ক্ৰীড়া

বিশ্বকাপত গ’ল কৰিব নোৱাৰিলেও চিন্তিত নহয় লামিন ইয়ামাল

বিশ্বকাপত গ’ল কৰিব নোৱাৰিলেও চিন্তিত নহয় লামিন ইয়ামাল

বিশ্বকাপ ২০২৬-ৰ কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে কোনো গ’ল কৰিব নোৱাৰা স্বত্বেও, স্পেইনৰ তৰুণ তাৰকা খেলুৱৈ লামিন ইয়ামাল খেলপথাৰত তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে 'প্লেয়াৰ অফ দ্য মেচ' বিবেচিত হৈছে। আজি  অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেল মেচখনত স্পেইনে বেলজিয়ামক ২-১ গ'লত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। ১৮ বছৰীয়া বাৰ্চিলোনাৰ এই তাৰকাগৰাকীয়ে চলিত বিশ্বকাপত এতিয়ালৈকে মাত্ৰ এটা গ'ল (চৌদি আৰৱৰ বিৰুদ্ধে) হে কৰিবলৈ সক্ষম হৈছে। মেচৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ইয়ামালে কয়-মই গ’ল কৰিব বিচাৰোঁ, কিন্তু মই কেৱল গ’ল কৰাৰ কথা ভাবি খেলপথাৰত নামি নপৰো। দলক জিকাত সহায় কৰাটোহে মোৰ আটাইতকৈ ডাঙৰ লক্ষ্য। যদি স্পেইনে বিশ্বকাপ জয় কৰে, তেন্তে মই কেইটা গ’ল…
Read More
আইচিচি ‘হল অব ফে’মত অন্তৰ্ভুক্ত সৌৰভ গাংগুলী

আইচিচি ‘হল অব ফে’মত অন্তৰ্ভুক্ত সৌৰভ গাংগুলী

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে বুধবাৰে তেওঁৰ ৫৪ সংখ্যক জন্মদিনত এক অনন্য উপহাৰ লাভ কৰে। এডিনবাৰ্গত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ  বাৰ্ষিক বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে গাংগুলীক সন্মানীয় ‘আইচিচি হল অব ফে’ম’ত অন্তৰ্ভুক্ত কৰা হৈছে। এই সন্মানেৰে বিভূষিত হোৱা তেওঁ দ্বাদশগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে। এই স্বীকৃতিৰ বাবে আইচিচিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে গাংগুলীয়ে আইচিচিৰ অধ্যক্ষ জয় শ্বাহক ধন্যবাদ জনায়। ইয়াক এক ‘পৰম গৌৰৱৰ বিষয়’ বুলি অভিহিত কৰি প্ৰাক্তন অধিনায়কগৰাকীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ (টুইটাৰ)ত লিখে, "মোক ‘হল অব ফে’মত অন্তৰ্ভুক্ত কৰাৰ বাবে আইচিচি আৰু অধ্যক্ষ জয় শ্বাহক ধন্যবাদ। বিশ্ব ক্ৰিকেটৰ মহান খেলুৱৈসকলৰ সৈতে এই তালিকাত স্থান পোৱাটো…
Read More
পৰ্তুগালক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত স্পেইন

পৰ্তুগালক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত স্পেইন

২০২৬ চনৰ ফিফা বিশ্বকাপৰ এক ৰুদ্ধদ্বাৰ খেলত স্পেইনে পৰ্তুগালক ১-০ গলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। খেলখনৰ একেবাৰে শেষ মুহূৰ্তত (৯১ মিনিটত) স্পেইনৰ খেলুৱৈ মিকেল মেৰিনোই ফেৰান টৰেছৰ পাছৰ সহায়ত এই নিৰ্ণায়ক গলটো স্ক’ৰ কৰে।এই পৰাজয়ৰ লগে লগে বিশ্ব ফুটবলৰ তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ বিশ্বকাপ জিকাৰ সপোন ভংগ হ’ল আৰু তেওঁৰ বিশ্বকাপ যাত্ৰাৰ অন্ত পৰিল। সমগ্ৰ খেলখনত দুয়োটা দলেই তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। খেলৰ শেষ মুহূৰ্তলৈকে কোনো দলেই গ'ল কৰিব পৰা নাছিল। কিন্তু ইনজুৰী টাইমত  ফেৰান টৰেমৰ পাছৰ পৰা মিকেল মেৰিনোৱে কৰা এটা সুন্দৰ গ'লেৰে স্পেইনে জয় লাভ কৰে। এই পৰাজয়ৰ লগে লগে ৪১ বছৰীয়া ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ বিশ্বকাপ জয়ৰ সপোন ভংগ…
Read More
বিশ্বকাপ কেৰিয়াৰ সামৰিলে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে

বিশ্বকাপ কেৰিয়াৰ সামৰিলে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে

২০২৬ ফুটবল বিশ্বকাপৰ ‘ৰাউণ্ড অৱ ১৬’ মেচত স্পেইনৰ হাতত ১-০ গ’লত পৰাজিত হৈ বিশ্বকাপৰ পৰা বিদায় লৈছে পৰ্তুগালে।এই পৰাজয়ৰ লগে লগে ফুটবল জগতৰ অন্যতম মহান খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ বিশ্বকাপ জয়ৰ সপোন চকুৰ পানীৰে সমাপ্ত হয়।খেলৰ শেষৰ মুহূৰ্তত স্পেইনৰ খেলুৱৈ মিকেল মেৰিনোৱে দিয়া নিৰ্ণায়ক গ’লটোৱে স্পেইনক কোৱাৰ্টাৰ ফাইনেললৈ লৈ যায়। ৪১ বছৰীয়া ৫ বাৰৰ বেলন ডি'অৰ বিজয়ী ৰোনাল্ডোৰ বাবে এয়া অন্তিমখন বিশ্বকাপ খেল আছিল। অভিলেখ সৃষ্টিকাৰী ৬খন বিশ্বকাপত গ’ল কৰা ৰোনাল্ডোৱে কেৰিয়াৰত ৯৭৬টা গ’ল কৰিছে যদিও ফুটবলৰ আটাইতকৈ ডাঙৰ ট্ৰফীটো জিকাৰ সপোন তেওঁৰ আধৰুৱা হৈ ৰ’ল। ৪১ বছৰীয়া তৰকা ৰোনাল্ডোৱে সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে যে এয়া তেওঁৰ জীৱনৰ শেষ বিশ্বকাপ…
Read More
ইংলেণ্ডক হৰুৱাই অষ্ট্ৰেলিয়া পুনৰ মহিলা টি-২০ বিশ্বকাপৰ চেম্পিয়ন

ইংলেণ্ডক হৰুৱাই অষ্ট্ৰেলিয়া পুনৰ মহিলা টি-২০ বিশ্বকাপৰ চেম্পিয়ন

ক্ৰীড়া ইতিহাসত আন এক সোণালী অধ্যায় সৃষ্টি কৰি অষ্ট্ৰেলিয়াই দেওবাৰে লৰ্ডছ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হোৱা ২০২৬ বৰ্ষৰ আইচিচি মহিলা টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছে। এক ৰোমাঞ্চকৰ ফাইনেল খেলত অষ্ট্ৰেলিয়াই আয়োজক ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰি সপ্তমবাৰৰ বাবে এই খিতাপ নিজৰ নামত কৰে। সমগ্ৰ প্ৰতিযোগিতাখনত এখনো খেলত নহাৰাকৈ অষ্ট্ৰেলিয়াই এই অভিলেখ গঢ়িছে।২৮ হাজাৰতকৈও অধিক দৰ্শকৰ উপস্থিতিত ইংলেণ্ডে প্ৰথমে বেটিং কৰি ৪ উইকেট হেৰুৱাই ১৫০ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ অধিনায়ক নাট চিভাৰ-ব্ৰাণ্টে সৰ্বাধিক ৫৮ ৰান (৫৩ টা বলত) আৰু ফ্ৰেয়া কেম্পে বিস্ফোৰক ৪৪ ৰান (২৮ টা বলত) কৰে। অষ্ট্ৰেলিয়াৰ বলাৰসকলে নিয়ন্ত্ৰিত বলিং কৰি ইংলেণ্ডক ডাঙৰ স্ক’ৰ কৰাত বাধা দিয়ে। ১৫১ ৰানৰ…
Read More
১০ জনীয়া ইংলেণ্ড দলে মেক্সিকোক পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত

১০ জনীয়া ইংলেণ্ড দলে মেক্সিকোক পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত

ফিফা বিশ্বকাপ ২০২৬-ৰ এখন অতি ৰোমাঞ্চকৰ মেচত ১০ জনীয়া ইংলেণ্ড দলে আয়োজক মেক্সিকোক ৩-২ গ'লত পৰাস্ত কৰিছে। এই ঐতিহাসিক বিজয়ৰ লগে লগে ইংলেণ্ডে একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত (শেষ ৮) নিজৰ স্থান নিশ্চিত কৰিছে। মেক্সিকোৰ বিখ্যাত আজটেক ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত ইংলেণ্ডৰ হৈ ষ্টাৰ খেলুৱৈ জুড বেলিংহামে দুটা গুৰুত্বপূৰ্ণ গ'ল কৰে। আনহাতে, অধিনায়ক হেৰী কেনে পেনাল্টিৰ জৰিয়তে দলৰ হৈ তৃতীয়টো গ'ল দিয়ে। খেলৰ দ্বিতীয় আৰ্ধত ইংলেণ্ডৰ ডিফেণ্ডাৰ জেৰেল কোৱানছাক এখন ৰেড কাৰ্ড দেখুওৱা হয়, যাৰ ফলত ইংলেণ্ডে বাকী সময়খিনি মাত্ৰ ১০ জন খেলুৱৈৰে খেলিবলগীয়া হৈছিল। ইয়াৰ পিছতো তেওঁলোকে মেক্সিকোৰ তীব্ৰ আক্ৰমণ সফলতাৰে প্ৰতিহত কৰিবলৈ সক্ষম হয়। মেক্সিকোৰ হৈ জুলিয়ান…
Read More
বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত বেলজিয়াম

বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত বেলজিয়াম

ইয়ুৰি টিলেমান্সৰ ১২৫ মিনিটৰ পেনাল্টীৰ সহায়ত বেলজিয়ামে চিয়াটেলত অনুষ্ঠিত বিশ্বকাপৰ নকআউট পৰ্যায়ৰ এক ৰোমাঞ্চকৰ খেলত চেনেগালক ৩-২ ব্যৱধানত পৰাস্ত কৰে। দুটা গলত পিছপৰি থকাৰ পিছতো বেলজিয়ামে এই ঐতিহাসিক জয় সাব্যস্ত কৰে। খেলৰ প্ৰথম ভাগত চেনেগালে সুন্দৰ প্ৰদৰ্শন কৰে। ২৫ মিনিটত হাবিব ডিয়াৰা আৰু ৫১ মিনিটত ইছমাইল ছাৰৰ গলেৰে চেনেগালে ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে। খেল শেষ হ’বলৈ মাত্ৰ ৪ মিনিট বাকী থকা অৱস্থাত বেলজিয়ামে নাটকীয়ভাৱে খেললৈ উভতি আহে। ৰোমেলু লুকাৰু আৰু অধিনায়ক টিলেমান্সৰ দুটা গলৰ সহায়ত খেলখন অতিৰিক্ত সময়লৈ টানি নিয়া হয়। অতিৰিক্ত সময়ৰৰ একেবাৰে শেষ মুহূৰ্তত (১২৫ মিনিটত) ভিএআৰৰ সহায়ত বেলজিয়ামে এটা পেনাল্টী লাভ কৰে। অধিনায়ক টিলেমান্সে এই পেনাল্টীটো…
Read More
ইকুৱেডৰৰ বিৰুদ্ধে ঐতিহাসিক জয়ৰে ৰাউণ্ড অৱ ১৬ত মেক্সিকো

ইকুৱেডৰৰ বিৰুদ্ধে ঐতিহাসিক জয়ৰে ৰাউণ্ড অৱ ১৬ত মেক্সিকো

ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱা ৭.৫০ বজাত খেলা এখন উত্তেজনাপূৰ্ণ খেলত ইকুৱেডৰক ২-০ গ'লত পৰাস্ত কৰি মেক্সিকোৱে বিশ্বকাপৰ ৰাউণ্ড অৱ ১৬  অৰ্থাৎ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এই বিজয়ৰ লগে লগে মেক্সিকোৱে বিশ্বকাপৰ নক-আউট পৰ্যায়ত বিগত ৪০ বছৰ ধৰি চলি অহা পৰাজয়ৰ ধাৰা ভংগ কৰিবলৈ সক্ষম হয়। মেক্সিকোৰ হৈ প্ৰথম অৰ্ধৰ মাত্ৰ ৯ মিনিটৰ ব্যৱধানত দুয়োটা গল স্ক’ৰ কৰা হয়। খেলৰ ২২ নম্বৰ মিনিটত জুলিয়ান কুইননেছ আৰু ৩১ নম্বৰ মিনিটত ৰৌল জিমেনিজে গল কৰি দলক জয়ী কৰায়। ইয়াৰ পূৰ্বে মেক্সিকোৱে ১৯৮৬ চনত নিজৰ দেশত অনুষ্ঠিত বিশ্বকাপৰ নক-আউট পৰ্যায়ত বুলগেৰিয়াক হৰুৱাইছিল। তাৰ পিছত ১৯৯৪ চনৰ পৰা ২০১৮ চনলৈকে তেওঁলোকে একেৰাহে ৭ বাৰ…
Read More
ফিফা বিশ্বকাপত মৰক্কোৰ ঐতিহাসিক জয়

ফিফা বিশ্বকাপত মৰক্কোৰ ঐতিহাসিক জয়

ভাৰতীয় সময় অনুসৰি মঙলবাৰে পুৱা এক ৰোমাঞ্চকৰ ফুটবল মেচত মৰক্কোৱে নেদাৰলেণ্ডছক পেনাল্টী শ্বুটআউটত পৰাস্ত কৰি বিশ্বকাপৰ অন্তিম ১৬ ৰ পৰ্যায়লৈ অগ্ৰসৰ হৈছে। নিৰ্ধাৰিত আৰু অতিৰিক্ত সময়ৰ খেল ১-১ গ’লত ড্ৰ’ হোৱাৰ পিছত, মৰক্কোৱে পেনাল্টীত ৩-২ ব্যৱধানত জয়লাভ কৰে। মৰক্কোৰ গ’লৰক্ষক ইয়াচিন বৌনৌৱে নেদাৰলেণ্ডছৰ ক্ৰিচেনচিঅ’ ছামাৰভিলৰ পঞ্চমটো পেনাল্টী ৰক্ষা কৰে। ইয়াৰ পিছতে ষ্ট্ৰাইকাৰ ইছমাইল ছাইবাৰীয়ে গ’ল কৰি মৰক্কোৰ জয় নিশ্চিত কৰে। খেলৰ দ্বিতীয় অৰ্ধত ক’ডি গাকপোৰ গ’লৰ সহায়ত নেদাৰলেণ্ডছে প্ৰথম অগ্ৰগতি লাভ কৰিছিল। কিন্তু খেল শেষ হোৱাৰ ঠিক আগে আগে (ইনজুৰী টাইমত) ইছা দিঅ’পে এটা সুন্দৰ হেডাৰৰ জৰিয়তে মৰক্কোৰ হৈ সমতা স্থাপন কৰে আৰু খেলখন অতিৰিক্ত সময়লৈ লৈ যায়। এই ঐতিহাসিক…
Read More
বিশ্বকাপত জাপানক ২-১ গ’লত হৰুৱাই ৰাউণ্ড অৱ ১৬ ত ব্ৰাজিল

বিশ্বকাপত জাপানক ২-১ গ’লত হৰুৱাই ৰাউণ্ড অৱ ১৬ ত ব্ৰাজিল

সোমবাৰে অনুষ্ঠিত হোৱা বিশ্বকাপৰ এক ৰোমাঞ্চকৰ খেলত পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলে জাপানক ২-১ ব্যৱধানত পৰাস্ত কৰি ৰাউণ্ড অৱ ১৬ ত স্থান সুৰক্ষিত কৰিছে। খেলৰ একেবাৰে শেষ মুহূৰ্তত গেব্ৰিয়েল মাৰ্টিনেলীয়ে দিয়া বিজয়ী গ’লটোৰ সহায়ত ব্ৰাজিলে এই গুৰুত্বপূৰ্ণ জয় লাভ কৰে। খেলৰ ২৯ মিনিটত জাপানৰ কাইছু চানুৱে এটা সুন্দৰ গ’ল দি দলক ১-০ ত আগুৱাই লৈ যায়। ৫৬ মিনিটত গেব্ৰিয়েল মাগালহাছৰ পাছৰ পৰা কেচেমিৰোৱে এটা সুন্দৰ হেডাৰৰ জৰিয়তে গ’ল কৰি খেলখন ১-১ সমতালৈ আনে। খেলখন অতিৰিক্ত সময়লৈ গতি কৰা যেন লাগিছিল, কিন্তু দ্বিতীয়াৰ্ধত সলনি খেলুৱৈ হিচাপে অহা গেব্ৰিয়েল মাৰ্টিনেলীয়ে ইনজুৰী টাইমৰ ষষ্ঠ মিনিটত (৯৬ মিনিটত) গ’ল দি ব্ৰাজিলক ২-১ ৰ জয় উপহাৰ…
Read More