উত্তৰ-পূৱ

নতুনকৈ শাসনলৈ অহা বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ তৃণমূল কংগ্ৰেছ

নতুনকৈ শাসনলৈ অহা বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ তৃণমূল কংগ্ৰেছ

নতুনকৈ শাসনলৈ অহা বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ তৃণমূল কংগ্ৰেছ । মমতা বেনাৰ্জীয়ে চৰকাৰক দিলে আন এক প্ৰত্যাহ্বান ।কিয়নো শেহতীয়াকৈ সোণাৰপুৰ অঞ্চলত তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জী ৰাইজৰ ৰোষত পৰে । নিৰ্বাচনী হিংসাৰ বলি হোৱা তৃণমূল কৰ্মীৰ ঘৰলৈ যোৱাৰ সময়তে সাংসদগৰাকীক একাংশ লোকে আক্ৰমণ কৰে । ইফালে টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জীকো হুগলী জিলাৰ চণ্ডীপুৰ অঞ্চলত বিজেপিৰ কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে । য'ত সাংসদগৰাকী আহত হয় ।এই ঘটনাৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জী ক্ষুব্ধ হৈ পৰিছে । দলৰ নেতা-কৰ্মীৰ ওপৰত চলোৱা কথিত আক্ৰমণৰ বিৰুদ্ধে টিএমচিয়ে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে । সোমবাৰে মমতা বেনাৰ্জীয়ে…
Read More
পুনৰ বৃদ্ধি চিলিণ্ডাৰৰ মূল্য

পুনৰ বৃদ্ধি চিলিণ্ডাৰৰ মূল্য

Tp পুনৰ জনতাক মাধমাৰ সোধাই বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য। আৰু অধিক মহঙা হ'ব হোটেল-ৰেষ্টোৰাৰ খাদ্য।পুনৰ বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম।১৯ কেজিৰ LPG চিলিণ্ডাৰৰ দাম ৫৪ টকালৈ বৃদ্ধি।দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৪২ টকাকৈ বৃদ্ধি।
Read More
এক ভয়ংকৰ প্ৰতিবাদ

এক ভয়ংকৰ প্ৰতিবাদ

কো-অপাৰেটিভ ছচাইটিত কষ্টোপাৰ্জিত ধন জমা ৰাখি এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে শ শ গ্ৰাহকে । উপায়ন্তৰ একাংশ গ্ৰাহকে নিজৰ প্ৰাপ্য টকা বিচাৰি কো-অপাৰেটিভ ছচাইটিৰ সভাপতি-সম্পাদকৰ বাসগৃহত দলবদ্ধ আক্ৰমণ কৰি সা-সামগ্ৰী লণ্ড-ভণ্ড কৰাৰ দৰে ঘটনা সংঘটিত হৈছে। এইবাৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত সাধাৰণ গ্ৰাহকৰ ধন হৰলুকি কৰাৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে ভাৰত-ভূটান সীমান্তৰ ৰুনীখাতা থানাৰ অন্তৰ্গত থাইকাঝৰা গাঁৱৰ থাইকাঝৰা কো-অপাৰেটিভ ছচাইটি লিমিটেড নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে ।পৰৱৰ্তী সময়ত ছচাইটিৰ অন্যান্য কৰ্মচাৰীৰ পৰা পোহৰলৈ আহে এক বিস্ফোৰক তথ্য।অভিযোগ অনুসৰি, এজেণ্ট গৌতমী বসুমতাৰীয়ে গ্ৰাহকসকলৰ পৰা ধন সংগ্ৰহ কৰিছিল ঠিকেই, কিন্তু সেই সংগ্ৰহ কৰা ধনৰ মাত্ৰ আধা অংশহে ছচাইটিৰ কাৰ্যালয়ত জমা কৰিছিল। বাকী…
Read More
নলবাৰী কাণ্ডৰ ভয়ংকৰ আপডেট

নলবাৰী কাণ্ডৰ ভয়ংকৰ আপডেট

নলবাৰী চহৰত কিতাপ কিনি ঘৰলৈ উভতি আহিছিল ককায়েক আৰু ভনীয়েক ৷ ঘৰৰ পৰা প্ৰায় ৩০০ মিটাৰ নিলগত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ দুয়োকে ৷নলবাৰীৰ গংগাপুৰ অঞ্চলত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হয় এজন যুৱক আৰু এগৰাকী প্ৰায় ১৭ বছৰীয়া কিশোৰীক ৷ দুয়োৰে দেহত স্পষ্টকৈ দেখা গৈছে কেবাটাও আঘাতৰ চিন ৷ কোনো দুৰ্বৃত্তই দুয়োকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰা বুলি সন্দেহ কৰিছে আৰক্ষী আৰু স্থানীয় লোকে ৷জানিব পৰা মতে যুৱকজনৰৰ নাম মাধুৰ্য বৰ্মন ৷দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আঘাতত থিতাতে নিহত হয় মাধুৰ্য বৰ্মন নামৰ যুৱকজন ৷ ইফালে এই ঘটনাত গুৰুতৰভাৱে আহত কিশোৰীগৰাকী বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷দেওবাৰে নিশা প্ৰায় ৮ বজাত সংঘটিত এই…
Read More
আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ

আজি মহাপুৰুষ মাধৱদেৱৰ ৫৩৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ

ৰাজ্যজুৰি সোমবাৰে পালন কৰা হৈছে মহাপুৰুষ মাধৱদেৱৰ ৫৩৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ৷ ৰাজ্যৰ সত্ৰ, নামঘৰসমূহৰ লগতে মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে ৷
Read More
পুত্ৰৰ বিদায়ক্ষণেই কাল হ’ল; জ্যেষ্ঠ চিকিৎসকৰ পৰিয়ালৰ কৰুণ মৃত্যুত শোকৰ জোৱাৰ

পুত্ৰৰ বিদায়ক্ষণেই কাল হ’ল; জ্যেষ্ঠ চিকিৎসকৰ পৰিয়ালৰ কৰুণ মৃত্যুত শোকৰ জোৱাৰ

দুজন উদীয়মান চিকিৎসা বিজ্ঞানৰ ছাত্ৰক আগবঢ়াই থবলৈ অহা এক যাত্ৰাৰ পৰিণতি অৱশেষত এক অবৰ্ণনীয় ট্ৰেজেডীৰে সামৰণি পৰিল। মহানগৰীৰ সমীপৱৰ্তী ক্ষেত্ৰী থানাৰ অন্তৰ্গত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত অৰুণাচল প্ৰদেশৰ এটা পৰিয়ালৰ জ্যেষ্ঠ চিকিৎসা বিষয়া, পত্নী আৰু পুত্ৰসহ মৃত্যুক সাৱটে ৪জনকৈ লোকে। আৰক্ষী আৰু ট্ৰেফিক শাখাৰ সূত্ৰই প্ৰকাশ কৰা মতে, শুকুৰবাৰে দিনৰ প্ৰায় ১১:৩০ বজাত এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়। নিহতসকলক ক্ৰমে অৰুণাচল চৰকাৰৰ পশুপালন বিভাগৰ জ্যেষ্ঠ পশু চিকিৎসা বিষয়া তথা ‘বাছাৰ আও ৱেলফেয়াৰ এছ’চিয়েশ্যন’ৰ সভাপতি ডাঃ লিগে বাছাৰ, তেওঁৰ পত্নী কুংগা ডইমা, তেওঁলোকৰ পুত্ৰ তথা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ গেমাৰ বাছাৰ আৰু গেমাৰৰ সহপাঠী তথা বন্ধু…
Read More
আৱাসিক কোঠাত শোকাবহ ঘটনা; দুই অশীতিপৰ বৃদ্ধাৰ মৃত্যুক লৈ আত্মহননৰ সন্দেহ

আৱাসিক কোঠাত শোকাবহ ঘটনা; দুই অশীতিপৰ বৃদ্ধাৰ মৃত্যুক লৈ আত্মহননৰ সন্দেহ

চৰম একাকীত্ব তথা নিসংগতাৰ মানসিক অৱসাদত অৱশেষত একেলগে আত্মহননৰ পথ বাচি ল’লে দুই অশীতিপৰ বৃদ্ধাই। ৰাজধানী দিল্লীৰ অভিজাত নতুন ৰাজিন্দৰ নগৰ অঞ্চলত বৃহস্পতিবাৰে পুৱা এক বন্ধ কোঠাৰ ভিতৰৰ পৰা এই দুই আশী বছৰীয়া বৃদ্ধাৰ গলিত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সৰোজ বালা আৰু চন্দ্ৰ কান্তা নামৰ এই জা-ননদ দুগৰাকী দীৰ্ঘদিন ধৰি সমাজৰ পৰা আঁতৰি আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। তদন্তকাৰী বিষয়াৰ তথ্য অনুসৰি, প্ৰথম মহলাৰ এই বিশাল আৱাসটোৰ আটাইবোৰ প্ৰৱেশ দ্বাৰেই ভিতৰৰ পৰা সম্পূৰ্ণ তলাবন্ধ অৱস্থাত আছিল। ঘৰটোত কোনো ধৰণৰ জোৰ-জুলুম কৰি প্ৰৱেশ কৰা, লুটপাত চলোৱা বা হতাহতি হোৱাৰ কোনো চিন পৰিদৰ্শনকালত পোৱা…
Read More
বাংলাদেশৰ নিশ্চিতকৰণৰ অপেক্ষাত হাজাৰাধিক সন্দেহভাজন বিদেশী; কঠোৰ অৱস্থান ভাৰতৰ

বাংলাদেশৰ নিশ্চিতকৰণৰ অপেক্ষাত হাজাৰাধিক সন্দেহভাজন বিদেশী; কঠোৰ অৱস্থান ভাৰতৰ

ভাৰতত বসবাস কৰা প্ৰতিগৰাকী অবৈধ বিদেশী নাগৰিকৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিলে এক অতি কঠোৰ আইনী পদক্ষেপ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে শুকুৰবাৰে নতুন দিল্লীত অনুষ্ঠিত এক সংবাদ মেলত চৰকাৰৰ এই স্থিতি স্পষ্ট কৰে। ইয়াৰ সমান্তৰালভাৱে, অবৈধ অনুপ্ৰৱেশকাৰীক নিজ দেশলৈ ওভতাই পঠোৱাৰ প্ৰক্ৰিয়াত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ তৰফৰ পৰা নাগৰিকত্ব পৰীক্ষণৰ হাজাৰ হাজাৰ আবেদন বৰ্তমানো ওলমি থকাৰ বিষয়টোও তেওঁ সদৰী কৰিছে। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে লোৱা পদক্ষেপ আৰু বাংলাদেশ চৰকাৰৰ লেহেমীয়া প্ৰক্ৰিয়াক লৈ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, “ভাৰতত থকা সকলো অবৈধ বিদেশী নাগৰিকৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা লোৱা হ’ব। বাংলাদেশৰ ক্ষেত্ৰত আমি ইতিমধ্যে ২,৬৮০ তকৈও অধিক গোচৰ নাগৰিকত্ব পৰীক্ষণৰ বাবে বাংলাদেশ চৰকাৰলৈ…
Read More
কুকি উগ্ৰপন্থীৰ কৱলৰ পৰা বন্দী উদ্ধাৰৰ আহ্বান; মণিপুৰ চৰকাৰৰ ওপৰত চাপ বৃদ্ধি এ এন এছ এ এমৰ

কুকি উগ্ৰপন্থীৰ কৱলৰ পৰা বন্দী উদ্ধাৰৰ আহ্বান; মণিপুৰ চৰকাৰৰ ওপৰত চাপ বৃদ্ধি এ এন এছ এ এমৰ

মণিপুৰত শান্তি চুক্তিৰ আওতাত থকা কুকি উগ্ৰপন্থী সংগঠনৰ দ্বাৰা অপহৃত হোৱা ৬ গৰাকী লিয়াংমাই নগা বন্দীক অতি সোনকালে সুৰক্ষিতভাৱে মুকলি কৰাৰ দাবীত এতিয়া জাঙুৰ খাই উঠিছে অল নগা ষ্টুডেন্টছ এছ’চিয়েশ্যন, মণিপুৰ। অপহৃত লোকসকলৰ সন্ধান উলিওৱাৰ বাবে নগা ছাত্ৰ সংগঠনটোৱে মণিপুৰ চৰকাৰক এক কঠোৰ চাৰিদিনীয়া চৰম সময়সীমা বান্ধি দিছে। যোৱা ২৪ মে’ত অনুষ্ঠিত সংগঠনটোৰ এক জৰুৰী কাৰ্যবাহী বৈঠকত ৰাজ্যখনৰ সাম্প্ৰতিক নিৰাপত্তা ব্যৱস্থা আৰু যোৱা ১৩ মে’ত লেইমাখং সেনা ছাউনীৰ সমীপৰ পৰা ১৮ গৰাকী নগা লোকক দিন-দুপৰতে অপহৰণ কৰা ঘটনাৰ পৰ্যালোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ছাত্ৰ সংগঠনটোৰ সভাপতি আংটেশাং মাৰিঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, অপহৃত ১৮ জনৰ ভিতৰত…
Read More
স্বামীক ৰক্ষা কৰিবলৈ গৈ বিপদত পত্নী-ভগ্নী; নদীত নিখোজ, উদ্ধাৰ এজনৰ মৃতদেহ

স্বামীক ৰক্ষা কৰিবলৈ গৈ বিপদত পত্নী-ভগ্নী; নদীত নিখোজ, উদ্ধাৰ এজনৰ মৃতদেহ

তিনিচুকীয়া জিলাৰ মাকুম সমষ্টিৰ অন্তৰ্গত শিলিখা চাহ বাগিচাৰ সমীপৰ শিলিখা ঘাটৰ নদীত বৃহস্পতিবাৰে সন্ধিয়া এক শোকাৱহ অঘটন সংঘটিত হয়। ঘৰুৱা কন্দলৰ পৰিণতিত নৈৰ বুকুত জাঁপ দিয়া স্বামীক উদ্ধাৰ কৰিবলৈ গৈ পত্নী আৰু জ্যেষ্ঠ ভগ্নীও বৰ্তমান নিখোঁজ হৈ পৰিছে। এই ঘটনাই সমগ্ৰ জিলাখনতে এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি, শিলিখা চাহ বাগিচাৰ নিবাসী শংকৰ কালান্দী নামৰ ৩৩ বছৰীয়া লোকজনে কোনো ঘৰুৱা বিষয় লৈ সৃষ্টি হোৱা বাক-বিতণ্ডাৰ অন্তত সুৰাৰ ৰাগীত মতলীয়া হৈ হঠাতে শিলিখা ঘাটৰ নদীত জাঁপ দিয়ে। নিজ চকুৰ সন্মুখতে লোকজনে নদীত জাঁপ দিয়া দেখি তেওঁক বচাবলৈ পত্নী অনিতা কালান্দী আৰু তেওঁৰ…
Read More