কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সাম্ভাব্য বানৰ বাবে সাজু হৈ উঠিছে

উজনি অসমত ভয়াৱহ বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সাম্ভাব্য বানৰ বাবে সাজু হৈ উঠিছে । বিভিন্ন সংবাদ মাধ্যমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানৰ সংক্ৰান্তত বাতৰি পৰিৱেশন হৈছে যদিও এতিয়ালৈ তেনে কোনো ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া নিলয় বৰাই কয় “উজনি অসম যি পানী হৈছে, সেই পানী ব্ৰহ্মপুত্ৰৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পাবলৈ অকণমান সময় লাগিব । সেই পৰিপ্ৰেক্ষিততো আমি সাজু হৈ আছো । যিহেতু, সমগ্ৰ বাৰিষাৰ বতৰত পানী থাকিবই, গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ইয়াৰ কাৰণে সাজু হৈ আছে ।” তদুপৰি, পানী বঢ়াৰ লগে-লগে ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলৰ বিচৰণৰ বিষয়ে বিষয়াগৰাকীয়ে কয়, “সাধাৰণতে কাজিৰঙাৰ জীৱকুলৰ যি সাধাৰণ বিচৰণ দেখা যায়, সেইটোৱে আছে । বৰ্তমান সময়ত কোনো অস্বাভাৱিক বিচৰণ এতিয়ালৈকে দেখা নাই । ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাই আছে যদিও বুধবাৰৰ পৰা কিছু কমিছে ।”

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *