ব্যৱসায়

বজাৰ-সংলগ্ন নিয়মীয়া উপাৰ্জনেৰে এক্সিছ মেক্স লাইফৰ অৱসৰকালীন পৰ্টফলিঅ’ শক্তিশালী কৰি তুলিছে স্মাৰ্ট ৰাইজে

বজাৰ-সংলগ্ন নিয়মীয়া উপাৰ্জনেৰে এক্সিছ মেক্স লাইফৰ অৱসৰকালীন পৰ্টফলিঅ’ শক্তিশালী কৰি তুলিছে স্মাৰ্ট ৰাইজে

এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্স লিমিটেডে স্মাৰ্ট ৰিটায়াৰমেণ্ট  ইনকাম উইথ চাষ্টেইনড আৰ্নিংছ প্লেন নামৰ এক নতুন অৱসৰকালীন আঁচনি মুকলি কৰিছে। এই আঁচনিখনে এক নিশ্চিত এন্যুইটিক নিফটি ৫০-সংলগ্ন পৰিৱৰ্তনশীল এন্যুইটিৰ সৈতে একত্ৰিত কৰিছে, যাৰ ফলত গ্ৰাহকসকলে অৱসৰৰ পিছত এক স্থিৰ উপাৰ্জন আৰু বজাৰ-সংলগ্ন সম্ভাৱ্য লাভ—উভয়ৰে মিশ্ৰণ লাভ কৰিব পাৰিব।এই আঁচনিৰ অধীনত পলিচীধাৰীসকলে এক পিছুৱাই দিয়াৰ সময়সীমা বাছনি কৰিব পাৰিব, যাৰ ভিতৰত নিয়মীয়া এন্যুইটি পৰিশোধৰ পূৰ্বে নিজৰ অৱসৰকালীন পুঁজি সঞ্চয় হ'ব পাৰে। এই সময়সীমা পাৰ হোৱাৰ পিছত, পলিচীধাৰীসকলে পলিচীৰ সমগ্ৰ ম্যাদত এক নিৰ্দিষ্ট নিশ্চিত এন্যুইটি লাভ কৰাৰ লগতে নিফটি ৫০ সূচকাংকৰ প্ৰদৰ্শনৰ সৈতে জড়িত এক পৰিৱৰ্তনশীল লাভো প্ৰাপ্ত কৰিব। এই পৰিকল্পনাত এক উত্তৰাধিকাৰ-পৰিকল্পনাৰ…
Read More
ইটিচিৰ ইপ্পি!-এ ৰথযাত্ৰাৰ সময়ত নতুনত্বৰে একত্ৰিত কৰিছে ওড়িশাৰ উৎসৱৰ সোৱাদক

ইটিচিৰ ইপ্পি!-এ ৰথযাত্ৰাৰ সময়ত নতুনত্বৰে একত্ৰিত কৰিছে ওড়িশাৰ উৎসৱৰ সোৱাদক

চানফিষ্ট ইপ্পি!-এ ৰথযাত্ৰাৰ সময়ত ওড়িশাৰ সমৃদ্ধ ৰন্ধন ঐতিহ্যক উদযাপন কৰিবলৈ বাৰ মাছা, ইপ্পি! পৰ্ব নামৰ এক সাংস্কৃতিক আৰু ৰন্ধন কাৰ্যসূচীৰ আয়োজন কৰে। এই অভিযান ৰাজ্যখনৰ পৰম্পৰাগত দৰ্শন 'বাৰ মাহত তেৰ পৰ্ব'ৰ দ্বাৰা অনুপ্ৰাণিত। এই প্ৰচাৰ অভিযানৰ অধীনত ওড়িশাৰ বিখ্যাত উৎসৱৰ ব্যঞ্জনসমূহক নুডলচৰ জৰিয়তে ১৩টা অভিনৱ উপায়েৰে প্ৰস্তুত কৰি দৰ্শনাৰ্থীসকলৰ সন্মুখত আঞ্চলিক সোৱাদৰ এক আধুনিক ৰূপ দাঙি ধৰা হয়। পুৰীৰ সাগৰতীৰত স্থাপন কৰা এই বিশেষ থিমযুক্ত পেভিলিয়নটোত ওড়িয়া কেলেণ্ডাৰক প্ৰতিনিধিত্ব কৰা ১২টা মাহ-অনুপ্ৰাণিত খিৰিকী ৰখা হৈছিল, যিবোৰৰ প্ৰতিটোতে পৰম্পৰাগত উৎসৱৰ খাদ্যৰ দ্বাৰা অনুপ্ৰাণিত একোখনকৈ অনন্য নুডলচ ৰেচিপি প্ৰদৰ্শন কৰা হৈছিল। ওড়িশাৰ জনপ্ৰিয় খাদ্য যেনে— পোটলা পোস্তা, দহি বৰা আলু দম, চাউল…
Read More
বিক্ৰীৰ পৰিমাণ বৃদ্ধিৰ ফলত টাটা কনজিউমাৰৰ প্ৰথম ত্ৰৈমাসিকত শক্তিশালী প্ৰদৰ্শন, লাভ ২৯% বৃদ্ধি

বিক্ৰীৰ পৰিমাণ বৃদ্ধিৰ ফলত টাটা কনজিউমাৰৰ প্ৰথম ত্ৰৈমাসিকত শক্তিশালী প্ৰদৰ্শন, লাভ ২৯% বৃদ্ধি

টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(টিচিপিএল)-এ ২০২৬ চনৰ ৩০ জুনত সমাপ্ত হোৱা ত্ৰৈমাসিকটোত এক শক্তিশালী প্ৰদৰ্শনৰ কথা সদৰি কৰিছে, য’ত পৰিচালনাৰ পৰা একত্ৰিত ৰাজহ বছৰি ১২ শতাংশ বৃদ্ধি পাই ৫,৩৪৯ কোটি টকা হৈছে। ইয়াৰ মূল কাৰণ আছিল ভাৰতীয় ব্ৰেণ্ডেড ব্যৱসায়ত শক্তিশালী বৃদ্ধি আৰু ইয়াৰ বিকাশশীল শিতানসমূহত অব্যাহত থকা গতিধাৰা। এই ত্ৰৈমাসিকত একত্ৰিত এবিটডা ১৯ শতাংশ বৃদ্ধি পাই ৭৩০ কোটি টকা হৈছে, আনহাতে মুঠ লাভ ২৯ শতাংশ বৃদ্ধি পাই ৪২৭ কোটি টকা হৈছেগৈ। কোম্পানীটোৰ ভাৰতীয় ব্ৰেণ্ডেড ব্যৱসায়ত অন্তৰ্নিহিত পৰিমাণ বৃদ্ধি হৈ ১৩ শতাংশ হৈছে, যাৰ উত্থানশীল ব্যৱসায়সমূহৰ ৪৭ শতাংশ বৃদ্ধিয়ে এই ৰূপ প্ৰদান কৰিছে। এই ব্যৱসায়সমূহে এতিয়া ভাৰতীয় পৰ্টফলিঅ'ৰ ৩৬ শতাংশ অংশ দখল…
Read More
গুণাত্মক পৰম্পৰা অভিযানৰ জৰিয়তে সাংস্কৃতিক সংযোগ সুদৃঢ় কৰিছে আশীৰ্বাদে

গুণাত্মক পৰম্পৰা অভিযানৰ জৰিয়তে সাংস্কৃতিক সংযোগ সুদৃঢ় কৰিছে আশীৰ্বাদে

ভাৰতৰ জনপ্ৰিয় আটা ব্ৰেণ্ড আশীৰ্বাদ-এ গুণাত্মক পৰম্পৰা নামৰ এক নিমজ্জিত সাংস্কৃতিক অভিযান আৰম্ভ কৰিছে। ওড়িশাৰ শতিকা পুৰণি ৰথ নিৰ্মাণ পৰম্পৰাৰ দ্বাৰা অনুপ্ৰাণিত এই অভিযানে বাৰ্ষিক পুৰী ৰথ যাত্ৰাৰ বাবে ভগৱান জগন্নাথৰ পবিত্ৰ ৰথসমূহ নিৰ্মাণ কৰা দক্ষ কাৰিকৰী সমাজ বিশ্বকৰ্মা মহাৰাণা সম্প্ৰদায়ক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই পদক্ষেপে ব্ৰেণ্ডটোৰ কোৱালিটি কি গেৰাণ্টি অৰ্থাৎ গুণগত মানৰ প্ৰতিশ্ৰুতিক পুনৰবাৰ দৃঢ় কৰাৰ লগতে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা কাৰিকৰী নিপুণতা, নিখুঁততা আৰু গুণগত মানক উদযাপন কৰিছে। ৰথ প্ৰস্তুতৰ অতি সূক্ষ্ম প্ৰক্ৰিয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই অভিযানে ভগৱান জগন্নাথৰ ৰথৰ চকৰি আৰু পৰম্পৰাগত শিলৰ চাকি-ৰ মাজত এক প্ৰতীকী সংযোগ স্থাপন কৰিছে, যিয়ে গুণগত মানদণ্ড, নিষ্ঠা…
Read More
২০২৫ বৰ্ষত বিশ্বৰ আটাইতকৈ বেছি বিক্ৰী হোৱা হুইস্কি ব্ৰেণ্ড হিচাপে পৰিগণিত ৰয়েল ষ্টেগ

২০২৫ বৰ্ষত বিশ্বৰ আটাইতকৈ বেছি বিক্ৰী হোৱা হুইস্কি ব্ৰেণ্ড হিচাপে পৰিগণিত ৰয়েল ষ্টেগ

শেহতীয়া আইডব্লিউএছআৰ ২০২৫ৰ ৰেংকিং অনুসৰি পাৰ্নড ৰিকাৰ্ড ইণ্ডিয়া-ই শুকুৰবাৰে সদৰি কৰে যে প্ৰতিষ্ঠানটোৰ ধ্বজাবাহী ব্ৰেণ্ড ৰয়েল ষ্টেগ ২০২৫ বৰ্ষৰ বিশ্বৰ আটাইতকৈ বেছি বিক্ৰী হোৱা হুইস্কি ব্ৰেণ্ড হিচাপে পৰিগণিত হৈছে। ব্ৰেণ্ডটোৱে এই বৰ্ষত ৩২.৬ মিলিয়ন কেচ বাৰ্ষিক বিক্ৰীৰে অভিলেখ গঢ়িছে, যিয়ে ইয়াৰ তিনি দশক জোৰা যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্পৰ্শ কৰিছে। পাৰ্নড ৰিকাৰ্ড ইণ্ডিয়াৰ চিইঅ’ জিন তৌবুলে এই বিষয়ে কয় যে, এই স্বীকৃতিয়ে বিগত ৩০ বছৰত গ্ৰাহকে ৰয়েল ষ্টেগৰ ওপৰত ৰখা আস্থাকে প্ৰতিফলিত কৰিছে। তেওঁ কয় যে, ব্ৰেণ্ডটোৰ এই সফলতাই প্ৰমাণ কৰে যে কেনেকৈ ধাৰাবাহিক উদ্ভাৱন, সাংস্কৃতিক প্ৰাসংগিকতা আৰু গ্ৰাহকৰ আকাংক্ষাৰ সৈতে খোজ মিলাই আগবাঢ়ি যোৱাৰ বাবেই ই এক বিশ্বজোৰা…
Read More
প্ৰবল চাহিদাৰ বলত টিভিএছ মটৰে প্ৰথম ত্ৰৈমাসিকত অৰ্জন কৰিলে সৰ্বকালৰ সৰ্বোচ্চ ৰাজহ আৰু লাভ

প্ৰবল চাহিদাৰ বলত টিভিএছ মটৰে প্ৰথম ত্ৰৈমাসিকত অৰ্জন কৰিলে সৰ্বকালৰ সৰ্বোচ্চ ৰাজহ আৰু লাভ

টিভিএছ মটৰ কোম্পানীয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰৈমাসিকত নিজৰ সৰ্বকালৰ সৰ্বোচ্চ বিত্তীয় প্ৰদৰ্শনৰ খতিয়ান দাঙি ধৰিছে। কোম্পানীটোৰ ৰাজহ বাৰ্ষিক ভিত্তিত ৩৮% বৃদ্ধি পাই ১৩,৮৯৬ কোটি টকা হৈছেগৈ আৰু কৰ-পৰৱৰ্তী লাভ (পিএটি) ৫১% বৃদ্ধিৰে ১,১৭৪ কোটি টকা স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। যোৱা বিত্তীয় বৰ্ষৰ একেটা ত্ৰৈমাসিকত কোম্পানীটোৰ ৰাজহ আছিল ১০,০৮১ কোটি টকা আৰু কৰৰ পৰৱৰ্তী লাভ আছিল ৭৭৬ কোটি টকা। কোম্পানীটোৱে সৰ্বকালৰ সৰ্বোচ্চ ত্ৰৈমাসিক এবিটডা ১,৭৭৯ কোটি টকা হোৱা বুলি উল্লেখ কৰিছে, যি পূৰ্বৰ বছৰৰ ১,২৬০ কোটি টকাৰ তুলনাত ৪১% অধিক। কেঁচামালৰ ক্ৰমবৰ্ধমান মূল্য আৰু গোলকীয় বজাৰৰ অনিশ্চয়তাই উৎপাদন ব্যয় বৃদ্ধি কৰা স্বত্বেও কোম্পানীটোৰ এবিটডা ব্যৱধান ১২.৫% ৰ পৰা ১২.৮% লৈ…
Read More
মুঠ লাভত ৫% বৃদ্ধিয়ে আইডিবিআই বেংকক প্ৰথম ত্ৰৈমাসিকত প্ৰদান কৰিছে সুস্থিৰ অগ্ৰগতি

মুঠ লাভত ৫% বৃদ্ধিয়ে আইডিবিআই বেংকক প্ৰথম ত্ৰৈমাসিকত প্ৰদান কৰিছে সুস্থিৰ অগ্ৰগতি

আইডিবিআই বেংক লিমিটেডে উচ্চ সুতৰ দ্বাৰা উপাৰ্জন, শক্তিশালী ঋণ বৃদ্ধি আৰু সম্পদৰ মানদণ্ডৰ ধাৰাবাহিক উন্নতিৰ ফলত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত সামগ্ৰিক লাভ বছৰি ৫ শতাংশ বৃদ্ধিৰে ২,১১৫ কোটি টকা হোৱাৰ কথা সদৰি কৰি শনিবাৰে প্ৰতিবেদন দাখিল কৰিছে। বেংকটোৱে যোৱা বিত্তীয় বৰ্ষৰ একেটা ত্ৰৈমাসিকত ২,০০৭ কোটি টকাৰ মুঠ লাভ অৰ্জন কৰা দেখুৱাইছিল, আনহাতে ক্ৰমান্বয়ে পূৰ্বৱৰ্তী ত্ৰৈমাসিকৰ তুলনাত এই লাভ ৯ শতাংশ বৃদ্ধি পাইছে। মুম্বাইত অনুষ্ঠিত পৰিচালনা সঞ্চালক বৰ্ডৰ বৈঠকত ২০২৬ চনৰ ৩০ জুনত শেষ হোৱা ত্ৰৈমাসিকৰ বিত্তীয় ফলাফলত অনুমোদন জনোৱা হয়। বেংকৰ মুট সুতৰ উপাৰ্জন (এনআইআই) বছৰি ১০ শতাংশ বৃদ্ধি পাই ৩,১৬৬ কোটি টকাৰ পৰা ৩,৪৮৬ কোটি টকা হৈছে, আনহাতে…
Read More
হোম ক্ৰেডিট ইণ্ডিয়াই অধিগ্ৰহণ কৰিলে ভাৰ্থনা ফাইনেন্স

হোম ক্ৰেডিট ইণ্ডিয়াই অধিগ্ৰহণ কৰিলে ভাৰ্থনা ফাইনেন্স

টিভিএছ ভেনু গ্ৰুপৰ অন্তৰ্ভুক্ত হোম ক্ৰেডিট ইণ্ডিয়াই সম্পূৰ্ণ নগদ ধনৰ লেনদেনৰ বিনিময়ত ভাৰ্থনা ফাইনেন্স প্ৰাইভেট লিমিটেডৰ ১০০ শতাংশ অংশীদাৰিত্ব অধিগ্ৰহণ কৰাৰ বাবে এক চুক্তিত উপনীত হৈছে। অৱশ্যে এই প্ৰক্ৰিয়াটো ৰিজাৰ্ভ বেংক আদিকে ধৰি আনুষংগিক নিয়ন্ত্ৰণকাৰী সংস্থাসমূহৰ অনুমোদনৰ সাপেক্ষেহে সম্পন্ন হ’ব। এই প্ৰস্তাৱিত অধিগ্ৰহণৰ মূল উদ্দেশ্য হৈছে সুৰক্ষিত আৰু দীৰ্ঘম্যাদী শিক্ষা ঋণ খণ্ডত প্ৰৱেশ কৰি টিভিএছ ভেনুৰ বিত্তীয় সেৱাৰ পৰিসৰ অধিক শক্তিশালী কৰা। টিভিএছ ভেনুৱে জনোৱা মতে, ভাৰতৰ বৰ্ধিত ঋণৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ এক উচ্চ মানদণ্ডৰ বিত্তীয় সেৱা গঢ়ি তোলাৰ বাবে প্ৰতিষ্ঠানটোৰ যি দীৰ্ঘম্যাদী কৌশল, তাৰ সৈতেই এই পদক্ষেপ সংগতিপূৰ্ণ। বৰ্তমান টিভিএছ ক্ৰেডিট চাৰ্ভিচেছ আৰু হোম ক্ৰেডিট ইণ্ডিয়াৰ জৰিয়তে গ্ৰুপটোৱে…
Read More
২১গৰাকী এমডিআৰটি উপদেষ্টাৰে টাটা এআইএ-ই অসমত নিজৰ স্থিতি কৰিছে শক্তিশালী, ভাৰতৰ অক্ষুণ্ণ ৰাখিছে শীৰ্ষ ৰেংকিং

২১গৰাকী এমডিআৰটি উপদেষ্টাৰে টাটা এআইএ-ই অসমত নিজৰ স্থিতি কৰিছে শক্তিশালী, ভাৰতৰ অক্ষুণ্ণ ৰাখিছে শীৰ্ষ ৰেংকিং

টাটা এআইএ লাইফ ইঞ্চুৰেন্সে-এ অসমত ২১গৰাকী মিলিয়ন ডলাৰ ৰাউণ্ড টেবুল(এমডিআৰটি)-যোগ্য উপদেষ্টা পঞ্জীয়ন কৰিছে। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ জীৱন বীমা খণ্ডত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ লগতে ধাৰাবাহিকভাৱে চতুৰ্থ বছৰৰ বাবে এমডিআৰটি-যোগ্য উপদেষ্টাৰ সংখ্যাৰ ফালৰ পৰা ভাৰতৰ শীৰ্ষ বীমাকাৰী প্ৰতিষ্ঠান হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে। ২০২৬ চনৰ গ্লবেল এমডিআৰটি ৰেংকিং অনুসৰি, কামৰূপ(ম) আৰু কোকৰাঝাৰ জিলাৰ পৰা চাৰি গৰাকীকৈ এমডিআৰটি-যোগ্য উপদেষ্টা আছে, আনহাতে কাছাৰ জিলাৰ দুগৰাকী উপদেষ্টাই এই যোগ্যতা অৰ্জন কৰিছে। সমগ্ৰ ভাৰতবৰ্ষত টাটা এআইএ-ই ১,৩৯৭গৰাকী এমডিআৰটি-যোগ্য উপদেষ্টা পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত প্ৰতিষ্ঠানটোৱে বিশ্বজুৰি ১৩সংখ্যক স্থান লাভ কৰিছে। এই মুঠ যোগ্যতা অৰ্জনকাৰীসকলৰ ভিতৰত ৬৯৫গৰাকী মহিলা, যি প্ৰতিষ্ঠানটোৰ মুঠ এমডিআৰটি সদস্যৰ প্ৰায় আধা…
Read More
১২.৯৯ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত এডভেঞ্চাৰ এডিচন মুকলিৰে ডাষ্টাৰৰ পুৰণি ঐতিহ্যৰ ওপৰত গুৰুত্ব আৰোপ ৰেন’ৰ

১২.৯৯ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত এডভেঞ্চাৰ এডিচন মুকলিৰে ডাষ্টাৰৰ পুৰণি ঐতিহ্যৰ ওপৰত গুৰুত্ব আৰোপ ৰেন’ৰ

ৰেন’ ইণ্ডিয়াই নিজৰ আইকনিক এছইউভি-ৰ এক বিশেষ সংস্কৰণ ডাষ্টাৰ এডভেঞ্চাৰ এডিচন মুকলি কৰিছে, বাহনখনৰ এক্স-শ্ব’ৰুম মূল্য ১২.৯৯ লাখ টকাৰ পৰা আৰম্ভ হৈছে। মঙলবাৰে ঘোষণা কৰা অনুসৰি, ভাৰতৰ আটাইতকৈ জনপ্ৰিয় এছইউভিসমূহৰ অন্যতম ডাষ্টাৰৰ দুঃসাহসিক ভ্ৰমণৰ ঐতিহ্যক উদযাপন কৰাৰ উদ্দেশ্যে এই নতুন সংস্কৰণটো অনা হৈছে। কোম্পানীটোৰ সমগ্ৰ ভাৰততে এক মূল্য নীতিৰ অধীনত এই নতুন সংস্কৰণটো তিনিটা ভেৰিয়েণ্টত উপলব্ধ হ’ব— এডভেঞ্চাৰ টাৰ্বো টিচিই ১০০ এমটিৰ মূল্য ১২.৯৯ লাখ টকা, এডভেঞ্চাৰ টাৰ্বো টিচিই ১৬০ এমটিৰ মূল্য ১৩.৯৯ লাখ টকা আৰু এডভেঞ্চাৰ টাৰ্বো টিচিই ১৬০ ডিচিটিৰ মূল্য ১৫.৩৯ লাখ টকা। ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস বাষ্টিল ডে'ৰ ক্ষণত ভাৰতস্থিত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত থিয়েৰী মাঠু আৰু ৰেন’ গ্ৰুপ ইণ্ডিয়াৰ…
Read More