উত্তৰ-পূৱ

এন​​এইচপিচিৰ সুৰংগ ভাঙি ২০ জনৰ মৃত্যু

এন​​এইচপিচিৰ সুৰংগ ভাঙি ২০ জনৰ মৃত্যু

ছিকিমৰ নামচি জিলাত তিস্তা ষ্টেজ ষষ্ঠ জলবিদ্যুৎ প্ৰকল্পত সোমবাৰে নিৰ্মাণৰত এন​​এইচপিচি এটা সুৰংগ ভাঙি বৰ্তমান পৰ্যন্ত ২২ জন শ্ৰমিকৰ মৃত্যু হৈছে ৷ সুৰংগত মৃত্যু হোৱা শ্ৰমিকসকলৰ এজনক অসমৰ বুলি চিনাক্ত কৰা হৈছে ৷ সুৰংগৰ ভিতৰত এতিয়াও ৩ জন শ্ৰমিক আবদ্ধ হৈ আছে । তেওঁলোকক বিচাৰি বৰ্তমান প্ৰশাসনৰ লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷নামচিৰ আৰক্ষী অধীক্ষক সোণম ডি ভূটিয়াই মঙলবাৰে কয় যে সুৰংগটোৰ ভিতৰত আবদ্ধ হৈ থকা ২৫ জন লোকৰ ভিতৰত ২০ জন লোকৰ মৃত্যু হৈছে । বুধবাৰলৈকে ৮টা মৃতদেহ চিনাক্ত কৰা হৈছে । ইয়াৰে চাৰিজন পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ হোৱাৰ বিপৰীতে পঞ্জাৱ, উত্তৰাখণ্ড, অসম আৰু ছিকিমৰ এজনকৈ শ্ৰমিকৰ মৃত্যু হৈছে ।
Read More
নিশা যুদ্ধক্ষেত্ৰত পৰিণত যন্তৰ মন্তৰ

নিশা যুদ্ধক্ষেত্ৰত পৰিণত যন্তৰ মন্তৰ

দিল্লীৰ যন্তৰ মন্তৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চল বুধবাৰে নিশা যুদ্ধক্ষেত্ৰত পৰিণত হয় ৷ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ক’কৰোচ্ছ জনতা পাৰ্টী আৰু ছাত্ৰ সংগঠনে আয়োজন কৰা বিক্ষোভৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয় ৷নিশা প্ৰায় ৮:১৫ বজাত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত পুনৰ সংঘৰ্ষ আৰম্ভ হয় আৰু এই সংঘৰ্ষই তীব্ৰ ৰূপ লয় ৷ প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰাৰ ফলত দিল্লী আৰক্ষী আৰু ৰেপিড একচন ফ’ৰ্চে লাঠি চাৰ্জ আৰু কন্দুৱা গেছ নিক্ষেপ কৰে ৷ নিশা ৮:৩০ বজাত আৰএএফে বাৰে বাৰে কন্দুৱা গেছ নিক্ষেপ কৰাৰ পাছতো প্ৰতিবাদকাৰীসকলে পিছুৱাই যাবলৈ অস্বীকাৰ কৰে ৷ একাংশ ছাত্ৰ-ছাত্ৰীয়ে আক্ৰমণাত্মক স্থিতি গ্ৰহণ…
Read More
দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ত পানীৰ স্তৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে

দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ত পানীৰ স্তৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে

নাগালেণ্ডত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত NEEPCO ৰ অধীনস্থ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাশয়ত পানীৰ স্তৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে। সম্ভাব্য প্লাৱন আৰু বিপদৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে সমগ্ৰ জিলাখনতে এক জৰুৰীকালীন সতৰ্কবাণী জাৰি কৰিছে।জিলা প্ৰশাসন আৰু NEEPCO কৰ্তৃপক্ষ একেৰাহে যোগাযোগত আছে। প্ৰকল্পটোৰ সুৰক্ষা আৰু পানীৰ গতি নিয়ন্ত্ৰণ নিশ্চিত কৰিবলৈ প্ৰয়োজন অনুসাৰে নিৰ্ধাৰিত নিয়ন্ত্ৰিত ৰূপত দৈয়াং বান্ধৰ গেটসমূহ মুকলি কৰি অতিৰিক্ত পানী এৰি দিয়া হ’ব পাৰে। লগতে দৈয়াং আৰু ধনশিৰি নদীৰ দুয়োপাৰৰ বাসিন্দা, নিম্নভূমি অঞ্চল আৰু নদী কাষৰীয়া ৰাইজক বিশেষভাৱে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। ৰাইজক প্ৰশাসনৰ নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিবলৈ অনুৰোধ জনোৱা হৈছে।
Read More
দিল্লী উত্তপ্ত হৈ থকাৰ মাজতে আহিছে এক ডাঙৰ খবৰ

দিল্লী উত্তপ্ত হৈ থকাৰ মাজতে আহিছে এক ডাঙৰ খবৰ

চি জে পিৰ আহ্বানত লাখ লাখ ছাত্ৰ- ছাত্ৰ তথা দল- সংগঠনৰ প্ৰতিবাদত সমগ্ৰ দিল্লী উত্তপ্ত হৈ থকাৰ মাজতে আহিছে এক ডাঙৰ খবৰ। কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি চৰ্ত বান্ধি দিছে পৰিবেশ কৰ্মী তথা বিশিষ্ট শিক্ষাবিদ সোণম ৱাংচুকে। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলকে ধৰি শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীৰে বিগত ২৫ দিনতকৈও অধিক সময় ধৰি অনশন কাৰ্যসূচী ৰূপায়ণ কৰি থকা সোণম ৱাংচুকে অনশন ভংগৰ চৰ্ত সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ এক বিশেষ পত্ৰ প্ৰেৰণ কৰিছে। চৰকাৰে যদি আন্দোলনকাৰী শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ স্পষ্ট আশ্বাস প্ৰদান কৰে, তেন্তে তেওঁ অনশন ভংগ কৰিব বুলি উল্লেখ কৰে। অন্যথা, এই ভোক হৰতাল অব্যাহত থাকিব বুলিও…
Read More
অসুস্থ নেকি জনপ্ৰিয় অভিনেতা ছলমান খান?

অসুস্থ নেকি জনপ্ৰিয় অভিনেতা ছলমান খান?

অসুস্থ নেকি জনপ্ৰিয় অভিনেতা ছলমান খান? বলিউডৰ ভাই জানৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। মুম্বাইত এক ৰাজহুৱা অনুষ্ঠানত উপস্থিত হোৱাৰ পাছত জনপ্ৰিয় অভিনেতাগৰাকীৰ ভিডিঅ’ক এটা সামাজিক মাধ্যমত অনুৰাগীসকলে চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে। চিন্তিত হৈছে ছলমান খানৰ অনুৰাগীসকল। শেহতীয়াকৈ ছলমান খানে বান্দ্ৰাস্থিত স্লাম ৰিহেবিলিটেশ্যন অথৰিটি (SRA)ৰ কাৰ্যালয়ৰ এক অনুষ্ঠানত উপস্থিত হয়। এই অনুষ্ঠানত তেওঁ সংস্থাটোৰ নতুনকৈ স্থাপন কৰা ডাটা কলেকশ্যন এণ্ড ভেৰিফিকেশ্যন ছাপ’ৰ্ট চেণ্টাৰ (আইটি ছাৰ্ভাৰ ৰূম) উদ্বোধন কৰে। ই-গভাৰ্নেন্স ব্যৱস্থাৰ দক্ষতা, সুৰক্ষা আৰু কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই সুবিধা আৰম্ভ কৰা হৈছে।অনুষ্ঠানৰ ভিডিঅ’সমূহ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে বহু ব্যৱহাৰকাৰীয়ে ছলমান খানৰ স্বাস্থ্যক লৈ উদ্বেগ প্ৰকাশ কৰে। এই…
Read More
পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক। এইবাৰ মহানগৰীৰ জালুকবাৰী আৰক্ষীৰ গুলীৰ লক্ষ্য হৈ পৰিল এটা গভাইত চোৰ। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা সময়তে আৰক্ষীয়ে চলোৱা গুলীচালনাত আজনবী আলী নামৰ এজন কুখ্যাত চোৰটো গুৰুতৰভাৱে আহত হয়। আহত চোৰটোৰ ঘৰ বৰপেটাত বুলি চিনাক্ত কৰা হৈছে।
Read More
জম্মু-কাশ্মীৰত প্ৰকৃতিৰ কালৰূপ

জম্মু-কাশ্মীৰত প্ৰকৃতিৰ কালৰূপ

জম্মু-কাশ্মীৰত প্ৰকৃতিৰ কালৰূপ। শনিবাৰে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ পুঞ্চ আৰু ৰাজৌৰী জিলাত সংঘটিত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা আকস্মিক বানে চৰম বিপৰ্যয় কঢ়িয়াই আনিছে। ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা এই প্ৰাকৃতিক দুৰ্যোগত ইতিমধ্যে ৬ গৰাকী লোকে কৰুণভাৱে প্ৰাণ হেৰুৱালগীয়া হৈছে। হঠাতে অহা বানে সমগ্ৰ অঞ্চলটোত বিস্তৰ ক্ষতিসাধন কৰিছে। বাসগৃহ, খেতি-পথাৰৰ লগতে আন্তঃগাঁথনিৰো ব্যাপক লোকচান হোৱা বুলি জানিব পৰা গৈছে। লগতে দুৰ্যোগৰ ফলত হোৱা ৬ জন লোকৰ মৃত্যুৰ খবৰে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।
Read More
এক হৃদয় বিদাৰক ঘটনা

এক হৃদয় বিদাৰক ঘটনা

এক হৃদয় বিদাৰক ঘটনা ৷ জীৱিত অৱস্থাতে গোটে গোটে এটি শিশুক গিলি থ’লে এটা ঘঁৰিয়ালে ৷ আচৰিত যেন লাগিলেও এয়া সঁচা ঘটনা ৷ উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনাটো ৷জানিব পৰা মতে, এজন কৃষকে পথাৰত ধান ৰুই আছিল ৷ খেতিয়কজনৰ নাম উদয় ৰাজ সিং ৷ তেওঁৰ লগত পথাৰলৈ আহিছিল বণ্ডী থানা এলেকাৰ টিকুৰি গাঁৱৰ বাসিন্দা তথা ১২ বছৰীয়া ভতিজাক সুনীল সিঙো ৷ খুৰাকে পথাৰত ব্যস্ত থকাৰ সময়তে সুনীলে কাষতে থকা নদীত হাত ধুবলৈ নামি যায় ৷তেনেতে এটা ঘঁৰিয়ালে ১২ বছৰীয়া সুনীলক নদীৰ মাজলৈ টানি নিয়ে ৷ সুনীলে চিঞৰ-বাখৰ কৰাত সেই সময়ত পথাৰত থকা খুৰাকৰ লগতে আন কেবাজনো লোকে হাতত লাঠী-জোং…
Read More
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক অঘটন

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক অঘটন

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক অঘটন। উদ্যানখনত কৰ্তব্যৰত অৱস্থাতে নিজৰ চাৰ্ভিচ ৰাইফলৰ পৰা ওলোৱা গুলীত গুৰুতৰভাৱে আহত হয় এজন বনকর্মী। আহত বনকৰ্মীজনক বিপিন ডেকা বুলি চিনাক্ত কৰা হৈছে।ঘটনাৰ পাছত বনকৰ্মীজনক ততাতৈয়াকৈ উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। তেওঁৰ অৱস্থা সংকটজনক হোৱাৰ বাবে GMCH-ৰ আই চি ইউ ত ভৰ্তি কৰাই চিকিৎসা চলাই থকা হৈছে।
Read More
ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আজি এক সোণালী অধ্যায়ৰ সূচনা

ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আজি এক সোণালী অধ্যায়ৰ সূচনা

ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আজি এক সোণালী অধ্যায়ৰ সূচনা । ভাৰতীয় মহাকাশ গৱেষণাৰ ইতিহাসত এক নতুন বিপ্লৱৰ সূচনা কৰি সম্পূৰ্ণ ব্যক্তিগত খণ্ডৰ প্ৰযুক্তিৰে নিৰ্মিত ‘বিক্ৰম-১’ৰকেটে মহাকাশলৈ উৰা মাৰিলে। হায়দৰাবাদস্থিত ষ্টাৰ্ট-আপ কোম্পানী ‘স্কাইৰুট এৰ’স্পেচ’ৰ দ্বাৰা নিৰ্মিত এই ছেটেলাইটোৰ উৎক্ষেপণক ভাৰতৰ ব্যক্তিগত মহাকাশ খণ্ডৰ বাবে আটাইতকৈ ডাঙৰ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে। ১২ বাজি ৫ মিনিটত এই ছেটেলাইটোৰ উৎক্ষেপণ কৰা হয়।
Read More