উত্তৰ-পূৱ

মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ প্ৰত্যাহ্বান, ২০২৯ৰ বাবে আগতীয়াকৈ সংকেত

মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ প্ৰত্যাহ্বান, ২০২৯ৰ বাবে আগতীয়াকৈ সংকেত

মৰিয়নী বিধানসভা সমষ্টিত ধাৰাবাহিক বিজয়ৰ ধাৰা অব্যাহত ৰাখি বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে ২০২৯ চনৰ নিৰ্বাচনৰ বাবে বিৰোধীলৈ এক তীব্ৰ প্ৰত্যাহ্বান জনায়। সোমবাৰে নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছত নিজৰ বিজয় নিশ্চিত কৰি উৎসাহিত হৈ পৰা কুৰ্মীয়ে মৰিয়নীৰ ৰাজনীতিত তেওঁৰ একছত্ৰী আধিপত্যৰ কথা দোহাৰে। মৰিয়নীৰ ভোটাৰে তেওঁৰ ওপৰত দেখুওৱা আস্থাৰ পাছত তেওঁ এতিয়াৰ পৰাই পৰৱৰ্তী নিৰ্বাচনৰ যুঁজখনৰ বাবে মানসিকভাৱে সাজু হোৱাৰ ইংগিত দিয়ে। বিজয় সাব্যস্ত কৰাৰ পাছত সাংবাদিকৰ মুখামুখি হৈ ৰূপজ্যোতি কুৰ্মীয়ে কয়, "সাহস আছে যদি ২০২৯ চনত মোক মৰিয়নীত হৰুৱাই দেখুৱাওক। মই নিৰ্বাচন নেখেলিলেও মোৰ পত্নীয়ে নিৰ্বাচন খেলিলেও জিকিব। কাৰণ মৰিয়নীৰ ৰাইজে মোক ভাল পায় আৰু মই ৰাইজৰ কাম কৰোঁ।" তেওঁ লগতে…
Read More
বেদখল সমস্যা নিয়ন্ত্ৰণত কঠোৰ নীতিৰ ইংগিত, মুখ্যমন্ত্ৰীৰ মন্তব্য

বেদখল সমস্যা নিয়ন্ত্ৰণত কঠোৰ নীতিৰ ইংগিত, মুখ্যমন্ত্ৰীৰ মন্তব্য

অসম বিধানসভা নিৰ্বাচনত গেৰুৱা বাহিনীৰ বিশাল বিজয়ৰ পাছতে বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছত গুৱাহাটীস্থিত দলীয় কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অনাগত দিনত চৰকাৰী আৰু বনভূমিৰ বেদখল মুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ হুংকাৰ দিয়ে। এই ঐতিহাসিক বিজয়ে তেওঁৰ চৰকাৰৰ উচ্ছেদ নীতিৰ প্ৰতি ৰাইজৰ সমৰ্থন থকাটোকে প্ৰমাণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ প্ৰথম কাৰ্যকালত চৰকাৰে ১.৫ লাখ বিঘা চৰকাৰী আৰু বনভূমি উদ্ধাৰ কৰিছিল। অনাগত দ্বিতীয় কাৰ্যকালত বাকী থকা প্ৰায় ৫ লাখ বিঘা ভূমি বেদখলকাৰীৰ হাতৰ পৰা মুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে তেওঁৰ চৰকাৰে। "অসমত এতিয়াও…
Read More
বেয়া বতৰৰ প্ৰভাৱঃ পবিতৰাত স্থগিত হাতী ছাফাৰী

বেয়া বতৰৰ প্ৰভাৱঃ পবিতৰাত স্থগিত হাতী ছাফাৰী

পবিতৰা অভয়াৰণ্যত আজিৰে পৰা বন্ধ হ’ব হাতী ছাফাৰী। ২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে আজিৰে পৰা অৰ্থাৎ ৫ মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ হাতী ছাফাৰী সাময়িকভাৱে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বন বিভাগে। বৰ্তমানৰ প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ খণ্ড বন বিষয়াই এক চৰকাৰী জাননীৰ জৰিয়তে এই নিৰ্দেশনা জাৰি কৰে। প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটকৰ সুৰক্ষা তথা বন্যপ্ৰাণীৰ সুবিধাৰ বাবে বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখ্য যে বৰষুণৰ ফলত অভয়াৰণ্যৰ ভিতৰৰ পথসমূহ দুৰ্গম হৈ পৰাৰ সম্ভাৱনা থকা বাবে আগতীয়াকৈ এই নিৰ্দেশ জাৰি কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত অভয়াৰণ্যখনত হাতী ছাফাৰী সেৱা বন্ধ থাকিব। গুৱাহাটী বন্যপ্ৰাণী…
Read More
গৌৰৱ-লুৰিণ-দেৱব্ৰতৰ পৰাজয়, অখিলে নিশ্চিত কৰিলে গুৰুত্বপূৰ্ণ জয়

গৌৰৱ-লুৰিণ-দেৱব্ৰতৰ পৰাজয়, অখিলে নিশ্চিত কৰিলে গুৰুত্বপূৰ্ণ জয়

পুনৰ গেৰুৱা হ’ল অসম। এইবাৰ পূৰ্বতকৈও অধিক শক্তিশালীভাৱে নিজৰ আধিপত্য প্ৰদৰ্শন কৰি বিশাল বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ল বিজেপি মিত্ৰজোঁট। সোমবাৰে ঘোষিত হোৱা অসম বিধানসভা নিৰ্বাচনত শাসকপক্ষৰ বহু হেভিৱেট প্ৰাৰ্থীৰ বিশাল বিজয়ৰ বিপৰীতে ৰণত পৰিবলগীয়া হয় কংগ্ৰেছৰ প্ৰদেশ সভাপতি গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈৰ দৰে হেভিৱেট বিৰোধী প্ৰাৰ্থীয়ে। ৰাজ্যৰ ১২৬ টা সমষ্টিৰ ভোট গণনাৰ অন্তত এন ডি এ মিত্ৰজোঁটে দিছপুৰত ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰে। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিত ৮৯,৪৩৪ টা ভোটৰ ব্যৱধানত জয়লাভ কৰি ষষ্ঠবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয়। তেওঁ ১,২৭,১৫১ টা ভোট লাভ কৰি কংগ্ৰেছৰ বিদিশা নেওগক পৰাস্ত কৰে। নিৰ্বাচনৰ ঠিক পূৰ্বে…
Read More
আঞ্চলিক দলৰ উত্থান-পতনঃ মিত্ৰজোঁটত অগপ-বিপিএফৰ শক্তি অটুট

আঞ্চলিক দলৰ উত্থান-পতনঃ মিত্ৰজোঁটত অগপ-বিপিএফৰ শক্তি অটুট

সদ্যঘোষিত অসম বিধানসভা নিৰ্বাচনত পুনৰ সীমিত হৈ থকা পৰিলক্ষিত হ’ল আঞ্চলিক দলৰ ফলাফল। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ সহযোগী দল অসম গণ পৰিষদ আৰু বিপিএফে নিজৰ প্ৰভাৱ অক্ষুণ্ণ ৰখাৰ বিপৰীতে ৰাইজৰ দলে নিজৰ শক্তি সামান্য বৃদ্ধি কৰিবলৈ সক্ষম হয়। আনহাতে, অসম জাতীয় পৰিষদে এইবাৰো নিৰ্বাচনী যুঁজত বিশেষ কোনো সফলতা লাভ নকৰিলে। উল্লেখ্য যে, ফলাফল অনুসৰি, এন ডি এৰ অংশীদাৰ হিচাপে ২৬ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰা অগপই এইবাৰ ১০ খন আসনত বিজয় সাব্যস্ত কৰে। দলৰ সভাপতি অতুল বৰাই বোকাখাতৰ পৰা নিজৰ জয় অক্ষুণ্ণ ৰখাৰ লগতে কেশৱ মহন্ত, পৃথ্বীৰাজ ৰাভা আৰু বিকাশ শইকীয়াই ক্ৰমান্বয়ে কলিয়াবৰ, তেজপুৰ আৰু টীয়কৰ পৰা জয়লাভ কৰে। লক্ষণীয় যে ধৰ্মীয়…
Read More
ৰন্ধন গেছৰ ব্যৱহাৰত হ্ৰাস; পশ্চিম এছিয়াৰ সংঘাতৰ বাবে ভাৰতৰ ইন্ধন খণ্ডত নাটনি

ৰন্ধন গেছৰ ব্যৱহাৰত হ্ৰাস; পশ্চিম এছিয়াৰ সংঘাতৰ বাবে ভাৰতৰ ইন্ধন খণ্ডত নাটনি

বিগত এপ্ৰিল মাহত দেশত ১৬ শতাংশলৈ হ্ৰাস পাইছে ৰন্ধন গেছৰ ব্যৱহাৰ। পশ্চিম এছিয়াৰ যুদ্ধসদৃশ পৰিৱেশৰ বাবে যোগান ব্যৱাহত হোৱাৰ ফলতে ঘৰুৱা আৰু বাণিজ্যিক- দুয়োটা খণ্ডতে ইয়াৰ প্ৰভাৱ পৰিছে। পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ শেহতীয়া চৰকাৰী তথ্যই দেশৰ ইন্ধন খণ্ডৰ এই সংকটৰ ছবিখন স্পষ্ট কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি এপ্ৰিল মাহত এল পি জিৰ ব্যৱহাৰ আছিল ২.২ নিযুত টন। যোৱা বছৰৰ একে সময়ছোৱাত ২.৬২ নিযুত টন গেছ ব্যৱহাৰ হোৱাৰ বিপৰীতে এইবাৰ ব্যৱহাৰৰ হাৰ ১৬.১৬ শতাংশ নিম্নগামী হৈছে। আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ পাছত গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী বন্ধ হৈ পৰাৰ বাবে বিদেশৰ পৰা অহা যোগান ব্যৱস্থা বৰ্তমান স্তব্ধ হৈ পৰিছে। উল্লেখ্য যে ভাৰতে নিজৰ প্ৰয়োজনীয় এল পি…
Read More
নচলিল জেন-জিৰ যাদু! দুই উচ্চশিক্ষিতা প্ৰাৰ্থী কুংকী চৌধুৰী, জ্ঞানশ্ৰী বৰাৰ পৰাজয়

নচলিল জেন-জিৰ যাদু! দুই উচ্চশিক্ষিতা প্ৰাৰ্থী কুংকী চৌধুৰী, জ্ঞানশ্ৰী বৰাৰ পৰাজয়

অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত ৰণত পৰিল নতুন প্ৰজন্মৰ দুই উচ্চশিক্ষিতা প্ৰাৰ্থী কুংকী চৌধুৰী আৰু ড° জ্ঞানশ্ৰী বৰা। মধ্য গুৱাহাটী আৰু মৰিয়নী সমষ্টিত পৰিবৰ্তনৰ লক্ষ্যৰে প্ৰতিদ্বন্দ্বিতা কৰা এই দুই যুৱ নেত্ৰী অভিজ্ঞ ৰাজনীতিবিদৰ হাতত আজি ধৰাশায়ী হয়। ভোটাৰক আকৰ্ষিত কৰিবলৈ তেওঁলোকে যি আধুনিক শৈলীৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল, সেয়া ভোটবাকচত সফলতালৈ ৰূপান্তৰিত নহ’ল। মধ্য গুৱাহাটী সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাই ৮৪,৭৭৫ টা ভোট লাভ কৰি নিজৰ জয় নিশ্চিত কৰে। তেওঁৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ পৰা অৱতীৰ্ণ হোৱা কুংকী চৌধুৰীয় মাত্ৰ ৩২,৪৮৪ টা ভোটত থমকি ৰবলগীয়া হয়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিজেপি প্ৰাৰ্থী গুপ্তাই ৫২,২৯১ টা ভোটৰ বিশাল ব্যৱধানত কুংকীক…
Read More
বিজয়ৰ দল আগবঢ়িছে সংখ্যাগৰিষ্ঠতাৰ দিশে, তামিলনাডুত উল্লাসৰ ঢৌ

বিজয়ৰ দল আগবঢ়িছে সংখ্যাগৰিষ্ঠতাৰ দিশে, তামিলনাডুত উল্লাসৰ ঢৌ

তামিলনাডু বিধানসভা নিৰ্বাচনৰ ফলাফলত অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা বিজয়ৰ নেতৃত্বাধীন টিভিকে (TVK) দলে সংখ্যাগৰিষ্ঠতাৰ দিশে অগ্ৰসৰ হৈ এক অভূতপূৰ্ব জোৱাৰৰ সৃষ্টি কৰিছে। ২৩৪ খন আসনৰ ভিতৰত ইতিমধ্যে ১০৮ খনতকৈও অধিক সমষ্টিত বিজয়ে অগ্ৰগতি লাভ কৰি শাসনৰ গাদী দখলৰ যুঁজখনত শক্তিশালী স্থিতি প্ৰদৰ্শন কৰে। পানা ইউৰস্থিত দলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত হাজাৰ হাজাৰ কৰ্মী-সমৰ্থকে সমবেত হৈ মিঠাই বিতৰণ কৰি এতিয়াই বিজয়ক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে অভিহিত কৰে। সমগ্ৰ ৰাজ্যখনত বৰ্তমান বিজয়ৰ অনুৰাগীসকলে 'থালাপতি'ৰ জয়ধ্বনিৰে আকাশ-বতাহ কঁপাই তুলিছে। কেইবাটাও দূৰদৰ্শন চেনেলত বিজয়ৰ পিতৃ এছ এ চন্দ্ৰশেখৰ আৰু পৰিয়ালৰ লোকসকলে এই চমকপ্ৰদ ফলাফলক লৈ আনন্দ প্ৰকাশ কৰা দৃশ্য প্ৰচাৰিত হৈছে। বিশেষকৈ শাসকীয় ডি এম কেৰ…
Read More
ফলাফলক লৈ উদ্বেগ, তামিলনাডুত টিভিকে অনুৰাগীৰ আত্মহননৰ চেষ্টা

ফলাফলক লৈ উদ্বেগ, তামিলনাডুত টিভিকে অনুৰাগীৰ আত্মহননৰ চেষ্টা

আজি অনুষ্ঠিত হৈছে অসমসহ ৫ ৰাজ্যৰ নিৰ্বাচনৰ ভোটগণনা। অসম, পশ্চিমবংগ, কেৰালা, পুডুচেৰী আৰু তামিলনাডুত অব্যাহত থকা ভোটগণনাৰ মাজতে তামিলনাডুত সংঘটিত হয় এক ভয়ংকৰ কাণ্ড। এইবাৰ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অভিনেতা থালাপতি বিজয়ৰ দল টি ভি কেৰ পৰাজয়ৰ উৰাবাতৰিত দুখী হৈ আত্মহননৰ চেষ্টা চলায় এজন সমৰ্থকে। ২৮ বছৰীয়া কে মহেন্দ্ৰন নামৰ যুৱকজনে নিজৰ প্ৰিয় নেতা তথা টিভিকে দলৰ মুৰব্বীগৰাকী নিৰ্বাচনত হাৰিব বুলি শুনি এই চৰম পথ বাছি লয়। আজি পুৱা ভোট গণনা আৰম্ভ হোৱাৰ ঠিক আগমুহূৰ্ততে নিজ ঘৰৰ সমীপতে যুৱকজনে এই ভয়ংকৰ কাণ্ডটো সংঘটিত কৰে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় ৰাইজে মহেন্দ্ৰনক উদ্ধাৰ কৰি কৃষ্ণাগিৰি চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ…
Read More
লখিমপুৰত বন বিভাগত অনিয়মৰ অভিযোগ, গ্ৰেপ্তাৰৰ পাছতে কোটি টকীয়া কাৰবাৰৰ তথ্য পোহৰলৈ

লখিমপুৰত বন বিভাগত অনিয়মৰ অভিযোগ, গ্ৰেপ্তাৰৰ পাছতে কোটি টকীয়া কাৰবাৰৰ তথ্য পোহৰলৈ

বন বিষয়া শিৱাশীষ শাণ্ডিল্যৰ গ্ৰেপ্তাৰৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ লখিমপুৰ বন বিভাগৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ ধন দাবীৰ অভিযোগ। এজন বৈধ কুৱেৰী অনুজ্ঞাপত্ৰ ধাৰীয়ে বন বিভাগৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া শোষণ আৰু ছিণ্ডিকেটৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ জিলাখনতে জোকাৰণিৰ সৃষ্টি কৰিছে। বিভাগীয় বিষয়াৰ পৰা তলতীয়া কৰ্মচাৰীলৈকে চলি থকা এই 'পদ্ধতিগত লুণ্ঠন'ৰ কাহিনীয়ে এতিয়া প্ৰশাসনৰ স্বচ্ছতাক লৈ অৱতাৰণা কৰিছে ডাঙৰ প্ৰশ্নচিহ্নৰ। ইন্দ্ৰজিৎ মৰাং ওৰফে মাইকেল নামৰ ব্যৱসায়ীজনে দেওবাৰে সংবাদ মাধ্যমৰ আগত বিস্ফোৰক দাবী কৰি কয়, "বিগত ২৫ বছৰত কেৱল ব্যৱসায়টো জীয়াই ৰাখিবলৈকে মই বন বিভাগক প্ৰায় ৫ কোটি টকাৰ অবৈধ ধন আদায় দিবলগীয়া হৈছে।" বালি আৰু শিলৰ বৈধ অনুজ্ঞাপত্ৰ থকাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষৰ…
Read More