অসম

হাফলঙত পট পৰিৱৰ্তন; বিজেপি এৰি কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল নন্দিতা গাৰ্লোচাৰ

হাফলঙত পট পৰিৱৰ্তন; বিজেপি এৰি কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল নন্দিতা গাৰ্লোচাৰ

গেৰুৱা শিবিৰ ত্যাগ কৰি অৱশেষত কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে হাফলং সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰাক্তন মন্ত্ৰী নন্দিতা গাৰ্লোচাই। বিজেপিৰ পৰা টিকট লাভ নকৰি সোমবাৰে মনোনয়ন দাখিলৰ অন্তিম দিনটোত হাতৰ টিকটত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হয় এই শক্তিশালী নেত্ৰীগৰাকী। যোৱা ২২ মাৰ্চৰ নিশা হঠাতে বিজেপিক বিদায় জনাই কংগ্ৰেছত যোগদান কৰা গাৰ্লোচাৰ এই পদক্ষেপে এতিয়া জিলাখনৰ ৰাজনীতিত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। এই আকস্মিক দলত্যাগে ডিমা হাচাও জিলা বিজেপিৰ ভিতৰচ’ৰাত এতিয়া এক অস্বস্তিকৰ পৰিৱেশৰ সূচনা কৰিছে। দলীয় সূত্ৰৰ মতে, গাৰ্লোচাৰ এই সিদ্ধান্তই বিজেপিৰ নেতা-কৰ্মীসকলৰ মাজত স্পষ্ট বিভাজন আনি দিছে। বিশেষকৈ বিজেপিৰ দুৰ্গ হিচাপে পৰিচিত হাফলঙত গাৰ্লোচাই বিৰোধীৰ হাত ধৰাৰ পাছত নিৰ্বাচনী সমীকৰণ যথেষ্ট সলনি…
Read More
জালুকবাৰী বিধানসভা সমষ্টিত ৰাইজক এশ শতাংশ ভোটদানৰ আহ্বান আৰ এছ এছ আৰু লোক জাগৰণ মঞ্চৰ প্ৰস্তুতি সম্পৰ্কীয় সভা

জালুকবাৰী বিধানসভা সমষ্টিত ৰাইজক এশ শতাংশ ভোটদানৰ আহ্বান আৰ এছ এছ আৰু লোক জাগৰণ মঞ্চৰ প্ৰস্তুতি সম্পৰ্কীয় সভা

অসম বিধানসভাৰ সমাগত সাধাৰণ নিৰ্বাচনত  ৰাষ্ট্ৰ হিতৰ স্বাৰ্থত ৰাইজক এশ শতাংশ ভোটদান কৰাৰ আহ্বান জনাইছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ( আৰ এছ এছ) আৰু লোক জাগৰণ মঞ্চই  ৷ নিৰ্বাচনত ৰাজ্যৰ ভোটাৰ সকলে এশ শতাংশ ভোটদান কৰি ৰাষ্ট্ৰ নিৰ্মাণত সকলোকে অংশীদাৰ হ'বলৈ আৰ এছ এছ আৰু লোক জাগৰণ মঞ্চই ৰাজ্যৰ সকলো ভোটাৰ ৰাইজক নিৰ্বাচনৰ দিন বাৰ ঘোষণা কৰাৰ পাছৰে পৰা আহ্বান জনাই আহিছে। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰ এছ এছৰ গুৱাহাটী শাখাৰ উদ্যোগত আৰু লোক জাগৰণ মঞ্চৰ গুৱাহাটী শাখাৰ সহযোগত আজাৰা ৰাজহুৱা সভাঘৰ প্ৰাংগণত জালুকবাৰী সমষ্টিবাসী ৰাইজক এশ শতাংশ ভোটদানৰ আহ্বানৰে প্ৰস্তুতি সম্পৰ্কীয় এখন  সভা অনুষ্ঠিত হয়। সভাত আৰ এছ এছৰ…
Read More
যুদ্ধৰ ফলত বিশ্বত বৃহৎ শক্তি সংকটে দেখা দিব বুলি সকীয়নি আই ই এৰ

যুদ্ধৰ ফলত বিশ্বত বৃহৎ শক্তি সংকটে দেখা দিব বুলি সকীয়নি আই ই এৰ

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধই এক বৃহৎ শক্তি সংকটৰ সূচনা কৰিব পাৰে বুলি সকীয়াই দিছে আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থাই। আই ই এৰ কাৰ্যবাহী সঞ্চালক ফাতিহ বিৰোলে কয় যে এয়া ১৯৭০ চনৰ পৰিস্থিতিতকৈও অধিক ভয়াৱহ হ’ব, আৰু ২০২২ চনত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণৰ প্ৰাৰম্ভিক প্ৰভাৱৰ সৈতে তুলনাযোগ্য হ’ব। কেনবেৰাত সংবাদ মাধ্যমৰ অনুষ্ঠানৰ সময়ত অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ সৈতে কথা পাতি এই মন্তব্য কৰে আই ই এৰ ফাতিহ বিৰোলে। বিৰোলে কয় যে আমাৰ বহুতেই ১৯৭০ চনৰ একেৰাহে দুটা তেল সংকটৰ কথা মনত পেলাইছে। প্ৰতিটো সংকটৰ সময়ত প্ৰতিদিনে বিশ্বজুৰি প্ৰায় ৫০ লাখ বেৰেল তেলৰ যোগান হেৰুৱাইছিল। যদি দুয়োটা সংকটকে মিলি যায় তেন্তে এই লোকচান প্ৰতিদিনে এক কোটি…
Read More
কূটনীতিৰ এক নীৰৱ আৰু শক্তিশালী মাধ্যম কনচুলাৰ সেৱাঃ শশী থাৰুৰৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

কূটনীতিৰ এক নীৰৱ আৰু শক্তিশালী মাধ্যম কনচুলাৰ সেৱাঃ শশী থাৰুৰৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

বৈশ্বিক ৰাজনীতিৰ জটিল সমীকৰণৰ মাজতো মানৱীয় সংযোগে এতিয়াও বিশ্বক একত্ৰিত কৰি ৰাখিছে। শুকুৰবাৰে সন্ধিয়া ৰাজধানী দিল্লীত আয়োজিত 'কনচুলাৰ ডে'ৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কংগ্ৰেছ সাংসদ শশী থাৰুৰে। তেওঁ কয় যে কনচুলাৰ কাম-কাজসমূহ হ’ল কূটনীতিৰ এনে এক নীৰৱ মাধ্যম, যাৰ প্ৰভাৱ কোনো চৰকাৰী ঘোষণাৰ পৰিৱৰ্তে মানুহৰ জীৱনতহে অধিক প্ৰত্যক্ষভাৱে অনুভৱ কৰা যায়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি থাৰুৰে কয়, "ভূ-ৰাজনৈতিক উত্তেজনাৰ পৰা জনস্বাস্থ্যৰ সংকটলৈকে, বৰ্তমানৰ সময়ত কনচুলাৰ ব্যৱস্থাৰ পৰিসৰ আৰু সংবেদনশীলতা বৃদ্ধি পাইছে। বিশ্বৰ ৰাজনৈতিক সোঁত যিমানেই অনিশ্চিত নহওক কিয়, কনচুলাৰ সেৱাই এক সুস্থিৰ শক্তি আৰু সেতু হিচাপে ৰাষ্ট্ৰসমূহৰ মাজত সংযোগ অটুট ৰাখে।" তেওঁ পুনৰ কয়, "প্ৰতিটো পাছপ’ৰ্টৰ…
Read More
একতা আৰু ভাতৃত্ববোধৰ এনাজৰীঃ এমাহজোৰা উপবাসৰ অন্ত কৰি দেশজুৰি উদযাপিত পবিত্ৰ ঈদ-উল-ফিটৰ

একতা আৰু ভাতৃত্ববোধৰ এনাজৰীঃ এমাহজোৰা উপবাসৰ অন্ত কৰি দেশজুৰি উদযাপিত পবিত্ৰ ঈদ-উল-ফিটৰ

ৰমজানৰ পবিত্ৰ দিনকেইটা পাৰ কৰি এতিয়া দেশৰ আকাশ-বতাহত বিয়পিছে আনন্দৰ জোৱাৰ। শুকুৰবাৰে নিশা আকাশত চন্দ্ৰ দেখা পোৱাৰ পিছতে শনিবাৰে ভাৰতৰ লগতে চৌদি আৰৱত ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে উদযাপন কৰিছে পবিত্ৰ ঈদ-উল-ফিটৰ। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো মছজিদ তথা ঈদগাহসমূহত হাজাৰ হাজাৰ লোকে একত্ৰিত হৈ পবিত্ৰ ঈদৰ নামাজ আদায় কৰাৰ লগতে ইজনে আনজনক সাবটি ধৰি শুভেচ্ছা বিনিময় কৰা দেখা গৈছে। পৱিত্ৰ ঈদ উপলক্ষে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে লিখিছে, "সকলোৱে সমাজত ঐক্য আৰু সম্প্ৰীতি বৃদ্ধিৰ সংকল্প লৈ জাতিটোৰ প্ৰগতিত অৰিহণা যোগোৱা উচিত।" একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এক্সৰ জৰিয়তে সকলোকে শুভেচ্ছা জনাই সকলোৰে শান্তি আৰু সু-স্বাস্থ্য কামনা…
Read More
ক্ৰিকেটৰ জ্বৰত কঁপিব গুৱাহাটী; ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিঙৰ মেচৰ টিকটৰ বাবে হাহাকাৰ

ক্ৰিকেটৰ জ্বৰত কঁপিব গুৱাহাটী; ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিঙৰ মেচৰ টিকটৰ বাবে হাহাকাৰ

মহানগৰীৰ বতাহত এতিয়া উৰিছে কেৱল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ উন্মাদনা। অহা ৩০ মাৰ্চত বৰ্ষাপাৰাস্থিত এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিঙৰ হাই-ভল্টেজ মেচখনক লৈ ক্ৰীড়ানুৰাগীৰ মাজত সৃষ্টি হৈছে এক অভূতপূৰ্ব পৰিৱেশ। ইতিমধ্যে এই হাই-প্ৰফাইল মেচখনৰ ৭০ শতাংশ টিকট বিক্ৰী সম্পূৰ্ণ হোৱাৰ খবৰে প্ৰমাণ কৰিছে যে সেইদিনা ষ্টেডিয়ামৰ গেলেৰী দৰ্শকেৰে সম্পূৰ্ণৰূপে ভৰি পৰিব। প্ৰায় ৪০ হাজাৰ দৰ্শকৰ সমাগম ঘটিবলগীয়া এই মেচখনত বৰ্ষাপাৰাৰ বাকৰি ৰাজস্থানৰ গুলপীয়া আৰু চেন্নাইৰ হালধীয়া ৰঙেৰে এক বৰ্ণিল সাগৰলৈ ৰূপান্তৰিত হোৱাটো নিশ্চিত। ক্ৰিকেটৰ এই মহাৰণক লৈ ৰাজ্যৰ চুকে-কোণে থকা ক্ৰীড়াপ্ৰেমীৰ মাজত যি উত্তেজনাৰ সৃষ্টি হৈছে, সি চলিত ছিজনৰ আটাইতকৈ আকৰ্ষণীয় মেচসমূহৰ ভিতৰত এখন হ’ব বুলি ধাৰণা…
Read More
নিৰ্বাচনী প্ৰাৰ্থিত্বক লৈ বিজেপিৰ তৎপৰতা; দৰং আৰু ধেমাজিত দুগৰাকী নতুন প্ৰাৰ্থীৰ নাম ঘোষণা

নিৰ্বাচনী প্ৰাৰ্থিত্বক লৈ বিজেপিৰ তৎপৰতা; দৰং আৰু ধেমাজিত দুগৰাকী নতুন প্ৰাৰ্থীৰ নাম ঘোষণা

নিৰ্বাচনী যুঁজখন যিমানেই ওচৰ চাপিছে, সিমানেই এতিয়া তীব্ৰতৰ হৈ পৰিছে প্ৰাৰ্থিত্বক লৈ দলীয় কুচকাৱাজ। শনিবাৰে ভাৰতীয় জনতা পাৰ্টিয়ে অসম বিধানসভা নিৰ্বাচনৰ বাবে ইয়াৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা মুকলি কৰে। নতুন দিল্লীৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা প্ৰকাশ পোৱা এই তালিকাত দলটোৱে ৰাজ্যৰ দুটা গুৰুত্বপূৰ্ণ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিছে। ইয়াৰ পূৰ্বে দলটোৱে ৮৮ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ইতিমধ্যে প্ৰকাশ কৰিছিল। বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে অনুমোদন জনোৱা এই তালিকাত ৫১ নম্বৰ দলগাঁও সমষ্টিৰ বাবে সুশ্ৰী কৃষ্ণা সাহাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। আনহাতে, ৭৯ নম্বৰ চিচিবৰগাঁও সমষ্টিৰ বাবে জীৱন গগৈৰ নাম ঘোষণা কৰা হৈছে। দলীয় নেতৃত্বই আশা প্ৰকাশ কৰিছে যে এই নতুন মুখকেইখনে নিৰ্বাচনী…
Read More
নিৰ্বাচনী শপতনামাত সম্পত্তিৰ খতিয়ান; পাঁচ বছৰত দুগুণলৈ বৃদ্ধি মুখ্যমন্ত্ৰী দম্পতীৰ উপাৰ্জন

নিৰ্বাচনী শপতনামাত সম্পত্তিৰ খতিয়ান; পাঁচ বছৰত দুগুণলৈ বৃদ্ধি মুখ্যমন্ত্ৰী দম্পতীৰ উপাৰ্জন

বিগত পাঁচটা বছৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ যুটীয়া উপাৰ্জন প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে। শুকুৰবাৰে জালুকবাৰী সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে দাখিল কৰা নিৰ্বাচনী শপতনামা অনুসৰি, ২০২১ চনত ১৭.২৭ কোটি টকা থকা এই উপাৰ্জন ২০২৬ চনত ৩৫.১৬ কোটি টকালৈ বৃদ্ধি পাইছে। বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীৰ নিজা কোনো স্থাৱৰ সম্পত্তি নথকাৰ বিপৰীতে তেওঁৰ পত্নীৰ নামত থকা সম্পত্তিৰ পৰিমাণে এতিয়া চৰ্চা লাভ কৰিছে। শপতনামাৰ তথ্য অনুসৰি, ২০২৬ চনত মুখ্যমন্ত্ৰী শৰ্মাৰ অস্থাৱৰ সম্পত্তিৰ মূল্য ২.৩৬ কোটি টকা, যি ২০২১ চনত ১.৭২ কোটি টকা আছিল। আনহাতে, 'প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট'ৰ পৰিচালন সঞ্চালক ৰিনিকি ভূঞা শৰ্মাৰ মুঠ সম্পত্তিৰ পৰিমাণ ২০২১ চনৰ ১৬.১৯…
Read More
জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন

জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন

বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ পবিত্ৰ এমহীয়া ৰমজান মাহৰ সামৰণিত দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো ঈদগাহ ময়দান আৰু মছজিদ সমূহত  আজি পুৱাৰ ভাগত ঈদ - উল - ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন হয়। আনহাতে গুৱাহাটীৰ আন আন ঈদগাহ ময়দান বা মছজিদৰ দৰে আদাবাৰী বাছ আস্থানৰ সমীপৰ  জালুকবাৰী  ঈদগাহ ময়দানতো পুৱা ৮.৪৫  বজাত ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হয়।  প্ৰায় চাৰি হাজাৰৰো অধিক লোকৰ উপস্থিতিত সমূহীয়া নামাজত ইমামতি কৰে কামৰূপ জিলাৰ দেউদুৱাৰ জামে মছজিদৰ পেছ ইমাম মৌলানা , কাৰী , গৌছে আলম  কাচিমীয়ে । নামাজৰ  পূৰ্বে অনুষ্ঠিত এক চমু অনুষ্ঠানত  উপস্থিত সকলোকে আদৰণি জনাই পবিত্ৰ ঈদ - উল - ফিটৰৰ উদ্দেশ্য বাখ্যা…
Read More
ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন

ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন

কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফ  দিৱসটো গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ নং  চি আৰ পি এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত ১৯ মাৰ্চত  অতি উলহ-মালহেৰে উদ্‌যাপন কৰা হয়। উল্লেখ্য যে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী সম্পর্কীয় ইতিহাস হ'ল ১৯৩৯ চনৰ ২৭ জুলাইত মধ্য প্ৰদেশৰ নীমচ জিলাত ক্রাউন প্রতিনিধি আৰক্ষী নামেৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী গঠন কৰা হৈছিল। স্বাধীনতাৰ পিছত ১৯৫০ চনৰ ১৯ মাৰ্চত তদানীন্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে ইয়াক ক্রাউন ৰিপ্লেজেন্টেটিভ পুলিচৰ পৰা চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৰ্চলৈ সলনি কৰি ৰাষ্ট্ৰপতিৰ পতাকা প্ৰদান কৰে । যাৰ বাবে ১৯ মাৰ্চৰ দিনটো চি আৰ পি এফে নিজৰ দিৱস হিচাপে পালন কৰি…
Read More