21
Nov
মণিপুৰত পুনৰ আৰম্ভ হৈছে হিংসা। সোমবাৰে সংঘটিত হিংসাত্মক কাণ্ডত কাংপকপি জিলাত দুটা প্ৰতিদ্বন্দ্বী গোটৰ মাজত হোৱা গুলীচালনাৰ সময়ত ৬ নং আই আৰ বিৰ এজন আৰক্ষী জোৱান হেনমিনলেন ভাইফেইকে ধৰি দুজন ব্যক্তিয়ে প্ৰাণ হেৰুৱায়। আৰক্ষীৰ মতে, হাৰোথেল আৰু কোবছা গাঁৱৰ মাজৰ এটা স্থানত গুলীচালনা সংঘটিত হয় যদিও গুলীচালনাৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই। এটা জনজাতীয় সংগঠনে দাবী কৰিছিল যে কুকি-জো সম্প্ৰদায়ৰ লোকক কোনো প্ৰৰোচনা নকৰাকৈ আক্ৰমণ কৰা হৈছিল। তদুপৰি জিলাখনতো বন্ধ ঘোষণা কৰা হৈছে। উল্লেখ্য যে, মে’ মাহৰ আৰম্ভণিতে উত্তৰ-পূব ৰাজ্যখনত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত জাতিগত সংঘাত আৰম্ভ হোৱাৰ পিছৰে পৰা অঞ্চলটোত গাঁৱৰ মানুহৰ মাজত গুলীচালনাৰ কেইবাটাও ঘটনা…
