26
Mar
অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মানমাওত সংঘটিত পিতৃ-কন্যাৰ জঘন্য হত্যাকাণ্ডৰ মূল অভিযুক্তক অৱশেষত অসমৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যোৱা ৪ মাৰ্চৰ নিশা ৪২ বছৰীয়া বাবলু কোল আৰু তেওঁৰ সাত বছৰীয়া কন্যা ঋষিতাক নৃশংসভাৱে হত্যা কৰি পলাতক হৈ থকা হত্যাকাৰী মদন কৰ্মকাৰক বুধবাৰে তিনিচুকীয়া জিলাত কৰায়ত্ত কৰা হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চাংলাঙৰ আৰক্ষী অধীক্ষক কিৰ্লি পাডুৱে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, অভিযুক্তই হত্যাকাণ্ড সংঘটিত কৰাৰ পাছতে অসমলৈ পলাই আহিছিল। মানমাও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৱাংপোল ৱাংছাৰ নেতৃত্বত এটা দলে ৪ নং অসম ৰাইফলছ আৰু অসম আৰক্ষীৰ সহযোগত তিনিচুকীয়াত এক বিশেষ অভিযান চলাই হত্যাকাৰীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।…
