ব্যৱসায়

গুণাত্মক পৰম্পৰা অভিযানৰ জৰিয়তে সাংস্কৃতিক সংযোগ সুদৃঢ় কৰিছে আশীৰ্বাদে

গুণাত্মক পৰম্পৰা অভিযানৰ জৰিয়তে সাংস্কৃতিক সংযোগ সুদৃঢ় কৰিছে আশীৰ্বাদে

ভাৰতৰ জনপ্ৰিয় আটা ব্ৰেণ্ড আশীৰ্বাদ-এ গুণাত্মক পৰম্পৰা নামৰ এক নিমজ্জিত সাংস্কৃতিক অভিযান আৰম্ভ কৰিছে। ওড়িশাৰ শতিকা পুৰণি ৰথ নিৰ্মাণ পৰম্পৰাৰ দ্বাৰা অনুপ্ৰাণিত এই অভিযানে বাৰ্ষিক পুৰী ৰথ যাত্ৰাৰ বাবে ভগৱান জগন্নাথৰ পবিত্ৰ ৰথসমূহ নিৰ্মাণ কৰা দক্ষ কাৰিকৰী সমাজ বিশ্বকৰ্মা মহাৰাণা সম্প্ৰদায়ক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই পদক্ষেপে ব্ৰেণ্ডটোৰ কোৱালিটি কি গেৰাণ্টি অৰ্থাৎ গুণগত মানৰ প্ৰতিশ্ৰুতিক পুনৰবাৰ দৃঢ় কৰাৰ লগতে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা কাৰিকৰী নিপুণতা, নিখুঁততা আৰু গুণগত মানক উদযাপন কৰিছে। ৰথ প্ৰস্তুতৰ অতি সূক্ষ্ম প্ৰক্ৰিয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই অভিযানে ভগৱান জগন্নাথৰ ৰথৰ চকৰি আৰু পৰম্পৰাগত শিলৰ চাকি-ৰ মাজত এক প্ৰতীকী সংযোগ স্থাপন কৰিছে, যিয়ে গুণগত মানদণ্ড, নিষ্ঠা…
Read More
২০২৫ বৰ্ষত বিশ্বৰ আটাইতকৈ বেছি বিক্ৰী হোৱা হুইস্কি ব্ৰেণ্ড হিচাপে পৰিগণিত ৰয়েল ষ্টেগ

২০২৫ বৰ্ষত বিশ্বৰ আটাইতকৈ বেছি বিক্ৰী হোৱা হুইস্কি ব্ৰেণ্ড হিচাপে পৰিগণিত ৰয়েল ষ্টেগ

শেহতীয়া আইডব্লিউএছআৰ ২০২৫ৰ ৰেংকিং অনুসৰি পাৰ্নড ৰিকাৰ্ড ইণ্ডিয়া-ই শুকুৰবাৰে সদৰি কৰে যে প্ৰতিষ্ঠানটোৰ ধ্বজাবাহী ব্ৰেণ্ড ৰয়েল ষ্টেগ ২০২৫ বৰ্ষৰ বিশ্বৰ আটাইতকৈ বেছি বিক্ৰী হোৱা হুইস্কি ব্ৰেণ্ড হিচাপে পৰিগণিত হৈছে। ব্ৰেণ্ডটোৱে এই বৰ্ষত ৩২.৬ মিলিয়ন কেচ বাৰ্ষিক বিক্ৰীৰে অভিলেখ গঢ়িছে, যিয়ে ইয়াৰ তিনি দশক জোৰা যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্পৰ্শ কৰিছে। পাৰ্নড ৰিকাৰ্ড ইণ্ডিয়াৰ চিইঅ’ জিন তৌবুলে এই বিষয়ে কয় যে, এই স্বীকৃতিয়ে বিগত ৩০ বছৰত গ্ৰাহকে ৰয়েল ষ্টেগৰ ওপৰত ৰখা আস্থাকে প্ৰতিফলিত কৰিছে। তেওঁ কয় যে, ব্ৰেণ্ডটোৰ এই সফলতাই প্ৰমাণ কৰে যে কেনেকৈ ধাৰাবাহিক উদ্ভাৱন, সাংস্কৃতিক প্ৰাসংগিকতা আৰু গ্ৰাহকৰ আকাংক্ষাৰ সৈতে খোজ মিলাই আগবাঢ়ি যোৱাৰ বাবেই ই এক বিশ্বজোৰা…
Read More
প্ৰবল চাহিদাৰ বলত টিভিএছ মটৰে প্ৰথম ত্ৰৈমাসিকত অৰ্জন কৰিলে সৰ্বকালৰ সৰ্বোচ্চ ৰাজহ আৰু লাভ

প্ৰবল চাহিদাৰ বলত টিভিএছ মটৰে প্ৰথম ত্ৰৈমাসিকত অৰ্জন কৰিলে সৰ্বকালৰ সৰ্বোচ্চ ৰাজহ আৰু লাভ

টিভিএছ মটৰ কোম্পানীয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথমটো ত্ৰৈমাসিকত নিজৰ সৰ্বকালৰ সৰ্বোচ্চ বিত্তীয় প্ৰদৰ্শনৰ খতিয়ান দাঙি ধৰিছে। কোম্পানীটোৰ ৰাজহ বাৰ্ষিক ভিত্তিত ৩৮% বৃদ্ধি পাই ১৩,৮৯৬ কোটি টকা হৈছেগৈ আৰু কৰ-পৰৱৰ্তী লাভ (পিএটি) ৫১% বৃদ্ধিৰে ১,১৭৪ কোটি টকা স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। যোৱা বিত্তীয় বৰ্ষৰ একেটা ত্ৰৈমাসিকত কোম্পানীটোৰ ৰাজহ আছিল ১০,০৮১ কোটি টকা আৰু কৰৰ পৰৱৰ্তী লাভ আছিল ৭৭৬ কোটি টকা। কোম্পানীটোৱে সৰ্বকালৰ সৰ্বোচ্চ ত্ৰৈমাসিক এবিটডা ১,৭৭৯ কোটি টকা হোৱা বুলি উল্লেখ কৰিছে, যি পূৰ্বৰ বছৰৰ ১,২৬০ কোটি টকাৰ তুলনাত ৪১% অধিক। কেঁচামালৰ ক্ৰমবৰ্ধমান মূল্য আৰু গোলকীয় বজাৰৰ অনিশ্চয়তাই উৎপাদন ব্যয় বৃদ্ধি কৰা স্বত্বেও কোম্পানীটোৰ এবিটডা ব্যৱধান ১২.৫% ৰ পৰা ১২.৮% লৈ…
Read More
মুঠ লাভত ৫% বৃদ্ধিয়ে আইডিবিআই বেংকক প্ৰথম ত্ৰৈমাসিকত প্ৰদান কৰিছে সুস্থিৰ অগ্ৰগতি

মুঠ লাভত ৫% বৃদ্ধিয়ে আইডিবিআই বেংকক প্ৰথম ত্ৰৈমাসিকত প্ৰদান কৰিছে সুস্থিৰ অগ্ৰগতি

আইডিবিআই বেংক লিমিটেডে উচ্চ সুতৰ দ্বাৰা উপাৰ্জন, শক্তিশালী ঋণ বৃদ্ধি আৰু সম্পদৰ মানদণ্ডৰ ধাৰাবাহিক উন্নতিৰ ফলত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত সামগ্ৰিক লাভ বছৰি ৫ শতাংশ বৃদ্ধিৰে ২,১১৫ কোটি টকা হোৱাৰ কথা সদৰি কৰি শনিবাৰে প্ৰতিবেদন দাখিল কৰিছে। বেংকটোৱে যোৱা বিত্তীয় বৰ্ষৰ একেটা ত্ৰৈমাসিকত ২,০০৭ কোটি টকাৰ মুঠ লাভ অৰ্জন কৰা দেখুৱাইছিল, আনহাতে ক্ৰমান্বয়ে পূৰ্বৱৰ্তী ত্ৰৈমাসিকৰ তুলনাত এই লাভ ৯ শতাংশ বৃদ্ধি পাইছে। মুম্বাইত অনুষ্ঠিত পৰিচালনা সঞ্চালক বৰ্ডৰ বৈঠকত ২০২৬ চনৰ ৩০ জুনত শেষ হোৱা ত্ৰৈমাসিকৰ বিত্তীয় ফলাফলত অনুমোদন জনোৱা হয়। বেংকৰ মুট সুতৰ উপাৰ্জন (এনআইআই) বছৰি ১০ শতাংশ বৃদ্ধি পাই ৩,১৬৬ কোটি টকাৰ পৰা ৩,৪৮৬ কোটি টকা হৈছে, আনহাতে…
Read More
হোম ক্ৰেডিট ইণ্ডিয়াই অধিগ্ৰহণ কৰিলে ভাৰ্থনা ফাইনেন্স

হোম ক্ৰেডিট ইণ্ডিয়াই অধিগ্ৰহণ কৰিলে ভাৰ্থনা ফাইনেন্স

টিভিএছ ভেনু গ্ৰুপৰ অন্তৰ্ভুক্ত হোম ক্ৰেডিট ইণ্ডিয়াই সম্পূৰ্ণ নগদ ধনৰ লেনদেনৰ বিনিময়ত ভাৰ্থনা ফাইনেন্স প্ৰাইভেট লিমিটেডৰ ১০০ শতাংশ অংশীদাৰিত্ব অধিগ্ৰহণ কৰাৰ বাবে এক চুক্তিত উপনীত হৈছে। অৱশ্যে এই প্ৰক্ৰিয়াটো ৰিজাৰ্ভ বেংক আদিকে ধৰি আনুষংগিক নিয়ন্ত্ৰণকাৰী সংস্থাসমূহৰ অনুমোদনৰ সাপেক্ষেহে সম্পন্ন হ’ব। এই প্ৰস্তাৱিত অধিগ্ৰহণৰ মূল উদ্দেশ্য হৈছে সুৰক্ষিত আৰু দীৰ্ঘম্যাদী শিক্ষা ঋণ খণ্ডত প্ৰৱেশ কৰি টিভিএছ ভেনুৰ বিত্তীয় সেৱাৰ পৰিসৰ অধিক শক্তিশালী কৰা। টিভিএছ ভেনুৱে জনোৱা মতে, ভাৰতৰ বৰ্ধিত ঋণৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ এক উচ্চ মানদণ্ডৰ বিত্তীয় সেৱা গঢ়ি তোলাৰ বাবে প্ৰতিষ্ঠানটোৰ যি দীৰ্ঘম্যাদী কৌশল, তাৰ সৈতেই এই পদক্ষেপ সংগতিপূৰ্ণ। বৰ্তমান টিভিএছ ক্ৰেডিট চাৰ্ভিচেছ আৰু হোম ক্ৰেডিট ইণ্ডিয়াৰ জৰিয়তে গ্ৰুপটোৱে…
Read More
২১গৰাকী এমডিআৰটি উপদেষ্টাৰে টাটা এআইএ-ই অসমত নিজৰ স্থিতি কৰিছে শক্তিশালী, ভাৰতৰ অক্ষুণ্ণ ৰাখিছে শীৰ্ষ ৰেংকিং

২১গৰাকী এমডিআৰটি উপদেষ্টাৰে টাটা এআইএ-ই অসমত নিজৰ স্থিতি কৰিছে শক্তিশালী, ভাৰতৰ অক্ষুণ্ণ ৰাখিছে শীৰ্ষ ৰেংকিং

টাটা এআইএ লাইফ ইঞ্চুৰেন্সে-এ অসমত ২১গৰাকী মিলিয়ন ডলাৰ ৰাউণ্ড টেবুল(এমডিআৰটি)-যোগ্য উপদেষ্টা পঞ্জীয়ন কৰিছে। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ জীৱন বীমা খণ্ডত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ লগতে ধাৰাবাহিকভাৱে চতুৰ্থ বছৰৰ বাবে এমডিআৰটি-যোগ্য উপদেষ্টাৰ সংখ্যাৰ ফালৰ পৰা ভাৰতৰ শীৰ্ষ বীমাকাৰী প্ৰতিষ্ঠান হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে। ২০২৬ চনৰ গ্লবেল এমডিআৰটি ৰেংকিং অনুসৰি, কামৰূপ(ম) আৰু কোকৰাঝাৰ জিলাৰ পৰা চাৰি গৰাকীকৈ এমডিআৰটি-যোগ্য উপদেষ্টা আছে, আনহাতে কাছাৰ জিলাৰ দুগৰাকী উপদেষ্টাই এই যোগ্যতা অৰ্জন কৰিছে। সমগ্ৰ ভাৰতবৰ্ষত টাটা এআইএ-ই ১,৩৯৭গৰাকী এমডিআৰটি-যোগ্য উপদেষ্টা পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত প্ৰতিষ্ঠানটোৱে বিশ্বজুৰি ১৩সংখ্যক স্থান লাভ কৰিছে। এই মুঠ যোগ্যতা অৰ্জনকাৰীসকলৰ ভিতৰত ৬৯৫গৰাকী মহিলা, যি প্ৰতিষ্ঠানটোৰ মুঠ এমডিআৰটি সদস্যৰ প্ৰায় আধা…
Read More
১২.৯৯ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত এডভেঞ্চাৰ এডিচন মুকলিৰে ডাষ্টাৰৰ পুৰণি ঐতিহ্যৰ ওপৰত গুৰুত্ব আৰোপ ৰেন’ৰ

১২.৯৯ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত এডভেঞ্চাৰ এডিচন মুকলিৰে ডাষ্টাৰৰ পুৰণি ঐতিহ্যৰ ওপৰত গুৰুত্ব আৰোপ ৰেন’ৰ

ৰেন’ ইণ্ডিয়াই নিজৰ আইকনিক এছইউভি-ৰ এক বিশেষ সংস্কৰণ ডাষ্টাৰ এডভেঞ্চাৰ এডিচন মুকলি কৰিছে, বাহনখনৰ এক্স-শ্ব’ৰুম মূল্য ১২.৯৯ লাখ টকাৰ পৰা আৰম্ভ হৈছে। মঙলবাৰে ঘোষণা কৰা অনুসৰি, ভাৰতৰ আটাইতকৈ জনপ্ৰিয় এছইউভিসমূহৰ অন্যতম ডাষ্টাৰৰ দুঃসাহসিক ভ্ৰমণৰ ঐতিহ্যক উদযাপন কৰাৰ উদ্দেশ্যে এই নতুন সংস্কৰণটো অনা হৈছে। কোম্পানীটোৰ সমগ্ৰ ভাৰততে এক মূল্য নীতিৰ অধীনত এই নতুন সংস্কৰণটো তিনিটা ভেৰিয়েণ্টত উপলব্ধ হ’ব— এডভেঞ্চাৰ টাৰ্বো টিচিই ১০০ এমটিৰ মূল্য ১২.৯৯ লাখ টকা, এডভেঞ্চাৰ টাৰ্বো টিচিই ১৬০ এমটিৰ মূল্য ১৩.৯৯ লাখ টকা আৰু এডভেঞ্চাৰ টাৰ্বো টিচিই ১৬০ ডিচিটিৰ মূল্য ১৫.৩৯ লাখ টকা। ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস বাষ্টিল ডে'ৰ ক্ষণত ভাৰতস্থিত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত থিয়েৰী মাঠু আৰু ৰেন’ গ্ৰুপ ইণ্ডিয়াৰ…
Read More
ইপিএফঅ’ৰ ধন আদায় ব্যৱস্থাৰে ডিজিটেল বেংক সেৱাৰ পৰিসৰ বৃদ্ধি কৰিলে ইণ্ডাছইণ্ড বেংকে

ইপিএফঅ’ৰ ধন আদায় ব্যৱস্থাৰে ডিজিটেল বেংক সেৱাৰ পৰিসৰ বৃদ্ধি কৰিলে ইণ্ডাছইণ্ড বেংকে

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনস্থ কৰ্মচাৰী ভৱিষ্যনিধি সংগঠন(ইপিএফঅ')ৰ সৈতে ইণ্ডাছইণ্ড বেংক সংযুক্ত হৈছে। ইয়াৰ ফলত নিয়োগকৰ্তা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে এতিয়াৰে পৰা বেংকটোৰ ডিজিটেল বেংকিং প্লেটফৰ্ম ব্যৱহাৰ কৰি ইপিএফঅ' পৰ্টেলৰ জৰিয়তে অতি সহজে ভৱিষ্যনিধি(পিএফ)ৰ বৰঙণি জমা কৰিব পাৰিব। এই সংযোগৰ পিছত এতিয়াৰে পৰা বিভিন্ন সংস্থাসমূহে ইপিএফঅ' পৰ্টেলত পোনপটীয়াকৈ ইণ্ডাছইণ্ড বেংক বাচনি কৰিব পাৰিব। লগতে বেংকটোৰ কৰ্পৰেট ইণ্টাৰনেট বেংকিং প্লেটফৰ্ম ইণ্ডাছ ডাইৰেক্ট আৰু মজলীয়া তথা ক্ষুদ্ৰ উদ্যোগ(এমএছএমই)ৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা মোবাইল বেংকিং এপ্লিকেচন ইণ্ডি ফৰ বিজনেছৰ জৰিয়তে নিয়মীয়া পি এফ আদায় প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব। দেশৰ আটাইতকৈ বেছি ব্যৱহৃত বিধিবদ্ধ কৰ্তব্যৰ এই ধন আদায় প্ৰক্ৰিয়াটোক সৰল কৰাৰ লগতে এটা সুৰক্ষিত…
Read More
‘মিল্ক এণ্ড ৰাইচ’ সামগ্ৰীৰে নিজৰ পৰিসৰ বৃদ্ধি আৰু ‘পোষণ কা পেহলা স্পৰ্শ’ অভিযান আৰম্ভ কৰিছে জনচন’ছ®️ বেবীয়ে

‘মিল্ক এণ্ড ৰাইচ’ সামগ্ৰীৰে নিজৰ পৰিসৰ বৃদ্ধি আৰু ‘পোষণ কা পেহলা স্পৰ্শ’ অভিযান আৰম্ভ কৰিছে জনচন’ছ®️ বেবীয়ে

জনচন'ছ®️ বেবীয়ে শিশুসকলৰ ছালৰ যত্নৰ বাবে নিজৰ নতুন মিল্ক এণ্ড ৰাইচ সামগ্ৰীৰ শৃংখলা মুকলি কৰিছে। ইয়াৰ সৈতে সংগতি ৰাখি পৰম্পৰাগত ভাৰতীয় অন্নপ্ৰসন্ন উৎসৱৰ দ্বাৰা অনুপ্ৰাণিত হৈ ‘পোষন কা পেহলা স্পৰ্শ’ নামৰ এটা নতুন বিজ্ঞাপন অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানে শিশুৰ জীৱনৰ প্ৰথম দিনবোৰৰ পৰাই কোমল ছালৰ পুষ্টিৰ ওপৰত গুৰুত্ব দি ছালৰ বাবে আহাৰৰ ৰীতি ধাৰণাটো উপস্থাপন কৰি এই সাংস্কৃতিক পৰম্পৰাটোক এক ন ৰূপত তুলি ধৰিছে। জনচন'ছ®️ বেবীৰ এই নতুন ‘মিল্ক এণ্ড ৰাইচ’ সামগ্ৰীসমূহ গাখীৰৰ প্ৰ’টিন, ৰাইচ ব্ৰেন প্ৰ’টিন, ভিটামিন ই, গ্লিচাৰিন আৰু মাল্টিভিটামিন কমপ্লেক্সৰ সংমিশ্ৰণেৰে প্ৰস্তুত কৰা হৈছে। ই নৱজাত শিশুৰ কোমল ছালৰ সুৰক্ষা কৱচ শক্তিশালী কৰাত আৰু দীৰ্ঘসময়লৈ…
Read More
মণিপাল হাস্পতালে গুৱাহাটীত বিশেষ কৰ্কট ৰোগৰ অ’পিডিৰ জৰিয়তে বৃদ্ধি কৰিলে অংক’লজী সেৱা

মণিপাল হাস্পতালে গুৱাহাটীত বিশেষ কৰ্কট ৰোগৰ অ’পিডিৰ জৰিয়তে বৃদ্ধি কৰিলে অংক’লজী সেৱা

সমগ্ৰ ভাৰতবৰ্ষতে ক্ৰমান্বয়ে বৃদ্ধি পোৱা কৰ্কট ৰোগৰ প্ৰতি লক্ষ্য ৰাখি দ্বাৰকাৰ এইচচিএমচিটি মণিপাল হাস্পতালে গুৱাহাটী মহানগৰীত এক বিশেষ অ’পিডি মুকলি কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে ৰোগীসকলে যাতে নিজৰ ঘৰৰ ওচৰতে সঠিক সময়ত বিশেষজ্ঞৰ পৰামৰ্শ লাভ কৰিব পাৰে, যাৰ ফলত উন্নত কৰ্কট ৰোগৰ পৰামৰ্শ আৰু চিকিৎসাৰ বাবে আন মহানগৰীলৈ যাবলগীয়া দূৰত্ব আৰু কষ্ট হ্ৰাস পাব।এই বিশেষ অ’পিডি প্ৰতিমাহৰ দ্বিতীয়টো দেওবাৰে পুৱা ১০:০০ বজাৰ পৰা দুপৰীয়া ১২:০০ বজালৈ গুৱাহাটীৰ লাচিত নগৰস্থিত ইউএইচএছ, ভিষ্টা ছুপাৰ স্পেচিয়েলিটি ক্লিনিকত আগবঢ়োৱা হ'ব। দ্বাৰকাৰ এইচচিএমচিটি মণিপাল হাস্পতালৰ ছাৰ্জিকেল অংক’লজী বিভাগৰ কনছালটেণ্ট ডাঃ বিক্ৰম কুমাৰ ডেকাই এই অ’পিডি সেৱাত ৰোগীসকলক পৰামৰ্শ প্ৰদান কৰিব। দেশজুৰি কৰ্কট ৰোগৰ সংখ্যা ক্ৰমাগতভাৱে…
Read More