উত্তৰ-পূৱ

স্মৃতিকথাত বিস্ফোৰক মন্তব্য মনোজ মুকুন্দ নাৰৱানেৰ: কেন্দ্ৰৰ সিদ্ধান্তসমূহক লৈ প্ৰথমবাৰৰ মতামত

স্মৃতিকথাত বিস্ফোৰক মন্তব্য মনোজ মুকুন্দ নাৰৱানেৰ: কেন্দ্ৰৰ সিদ্ধান্তসমূহক লৈ প্ৰথমবাৰৰ মতামত

প্ৰাক্তন সেনাপ্ৰধান জেনেৰেল মনোজ মুকুন্দ নৰৱণেৰ অপ্ৰকাশিত স্মৃতিকথাৰ বিতৰ্কিত অংশই দেশজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে। 'ফোৰ ষ্টাৰ্ছ অফ ডেষ্টিনি' শীৰ্ষক এই গ্ৰন্থখনত উল্লিখিত ভাৰত-চীন সীমান্তৰ উত্তেজনাৰ প্ৰসংগত শেহতীয়াকৈ মুখ খুলিছে প্ৰাক্তন সেনাপ্ৰধানগৰাকীয়ে। এক বিশেষ সাক্ষাৎকাৰত তেওঁ কয় যে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে তেওঁক যি নিৰ্দেশ দিছিল, সেয়া সশস্ত্ৰ বাহিনীৰ প্ৰতি চৰকাৰৰ থকা গভীৰ আস্থাৰেই প্ৰমাণ। উল্লেখযোগ্য যে যোৱা ফেব্ৰুৱাৰী মাহত সংসদৰ বাজেট অধিবেশনত এই অপ্ৰকাশিত গ্ৰন্থখনৰ এটা অংশক লৈ চৰকাৰ আৰু বিৰোধীৰ মাজত তুমুল বাকযুদ্ধৰ সৃষ্টি হৈছিল। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অভিযোগ তুলিছিল যে ২০২০ চনত পূব লাদাখত চীনৰ সেনাই আগ্ৰাসন চলোৱাৰ খবৰ পোৱাৰ পাছতো প্ৰধানমন্ত্ৰীয়ে কোনো সিদ্ধান্ত ল’বলৈ সক্ষম…
Read More
কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: নীতি আয়োগত অশোক লাহিড়ী উপাধ্যক্ষ, গোবৰ্ধন দাসক নতুন ভূমিকা

কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: নীতি আয়োগত অশোক লাহিড়ী উপাধ্যক্ষ, গোবৰ্ধন দাসক নতুন ভূমিকা

কেন্দ্ৰীয় চৰকাৰৰ নীতি আয়োগৰ অন্যতম উপাধ্যক্ষ হিচাপে মনোনীত হ’ল বিশিষ্ট অৰ্থনীতিবিদ তথা পশ্চিমবংগৰ বালুৰঘাট সমষ্টিৰ বিদায়ী বিজেপি বিধায়ক অশোক লাহিড়ী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত শুকুৰবাৰে গ্ৰহণ কৰা এই সিদ্ধান্তত অশোক লাহিড়ীৰ লগতে বিজ্ঞানী গোবৰ্ধন দাসকো নীতি আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়া হয়। যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাত নাম নথকাক লৈ সৃষ্টি হোৱা জল্পনা-কল্পনাৰ অন্ত পেলাই এতিয়া এইগৰাকী অৰ্থনীতিবিদক ৰাষ্ট্ৰীয় পৰ্যায়ত এক বিশেষ গুৰুত্বপূৰ্ণ আসনত অধিষ্ঠিত কৰে কেন্দ্ৰীয় চৰকাৰে। প্ৰণিধানযোগ্য যে ২০২১ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত গেৰুৱা দলে অশোক লাহিড়ী আৰু গোবৰ্ধন দাসৰ দৰে কেইবাজনো বিদ্বান ব্যক্তিক নিৰ্বাচনী যুঁজত অৱতীৰ্ণ কৰাইছিল। এইসকলৰ ভিতৰত অৰ্থনীতিবিদ অশোক লাহিড়ীয়ে বালুৰঘাট সমষ্টিৰ পৰা বিজয়ী হৈ…
Read More
চাণ্ডেলত অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ, চুৰাচান্দপুৰত ড্ৰাগছসহ ধৰা পৰিল তিনিজন: মণিপুৰত জোৰদাৰ অভিযান

চাণ্ডেলত অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ, চুৰাচান্দপুৰত ড্ৰাগছসহ ধৰা পৰিল তিনিজন: মণিপুৰত জোৰদাৰ অভিযান

মণিপুৰত উগ্ৰপন্থী আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে। শুকুৰবাৰে চাণ্ডেল জিলাৰ মৌলচাম আৰক্ষী থানাৰ অন্তৰ্গত খুমকোট গাঁৱত অভিযান চলাই নিৰাপত্তাৰক্ষীৰ এটা দলে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফেৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা সামগ্ৰীখিনিৰ ভিতৰত চাৰিটা চিঙ্গল ব’ৰ ৰাইফল, চাৰিটা উন্নত মানৰ ‘পম্পি’ অস্ত্ৰ, সাতটা পম্পি শ্বেল, তিনিটা গ্ৰেনেড আৰু পাঁচটা বাওফেং ৰেডিঅ’ চেট আছে। কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ উদ্দেশ্যৰে এই সামগ্ৰীসমূহ মজুত কৰি ৰখা হৈছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। ইফালে, মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা আন এক অভিযানত বুধবাৰে চুৰাচান্দপুৰ জিলাত আটক হয় তিনিজন ড্ৰাগছ সৰবৰাহকাৰী। জিলাখনৰ সিংঙাট আৰক্ষী থানাৰ অন্তৰ্গত বলকোট অঞ্চলৰ পৰা…
Read More
মৰ্মান্তিক ঘটনা তামুলপুৰত: ভয়াবহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বিহুৱতী নিশামণিয়ে

মৰ্মান্তিক ঘটনা তামুলপুৰত: ভয়াবহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বিহুৱতী নিশামণিয়ে

ব’হাগৰ উছাহৰ মাজত বিহু গাই ওভতাৰ বাটতে নিশা এক মৰ্মান্তিক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী নাচনীয়ে। তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত সংঘটিত এই শোকাবহ ঘটনাত নলবাৰীৰ হাৰিভাঙাৰ 'ভাস্কৰজ্যোতি বিহু হুঁচৰি দল'ৰ নিশামণি হালৈ নামৰ ২৫ বছৰীয়া যুৱতীগৰাকীৰ থিতাতে মৃত্যু ঘটে। বিহু পৰিৱেশন কৰি ঘূৰি অহাৰ সময়তে বিহুৱা-বিহুৱতীৰ দলটো কঢ়িয়াই নিয়া ট্ৰেভেলাৰখনৰ সৈতে এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়। ইফালে, এই দুৰ্ঘটনাত দলটোৰ আন ১১ গৰাকী বিহুৱা-বিহুৱতী গুৰুতৰভাৱে আহত হয়। আহতসকলৰ ভিতৰত পাঁচজনৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। মৃত নিশামণি হালৈ নাওকাটাৰ নিজজাৰগাঁও নিবাসী ৰমেন হালৈৰ জীয়ৰী…
Read More
অভি-নীল হত্যাকাণ্ডৰ গোচৰত ২০ জন অভিযুক্তক দোষী সাব্যস্ত

অভি-নীল হত্যাকাণ্ডৰ গোচৰত ২০ জন অভিযুক্তক দোষী সাব্যস্ত

নগাঁও আদালতে সোমবাৰে বহুচৰ্চিত অভি-নীল হত্যাকাণ্ডৰ গোচৰত ২০ জন অভিযুক্তক দোষী সাব্যস্ত কৰাৰ পাছত আজি ন্যায়ালত শাস্তি ঘোষণা কৰাৰ প্ৰক্ৰিয়া চলি আছে।অভিযুক্ত পক্ষৰ অধিবক্তা মানস শৰণীয়াই কয় যে এই ঘটনাত মৃত্যুদণ্ড প্ৰযোজ্য নহয় আৰু যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ সম্ভাৱনা অধিক। তেওঁ লগতে জনায় যে, শাস্তি যিয়েই নহওক, উচ্চ ন্যায়ালয়ত আবেদন জনোৱা হ’ব।
Read More
গ্ৰেপ্তাৰ হব পাৰে পৱন খেৰা

গ্ৰেপ্তাৰ হব পাৰে পৱন খেৰা

আজি গুৱাহাটী উচ্চ ন‍্যায়ালয়ৰ ন‍্যায়াধীশ পাৰ্থিৱজ‍্যোতি শইকীয়াৰ আদালতে নাকচ কৰিলে কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন আবেদন। ২৪ এপ্ৰিল ২০২৬ৰ শুকুৰবাৰে পুৱা ১০-৩০ বজাত এই ৰায়দান আদালতৰ। উল্লেখ কৰা প্ৰয়োজন যে, পৱন খেড়াৰ বিৰুদ্ধে অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মুখ‍্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত ৩ খন দেশৰ পাছপ’ৰ্ট থকাৰ মহা অভিযোগ অনাৰ পাছত মুখ‍্যমন্ত্ৰীৰ পত্নীয়ে অপৰাধ অনুসন্ধান শাখাত এজাহাৰ দাখিল কৰিছিল।
Read More
কাবুলি বুটৰ উপকাৰী গুণ

কাবুলি বুটৰ উপকাৰী গুণ

কাবুলি বুটত ফাইবাৰ যথেষ্ট পৰিমাণে থাকে ৷ উচ্চ আঁহৰ বস্তুবোৰে ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে ৷ তদুপৰি, আঁহে মেদবহুলতা হ্ৰাস কৰে আৰু শিৰাবোৰত জমা হোৱা প্লেক হ্ৰাস কৰাত সহায় কৰে ৷ ফাইবাৰে শিৰাবোৰৰ অৱৰোধ বোৰ খুলিবলৈ সহায় কৰে, যি ৰক্ত সঞ্চালন উন্নত কৰে ৷ এনে পৰিস্থিতিত, কাবুলি বুটে উচ্চ ৰক্তচাপৰ সমস্যাত যথেষ্ট সকাহ প্ৰদান কৰে ৷কাবুলি বুট (Chickpeas) হৈছে প্ৰটিন, আঁহ (Fiber), ভিটামিন আৰু খনিজ পদাৰ্থৰে ভৰপূৰ এক পুষ্টিকৰ খাদ্য। ই হজম শক্তি বৃদ্ধি, ওজন হ্ৰাস, হৃদযন্ত্ৰৰ স্বাস্থ্য ৰক্ষা আৰু তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াত থকা ভিটামিন আৰু খনিজে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু হাড়…
Read More
ভোটাৰক নগদ ধন বিতৰণৰ অভিযোগত আটক বিজেপি বিধায়কজনক

ভোটাৰক নগদ ধন বিতৰণৰ অভিযোগত আটক বিজেপি বিধায়কজনক

ভোটাৰক নগদ ধন বিতৰণৰ অভিযোগত আটক বিজেপি বিধায়কজনক। বিজেপি প্ৰাৰ্থী ৰেখা পাত্ৰৰ হৈ ধন বিলোৱাৰ অভিযোগ নাথৰ বিৰুদ্ধে।পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰত ধন বিলোৱাৰ অভিযোগত আটক কৰে বিজেপি প্ৰাৰ্থীগৰাকীক।
Read More
উত্তৰ প্ৰদেশৰ মির্জাপুৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা

উত্তৰ প্ৰদেশৰ মির্জাপুৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা

উত্তৰ প্ৰদেশৰ মির্জাপুৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা।একেলগে দুর্ঘটনাগ্রস্ত কেইবাখনো বাহন।জীৱন্তে অগ্নিদগ্ধ হৈ বাহনত থকা ১১জনৰ লোকৰ মৃত্যু।দুর্ঘটনাৰ পাছতে ভস্মীভূত হয় কেইবাখনো বাহন ।
Read More
ভাৰতলৈ আহি থকা ২ খন জাহাজত কব্জা ইৰানৰ

ভাৰতলৈ আহি থকা ২ খন জাহাজত কব্জা ইৰানৰ

ভাৰতলৈ আহি থকা ২ খন জাহাজত কব্জা ইৰানৰ। ভিডিঅ' প্ৰকাশ কৰিলে ইৰানে। কেনেকৈ ইৰানে চলাইছিল অভিযান? মুখত ক'লা কাপোৰ মাৰি জাহাজত প্ৰৱেশ কৰিছিল ইৰানী সেনা। MSC ফ্রান্সকো আৰু এপামিনন্দেছ নামৰ জাহাজ দুখন কব্জা কৰে ইৰানে। অনুমতি অবিহনে জাহাজকেইখনে হৰমুজ অতিক্ৰম কৰাৰ অভিযোগ। জাহাজ দুখন ৰখাবলৈ নির্দেশ দিছিল IRGC-এ। এই নির্দেশ অমান্য কৰাৰ বাবে গুলীচালনা কৰেIRGC-এ ।
Read More