উত্তৰ-পূৱ

সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংগম’ৱেৰ গৰ্জন

সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংগম’ৱেৰ গৰ্জন

সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংগম’ৱেৰ গৰ্জন ৷ তেওঁৰ সন্মতি অবিহনে সোণম ৱাংচুকক কোনো চিকিৎসা নকৰাবলৈ আৰক্ষীক সকীয়নি ৷‘‘মোৰ অনুমতি অবিহনে কোনেও সোণম ৱাংচুকক হাত নলগাব ৷ মোৰ অনুপস্থিতিত, মোৰ সন্মতি অবিহনে তেওঁক কোনো যাতে চিকিৎসা কৰা নহয় ৷’’ এই মন্তব্য সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংগম’ৱেৰ ৷ইফালে দিল্লী আৰক্ষীয়ে উল্লেখ কৰা মতে, বিশেষজ্ঞ চিকিৎসাৰ পৰামৰ্শ আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মানি চলি ৱাংচুকক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ৷ আনহাতে একে সময়তে, ক'কৰোচ্ছ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেই সামাজিক মাধ্যমযোগে কয় যে সোণম ৱাংচুকক আৰক্ষীয়ে জোৰকৈ প্ৰতিবাদস্থলীৰ পৰা চিকিৎসালয়লৈ লৈ যায় ৷ এই সময়ছোৱাত দিল্লী আৰক্ষীয়ে তেওঁৰ লগতে আন প্ৰতিবাদী…
Read More
পশ্চিমবংগৰ মুৰ্চিদাবাদ জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা

পশ্চিমবংগৰ মুৰ্চিদাবাদ জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা

পশ্চিমবংগৰ মুৰ্চিদাবাদ জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । ৰে'লৱে ক্ৰছিঙৰ গেট খোলাৰ ৰখাৰ ফলতে যাত্ৰীবাহী ৰে'লে স্কুল ভেনত খুন্দা মাৰিলে। মুৰ্চিদাবাদৰ বেহৰমপুৰত সংঘটিত এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে চাৰিজন ছাত্ৰসহ মুঠ ৫ জনে, আনহাতে আন ৬ টি শিশু গুৰুতৰভাৱে আহত হয়।ৰে'লৱে ক্ৰছিঙৰ গেট খোলা থকাৰ ফলতে সংঘটিত এক শোকাৱহ ঘটনা ।
Read More
ফাল্কলেণ্ড দ্বীপপুঞ্জ আৰ্জেণ্টিনাৰ দাবীৰে বেনাৰ প্ৰদৰ্শন

ফাল্কলেণ্ড দ্বীপপুঞ্জ আৰ্জেণ্টিনাৰ দাবীৰে বেনাৰ প্ৰদৰ্শন

২০২৬ৰ বিশ্বকাপ ফুটবলৰ ছেমিফাইনেলত ইংলেণ্ডক ২-১ গ'লত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ পিছত আৰ্জেণ্টিনাৰ খেলুৱৈসকলে এক বিতৰ্কত সাঙোৰ খাই পৰিছে। খেলখন জিকাৰ পিছত আৰ্জেণ্টিনাৰ তাৰকা খেলুৱৈ লিছান্দ্ৰ’ মাৰ্টিনেজ আৰু জিওভানি ল’ চেলচ’ই ষ্টেডিয়ামৰ ভিতৰতে এটা ৰাজনৈতিক বেনাৰ প্ৰদৰ্শন কৰে। সেই বেনাৰখনত স্পেনিছ ভাষাত লিখা আছিল— লাছ মালভিনাচ চন আৰ্জেণ্টিনাছ' (ফাল্কলেণ্ড দ্বীপপুঞ্জ আৰ্জেণ্টিনাৰ)। ফিফাৰ ষ্টেডিয়াম নিয়মাৱলী অনুসৰি, খেলপথাৰ বা ষ্টেডিয়ামৰ ভিতৰত কোনো ধৰণৰ ৰাজনৈতিক, আপত্তিজনক বা বৈষম্যমূলক বেনাৰ, পতাকা বা কাপোৰ প্ৰদৰ্শন কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ। আৰ্জেণ্টিনাৰ খেলুৱৈসকলৰ এই কাৰ্যই ফিফাৰ এই নিয়ম ভংগ কৰা বুলি চৰ্চা হৈছে। ব্ৰিটেইন আৰু আৰ্জেণ্টিনাৰ মাজত ফাল্কলেণ্ড (আৰ্জেণ্টিনাত 'মালভিনাচ' নামেৰে পৰিচিত) দ্বীপপুঞ্জৰ সাৰ্বভৌমত্বক লৈ দীৰ্ঘদিনীয়া বিবাদ…
Read More
অসমতো ফিফা বিশ্বকাপৰ লহৰ

অসমতো ফিফা বিশ্বকাপৰ লহৰ

অসমতো ফিফা বিশ্বকাপৰ লহৰ দেখিবলৈ পোৱা গৈছে ৷ জনসাধাৰণৰ উৎসাহৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মুখ্যমন্ত্ৰীয়ে বুধবাৰে এক বিশেষ ঘোষণা কৰে ৷পোষ্টটোত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ফুটবলে মানুহক একত্ৰিত কৰে, আৰু আমি বিচাৰো যে আমাৰ ক্ৰীড়াপ্ৰেমীসকলে ফিফা বিশ্বকাপৰ ছেমি ফাইনেল আৰু ফাইনেল অসুবিধা নোহোৱাকৈ উপভোগ কৰক । মই গুৱাহাটীৰ জিলা প্ৰশাসনক ১৫, ১৬, ১৯ আৰু ২০ জুলাইৰ পুৱা ৩:৩০ বজালৈ ৰেস্তোঁৰা চলোৱাৰ সময় বৃদ্ধি কৰিবলৈ কৰ্তৃত্ব দিছো, যাতে অনুৰাগীসকলে খেল চোৱাত সুবিধা হয় । মই আন জিলাৰ প্ৰশাসনক অনুমোদন দিছো যে য’তেই ৰেস্তোঁৰাৰ মালিক সংস্থা আৰু স্থানীয় জনসাধাৰণে অনুৰোধ কৰে, তাতেই একেধৰণৰ সম্প্ৰসাৰণৰ অনুমতি দিব লাগে । দায়িত্বশীলভাৱে সুন্দৰকৈ খেল উপভোগ কৰক ।’’
Read More
‘পেৰা ট্ৰেক চাইক্লিং’ ইভেণ্টৰ ‘Women’s C5’ বিভাগত ভাৰতক প্ৰতিনিধিত্ব কৰিব লীছাই

‘পেৰা ট্ৰেক চাইক্লিং’ ইভেণ্টৰ ‘Women’s C5’ বিভাগত ভাৰতক প্ৰতিনিধিত্ব কৰিব লীছাই

অসমৰ ক্ৰীড়া জগতলৈ কঢ়িয়াই আনিলে এক সু-খবৰ। স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া Commonwealth Games 2026 ৰ বাবে নিৰ্বাচিত হৈছে অসমৰ প্ৰতিভাৱান পেৰা-চাইক্লিষ্ট লীছা দাস । মাত্ৰ ১৬ বছৰ বয়সতে লীছাই সমগ্ৰ ভাৰতীয় দলটোৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে এক অনন্য কীৰ্তিমান গঢ়িবলৈ সক্ষম হৈছে। তেওঁ এই ক্ৰীড়া মহোৎসৱত ‘পেৰা ট্ৰেক চাইক্লিং’ ইভেণ্টৰ 'Women's C5' বিভাগত ভাৰতক প্ৰতিনিধিত্ব কৰিব।
Read More
পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা বৃদ্ধি

পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা বৃদ্ধি

আকৌ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। বিশ্বৰ আনবোৰ ৰাষ্ট্ৰৰ লগতে ভাৰতৰ বাবেও এয়া এক চিন্তাৰ বিষয়।আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰ আৰম্ভ হৈছে যুদ্ধ। যাৰ ফলত সমগ্ৰ বিশ্বই ইন্ধনৰ নাটনিৰ সমুখীন হোৱাৰ আশংকাই দেখা দিছে। এফালে আমেৰিকাই ষ্ট্ৰেইট অৱ হৰমুজত নাকাবন্দী লগাইছে, আনফালে, ইৰাণৰ ইছলামিক ৰেভলিউশ্যনেৰি গাৰ্ড কৰ্পছ চমুকৈ IRGC-য়ে কৈছে যে- যেতিয়ালৈকে হৰমুজ প্ৰণালীত আমেৰিকাৰ কাৰ্যকলাপবোৰ চলি থাকিব, তেতিয়ালৈকে ইয়াৰ পৰা এটোপালো তেল বা গেছৰ ৰপ্তানি কৰা নহ'ব।
Read More
মৃত্যু হ’ব নেকি সোনম ৱাংচুকৰ ?

মৃত্যু হ’ব নেকি সোনম ৱাংচুকৰ ?

প্ৰশ্নকাকত ফাদিল আৰু শিক্ষা খণ্ডত অন্যান্য দুৰ্নীতিৰ অভিযোগত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সমাজকৰ্মী সোনম ৱাংচুকে আমৰণ অনশনত বহি আছে । এই অনশনে ইতিমধ্যে ১৮ দিনত ভৰি দিছে আৰু তেওঁৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট অৱনতি ঘটিছে । তেওঁৰ শৰীৰৰ ওজনো ৮.৫ কেজি হ্ৰাস পোৱা বুলি প্ৰকাশ পাইছে । এনে ক্ষেত্ৰত বাংচুকৰ জীৱনলৈ যিকোনো মুহূৰ্ততে ভাবুকি অহাৰ আশংকা কৰা হৈছে ।সোনম ৱাংচুকৰ অনশন বন্ধ কৰাৰ আহ্বান জনাই দাখিল কৰা এক আবেদনত কেন্দ্ৰ আৰু দিল্লী চৰকাৰক জাননী জাৰি কৰা হৈছে । ১৬ জুলাইত শুনানিৰ নিৰ্দেশ ।ৰাকেশ কুমাৰ ছৈনী নামৰ এগৰাকী অধিবক্তাই দিল্লী উচ্চ ন্যায়ালয়ত এই আবেদন কৰিছে । শুনানিৰ সময়ত অধিবক্তা ছৈনীয়ে…
Read More
বন বিভাগত চলি থকা ব্লেক মেইল সম্পূৰ্ণৰূপে বন্ধ হ’ব

বন বিভাগত চলি থকা ব্লেক মেইল সম্পূৰ্ণৰূপে বন্ধ হ’ব

বন বিভাগত চলি থকা ব্লেক মেইল সম্পূৰ্ণৰূপে বন্ধ হ’ব বন্যপ্ৰাণী সুৰক্ষাৰ নামত একাংশ লোকে চলাই থকা 'ব্লেক মেইল'ৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ পৰিছে বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱা। বন বিভাগৰ কাম-কাজ আৰু বন্য প্ৰাণী সুৰক্ষাৰ অচিলা লৈ একাংশ স্বাৰ্থান্বেষী লোকে সাধাৰণ তথা দৰিদ্ৰ ৰাইজক ভয়-ভাবুকিৰে হাৰাশাস্তি কৰাৰ যি ষড়যন্ত্ৰ চলাইছে,সেয়া কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। সদনত আলোচনাৰ মাজতে বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গৰজি উঠি কয় যে, একাংশ লোকে বন্য প্ৰাণীৰ সুৰক্ষাৰ নামত নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বিভাগটোক আৰু সৰ্বসাধাৰণক ব্লেক মেইল কৰি আহিছে। মই মন্ত্ৰী হৈ থকালৈকে বন বিভাগত এনেধৰণৰ কোনো ব্লেক মেইল চলিবলৈ দিয়া নহ’ব। বন বিভাগত…
Read More
কৃত্ৰিম বানৰ পাছতে যোৰাবাটত ভয়ংকৰ ভূমিস্খলন

কৃত্ৰিম বানৰ পাছতে যোৰাবাটত ভয়ংকৰ ভূমিস্খলন

কৃত্ৰিম বানৰ পাছতে যোৰাবাটত ভয়ংকৰ ভূমিস্খলন। গুৱাহাটী-শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰাবাট চকৰ সমীপত সাধাৰণ দিনৰ দৰেই সোমবাৰে পুৱাৰ ভাগত যান-বাহনৰ চলাচল হৈ আছিল। ঠিক তেনে সময়তে পাহাৰৰ এটা অংশৰ পৰা ধাৰাষাৰভাৱে ৰঙা মাটি আৰু ডাঙৰ শিল বাগৰি আহে। কৃত্ৰিম বানৰ পাছতে যোৰাবাটত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। ব্যস্ত ৰাজপথত তীব্ৰ যান-জঁটৰ মাজতেই পাহাৰৰ ৰঙা মাটি খহি ৰাজপথৰ ওপৰত পৰে। যাত্ৰীবাহী বাছ, সৰু গাড়ী আৰু ট্ৰাক আদি ৰৈ থকাৰ মাজতেই এই ভূমিস্খলন হোৱাত কথমপি প্ৰাণৰক্ষা পৰে বহু যাত্ৰী।পথৰ ওপৰত বিশাল মাটিৰ স্তূপ জমা হোৱাৰ ফলত গুৱাহাটীৰ পৰা মেঘালয় তথা বৰাক উপত্যকা আৰু উজনি অসম সংযোগী ঘাইপথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।ঘটনাৰ খবৰ পোৱাৰ পাছতেই…
Read More
সুৰা প্ৰস্তুত কৰা কোম্পানীলৈ জাননী…

সুৰা প্ৰস্তুত কৰা কোম্পানীলৈ জাননী…

দেশৰ খাদ্য সুৰক্ষা নিয়ন্ত্ৰক সংস্থা ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অৱ ইণ্ডিয়া (এফএছএছএআই)-এ বিভিন্ন সুৰা প্ৰস্তুতকাৰী সংস্থালৈ জাননী জাৰি কৰিছে।পৰিদৰ্শনৰ সময়ত ৰাম, ব্ৰেণ্ডি, জিন, হুইস্কি, ৱাইন আৰু বীয়েৰ দৰে সুৰাত প্ৰাকৃতিক সোৱাদ আৰু সুগন্ধ অনুকৰণ কৰিবলৈ কৃত্ৰিম ফ্লেভাৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।এফএছএছএআইয়ে সদৰী কৰা অনুসৰি, মদ্যপানীয়সমূহত কেৱল স্বাভাৱিকভাৱে উৎপন্ন হোৱা সোৱাদ আৰু সুগন্ধ থাকিব লাগিব। Food Safety and Standards (Alcoholic Beverages) Regulations, 2018-ৰ বিধি অনুসৰি, ব্লেণ্ডেড স্পিৰিটৰ ক্ষেত্ৰত লেবেলত উল্লেখ কৰা সংৰক্ষণকাল মিশ্ৰণত ব্যৱহৃত আটাইতকৈ কম বয়সৰ স্পিৰিটৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰিব লাগে। কিন্তু কিছুমান প্ৰস্তুতকাৰীয়ে কৃত্ৰিমভাৱে এনে ফ্লেভাৰ মিহলোৱাৰ প্ৰমাণ পোৱা গৈছে।কিন্তু বহু পণ্যত ‘Aged’ আদি শব্দ…
Read More