উত্তৰ-পূৱ

স্বাস্থ্য বিভাগৰ নিযুক্তিক লৈ বাজেটৰ পৰা আহিল এটা ভাল খবৰ

স্বাস্থ্য বিভাগৰ নিযুক্তিক লৈ বাজেটৰ পৰা আহিল এটা ভাল খবৰ

স্বাস্থ্য বিভাগৰ নিযুক্তিক লৈ বাজেটৰ পৰা আহিল এটা ভাল খবৰ। স্বাস্থ্য বিভাগত ৩৩,২৪০টা পদত নতুনকৈ নিযুক্তি প্ৰদান কৰিব চৰকাৰে। এই সন্দৰ্ভত বাজেট ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্রতিষ্ঠানসমূহৰ বাবে ৬,৮১৪ গৰাকী এম বি বি এছচিকিৎসক, ৮২ গৰাকী আয়ুষ চিকিৎসক, ২২ গৰাকী দন্ত চিকিৎসক, ১০,৯৪২ গৰাকী ষ্টাফ নাৰ্ছ, ৪,৬৬৯ গৰাকী ফার্মাচিষ্ট, ৪,৬৬৯ গৰাকী লেবৰেটৰী টেকনিচিয়ান, ৬৭ গৰাকী ৰেডিঅ'গ্ৰাফাৰ, ১,২৮৩ গৰাকী এ এন এম, ৪,৬২৫ গৰাকী নিম্ন বৰ্গৰ সহায়ক/একাউন্টটেন্ট আৰু ৬৭ গৰাকী ড্ৰেছাৰ সহিতে প্রায় ৩৩,২৪০ টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ।
Read More
পুৰুষ কৰ্মচাৰীয়ে সন্তান যত্নৰ বাবে লাভ কৰিব ১৪দিনৰ পিতৃত্বকালীন ছুটি

পুৰুষ কৰ্মচাৰীয়ে সন্তান যত্নৰ বাবে লাভ কৰিব ১৪দিনৰ পিতৃত্বকালীন ছুটি

এতিয়াৰে পৰা সন্তান জন্মহোৱাৰ পাছত কেৱল মহিলাই নহয়, পুৰুষেও লাভ কৰিব ছুটি। ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো পুৰুষ কৰ্মচাৰীয়ে সন্তান যত্নৰ বাবে লাভ কৰিব ১৪দিনৰ পিতৃত্বকালীন ছুটি। অচিৰেই এই নতুন নিয়ম কাৰ্যকৰী হ'ব অসমত। জয়ন্ত মল্ল বৰুৱাই এই ঘোষণা কৰি কয় যে, সন্তানৰ জন্মত উতসাহিত কৰিবলৈ আমাৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
Read More
ইমাম ৰেজাৰ মছজিদত সমাধিষ্ঠ আলী খোমেনেইক

ইমাম ৰেজাৰ মছজিদত সমাধিষ্ঠ আলী খোমেনেইক

লাখ লাখ জনতাৰ সমাগমৰ মাজতে পূব ইৰাণত থকা খোমেনেইৰ গৃহ চহৰ মাছহাদৰ ইমাম ৰেজাৰ মছজিদলৈ লৈ যোৱা হৈছিল পতাকাৰে আবৃত তেওঁৰ কফিনটো ৷খোমেনেইৰ পুত্ৰ তথা উত্তৰাধিকাৰী মোজতাবা খোমেনেই ৰাজহুৱাভাৱে উপস্থিত থকা কোনেও দেখা নাপালে এই অনুষ্ঠানত ।ছয়দিনীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শেষৰ দিনটোত মাছহাদত খোমেনেইৰ সমাধিস্থলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হৈছিল ৷ নিযুক্তি পোৱাৰ পিছত এতিয়াও ৰাজহুৱা স্থানত হাজিৰ নোহোৱা মোজতাবা খোমেনেই এই অনুষ্ঠানলৈ আহিছিল নে নাই তাৰ ওপৰত নজৰ ৰখা হয় ।
Read More
লখিমপুৰত নিশা গৰজিল আৰক্ষীৰ বন্দুক

লখিমপুৰত নিশা গৰজিল আৰক্ষীৰ বন্দুক

লখিমপুৰত বৃহস্পতিবাৰে নিশা গৰজিল আৰক্ষীৰ বন্দুক । ধৰাশায়ী হ’ল দুই জালনোট সৰবৰাহকাৰী ।শেহতীয়া খবৰ অনুসৰি, কেইদিনমানৰ পৰা জিলাখনৰ বিভিন্ন ঠাইত লাখ লাখ জালনোট উদ্ধাৰ, সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা ঘটনাৰ পাছত বৃহস্পতিবাৰে নিশা গৰজিল উঠিল আৰক্ষীৰ বন্দুক ।আৰক্ষীৰ গুলীত আহত হয় মুকছিদুল আলম আৰু মতিবুৰ ৰহমান নামৰ দুই অভিযুক্ত ৷ সম্প্ৰতি আহত ধৃত দুই অভিযুক্ত চিকিৎসাধীন হৈ আছে ৷
Read More
পিতৃ-মাতৃক কোনো সন্তানে কৰিব নোৱাৰিব অবহেলা

পিতৃ-মাতৃক কোনো সন্তানে কৰিব নোৱাৰিব অবহেলা

বৃদ্ধকালত পিতৃ-মাতৃক কোনো সন্তানে অনাদৰ কৰিলে তেনে সন্তানক সকলো পৈতিক সা-সম্পত্তি পৰা আইনগতভাৱে বঞ্চিত কৰিব পাৰিব। বম্বে উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ ৰায়দানত স্পষ্ট কৰি দিছে যে যদি সন্তানৰ লালন-পালন কৰাৰ পিছতো তেওঁলোকে বৃদ্ধ বয়সত পিতৃ-মাতৃৰ চোৱাচিতা নকৰে, তেন্তে পিতৃ-মাতৃয়ে সন্তানক দিয়া নিজৰ সম্পত্তি ঘূৰাই লোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে। আনকি পিতৃ-মাতৃ আৰ্থিকভাৱে স্বাৱলম্বী হ’লেও এই নিয়ম প্ৰযোজ্য হ’ব বুলি আদালতে কয়।
Read More
বন বিভাগৰ বৃহৎ অভিযান

বন বিভাগৰ বৃহৎ অভিযান

আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগে আৰম্ভ কৰিলে তীব্ৰ অভিযান।১০০ শতাংশ অবৈধ কাঠফলা মিল বন্ধ হব লাগিব বুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ঘোষণা কৰাৰ পাছতে দেখিবলৈ পোৱা গল বন বিভাগৰ এক্সন মুড। বিগত সপ্তাহৰ পৰা আৰম্ভ কৰা এই অভিযানত সৰ্বাধিক ৬টা মিল জব্দ কৰাৰ লগতে আৰু প্ৰায় ১১ টা মিল সম্পূৰ্ণৰূপে ধ্বংস কৰিছে ৰঙিয়া বন বিভাগে।আজি নগাঁৱৰ চাপানালা খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বাজিয়াগাওঁ,গৰম তিনিআলি,গেৰুৱামুখত অভিযান চলাই অবৈধ কাঠফলা মিল আৰু চোৰাংকৈ সৰবৰাহ কৰা মাকৈ শাল জব্দ কৰে।
Read More
দিল্লী আৰক্ষীৰ বৃহৎ সফলতা

দিল্লী আৰক্ষীৰ বৃহৎ সফলতা

দিল্লী আৰক্ষীৰ বিশেষ কোষে আইএছআই পৃষ্ঠপোষকতাত চলি থকা এক আন্তঃৰাজ্যিক সন্ত্ৰাসবাদী আৰু অস্ত্ৰ সৰবৰাহ নেটৱৰ্কৰ চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি, গ্ৰেপ্তাৰ হোৱা চাৰিজনৰ ভিতৰত তিনিজন পঞ্জাবৰ আৰু এজন দিল্লীৰ বাসিন্দা। তেওঁলোকে দিল্লীত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে। গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকল হৈছে শুভদীপ সিং, গুৰজণ্ট সিং, সাজন সিং আৰু গগনপ্ৰীৎ। আৰক্ষীৰ অভিযোগ অনুসৰি, পাকিস্তানস্থিত আইএছআই হেণ্ডলাৰ শাহজাদ ভট্টী আৰু তেওঁৰ সহযোগীসকলৰ নিৰ্দেশত এই ৪ যুৱকে কাম কৰি আছিল।
Read More
ৰাম মন্দিৰত দানৰ ধন আত্মসাতৰ অভিযোগত ৮জনক গ্ৰেপ্তাৰ

ৰাম মন্দিৰত দানৰ ধন আত্মসাতৰ অভিযোগত ৮জনক গ্ৰেপ্তাৰ

অযোধ্যাৰ ৰাম মন্দিৰত দানৰ ধন আত্মসাতৰ অভিযোগৰ তদন্তত এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। তদন্তকাৰী বিষয়াসকলে জানিবলৈ দিছে যে গ্ৰেপ্তাৰ হোৱা ৮জন অভিযুক্তৰ ভিতৰত ৬জনক বাৰানসীস্থিত এটা ব্যক্তিগত নিৰাপত্তা সংস্থাৰ জৰিয়তে নিযুক্তি দিয়া হৈছিল। এই সংস্থাটোক মন্দিৰত সংগৃহীত দানৰ নগদ ধন গণনাৰ বাবে কৰ্মচাৰী যোগান ধৰিবলৈ নিযুক্ত কৰা হৈছিল।ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, গ্ৰেপ্তাৰ হোৱা ৮জনৰ ভিতৰত ৬জনেই বাৰাণসীস্থিত সৈনিক ছিকিউৰিটী ছাৰ্ভিচ ৰ কৰ্মচাৰী আছিল। সংস্থাটোৱে ৰাম মন্দিৰত দান হিচাপে সংগৃহীত নগদ ধন গণনাৰ বাবে কৰ্মচাৰী যোগান ধৰিছিল বুলি জানিব পৰা গৈছে।ৰাম মন্দিৰৰ দান-বৰঙণিৰ ধন আত্মসাতৰ অভিযোগত আৰক্ষীয়ে এতিয়ালৈকে ৮জন লোকক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তসকল হৈছে অনুকল্প মিশ্ৰ, লৱকুশ মিশ্ৰ, ৰামশংকৰ যাদৱ ওৰফে…
Read More
পুনৰ অসমৰ শ্রমিকৰ মৃত্যু

পুনৰ অসমৰ শ্রমিকৰ মৃত্যু

বৃহস্পতিবাৰে পুৱাই আহিল এক বেয়া খবৰ ৷ তথ্য অনুসৰি, বেংগালুৰু দক্ষিণ জিলাৰ মদাপট্না গাঁৱত সংঘটিত হয় এক শোকাৱহ ঘটনা । পাহাৰৰ প্ৰকাণ্ড এটা শিল বাগৰি সেই স্থানত কাম কৰি থকা কেবাজনো শ্ৰমিকৰ ওপৰত পৰে ৷ প্ৰায় ৪০ ফুট ওপৰৰ পৰা শিল পৰাৰ ফলত ৭ জন লোকৰ মৃত্যু হয় । কাবেৰী ক্ৰাছাৰৰ মালিকানাধীন এটা শিলৰ কুৱেৰীত সংঘটিত হয় এই দুৰ্ঘটনাটো ।জানিব পৰা মতে, নিহত শ্ৰমিককেইজন অসম আৰু বিহাৰৰ । প্ৰশাসনে বৰ্তমান উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও শিলৰ তলত আৰু অধিক শ্ৰমিক আবদ্ধ হৈ থকা বুলি সন্দেহ কৰা হৈছে ৷
Read More
মূল্যবৃদ্ধিৰ মাজতে গ্ৰাহকৰ বাবে আহিছে ভাল খবৰ

মূল্যবৃদ্ধিৰ মাজতে গ্ৰাহকৰ বাবে আহিছে ভাল খবৰ

মূল্যবৃদ্ধিৰ মাজতে গ্ৰাহকৰ বাবে আহিছে ভাল খবৰ। জুলাই মাহৰ প্ৰথমটো দিনতে হ্ৰাস পালে চিলিণ্ডাৰৰ দাম। নতুনকৈ নিৰ্ধাৰণ কৰা চিলিণ্ডাৰৰ মূল্য আজিৰে পৰা সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হৈছে। উল্লেখ্য যে, ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য একেলগে ১৮৩.৫০ টকা হ্ৰাস কৰা হৈছে। এই হ্ৰাসৰ ফলত হোটেল, ৰেষ্টুৰেণ্ট আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল লাভান্বিত হ’ব। বাণিজ্যিক চিলিণ্ডাৰৰ সমান্তৰালভাৱে ৫ কিলোগ্ৰাম ওজনৰ সৰু চিলিণ্ডাৰৰ মূল্যও প্ৰতি চিলিণ্ডাৰত ১৩ টকাকৈ হ্ৰাস কৰা হৈছে।
Read More