২০২৫ বৰ্ষত বিশ্বৰ আটাইতকৈ বেছি বিক্ৰী হোৱা হুইস্কি ব্ৰেণ্ড হিচাপে পৰিগণিত ৰয়েল ষ্টেগ

শেহতীয়া আইডব্লিউএছআৰ ২০২৫ৰ ৰেংকিং অনুসৰি পাৰ্নড ৰিকাৰ্ড ইণ্ডিয়া-ই শুকুৰবাৰে সদৰি কৰে যে প্ৰতিষ্ঠানটোৰ ধ্বজাবাহী ব্ৰেণ্ড ৰয়েল ষ্টেগ ২০২৫ বৰ্ষৰ বিশ্বৰ আটাইতকৈ বেছি বিক্ৰী হোৱা হুইস্কি ব্ৰেণ্ড হিচাপে পৰিগণিত হৈছে। ব্ৰেণ্ডটোৱে এই বৰ্ষত ৩২.৬ মিলিয়ন কেচ বাৰ্ষিক বিক্ৰীৰে অভিলেখ গঢ়িছে, যিয়ে ইয়াৰ তিনি দশক জোৰা যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্পৰ্শ কৰিছে। পাৰ্নড ৰিকাৰ্ড ইণ্ডিয়াৰ চিইঅ’ জিন তৌবুলে এই বিষয়ে কয় যে, এই স্বীকৃতিয়ে বিগত ৩০ বছৰত গ্ৰাহকে ৰয়েল ষ্টেগৰ ওপৰত ৰখা আস্থাকে প্ৰতিফলিত কৰিছে। তেওঁ কয় যে, ব্ৰেণ্ডটোৰ এই সফলতাই প্ৰমাণ কৰে যে কেনেকৈ ধাৰাবাহিক উদ্ভাৱন, সাংস্কৃতিক প্ৰাসংগিকতা আৰু গ্ৰাহকৰ আকাংক্ষাৰ সৈতে খোজ মিলাই আগবাঢ়ি যোৱাৰ বাবেই ই এক বিশ্বজোৰা ব্ৰেণ্ড হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে।

১৯৯৫ চনত মুকলি কৰা ৰয়েল ষ্টেগে ব্যাপক ভাৰতীয় গ্ৰাহকৰ মাজত গ্ৰেইন হুইস্কিৰ পৰিচয় কৰাই দিছিল আৰু বিগত বৰ্ষসমূহত ৰয়েল ষ্টেগ বেৰেল চিলেক্ট আৰু ৰয়েল ষ্টেগ ডাবল ডাৰ্কৰ দৰে সামগ্ৰীৰে নিজৰ পৰ্টফলিঅ’ সম্প্ৰসাৰণ কৰিছে। প্ৰতিষ্ঠআানটোৱে জানিবলৈ দিয়ে যে ব্ৰেণ্ডটোৱে নিজৰ মাৰ্ক অৱ পিয়ৰিটী কাৰ্যসূচী আৰু ডাবল টেম্পাৰ-এভিডেণ্ট টেকন’লজী ক্লজাৰ আদি পদক্ষেপৰ জৰিয়তে গুণগত মানদণ্ড অধিক শক্তিশালী কৰি তুলিছে। বৰ্তমান ৰয়েল ষ্টেগ পৃথিৱীৰ ৩৩ খন দেশত উপলব্ধ।

পাৰ্নড ৰিকাৰ্ড ইণ্ডিয়াৰ মুখ্য বিপণন বিষয়া দেৱাশ্ৰী দাসগুপ্তাই কয় যে, ক্ৰিকেট, সংগীত আৰু যুৱ সংস্কৃতিৰ দৰে ক্ষেত্ৰত ৰয়েল ষ্টেগ বুমবক্স আৰু আইচিচি টি-২০ বিশ্বকাপ আদি অংশীদাৰিত্বৰ জৰিয়তে ধাৰাবাহিকভাৱে গ্ৰাহকৰ সৈতে জড়িত থকা আৰু উদ্ভাৱনৰ বাবেই ব্ৰেণ্ডটোৱে এই বিশ্বব্যাপী নেতৃত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। পাৰ্নড ৰিকাৰ্ড ইণ্ডিয়াই প্ৰকাশ কৰা অনুসৰি, এই মাইলৰ খুঁটিয়ে ভাৰতৰ পৰা উৎপত্তি হোৱা এনে ব্ৰেণ্ডসমূহক বিশ্বজুৰি সমাদৃত ব্ৰেণ্ড হিচাপে গঢ়ি তোলাৰ লক্ষ্যক অধিক সুদৃঢ় কৰিলে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *