বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি

প্ৰায় চাৰে চাৰি মাহৰ অন্তত চলিত মাৰ্চ  মাহৰ মাজে সময়ে বৰষুণ হৈ  আছে। পলমকৈ হলেও অহা এই বৰষুণৰ ফলত ধুলিয়াৰী পৰিবেশৰ লগতে গৰমৰ পৰাও ৰাইজে বহুখিনী সকাহ দি কৰিছে। আনহাতে  এই বৰষুণৰ বাবে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ দীপৰ বিলৰ সমীপৰ দেউচতালকে ধৰি দাঁতি কাষৰীয়া অঞ্চলত  বৰো ধানৰ খেতিয়কৰ মুখত হাঁহি বিৰিঙাইছে। একেৰাহে প্ৰায় চাৰে চাৰি মাহ ধৰি বৰষুণ নোহোৱাৰ ফলত পানীৰ অভাৱত  বৰো ধানৰ পথাৰত ছিঁৰাল ফাঁট মেলিছিল। বৰো ধান খেতিত ব্যস্ত আজাৰা ৰাজহ চক্ৰৰ বিভিন্ন ঠাইৰ চহা কৃষক সকল চিন্তিত হৈ পৰিছিল।

এই সন্দৰ্ভত বৰো ধানৰ খেতি কৰি অহা দীপৰ বিলৰ সমীপৰ দেউচতালৰ উদীয়মান কৃষক তথা বিজেপি দলৰ অনুসূচিত  জনজাতি মৰ্চাৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি বলেশ্বৰ ৰংপীকে ধৰি একাংশ কৃষকে জানিবলৈ দিয়া মতে দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাত ধাননি পথাৰত দেখা দিয়া পানীৰ অভাৱে কৃষকসকলক চিন্তিত কৰি পেলাইছিল।  কৃষকে পথাৰত কপালৰ ঘাম মাটিত পেলাই ৰোপণ কৰা বৰো ধানত পানীৰ অভাৱ হোৱাত খেতি পথাৰত ফাঁট মেলিবলৈ লৈছিল। এনে অৱস্থাত বিগত ১১ মাৰ্চৰ পাছত মাজে সময়ে হৈ থকা বৰষুণে জীপাল কৰি তুলিছে বৰো ধানৰ খেতি। পলমকৈ হ’লেও ধৰালৈ বৰষুণ নামি অহাত কৃষকক মুখত হাঁহি বিৰিঙাইছে। ইফালে পশ্চিম গুৱাহাটীৰ অন্যতম কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ধাৰাপুৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ মাজৰ ৰাণী চাপৰিতো বৰষুণে তাত কৃষি কৰ্ম কৰি অহা চাৰি শতাধিক কৃষকৰ মুখলৈ হাঁহি আনিছে।

এই সন্দৰ্ভত ৰাণী চাপৰি কৃষক সেৱা সমিতিৰ সভাপতি লোহিত কলিতা আৰু সম্পাদক অক্ষয় কলিতাই জানিবলৈ দিয়া মতে পলমকৈ হলেও অহা বৰষুণে ৰাণী চাপৰিত  শাক – পাচলি, জিকা , ভেণ্ডী ,  বেঙেনা, বিলাহী, লাউ আদিৰ খেতি কৰা কৃষক সকলক বহুখিনী সকাহ দিছে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ডঃ  হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ৰাণী চাপৰিত কৃষি কৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰি অহা দুখীয়া কৃষকসকলে প্ৰতি বিঘাত মাত্ৰ ৫০০ টকাৰ  প্ৰিমিয়াম জমা দি মাটিৰ ম্যাদী পট্টা লাভ কৰাত স্বাভাবিকতে তেঁওলোক  উৎসাহিত হৈ পৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *