22
Aug
মেঘালয়ত অসমৰ বাহন আৰু চালকসকলৰ ওপৰত চলি থকা নিৰ্যাতনৰ প্ৰতিবাদত চুবুৰীয়া ৰাজ্যখনলৈ পেট্ৰ'ল, ডিজেল আৰু এলপিজি কঢ়িওৱা সকলো ধৰণৰ বাহনৰ চলাচল অনিৰ্দিষ্টকালৰ বাবে বন্ধ ঘোষণা কৰিছে উত্তৰ-পূব পেট্ৰ'লিয়াম মজদুৰ ইউনিয়নে। মেঘালয় চৰকাৰে অসমৰ পঞ্জীয়নভুক্ত বাণিজ্যিক তথা পৰ্যটন বাহনসমূহৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত নকৰালৈকে এই সিদ্ধান্ত বাহাল থাকিব বুলি শুকুৰবাৰে স্পষ্ট কৰি দিয়ে শ্ৰমিক সংগঠনটোৱে। সংগঠনটোৰ সাধাৰণ সম্পাদক ৰমেন ডেকাই জনোৱা অনুসৰি, মেঘালয়ৰ বিভিন্ন প্ৰান্তত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত পেট্ৰ'লিয়ামজাত সামগ্ৰী উঠোৱা আৰু নমাোৱা কাৰ্যও সম্পূৰ্ণৰূপে স্থগিত ৰখা হৈছে। এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰি সাধাৰণ সম্পাদকগৰাকীয়ে কয়, "যিহেতু পেট্ৰ'লিয়ামজাত সামগ্ৰীসমূহ অত্যন্ত দাহ্য পদাৰ্থ, গতিকে বাহন আৰু চালকসকলৰ নিৰাপত্তাৰ…
