24
Mar
শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ বিৰুদ্ধে মঙলবাৰে উত্থাপন হয় তথ্য গোপনৰ এক গুৰুতৰ অভিযোগ। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে বিজেপি প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পত্ৰৰ শপতনামাত থকা বিসংগতিৰ বিৰুদ্ধে জিলা আয়ুক্তৰ কাৰ্যালয়ত এক আনুষ্ঠানিক অভিযোগ দাখিল কৰে। ২০০৯ চনত বোকাখাত আৰক্ষী থানাত পঞ্জীয়ন হোৱা এটা ফৌজদাৰী গোচৰৰ শেহতীয়া স্থিতি শপতনামাত উল্লেখ নকৰাৰ বাবে দুৱৰীৰ মনোনয়ন বাতিলৰ দাবী উত্থাপন হৈছে। ৰাইজৰ দলৰ অভিযোগ অনুসৰি ২০১০ চনত কাজিৰঙাৰ সুৰক্ষিত বনাঞ্চলত মাছ ধৰা কাৰ্যৰ সৈতে জড়িত বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত ৰুজু হোৱা এই গোচৰত গোলাঘাটৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশে কুশল দুৱৰীক দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছিল। অৱশ্যে দুৱৰীয়ে দাখিল কৰা শপতনামাত এই দণ্ডাদেশৰ…
