্ক এভিনিউৰ

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টচ লিমিটেড(জিচিপিএল)-এ ‘পাৰ্ক এভিনিউ ফৰ হাৰ’ য়াও ডি পাৰফিউম শৃংখলা মুকলি কৰি নিজৰ পাৰ্ক এভিনিউ সুগন্ধি পৰ্টফ’লিঅ’ৰ সম্প্ৰসাৰণ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতত মহিলাৰ মাজত প্ৰিমিয়াম বা উচ্চ মানদণ্ডৰ সুগন্ধিৰ ক্ৰমবৰ্ধমান চাহিদাক লক্ষ্য কৰি লোৱা। এই নতুন সংগ্ৰহত চাৰিটা ভেৰিয়েণ্ট ৰখা হৈছে— পইজ, গ্ৰেচ, ভাৰ্ভ আৰু এলিয়ৰ। বিভিন্ন মেজাজ আৰু অনুষ্ঠানৰ বাবে উপযোগী হোৱাকৈ ইয়াত সতেজ, ফুল, মচলাযুক্ত আৰু কাঠৰ সুবাসৰ এক মিশ্ৰণ আগবঢ়োৱা হৈছে। এই উৎপাদসমূহ ১০০ মিলিলিটাৰৰ বটলত ৭৯৯ টকা আৰু চাৰিটা সুগন্ধিৰে সমৃদ্ধ ২০ মিলিলিটাৰৰ বটলৰ এটা ‘ডিস্কভাৰী গিফ্ট ছেট’ ৮৪৯ টকাত উপলব্ধ হ’ব।আইএমএআৰচি-ৰ মতে, ২০২৫ চনত ভাৰতৰ পাৰফিউম বজাৰৰ মূল্য আছিল ১.২৫ বিলিয়ন মাৰ্কিন…
Read More
খুচুৰা ঋণ আৰু এআই-ৰ ব্যৱহাৰে কোম্পানীটোৰ বৃদ্ধিত কৰিছে সহায়

খুচুৰা ঋণ আৰু এআই-ৰ ব্যৱহাৰে কোম্পানীটোৰ বৃদ্ধিত কৰিছে সহায়

এল এণ্ড টি ফাইনেন্স লিমিটেড(এলটিএফ)-এ ২০২৬ চনৰ ৩০ জুনত সমাপ্ত হোৱা প্ৰথম ত্ৰৈমাসিকত অভিলেখ সংখ্যক ৯০২ কোটি টকাৰ একত্ৰিত কৰ-পৰৱৰ্তী লাভ (পিএটি) অৰ্জন কৰিছে। শক্তিশালী খুচুৰা ঋণ আৰু ধাৰাবাহিক ব্যৱসায়িক বৃদ্ধিৰ বাবে এই লাভ বিগত বৰ্ষৰ একে সময়ছোৱাৰ তুলনাত ২৯ শতাংশ বৃদ্ধি পাইছে।এই অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠানটোৱে (এনবিএফচি) ১,২৯,৬৩৪ কোটি টকাৰ সৰ্বকালৰ সৰ্বোচ্চ ঋণ পুজিৰ অভিলেখ গঢ়িছে, যি বছৰি ২৭ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত কেৱল খুচুৰা ঋণৰ পুজি ২৮ শতাংশ বৃদ্ধিৰে ১,২৭,৫৩৫ কোটি টকা হৈছে। এই ত্ৰৈমাসিকত খুচুৰা ঋণ বিতৰণ ৩৬ শতাংশ বৃদ্ধি পাই ২৩,৮৫২ কোটি টকা স্পৰ্শ কৰিছে।কোম্পানীটোৱে জনোৱা মতে, এক এআই-ভিত্তিক ঋণদাতাত পৰিণত হোৱাৰ ৰণনীতিৰ অংশ হিচাপে প্ৰযুক্তিৰ…
Read More
স্বাস্থ্যকৰ খাদ্যৰ জনপ্ৰিয়তা বাঢ়িছে ফ্লিপকাৰ্টত; পুষ্টি শিতানত ব্যৱসায় ৫০% বৃদ্ধি

স্বাস্থ্যকৰ খাদ্যৰ জনপ্ৰিয়তা বাঢ়িছে ফ্লিপকাৰ্টত; পুষ্টি শিতানত ব্যৱসায় ৫০% বৃদ্ধি

ভাৰতৰ স্বদেশী ই-কমাৰ্চ প্ৰতিষ্ঠান ফ্লিপকাৰ্টে নিজৰ খাদ্য আৰু পুষ্টি শিতানত বছৰি ৫০ শতাংশ বৃদ্ধিৰ কথা প্ৰকাশ কৰিছে। মূলতঃ জেন জি গ্ৰাহক আৰু দ্বিতীয় তথা তৃতীয় শ্ৰেণীৰ চহৰসমূহৰ ক্ৰেতাসকলৰ বাবেই এই বৃদ্ধি সম্ভৱ হৈছে, যিয়ে ভাৰতীয়সকলৰ খাদ্য গ্ৰহণৰ অভ্যাসত অহা এক ডাঙৰ পৰিৱৰ্তনৰ ইংগিত দিয়ে। ই-কমাৰ্চ প্ৰতিষ্ঠানটোৱে জনোৱা মতে, এই শিতানৰ মুঠ চাহিদাৰ ২৫ শতাংশ ফ্লিপকাৰ্ট মিনিটছ-ৰ জৰিয়তে আহিছে। আনহাতে, মহানগৰীৰ বাহিৰৰ বজাৰসমূহৰ পৰা মুঠ চাহিদাৰ ৬৫ শতাংশ আহিছে, যিয়ে ডাঙৰ চহৰৰ বাহিৰেও আন অঞ্চলত স্বাস্থ্যকৰ আৰু প্ৰিমিয়াম খাদ্য সামগ্ৰীৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাক প্ৰতিফলিত কৰে।  কোম্পানীটোৱে জনাইছে যে, জেন জি প্ৰজন্মৰ গ্ৰাহকৰ ক্ষেত্ৰত বছৰি ৬০ শতাংশ বৃদ্ধি দেখা গৈছে। এইসকল গ্ৰাহকৰ মাজত…
Read More
জীৱন বীমা সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে বীমা নিয়ন্ত্ৰক কৰ্তৃপক্ষই মুকলি কৰিলে কমিক বুক শৃংখলা

জীৱন বীমা সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে বীমা নিয়ন্ত্ৰক কৰ্তৃপক্ষই মুকলি কৰিলে কমিক বুক শৃংখলা

ভাৰতৰ বীমা নিয়ন্ত্ৰক কৰ্তৃপক্ষই জীৱন বীমাৰ ধাৰণাসমূহ সৰল কৰিবলৈ আৰু বিত্তীয় সাক্ষৰতা উন্নত কৰাৰ উদ্দেশ্যে গ্ৰাহক সজাগতামূলক এক কমিক বুক শৃংখলা মুকলি কৰিছে। সকলোৰে বাবে বীমাৰ লক্ষ্যত উপনীত হ’বলৈ বীমা উদ্যোগে চলোৱা প্ৰচেষ্টাৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।ৰাষ্ট্ৰীয় বীমা সজাগতা দিৱস উদযাপনৰ সময়ত ভাৰতীয় বীমা নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষ (আইআৰডিএআই)ৰ অধ্যক্ষ অজয় শেঠে এই কমিক বুক শৃংখলা উন্মোচন কৰে। দেশজুৰি থকা ব্যক্তি আৰু পৰিয়ালসমূহৰ বাবে বীমা সামগ্ৰীসমূহ অধিক সুলভ, বোধগম্য আৰু প্ৰাসংগিক কৰি তুলিবলৈ এই পদক্ষেপে জীৱন বীমা খণ্ডৰ নেতৃবৃন্দক একগোট কৰিছে।এই শিক্ষামূলক শৃংখলাত কোনো ধৰণৰ কাৰিকৰী বা জটিল ভাষাৰ পৰিৱৰ্তে আকৰ্ষণীয় সাধুৰ জৰিয়তে জীৱন বীমাৰ গুৰুত্বপূৰ্ণ ধাৰণাসমূহ,…
Read More
সেউজ এলপিজি বিতৰণক ত্বৰান্বিত কৰিবলৈ টিভিএচ মটৰ আৰু ইণ্ডিয়ান অইলৰ সহযোগিতা

সেউজ এলপিজি বিতৰণক ত্বৰান্বিত কৰিবলৈ টিভিএচ মটৰ আৰু ইণ্ডিয়ান অইলৰ সহযোগিতা

টিভিএচ মটৰ কোম্পানী আৰু ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড-এ সমগ্ৰ ভাৰতজুৰি বহনক্ষম উপায়েৰে অন্তিম পৰ্যায়ৰ এলপিজি চিলিণ্ডাৰ বিতৰণ প্ৰক্ৰিয়াক প্ৰসাৰিত কৰিবলৈ এক কৌশলগত অংশীদাৰিত্বত উপনীত হৈছে। এই সহযোগিতাৰ অধীনত ইণ্ডিয়ান অইলৰ ব্যাপক বিতৰক নেটৱৰ্কৰ জৰিয়তে টিভিএচ কিং কাৰ্গ’ এইচডি নামৰ বাণিজ্যিক বাহনসমূহ নিয়োজিত কৰা হ’ব। তামিলনাডুৰ কইম্বাটুৰত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়, যাৰ দ্বাৰা স্বচ্ছ আৰু অধিক দক্ষ বাণিজ্যিক পৰিবহণৰ লক্ষ্যৰে এক দীৰ্ঘম্যাদী সহযোগিতাৰ সূচনা হৈছে। এই অংশীদাৰিত্বৰ অধীনত গ্ৰাহকৰ ঘৰে ঘৰে চিলিণ্ডাৰ ডেলিভাৰী কৰাৰ বাবে টিভিএচ কিং কাৰ্গ’ এইচডি বাহনসমূহৰ ব্যৱহাৰ সহজসাধ্য কৰি তুলিবলৈ টিভিএচ মটৰে ইণ্ডিয়ান অইলৰ ১৩,০০০তকৈও অধিক এলপিজি বিতৰক নেটৱৰ্কৰ সৈতে একেলগে কাম কৰিব। এই পদক্ষেপৰ উদ্দেশ্য…
Read More