ব্যৱসায়

ইপিএফঅ’ৰ ধন আদায় ব্যৱস্থাৰে ডিজিটেল বেংক সেৱাৰ পৰিসৰ বৃদ্ধি কৰিলে ইণ্ডাছইণ্ড বেংকে

ইপিএফঅ’ৰ ধন আদায় ব্যৱস্থাৰে ডিজিটেল বেংক সেৱাৰ পৰিসৰ বৃদ্ধি কৰিলে ইণ্ডাছইণ্ড বেংকে

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনস্থ কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন(ইপিএফঅ')ৰ সৈতে ইণ্ডাছইণ্ড বেংক সংযুক্ত হৈছে। ইয়াৰ ফলত নিয়োগকৰ্তা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে এতিয়াৰে পৰা বেংকটোৰ ডিজিটেল বেংকিং প্লেটফৰ্ম ব্যৱহাৰ কৰি ইপিএফঅ' পৰ্টেলৰ জৰিয়তে অতি সহজে ভৱিষ্যনিধি(পিএফ)ৰ বৰঙণি জমা কৰিব পাৰিব। এই সংযোগৰ পিছত এতিয়াৰে পৰা বিভিন্ন সংস্থাসমূহে ইপিএফঅ' পৰ্টেলত পোনপটীয়াকৈ ইণ্ডাছইণ্ড বেংক বাচনি কৰিব পাৰিব। লগতে বেংকটোৰ কৰ্পৰেট ইণ্টাৰনেট বেংকিং প্লেটফৰ্ম ইণ্ডাছ ডাইৰেক্ট আৰু মজলীয়া তথা ক্ষুদ্ৰ উদ্যোগ(এমএছএমই)ৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা মোবাইল বেংকিং এপ্লিকেচন ইণ্ডি ফৰ বিজনেছৰ জৰিয়তে নিয়মীয়া পি এফ আদায় প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব। দেশৰ আটাইতকৈ বেছি ব্যৱহৃত বিধিবদ্ধ কৰ্তব্যৰ এই ধন আদায় প্ৰক্ৰিয়াটোক সৰল কৰাৰ লগতে এটা সুৰক্ষিত…
Read More
‘মিল্ক এণ্ড ৰাইচ’ সামগ্ৰীৰে নিজৰ পৰিসৰ বৃদ্ধি আৰু ‘পোষণ কা পেহলা স্পৰ্শ’ অভিযান আৰম্ভ কৰিছে জনচন’ছ®️ বেবীয়ে

‘মিল্ক এণ্ড ৰাইচ’ সামগ্ৰীৰে নিজৰ পৰিসৰ বৃদ্ধি আৰু ‘পোষণ কা পেহলা স্পৰ্শ’ অভিযান আৰম্ভ কৰিছে জনচন’ছ®️ বেবীয়ে

জনচন'ছ®️ বেবীয়ে শিশুসকলৰ ছালৰ যত্নৰ বাবে নিজৰ নতুন মিল্ক এণ্ড ৰাইচ সামগ্ৰীৰ শৃংখলা মুকলি কৰিছে। ইয়াৰ সৈতে সংগতি ৰাখি পৰম্পৰাগত ভাৰতীয় অন্নপ্ৰসন্ন উৎসৱৰ দ্বাৰা অনুপ্ৰাণিত হৈ ‘পোষন কা পেহলা স্পৰ্শ’ নামৰ এটা নতুন বিজ্ঞাপন অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানে শিশুৰ জীৱনৰ প্ৰথম দিনবোৰৰ পৰাই কোমল ছালৰ পুষ্টিৰ ওপৰত গুৰুত্ব দি ছালৰ বাবে আহাৰৰ ৰীতি ধাৰণাটো উপস্থাপন কৰি এই সাংস্কৃতিক পৰম্পৰাটোক এক ন ৰূপত তুলি ধৰিছে। জনচন'ছ®️ বেবীৰ এই নতুন ‘মিল্ক এণ্ড ৰাইচ’ সামগ্ৰীসমূহ গাখীৰৰ প্ৰ’টিন, ৰাইচ ব্ৰেন প্ৰ’টিন, ভিটামিন ই, গ্লিচাৰিন আৰু মাল্টিভিটামিন কমপ্লেক্সৰ সংমিশ্ৰণেৰে প্ৰস্তুত কৰা হৈছে। ই নৱজাত শিশুৰ কোমল ছালৰ সুৰক্ষা কৱচ শক্তিশালী কৰাত আৰু দীৰ্ঘসময়লৈ…
Read More
মণিপাল হাস্পতালে গুৱাহাটীত বিশেষ কৰ্কট ৰোগৰ অ’পিডিৰ জৰিয়তে বৃদ্ধি কৰিলে অংক’লজী সেৱা

মণিপাল হাস্পতালে গুৱাহাটীত বিশেষ কৰ্কট ৰোগৰ অ’পিডিৰ জৰিয়তে বৃদ্ধি কৰিলে অংক’লজী সেৱা

সমগ্ৰ ভাৰতবৰ্ষতে ক্ৰমান্বয়ে বৃদ্ধি পোৱা কৰ্কট ৰোগৰ প্ৰতি লক্ষ্য ৰাখি দ্বাৰকাৰ এইচচিএমচিটি মণিপাল হাস্পতালে গুৱাহাটী মহানগৰীত এক বিশেষ অ’পিডি মুকলি কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে ৰোগীসকলে যাতে নিজৰ ঘৰৰ ওচৰতে সঠিক সময়ত বিশেষজ্ঞৰ পৰামৰ্শ লাভ কৰিব পাৰে, যাৰ ফলত উন্নত কৰ্কট ৰোগৰ পৰামৰ্শ আৰু চিকিৎসাৰ বাবে আন মহানগৰীলৈ যাবলগীয়া দূৰত্ব আৰু কষ্ট হ্ৰাস পাব।এই বিশেষ অ’পিডি প্ৰতিমাহৰ দ্বিতীয়টো দেওবাৰে পুৱা ১০:০০ বজাৰ পৰা দুপৰীয়া ১২:০০ বজালৈ গুৱাহাটীৰ লাচিত নগৰস্থিত ইউএইচএছ, ভিষ্টা ছুপাৰ স্পেচিয়েলিটি ক্লিনিকত আগবঢ়োৱা হ'ব। দ্বাৰকাৰ এইচচিএমচিটি মণিপাল হাস্পতালৰ ছাৰ্জিকেল অংক’লজী বিভাগৰ কনছালটেণ্ট ডাঃ বিক্ৰম কুমাৰ ডেকাই এই অ’পিডি সেৱাত ৰোগীসকলক পৰামৰ্শ প্ৰদান কৰিব। দেশজুৰি কৰ্কট ৰোগৰ সংখ্যা ক্ৰমাগতভাৱে…
Read More
ভৱিষ্যতৰ পৰিবহণ ব্যৱস্থাক আগুৱাই নিবলৈ এমজি-এ মুকলি কৰিলে ভাৰতৰ প্ৰথম মাল্টি-এনইভি প্লেটফৰ্ম 

ভৱিষ্যতৰ পৰিবহণ ব্যৱস্থাক আগুৱাই নিবলৈ এমজি-এ মুকলি কৰিলে ভাৰতৰ প্ৰথম মাল্টি-এনইভি প্লেটফৰ্ম 

জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই নিজৰ দীৰ্ঘম্যাদী বৈদ্যুতিক পৰিবহণ ৰণনীতিক অধিক শক্তিশালী কৰি এমজি এডাপ্ট মুকলি কৰিছে। এই এডাপ্ট হৈছে ভাৰতৰ প্ৰথমটো মাল্টি নিউ এনাৰ্জী ভেহিকল (এনইভি) প্লেটফৰ্ম, যাক এক বুদ্ধিদীপ্ত আৰ্হিৰ সহায়ত ইলেকট্ৰিক বাহন (ইভি), হাইব্ৰিড ইলেকট্ৰিক বাহন (এইছইভই), প্লাগ-ইন হাইব্ৰিড ইলেকট্ৰিক বাহন (পিএইছইভি) আৰু ৰেঞ্জ এক্সটেণ্ডাৰ ইলেকট্ৰিক বাহন (আৰইইভি) চলোৱাৰ বাবে প্ৰস্তুত কৰা হৈছে। ইয়াৰ উপৰি কোম্পানীটোৱে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ ভিতৰত এই প্লেটফৰ্মৰ আধাৰত নিৰ্মিত এখন ইভি আৰু এখন পিএইছইভি বজাৰত মুকলি কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে, যাৰ ফলত ভৱিষ্যতৰ সামগ্ৰীৰ তালিকাখন অধিক ডাঙৰ-বিস্তৃত হ’ব।  এটা মড্যুলাৰ আৰ্হি হিচাপে বিকশিত কৰা এমজি এডাপ্ট-এ এক সুকীয়া হাইব্ৰিড ইঞ্জিন, এটা সুকীয়া বেটাৰী…
Read More
ভাৰতত বাহনৰ গৱেষণা আৰু উন্নয়ন শক্তিশালী কৰিবলৈ আইআইটি কানপুৰৰ সৈতে ৰেন’ৰ অংশীদাৰিত্ব

ভাৰতত বাহনৰ গৱেষণা আৰু উন্নয়ন শক্তিশালী কৰিবলৈ আইআইটি কানপুৰৰ সৈতে ৰেন’ৰ অংশীদাৰিত্ব

ৰেন’ ইণ্ডিয়াই ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কানপুৰৰ সৈতে এক কৌশলগত অংশীদাৰিত্বত উপনীত হৈছে। এই সহযোগিতাৰ উদ্দেশ্য হৈছে প্ৰতিষ্ঠানখনৰ উন্নত নেচনেল ৱিণ্ড টানেল ফেচিলিটি(এনডব্লিউটিএফ)-ৰ সহায় লৈ দেশত বাহনৰ গৱেষণা আৰু উন্নয়নমূলক ক্ষমতা অধিক শক্তিশালী কৰা। এই সহযোগিতাৰ অধীনত, ৰেন’ ইণ্ডিয়াই নিজৰ যাত্ৰীবাহী বাহনসমূহৰ এৰ’ডাইনেমিক আৰু বতাহৰ শব্দৰ পৰীক্ষণ কৰিবলৈ এই অত্যাধুনিক পৰীক্ষাগাৰটো ব্যৱহাৰ কৰিব। ই উন্নত দক্ষতা, সুৰক্ষা আৰু প্ৰদৰ্শন সামৰ্থ্যযুক্ত পৰৱৰ্তী প্ৰজন্মৰ গাড়ীৰ আৰ্হি প্ৰস্তুত কৰাত সহায় কৰিব। কোম্পানীটোৱে জানিবলৈ দিয়ে যে এই পদক্ষেপে ৰেন’ৰ গোলকীয় অভিযান্ত্ৰিক দক্ষতা আৰু আইআইটি কানপুৰৰ উন্নত গৱেষণা আন্তঃগাঁথনিক একত্ৰিত কৰিব, যাৰ ফলত অধিক নিখুঁত বাহনৰ গুণাগুণ নিৰূপণ আৰু উৎপাদন উন্নত কৰা সম্ভৱ হ’ব। ৰেন’ গ্ৰুপ…
Read More
স্কোডা অটো ইণ্ডিয়াই প্ৰথম ছমাহত বিক্ৰীৰে গঢ়িলে অভিলেখ

স্কোডা অটো ইণ্ডিয়াই প্ৰথম ছমাহত বিক্ৰীৰে গঢ়িলে অভিলেখ

স্কোডা অটো ইণ্ডিয়াই ২০২৬ চনৰ প্ৰথমাৰ্ধত ৩৮,৮৯৪খন বাহন বিক্ৰী কৰি এইপৰ্যন্ত সৰ্বাধিক অৰ্ধ-বাৰ্ষিক বিক্ৰীৰ অভিলেখ গঢ়িছে, যি যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ৭.৫ শতাংশ অধিক। ২০২৫ চনত কোম্পানীটোৱে সৰ্বাধিক বাৰ্ষিক বিক্ৰীৰ অভিলেখ অৰ্জনৰ পিছত এই প্ৰদৰ্শনে কোম্পানীটোৰ বিকাশৰ ধাৰা অব্যাহত ৰাখিছে। ভাৰতত ক্ৰমাগত দ্বিতীয় বছৰৰ বাবে কোম্পানীটোৱে প্ৰথমাৰ্ধত এই অভিলেখমূলক বিক্ৰী কৰিবলৈ সক্ষম হৈছে। স্কোডা অটো ইণ্ডিয়াৰ ব্ৰেণ্ড ডাইৰেক্টৰ আশিস গুপ্তাই এই সাফল্যৰ কৃতিত্ব গ্ৰাহকৰ ক্ৰমবৰ্ধমান আস্থা আৰু এক সুপৰিকল্পিত প্ৰডাক্ট কৌশল বুলি অভিহিত কৰিছে। তেওঁ কয় যে, নতুন কুশ্বাক, আপডেটেড কডিয়াৰ্ক আৰু একেবাৰে নতুন কডিয়াৰ্ক আৰএছ-ৰ চাহিদা বহুত বেছি আছিল। আনকি কডিয়াৰ্ক আৰএছ বাহনখন মুকলি হোৱাৰ মাত্ৰ ছয় মিনিটৰ…
Read More
২ লাখ কোটি টকাৰ এইউএমৰ সীমা অতিক্ৰম কৰি বৃদ্ধিৰ গতিবেগ অধিক শক্তিশালী কৰিলে এক্সিছ মেক্স লাইফে

২ লাখ কোটি টকাৰ এইউএমৰ সীমা অতিক্ৰম কৰি বৃদ্ধিৰ গতিবেগ অধিক শক্তিশালী কৰিলে এক্সিছ মেক্স লাইফে

এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড-এ ২০২৬ চনৰ ৩০ জুন পৰ্যন্ত পৰিচালনাধীন সম্পদ(এইউএম)ৰ ক্ষেত্ৰত ২ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰি এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্পৰ্শ কৰিছে। কোম্পানীটোৱে জানিবলৈ দিয়া মতে, এক অনুশাসিত বিনিয়োগ কৌশল, গ্ৰাহক-কেন্দ্ৰিক সেৱা আৰু ধাৰাবাহিক ব্যৱসায়িক বৃদ্ধিৰ বাবে নিজৰ এইউএম বছৰি ৮ শতাংশতকৈও অধিক হাৰত বৃদ্ধি পাইছে। কোম্পানীটোৰ মতে, এই সাফল্যই নিজৰ বিচক্ষণ বিপদাশংকা ব্যৱস্থাপনা, বৈচিত্ৰ্যপূৰ্ণ বিতৰণ মাধ্যম, সামগ্ৰীৰ উদ্ভাৱন আৰু প্ৰযুক্তি-চালিত পৰিচালনা ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰাটোকে প্ৰতিফলিত কৰে। এক্সিছ মেক্স লাইফৰ বিনিয়োগ পৰ্টফলিঅ’ চৰকাৰী প্ৰতিভূতি, কৰ্পৰেট বণ্ড, ইকুইটি, বাণিজ্যিক ৰিয়েল এষ্টেট, অল্টাৰনেট ইনভেষ্টমেণ্ট ফাণ্ড (এআইএফ), ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট ট্ৰাষ্ট (আইএনভিআইটি) আৰু ৰিয়েল এষ্টেট ইনভেষ্টমেণ্ট ট্ৰাষ্ট…
Read More
জুন মাহত বাহন যোগান ৪৭% বৃদ্ধিৰে টিভিএছ মটৰ্ছৰ অভিলেখসংখ্যক ত্ৰৈমাসিক বিক্ৰী

জুন মাহত বাহন যোগান ৪৭% বৃদ্ধিৰে টিভিএছ মটৰ্ছৰ অভিলেখসংখ্যক ত্ৰৈমাসিক বিক্ৰী

টিভিএছ মটৰ কোম্পানী-এ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত শক্তিশালী চাহিদা, বৈদ্যুতিক বাহনৰ তীব্ৰ বৃদ্ধি আৰু তিনিচকীয়া বাহনৰ বিক্ৰীৰ ব্যাপক উত্থানৰ ওপৰত ভিত্তি কৰি ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰৈমাসিকত ১৬.৩১ লাখ ইউনিট বাহন বিক্ৰী কৰি এইপৰ্যন্ত সৰ্বাধিক ত্ৰৈমাসিক বিক্ৰীৰ অভিলেখ গঢ়িছে। কোম্পানীটোৱে ২০২৬ চনৰ জুন মাহতো এতিয়ালৈকে সৰ্বাধিক মাহেকীয়া বিক্ৰী পঞ্জীয়ন কৰিছে; য’ত যোৱা বছৰৰ একে মাহৰ ৪,০২,০০১ ইউনিটৰ তুলনাত এইবাৰ পাইকাৰী বাহন প্ৰেৰণ ৪৭ শতাংশ বৃদ্ধি পাই ৫,৯০,০০৩ ইউনিট হৈছেগৈ। এপ্ৰিল-জুন মাহৰ এই ত্ৰৈমাসিকত দুচকীয়া বাহনৰ বিক্ৰী পূৰ্বৰ বছৰৰ ১২.৩২ লাখ ইউনিটৰ পৰা ২৭ শতাংশ বৃদ্ধি পাই ১৫.৬৪ লাখ ইউনিট হৈছে। আনহাতে, তিনিচকীয়া বাহনৰ বিক্ৰী ৪৮ শতাংশ বৃদ্ধি পাই ৬৭,০০০ ইউনিট…
Read More
ছনীয়ে ভাৰতত মুকলি কৰিলে ব্ৰাভিয়া ৯II আৰু ব্ৰাভিয়া ৭II ট্ৰু আৰজিবি টিভি

ছনীয়ে ভাৰতত মুকলি কৰিলে ব্ৰাভিয়া ৯II আৰু ব্ৰাভিয়া ৭II ট্ৰু আৰজিবি টিভি

ছনী ইণ্ডিয়াই ভাৰতীয় বজাৰত নিজৰ শেহতীয়া ট্ৰু আৰজিবি ডিচপ্লে প্ৰযুক্তিৰ ব্ৰাভিয়া ৯II আৰু ব্ৰাভিয়া ৭II মডেল দুটা মুকলি কৰি প্ৰিমিয়াম টেলিভিছনৰ পৰিসৰ বৃদ্ধি কৰিছে। ২৯ জুনত কৰা ঘোষণা অনুসৰি, ব্ৰাভিয়া ৯II ২০২৬ বৰ্ষৰ বাবে ছনীৰ আটাইতকৈ উন্নত টেলিভিছন হিচাপে পৰিগণিত হৈছে। আনহাতে পূৰ্বতে মুকলি কৰা ব্ৰাভিয়া ৭II মডেলটোতো কোম্পানীটোৰ পৰৱৰ্তী প্ৰজন্মৰ আৰজিবি ডিচপ্লে প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। উন্নত ৰঙৰ সঠিকতা, বিস্তৃত কালাৰ ভলিউম, বৰ্ধিত উজ্জ্বলতা আৰু গভীৰ ক’লা ৰং প্ৰদৰ্শনৰ বাবে ৰঙা, সেউজীয়া আৰু নীলা এলইডি-ক স্বতন্ত্ৰভাৱে নিয়ন্ত্ৰণ কৰিব পৰাকৈ এই দুয়োটা মডেলতে ছনীৰ নিজস্ব আৰজিবি বেকলাইট মাষ্টাৰ ড্ৰাইভ প্ৰ' প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। এই টেলিভিছনসমূহ এডভান্সড এআই কগ্নিটিভ প্ৰচেছৰ…
Read More
এআই, চাইবাৰ ছিকিউৰিটি-এ ভাৰতৰ এমএছএমই ডিজিটেল উত্থানত ইন্ধন যোগায় বুলি ভি-ৰ ব্যৱসায়িক অধ্যয়নত প্ৰকাশ

এআই, চাইবাৰ ছিকিউৰিটি-এ ভাৰতৰ এমএছএমই ডিজিটেল উত্থানত ইন্ধন যোগায় বুলি ভি-ৰ ব্যৱসায়িক অধ্যয়নত প্ৰকাশ

ভাৰতৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাই এক অন্যতম বৃদ্ধিৰ অনুঘটক হিচাপে আত্মপ্ৰকাশ কৰিছে, ৫৭ শতাংশ ব্যৱসায়ীয়ে এআইক সম্প্ৰসাৰণৰ এক গুৰুত্বপূৰ্ণ চালক হিচাপে গণ্য কৰিছে আৰু প্ৰতি চাৰিজনৰ ভিতৰত এজনে ইতিমধ্যে নিজৰ কাৰ্য-কলাপত এআই সঁজুলি প্ৰয়োগ-নিয়োজিত কৰিছে। ভি বিজনেছৰ ৰেডী ফৰ নেক্সট প্লেটফৰ্মৰ জৰিয়তে ১৬টা খণ্ডৰ ২.৫ লাখতকৈ অধিক এমএছএমইৰ পৰা অন্তৰ্দৃষ্টি লাভ কৰি ভাৰতৰ ডিজিটেল মেচ্যৰিটী ইণ্ডেক্স (ডিএমআই) ২০২৬ত যোৱা বছৰৰ ৫৮.০ৰ পৰা ৬০.৮লৈ বৃদ্ধিৰ কথাও প্ৰকাশ কৰিছে। প্ৰতিবেদনত দেখা গৈছে যে ৪৬.৩ শতাংশ এমএছএমই-এ বৰ্ধিত ডিজিটেল ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ চাইবাৰ সুৰক্ষা সেৱা গ্ৰহণ কৰিছে, আনহাতে, মহিলা নেতৃত্বাধীন উদ্যোগসমূহে ৬০.৪ৰ বিপৰীতে ৬১.৬ ডিএমআই স্ক’ৰেৰে পুৰুষ নেতৃত্বাধীন…
Read More