অসুস্থ নেকি জনপ্ৰিয় অভিনেতা ছলমান খান? বলিউডৰ ভাই জানৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। মুম্বাইত এক ৰাজহুৱা অনুষ্ঠানত উপস্থিত হোৱাৰ পাছত জনপ্ৰিয় অভিনেতাগৰাকীৰ ভিডিঅ’ক এটা সামাজিক মাধ্যমত অনুৰাগীসকলে চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে। চিন্তিত হৈছে ছলমান খানৰ অনুৰাগীসকল। শেহতীয়াকৈ ছলমান খানে বান্দ্ৰাস্থিত স্লাম ৰিহেবিলিটেশ্যন অথৰিটি (SRA)ৰ কাৰ্যালয়ৰ এক অনুষ্ঠানত উপস্থিত হয়। এই অনুষ্ঠানত তেওঁ সংস্থাটোৰ নতুনকৈ স্থাপন কৰা ডাটা কলেকশ্যন এণ্ড ভেৰিফিকেশ্যন ছাপ’ৰ্ট চেণ্টাৰ (আইটি ছাৰ্ভাৰ ৰূম) উদ্বোধন কৰে। ই-গভাৰ্নেন্স ব্যৱস্থাৰ দক্ষতা, সুৰক্ষা আৰু কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই সুবিধা আৰম্ভ কৰা হৈছে।অনুষ্ঠানৰ ভিডিঅ’সমূহ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে বহু ব্যৱহাৰকাৰীয়ে ছলমান খানৰ স্বাস্থ্যক লৈ উদ্বেগ প্ৰকাশ কৰে। এই ভিডিঅ’ত অভিনেতাজনক কিছু ক্লান্ত আৰু মুখত বয়সৰ ছাপ স্পষ্টভাৱে দেখা যায়। ভিডিঅ’সমূহ ভাইৰেল হোৱাৰ পাছতে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখা যায়।
অসুস্থ নেকি জনপ্ৰিয় অভিনেতা ছলমান খান?
