মূল্যবৃদ্ধিৰ মাজতে গ্ৰাহকৰ বাবে আহিছে ভাল খবৰ। জুলাই মাহৰ প্ৰথমটো দিনতে হ্ৰাস পালে চিলিণ্ডাৰৰ দাম। নতুনকৈ নিৰ্ধাৰণ কৰা চিলিণ্ডাৰৰ মূল্য আজিৰে পৰা সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হৈছে।
উল্লেখ্য যে, ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য একেলগে ১৮৩.৫০ টকা হ্ৰাস কৰা হৈছে। এই হ্ৰাসৰ ফলত হোটেল, ৰেষ্টুৰেণ্ট আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল লাভান্বিত হ’ব। বাণিজ্যিক চিলিণ্ডাৰৰ সমান্তৰালভাৱে ৫ কিলোগ্ৰাম ওজনৰ সৰু চিলিণ্ডাৰৰ মূল্যও প্ৰতি চিলিণ্ডাৰত ১৩ টকাকৈ হ্ৰাস কৰা হৈছে।
