আজিৰে পৰা দুমাহৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং

আজিৰে পৰা দুমাহৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। কাৰিকৰী বিজুতিৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। এই সময়ছোৱাত দলংখনেৰে সকলো ধৰণৰ যান-বাহনৰ চলাচল দুয়োফালৰ পৰা নিষিদ্ধ কৰা হৈছে।পুৰণি শৰাইঘাটৰ দলং বন্ধ থকাৰ সময়ছোৱাত নতুন দলঙেৰে হ’ব যাতায়াত। মেৰামতিৰ কাম সুচাৰুৰূপে চলাই নিবলৈ আৰু যান-জঁটৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰশাসনে ৩১ জুলাইলৈকে গধূৰ যান-বাহনৰ গতিপথ সলনি কৰি দিছে।এই নতুন নিয়ম কেৱল গধূৰ মালবাহী বাহনসমূহৰ বাবেহে প্ৰযোজ্য হ’ব। যাত্ৰীবাহী বাছ আৰু সৰু ব্যক্তিগত বাহনসমূহ এই নিষেধাজ্ঞাৰ আওতাৰ পৰা মুক্ত থাকিব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *