Mohini

56 Posts
গুৱাহাটীৰ পাচ সমষ্টিৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

গুৱাহাটীৰ পাচ সমষ্টিৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে আজি বিজেপি, কংগ্ৰেছ, অসম জাতীয় পৰিষদকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ত আজি নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে। বিশেষকৈ বিজেপি দলৰ হৈ দিছপুৰ সমষ্টিৰ বাবে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে, নিউ গুৱাহাটী সমষ্টিৰ বাবে দিপ্লু ৰঞ্জন শৰ্মা, মধ্য গুৱাহাটী সমষ্টিৰ বাবে বিজয় গুপ্তাই, ডিমৰীয়া সমষ্টিৰ বাবে অসম গণ পৰিষদ দলৰ হৈ ড০ তপন দাসে আজি মনোনয়ন পত্ৰ দাখিল কৰে। একেদৰে, কংগ্ৰেছ দলৰ হৈ দিছপুৰ সমষ্টিৰ বাবে মীৰা বৰঠাকুৰে, নিউ গুৱাহাটী সমষ্টিৰ বাবে শান্তনু বৰাই, মধ্য গুৱাহাটী সমষ্টিৰ বাবে অসম জাতীয় পৰিষদৰ হৈ কু্ংকী চৌধুৰীয়ে, জালুকবাৰী…
Read More
পুৱাই বিধায়ক  অতুল বৰাৰ ঘৰত উপস্থিত মীৰা বৰঠাকুৰ

পুৱাই বিধায়ক  অতুল বৰাৰ ঘৰত উপস্থিত মীৰা বৰঠাকুৰ

পুৱাই দিছপুৰ সমষ্টিত টিকটৰ পৰা বঞ্চিত বিধায়ক অতুল বৰাৰ ঘৰত উপস্থিত মীৰা বৰঠাকুৰ। প্ৰায় এঘন্টা ধৰি আলোচনাত মিলিত হয় দুয়োগৰাকী নেতা। অতুল বৰাক এখন গামোচাৰে সম্বৰ্ধনা জনাই। অতুল বৰাক সাক্ষাৎ কৰাৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে মীৰা বৰঠাকুৰে। অৱশ্যে তেওঁলোকৰ মাজত কি কথা হৈছে সেয়া জানিব পৰা হোৱা নাই।
Read More
আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

মনোনয়নৰ পূৰ্বে মাতৃৰ আশীৰ্বাদ ললে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰা খেলপথাৰৰ পৰা বিশাল ৰেলীৰে আহি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰীয়ে। এই ৰেলীত হাজাৰ হাজাৰ সমৰ্থকে অংশগ্ৰহণ কৰাৰ লগতে মুখ্যমন্ত্ৰীক সংগ দিয়ে পত্নী ৰিনিকী ভূঞা শৰ্মা আৰু পুত্ৰই।
Read More
অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ঘোষণা

অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ঘোষণা

অসম জাতীয় পৰিষদৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা। খানাপাৰাৰ গ্ৰীনউড ৰিজ’ৰ্টত অসম জাতীয় পৰিষদৰ সংবাদমেল সম্বোধন কৰি আঠ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। ডিব্ৰুগড়ত মৈনাক পাত্ৰ, খোৱাংত লুৰিণজ্যোতি গগৈ ,বঢ়মপুৰত ৰাজেন গোঁহাই, মৰিগাঁও বানী দাস, পলাশবাৰী পংকজলোচন গোস্বামী, বিন্নাকান্দি ৰেজাউল কৰিম চৌধুৰী, বজালী দিলীপ বৰুৱা, সৰুপথাৰ জীৱন চুতীয়াক প্ৰাৰ্থীত্ব প্ৰদান প্ৰদান কৰিব অসম জাতীয় পৰিষদে। আনহাতে শদিয়া আৰু গুৱাহাটী মধ্যত প্ৰাৰ্থীৰ বিষয়ে আলোচনা চলি আছে৷
Read More
জুবিন গাৰ্গৰ নামত  নতুন ফুলৰ প্ৰজাতি আৱিষ্কাৰ

জুবিন গাৰ্গৰ নামত  নতুন ফুলৰ প্ৰজাতি আৱিষ্কাৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত নতুন ফুলৰ প্ৰজাতি আৱিষ্কাৰশিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে Osbeckia ৰ এটা নতুনকৈ আৱিষ্কৃত প্ৰজাতিক zubeengargiana বুলি নামাকৰণ কৰা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপিকা নমিতা নাথ আৰু গৱেষক বৰ্ণালী দাস কেৰেলাৰ এন এছ এছ কলেজৰ ড° প্ৰবোশ পুলপ্ৰাৰ সহযোগত এই উদ্ভিদ প্ৰজাতি আৱিষ্কাৰ কৰে। গৱেষকসকলে মানস ৰাষ্ট্ৰীয় উদ্যানত উদ্ভিদবিধ আৱিষ্কাৰ কৰিছে। 
Read More
ৰাণীত ১৭৫ চি আৰ পি এফৰ উদ্যোগত মহিলা – যুৱতীক চিলাই প্ৰশিক্ষণ আৰু মেচিন বিতৰণ

ৰাণীত ১৭৫ চি আৰ পি এফৰ উদ্যোগত মহিলা – যুৱতীক চিলাই প্ৰশিক্ষণ আৰু মেচিন বিতৰণ

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটীৰ  পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ উদ্যোগত বাহিনীটোৰ জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে বৃহত্তৰ ৰাণী অঞ্চলৰ আৰ্থিকভাবে দুৰ্বল ১০ গৰাকী মহিলা- যুৱতীক ৭ ফেব্ৰুৱাৰীৰ পৰা ২০ দিনীয়াকৈ উন্নত মানৰ চিলাই প্ৰশিক্ষণ প্ৰদান কৰা হয়। মূলতঃ যুৱতী - মহিলাসকলে যাতে কাপোৰ চিলাইকে ধৰি চিলাই মেচিনেৰে কৰিব পৰা কামসমূহ কৰি আৰ্থিকভাবে স্বাৱলম্বী হব পাৰে সেই লক্ষ্যৰে দক্ষ প্ৰশিক্ষকৰ দ্ৱাৰা প্ৰশিক্ষণ প্ৰদান কৰা হয়। আনহাতে ২৭ ফেব্ৰুৱাৰীৰ দিনা বিয়লি প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই প্ৰশিক্ষণ গ্ৰহণ কৰা ১০ গৰাকী মহিলা -…
Read More
জুবিন গাৰ্গৰ হত্যাৰ গোচৰ ফাষ্টট্ৰেক আদালতত চলোৱাৰ বাবে কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিক্ৰিয়া

জুবিন গাৰ্গৰ হত্যাৰ গোচৰ ফাষ্টট্ৰেক আদালতত চলোৱাৰ বাবে কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিক্ৰিয়া

জুবিন গাৰ্গৰ হত্যাৰ গোচৰটো ফাষ্টট্ৰেক আদালতত চলোৱাৰ বাবে কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় , "জুবিন গাৰ্গৰ ঘটনাৰ গোচৰটো ফাষ্টট্ৰেক আদালতত ক্ষীপ্ৰতাৰে শুনানি হোৱাটো বিচাৰিছিলো।''৩ মাহৰ ভিতৰতে SITয়ে চাৰ্জশ্বীট দাখিল কৰি গোচৰটো সঠিকভাৱে আগবঢ়াই নিছে।''সঠিকভাৱে গোচৰ শুনানি চলিলে প্ৰকৃত ঘটনাটো পোহৰলৈ আহিব।''অভিযুক্তই জামিন পোৱাটো জুবিনক ভাল পোৱা কোনেও নিবিচাৰে।' 'অসুৰ-দানৱবোৰ এতিয়া বধ হ'ব লাগে।'
Read More
ঠিকনা সলনি হ’ল গুৱাহাটী পৌৰ নিগমৰ

ঠিকনা সলনি হ’ল গুৱাহাটী পৌৰ নিগমৰ

ঠিকনা সলনি হ'ল গুৱাহাটী পৌৰ নিগমৰ। এতিয়াৰে পৰা গুৱাহাটী পৌৰ নিগমৰ স্হায়ী ঠিকনা হ'ল বেতকুছি। বৃহস্পতিবাৰে বেতকুছিত নৱনিৰ্মিত গুৱাহাটী পৌৰ নিগমৰ মুখ্য কাৰ্যালয় -গুৱাহাটী পৌৰ সেৱা ভৱন উদ্বোধন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰে ভৱনটো। মেয়ৰ, উপ-মেয়ৰ, বিষয়াৰ কাৰ্যালয়, সভাগৃহ, কেণ্টিন, ছফ্টৱেৰ ডেভেলপাৰ, অতিথিসকলৰ বাবে সুবিধাসহ সকলো আধুনিক ব্যৱস্থাসমৃদ্ধ ভৱনটি প্ৰশাসনিক কাম-কাজবোৰ ৰাইজৰ কাষলৈ নিয়াত সহায়ক হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।
Read More
প্ৰাণ শিল্প জুবিন গাৰ্গক উচিত ন্যায় দিয়াৰ দাবীত দিছপুৰত প্ৰতিবাদ

প্ৰাণ শিল্প জুবিন গাৰ্গক উচিত ন্যায় দিয়াৰ দাবীত দিছপুৰত প্ৰতিবাদ

প্ৰাণ শিল্প জুবিন গাৰ্গক উচিত ন্যায় দিয়াৰ দাবীত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চ উদ্যোগত জনতা ঘেৰাও  বিক্ষোভ কাৰ্যসূচী। জুবিন দাক ন্যায় প্ৰদান কৰক, জুবিন দাৰ হত্যাকাৰীক ফাঁচী দিয়ক,অসম চৰকাৰ হায় হায়, জুবিন দাৰ হত্যাকাৰীক ফাঁচী দিয়ক আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ সময়ত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয়।
Read More
নতুন তেজৰ আমদানিৰে অধিক শক্তিশালী হব অগপ দল

নতুন তেজৰ আমদানিৰে অধিক শক্তিশালী হব অগপ দল

অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচী। ছাত্ৰ সংগঠনৰ একাংশ নেতা-সদস্যৰ অগপত যোগদান। যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই কয়, "আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন।আজিৰ দিনটোত যথেষ্ঠ উচ্চ শিক্ষিত যুৱকে দলত যোগদান কৰিছে। নতুনৰ বাবে সদায় আমি দুৱাৰ খুলি ৰাখিছো। নতুন তেজৰ আমদানিৰে আৰু অধিক শক্তিশালী হব অগপ দলটো। কেইবাখনো জিলাৰ ছাত্ৰ ইয়াত যোগদান কৰিছে। বহু যুৱক যুৱতী আঞ্চলিক দলৰ প্ৰতি আকৃষ্ট হৈছে।
Read More