25
May
শেহতীয়া অসম বিধানসভা নিৰ্বাচনত এক ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছতেই কাইলৈ ২৬ মে’ত গুৱাহাটীত আয়োজন কৰা হৈছে এক বিশাল সম্বৰ্ধনা অনুষ্ঠানৰ। ৰাজ্যত ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰা বিজেপি দলৰ সকলো নৱ-নিৰ্বাচিত ৮২ গৰাকী বিধায়কক অসম প্ৰদেশ বিজেপিৰ তৰফৰ পৰা এই অনুষ্ঠানত বিশেষভাৱে সন্মানিত কৰা হ’ব। কাইলৈ সন্ধিয়া ৬ বজাত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই মূল কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি দলৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত জানিব পৰা গৈছে। এই সম্বৰ্ধনা অনুষ্ঠানৰ পূৰ্বে কাইলৈ পুৱা ১০ বজাৰ পৰা শ্ৰী শ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহত ৰাজ্যৰ সকলো জিলা আৰু মণ্ডল সভাপতিৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ সাংগঠনিক বৈঠক অনুষ্ঠিত হ’ব।…
