মিজোৰামৰ পুনৰ সংস্থাপন কেন্দ্ৰলৈ সহযোগিতাৰে চিএছআৰ পদক্ষেপৰ প্ৰসাৰ বেংক অব বৰোডাৰ

বেংক অব বৰোডাই মিজোৰামৰ আইজলৰ মুৱানা ভেঙত থকা থুটাক নুনপুইটু টিম (টিএনটি) কেন্দ্ৰলৈ নিয়মীয়া পাকঘৰৰ প্ৰয়োজন পূৰণ কৰিবলৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰি সাহায্যৰ হাত আগবঢ়াইছে।পিছপৰা আৰু সুবিধাবঞ্চিত শ্ৰেণীক সহায় কৰাৰ উদ্দেশ্যে বেংক অব বৰোডাৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা(চিএছআৰ) পদক্ষেপৰ অংশ হিচাপে বেংক অব বৰোদাৰ কাৰ্যবাহী সঞ্চালক লাল সিঙে কেন্দ্ৰটো পৰিদৰ্শন কৰি এই সাহায্য আগবঢ়ায়।

মিজোৰামৰ টিএনটি কেন্দ্ৰ হৈছে এটা অন্যতম প্ৰধান পুনৰ্সংস্থাপন কেন্দ্ৰ, যিয়ে অনাথ শিশু, বিশেষভাৱে সক্ষম ব্যক্তি আৰু ড্ৰাগছ বা নিচাযুক্ত দ্ৰব্যত আসক্ত লোকসকলক যতন আৰু সহায় আগবঢ়ায়। টিএনটিৰ সাধাৰণ সম্পাদক আৰ. মালচৌমটলুৱাংগাই উত্তৰ-পূব ৰাজ্যিক মণ্ডলৰ মহা প্ৰবন্ধক তথা মণ্ডল মুৰব্বী শিৱ পদ নায়ক আৰু গুৱাহাটী মণ্ডলৰ উপ-মহা প্ৰবন্ধক তথা আঞ্চলিক মুৰব্বী দিবাকৰ ঝা, টিএনটিৰ স্বেচ্ছাসেৱক আৰু বেংকৰ কৰ্মচাৰীসকলৰ উপস্থিতিত এই খাদ্য সামগ্ৰীসমূহ গ্ৰহণ কৰে।

কাৰ্যবাহী সঞ্চালক সিঙে কয় যে, সমাজৰ দুৰ্বল শ্ৰেণীক সহায় কৰাটো অন্তৰ্ভুক্তিমূলক বিকাশৰ প্ৰতি বেংকৰ দায়বদ্ধতাৰ এটা গুৰুত্বপূৰ্ণ অংশ। সিঙে পুনৰ সংস্থাপন আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত টিএনটিৰ ভূমিকাৰ শলাগ লয় আৰু এখন অধিক অন্তৰ্ভুক্তিমূলক সমাজ গঠনৰ বাবে যুটীয়া প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।

গুৱাহাটীৰ প্ৰেক্ষাপটত এই পদক্ষেপে পৰম্পৰাগত বিত্তীয় সেৱাৰ উৰ্ধ্বলৈ গৈ উত্তৰ-পূবৰ সমাজ কল্যাণৰ ক্ষেত্ৰত কৰ্মৰত বেংকিং প্ৰতিষ্ঠানসমূহৰ ভূমিকাক প্ৰতিফলিত কৰিছে। এনে চিএছআৰ কাৰ্যকলাপে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সামাজিক প্ৰত্যাহ্বানসমূহ দূৰ কৰাৰ ক্ষেত্ৰত আঞ্চলিক সমন্বয়ৰ গুৰুত্বও প্ৰকাশ কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *