২০২৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মহিলাৰ বাবে ৩৩% সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ সাজু কেন্দ্ৰীয় চৰকাৰ

২০২৯চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মহিলাৰ বাবে ৩৩% সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। ইয়াৰ বাবে সংসদৰ চলিত অধিৱেশনত দুখন বিধেয়ক উত্থাপন হ’ব পাৰে। ইয়াৰ ফলত মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ বৰ্তমানৰ চৰ্ত সলনি হ’ব। ইয়াৰ ফলত লোকসভাত সদস্যৰ সংখ্যা ৫৪৩ৰ পৰা ৮১৬লৈ বৃদ্ধি পাব পাৰে, মহিলা সাংসদৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা ২৭৩লৈ বৃদ্ধি পাব পাৰে।

এই সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে এন ডি এ আৰু অকংগ্ৰেছ বিৰোধী দলৰ নেতাসকলৰ সৈতে এক বৈঠকত মিলিত হয়। যদিহে একমত হয় তেন্তে এই সপ্তাহতে বিধেয়কখন উত্থাপন হ’ব পাৰে। দৰাচলতে মহিলা সংৰক্ষণ আইনখন ২০২৩ চনত সংবিধানৰ ১০৬ সংখ্যক সংশোধনী হিচাপে গৃহীত হৈছিল।

ইয়াৰ অধীনত নতুন লোকপিয়লৰ পিছত মহিলাৰ সংৰক্ষণ কাৰ্যকৰী কৰিব লাগিব।চৰকাৰে এতিয়া নতুন লোকপিয়লৰ বাবে অপেক্ষা নকৰি ২০১১ চনৰ লোকপিয়লৰ তথ্যৰ ভিত্তিত সীমা নিৰ্ধাৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ইয়াৰ দ্বাৰা প্ৰক্ৰিয়াটো সময়মতে সম্পূৰ্ণ হোৱাৰ লগতে সংৰক্ষণ কাৰ্যকৰী কৰিব পৰা যাব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *