বৃহস্পতিবাৰে পুৱাই আহিল এক বেয়া খবৰ ৷ তথ্য অনুসৰি, বেংগালুৰু দক্ষিণ জিলাৰ মদাপট্না গাঁৱত সংঘটিত হয় এক শোকাৱহ ঘটনা । পাহাৰৰ প্ৰকাণ্ড এটা শিল বাগৰি সেই স্থানত কাম কৰি থকা কেবাজনো শ্ৰমিকৰ ওপৰত পৰে ৷ প্ৰায় ৪০ ফুট ওপৰৰ পৰা শিল পৰাৰ ফলত ৭ জন লোকৰ মৃত্যু হয় । কাবেৰী ক্ৰাছাৰৰ মালিকানাধীন এটা শিলৰ কুৱেৰীত সংঘটিত হয় এই দুৰ্ঘটনাটো ।জানিব পৰা মতে, নিহত শ্ৰমিককেইজন অসম আৰু বিহাৰৰ । প্ৰশাসনে বৰ্তমান উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও শিলৰ তলত আৰু অধিক শ্ৰমিক আবদ্ধ হৈ থকা বুলি সন্দেহ কৰা হৈছে ৷
পুনৰ অসমৰ শ্রমিকৰ মৃত্যু
