উত্তৰ-পূৱ

হিমন্ত বিশ্ব শৰ্মা মিছলীয়া

হিমন্ত বিশ্ব শৰ্মা মিছলীয়া

"হিমন্ত বিশ্ব শৰ্মা মিছলীয়া ৷ তেওঁ কৈছে তেওঁ হেনো মোৰ বিৰুদ্ধে মিটিং কৰা নাই ৷ তেওঁ মোৰ বিৰুদ্ধে দস্তুৰমত মিটিং কৰিছে ৷"—বিধানসভা নিৰ্বাচনত শিৱসাগৰত অখিল গগৈয়ে বিজয় সাব্যস্ত কৰাক লৈ হিমন্ত বিশ্ব শৰ্মাই কৰা কেতবোৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ কাজিৰঙাৰ দুৰ্গাপুৰ গাঁওস্থিত কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত সংবাদমাধ্যমৰ আগত গগৈয়ে ফটো প্ৰদৰ্শন কৰি কয়, "শিৱসাগৰত যদি কেম্পেইন নকৰিলে বুলি কৈছে তেন্তে মই ফটো দুখন দেখুৱাই দিওঁ, হিমন্ত বিশ্ব শৰ্মাই কেম্পেইন কৰিলে নে নাই ! মোৰ বিৰুদ্ধে দুখন ডাঙৰ ডাঙৰ মিটিং কৰিছে । ১৫ মাৰ্চৰ দিনা হিমন্ত বিশ্ব শৰ্মাই মোৰ বিৰুদ্ধে এখন ডাঙৰ মিটিং…
Read More
আজি অপাৰেচন সিন্দূৰ’ৰ এবছৰ পূৰ্তি

আজি অপাৰেচন সিন্দূৰ’ৰ এবছৰ পূৰ্তি

অপাৰেচন সিন্দূৰ’ৰ এবছৰ পূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ এক্স একাউণ্টৰ ডিছপ্লে’ পিকচাৰ পৰিৱৰ্তন কৰিছে। নিজৰ ফটোৰ পৰিৱৰ্তে মোদীয়ে ডিছপ্লে’ পিকচাৰত লগাইছে ‘অপাৰেচন সিন্দূৰ’ লিখা থকা এখন ফটো, য’ত আছে এখন জাতীয় পতাকা। প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সংকল্প পুনৰ ব্যক্ত কৰি লিখিছে, ‘‘সন্ত্ৰাসবাদক পৰাজিত কৰিবলৈ আৰু ইয়াৰ সহায়ক পৰিৱেশক ধ্বংস কৰিবলৈ আমি আমাৰ সংকল্পত পূৰ্বৰ দৰেই অটল আছো।’’
Read More
মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ

মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ

আজি মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ। পুৱা ৮ বজাৰ পিছত খোল খালে মন্দিৰৰ দুৱাৰ। ইয়াৰ পূৰ্বে সুন্দৰ ৰূপত সজাই তোলা হয় কেদাৰনাথ মন্দিৰ। অসমৰ জাঁপি আৰু প্ৰায় ৫১ কুইণ্টল ফুলৰ সহায়ত সজাই তোলা হয় বাবাৰ ধাম। মুকলিৰ সময়ত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীও উপস্থিত থাকে, তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে প্ৰাৰ্থনা কৰে। কেদাৰনাথ ধামত এই সময়ত প্ৰচণ্ড ঠাণ্ডাৰ মাজতো উপস্থিত হৈছে হাজাৰ হাজাৰ ভক্ত। এতিয়া ২২ এপ্ৰিলৰ পৰা অহা ৬ মাহলৈ কেদাৰনাথ ধামৰ দুৱাৰ খোলা থাকিব।
Read More
পশ্চিম বংগত হাই এলাৰ্ট জাৰি

পশ্চিম বংগত হাই এলাৰ্ট জাৰি

পশ্চিম বংগৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ ৪৮ ঘণ্টাৰ ভিতৰতে নিৰ্বাচনোত্তৰ হিংসাত্মই ব্যাপক ৰূপ লোৱা পৰিলক্ষিত হৈছে ৷ বুধবাৰে নিশা কলকাতাৰ উত্তৰ প্ৰান্তত অচিনাক্ত আক্ৰমণকাৰীয়ে বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক গুলীয়াই হত্যা কৰে ৷ এই হত্যাকাণ্ডৰ ফলত তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে অঞ্চলটোত উত্তেজনা বৃদ্ধি পায় । উত্তৰ ২৪ পৰগনা জিলাৰ মধ্যমগ্ৰামৰ দোলতালা অঞ্চলৰ দোহৰিয়াত বিজেপি নেতা তথা বিধায়ক শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰথক মটৰ চাইকেলেৰে অহা আক্ৰমণকাৰীয়ে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে ।এই ঘটনাই ৰাজ্যৰ ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে । পশ্চিম বংগত বিজেপিয়ে ঐতিহাসিক বিজয় নিশ্চিত কৰাৰ পাছতে…
Read More
অসমত নতুন চৰকাৰ গঠনৰ ক্ষণগণনা, ১২ মে’ৰ শপত গ্ৰহণৰ বাবে সাজু খানাপাৰা

অসমত নতুন চৰকাৰ গঠনৰ ক্ষণগণনা, ১২ মে’ৰ শপত গ্ৰহণৰ বাবে সাজু খানাপাৰা

অহা ১২ মে’ত অনুষ্ঠিত হ’ব অসমৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান। বুধবাৰে নিশা এই কথা সদৰি কৰে অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই। গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰিবলগীয়া এই ভব্য অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি শাসিত ৰাজ্যৰ কেইবাজনো মুখ্যমন্ত্ৰী এই সমাৰোহত উপস্থিত থাকিব বুলি মুখ্য সচিবগৰাকীয়ে জানিবলৈ দিয়ে। শপত গ্ৰহণ সমাৰোহৰ নিৰাপত্তা আৰু পৰিচালনাৰ দিশটো সুনিশ্চিত কৰিবলৈ মুখ্য সচিবগৰাকীয়ে আজি আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন নিয়ন্ত্ৰণ, ভি ভি আই পি প্ৰট’কল আৰু বিভিন্ন চৰকাৰী বিভাগৰ মাজত সমন্বয়…
Read More
তামিলনাডুৰ ৰাজনীতিত নতুন অধ্যায়: অন্তঃসত্ত্বা অৱস্থাতেই প্ৰথম নিৰ্বাচনত জয়ী পল্লৱী

তামিলনাডুৰ ৰাজনীতিত নতুন অধ্যায়: অন্তঃসত্ত্বা অৱস্থাতেই প্ৰথম নিৰ্বাচনত জয়ী পল্লৱী

তামিলনাডুৰ ৰাজনৈতিক যুঁজত আঠমহীয়া অন্তঃসত্ত্বা অৱস্থাতে বিজয় সাৱ্যস্ত কৰি এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এম আৰ পল্লৱী। অভিনেতা বিজয়ৰ নেতৃত্বাধীন টিভিকে দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি থিৰু ভি কা নগৰ সমষ্টিত এইগৰাকী মহিলাই এক অভূতপূৰ্ব জয় সাব্যস্ত কৰে। নিৰ্বাচনী ফলাফল অনুসৰি পল্লৱীয়ে ডি এম কেৰ শক্তিশালী প্ৰাৰ্থী কে এছ ৰবিচন্দ্ৰনক ২২,৩৩৩ টা ভোটৰ বৃহৎ ব্যৱধানত পৰাজিত কৰি বিধানসভালৈ নিৰ্বাচিত হয়। প্ৰচণ্ড শাৰীৰিক প্ৰত্যাহ্বান নেওচি পল্লৱীয়ে সমষ্টিটোৰ প্ৰতিটো ঘৰে ঘৰে গৈ চলোৱা নিৰ্বাচনী প্ৰচাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। আঠমহীয়া অন্তঃসত্ত্বা অৱস্থাতে প্ৰচাৰ চলাই থকাৰ সময়ত তেওঁ এবাৰ সংজ্ঞাহীন হৈ পৰিছিল। কিন্তু তাৰ পাছতো বিৰতি নোলোৱাকৈ জনসম্পৰ্ক অব্যাহত ৰাখিছিল পল্লৱীয়ে। বৰ্তমান চিকিৎসকে পল্লৱীক…
Read More
চৰকাৰ বদলৰ পাছত ‘দ্য বেংগল ফাইলছ’ক সবুজ সংকেত, এই শুকুৰবাৰে পশ্চিমবংগত মুক্তিলাভ

চৰকাৰ বদলৰ পাছত ‘দ্য বেংগল ফাইলছ’ক সবুজ সংকেত, এই শুকুৰবাৰে পশ্চিমবংগত মুক্তিলাভ

পশ্চিমবংগত বিজেপিৰ বিজয়ৰ পাছতেই অহা শুকুৰবাৰে মুক্তি লাভ কৰিব বিবেক অগ্নিহোত্ৰীৰ বহু চৰ্চিত বোলছবি ‘দ্য বেংগল ফাইলছ’। যোৱা বৰ্ষৰ ছেপ্টেম্বৰ মাহত ছবিখন দেশজুৰি মুক্তি পাইছিল যদিও ৰাজ্যখনত ই তীব্ৰ ৰাজনৈতিক বাধাৰ সন্মুখীন হৈছিল। ৰাজ্যখনৰ শেহতীয়া শাসনকালৰ পৰিৱৰ্তনৰ পাছতে পৰিচালকগৰাকীয়ে এতিয়া পশ্চিমবংগৰ ছবিগৃহত এই ছবিখন প্ৰদৰ্শিত হোৱাৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে বিবেক অগ্নিহোত্ৰীয়ে ছবিখনৰ মুক্তিৰ বাধা সন্দৰ্ভত মমতা বেনাৰ্জীৰ চৰকাৰক কঠোৰ সমালোচনা কৰে। তেওঁ অভিযোগ কৰে যে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰাৰ পৰা আৰম্ভ কৰি বিতৰণলৈকে প্ৰতিটো পৰ্যায়ত তেওঁক বাধা হৈছিল আৰু তেওঁ আনকি শাৰীৰিক আক্ৰমণৰো সন্মুখীন হ’বলগীয়া হৈছিল। অগ্নিহোত্ৰীয়ে কয়, "মোৰ বিৰুদ্ধে ডজনৰো অধিক এজাহাৰ দাখিল কৰি মোক বেংগলত বাতিল…
Read More
বিজেপিয়ে অসমত ৰাজনৈতিক পৰীক্ষা চলাইছে বুলি অভিযোগ গৌৰৱ গগৈৰ, কংগ্ৰেছ পুনৰ সংগঠিত কৰাৰ ৰণনীতি প্ৰকাশ

বিজেপিয়ে অসমত ৰাজনৈতিক পৰীক্ষা চলাইছে বুলি অভিযোগ গৌৰৱ গগৈৰ, কংগ্ৰেছ পুনৰ সংগঠিত কৰাৰ ৰণনীতি প্ৰকাশ

অসমত শেহতীয়া নিৰ্বাচনী বিপৰ্যয়ৰ পাছত এতিয়া দলীয় সংগঠনক পুনৰ সজীৱ কৰাৰ বাবে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছ দলে। দলটোৰ জ্যেষ্ঠ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে আজি ৰাজ্যত কংগ্ৰেছৰ এক ডাঙৰ সাংগঠনিক পৰিৱৰ্তনৰ কথা ঘোষণা কৰে। ৰাজ্যত বিজেপিৰ ক্ৰমবৰ্ধমান আধিপত্যৰ মাজতে গৌৰৱ গগৈয়ে শাসকীয় দলটোৱে অসমক নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। বিজেপিক লক্ষ্য কৰি সাংসদগৰাকীয়ে কয় যে শাসকীয় দলটোৱে অসমক সমগ্ৰ দেশৰ বাবে এক ৰাজনৈতিক কৌশল পৰীক্ষা কৰা ‘পৰীক্ষাগাৰ’ হিচাপে ব্যৱহাৰ কৰিব বিচাৰে। তেওঁৰ মতে বিজেপিৰ লক্ষ্য হৈছে ‘এখন দেশ, এটা দল আৰু এক জনতা’ৰ নীতি প্ৰতিষ্ঠা কৰা। গৌৰৱ গগৈয়ে লগতে অভিযোগ কৰে যে আইনৰ অপব্যৱহাৰ আৰু…
Read More
পশ্চিমবংগত পুনৰ হিংসাৰ জ্বালা: গুলীয়াই হত্যা কৰা হ’ল শুভেন্দু অধিকাৰীৰ সহযোগী চন্দ্ৰনাথ ৰথক

পশ্চিমবংগত পুনৰ হিংসাৰ জ্বালা: গুলীয়াই হত্যা কৰা হ’ল শুভেন্দু অধিকাৰীৰ সহযোগী চন্দ্ৰনাথ ৰথক

পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই পুনৰ আৰম্ভ হৈছে ভয়ংকৰ ৰাজনৈতিক হিংসা। উত্তৰ ২৪ পৰগণা জিলাত যোৱা নিশা বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰীৰ অতি ঘনিষ্ঠ সহযোগী চন্দ্ৰনাথ ৰথক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। নিৰ্বাচনী ফলাফলক কেন্দ্ৰ কৰি বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত চলি থকা সংঘাতৰ চৰম পৰিণতি হিচাপে গেৰুৱা দলে এই ঘটনাক এক পৰিকল্পিত ৰাজনৈতিক হত্যাকাণ্ড বুলি অভিহিত কৰিছে। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান অনুসৰি কালি নিশা প্ৰায় ১০:৩০ বজাত ঘৰলৈ উভতি অহাৰ সময়তে মধ্যমগ্ৰামৰ দহৰিয়াত চন্দ্ৰনাথ ৰথৰ ওপৰত এই আক্ৰমণ চলে। মটৰ চাইকেলত অহা এটা দুৰ্বৃত্তৰ দলে তেওঁৰ বাহনখন আগভেটি ধৰি অতি ওচৰৰ পৰা গুলীচালনা কৰি পলায়ন কৰে। এই ঘটনাত গুৰুতৰভাৱে…
Read More
অসমত গেৰুৱা মিত্ৰজোঁটৰ দখল, মুখ্যমন্ত্ৰীৰ অনুমানৰ সৈতে মিলিল ফলাফল

অসমত গেৰুৱা মিত্ৰজোঁটৰ দখল, মুখ্যমন্ত্ৰীৰ অনুমানৰ সৈতে মিলিল ফলাফল

আখৰে আখৰে ফলিয়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যদ্বাণী। ৯ এপ্ৰিলত সম্পন্ন হোৱা ভোটগ্ৰহণৰ সময়ত কাগজত লিখি থোৱা ফলাফলেই অৱশেষত সত্য প্ৰমাণিত হ’ল ৪ মে'ৰ ফলাফলত। অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত এই কথা সামাজিক মাধ্যমযোগে সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোৱা ৯ এপ্ৰিলত ভোটগ্ৰহণ শেষ হোৱাৰ লগে লগে প্ৰতিবাৰৰ দৰে এইবাৰো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ এক অনুমান এখন সৰু ডায়েৰীত লিখি থৈছিল। সামাজিক মাধ্যমত তেওঁ শ্বেয়াৰ কৰা ফটোখনত ‘Best-101’, ‘Better-90+’ আৰু ‘Worst-88+’ বুলি স্পষ্টকৈ উল্লেখ আছিল। সোমবাৰে ঘোষিত নিৰ্বাচনী ফলাফলত বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে ১০২ খন আসন লাভ কৰি মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠত্ব অৰ্থাৎ ১০১ খন আসনৰ…
Read More