কৃত্ৰিম বানৰ পাছতে যোৰাবাটত ভয়ংকৰ ভূমিস্খলন

কৃত্ৰিম বানৰ পাছতে যোৰাবাটত ভয়ংকৰ ভূমিস্খলন।

গুৱাহাটী-শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰাবাট চকৰ সমীপত সাধাৰণ দিনৰ দৰেই সোমবাৰে পুৱাৰ ভাগত যান-বাহনৰ চলাচল হৈ আছিল। ঠিক তেনে সময়তে পাহাৰৰ এটা অংশৰ পৰা ধাৰাষাৰভাৱে ৰঙা মাটি আৰু ডাঙৰ শিল বাগৰি আহে। কৃত্ৰিম বানৰ পাছতে যোৰাবাটত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। ব্যস্ত ৰাজপথত তীব্ৰ যান-জঁটৰ মাজতেই পাহাৰৰ ৰঙা মাটি খহি ৰাজপথৰ ওপৰত পৰে। যাত্ৰীবাহী বাছ, সৰু গাড়ী আৰু ট্ৰাক আদি ৰৈ থকাৰ মাজতেই এই ভূমিস্খলন হোৱাত কথমপি প্ৰাণৰক্ষা পৰে বহু যাত্ৰী।পথৰ ওপৰত বিশাল মাটিৰ স্তূপ জমা হোৱাৰ ফলত গুৱাহাটীৰ পৰা মেঘালয় তথা বৰাক উপত্যকা আৰু উজনি অসম সংযোগী ঘাইপথটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।ঘটনাৰ খবৰ পোৱাৰ পাছতেই স্থানীয় আৰক্ষী আৰু প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে। ৰাজপথৰ পৰা মাটি আঁতৰাই যাতায়ত ব্যৱস্থা পুনৰ সচল কৰিবলৈ জেচিবি ব্যৱহাৰ কৰি উদ্ধাৰ কাৰ্য চলাই থকা হৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *