ব্যৱসায়

ভি-এ স্পটিফাইৰ সৈতে অংশীদাৰিত্বৰে বহুকেইটা প্ৰিমিয়াম মিউজিক উপযোগিতাৰে আগবঢ়াইছে নতুন প্ৰিপেইড প্লেন

ভি-এ স্পটিফাইৰ সৈতে অংশীদাৰিত্বৰে বহুকেইটা প্ৰিমিয়াম মিউজিক উপযোগিতাৰে আগবঢ়াইছে নতুন প্ৰিপেইড প্লেন

ভোডাফোন আইডিয়া-ই স্পটিফাইৰ সৈতে অংশীদাৰিত্বৰে কেইটামান নিৰ্বাচিত প্ৰিপেইড ৰিচাৰ্জ প্লেনৰ সৈতে স্পটিফাই প্ৰিমিয়ামক এক সন্মিলিত সুবিধা ৰূপে অন্তৰ্ভুক্ত কৰিছে, যাৰ লক্ষ্য হৈছে নিজৰ মনোৰঞ্জনৰ পৰিসৰ শক্তিশালী কৰা আৰু ভাৰতৰ ক্ৰমবৰ্ধমান ডিজিটেল-প্ৰথম উপভোক্তাসকলক আকৰ্ষিত কৰা। টেলিকম প্ৰতিষ্ঠানটোৱে সোমবাৰে তিনিটা নতুন প্ৰিপেইড ৰিচাৰ্জ বিকল্প মুকলি কৰিছে য’ত ভইচ, ডাটা আৰু মনোৰঞ্জনৰ সুবিধাসমূহৰ লগতে কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ স্পটিফাই প্ৰিমিয়াম অন্তৰ্ভুক্ত আছে। ফ্লেগশ্বিপ ৪৩৫ টকীয়া নন-ষ্টপ হিৰো প্লেনটোৱে ২৮ দিনৰ বৈধতাৰ সৈতে আনলিমিটেড ৪জি/৫জি ডাটা, আনলিমিটেড কল, প্ৰতিদিনে ১০০ টা এছএমএছ, জিঅ’হটষ্টাৰ (মোবাইল) এক্সেছ আৰু স্পটিফাই প্ৰিমিয়াম প্ৰদান কৰে। ২৫০ টকীয়া প্ৰিপেইড প্লেনটোৱে ২৮ দিনৰ বাবে ২জিবি ডাটা, আনলিমিটেড কল, ৩০০ টা এছএমএছ…
Read More
১১৫ ইঞ্চিৰ ফ্লেগশ্বিপ ব্ৰাভিয়া ৯আইII মুকলিৰে নিজৰ ট্ৰু আৰজিবি টিভিৰ পৰিসৰ সম্প্ৰসাৰণ ছনীৰ

১১৫ ইঞ্চিৰ ফ্লেগশ্বিপ ব্ৰাভিয়া ৯আইII মুকলিৰে নিজৰ ট্ৰু আৰজিবি টিভিৰ পৰিসৰ সম্প্ৰসাৰণ ছনীৰ

ছনী ইণ্ডিয়াই প্ৰিমিয়াম বৃহৎ স্ক্ৰীনৰ ঘৰুৱা মনোৰঞ্জন খণ্ডত নিজৰ উপস্থিতি শক্তিশালী কৰাৰ উদ্দেশ্যে কোম্পানীটোৰ এতিয়ালৈকে আটাইতকৈ ডাঙৰ ব্ৰাভিয়া টেলিভিচন— ১১৫ ইঞ্চি (২৯২ চেণ্টিমিটাৰ)ৰ ব্ৰাভিয়া ৯II মুকলি কৰি নিজৰ প্ৰিমিয়াম টেলিভিচনৰ তালিকাৰ সম্প্ৰসাৰণ কৰিছে। এই উন্মোচনী অনুষ্ঠানত ছনী ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সুনীল নায়াৰ আৰু ছনী কৰ্পৰেচনৰ হোম প্ৰডাক্ট বিজনেছ ডিভিজনৰ গ্লবেল হেড নেজু ডাইচুকে উপস্থিত থাকে। এই মুকলিৰ লগে লগে ছনীৰ ট্ৰু আৰজিবি ব্ৰাভিয়া শৃংখলাৰ স্ক্ৰীনৰ আকাৰ ৫৫ ইঞ্চি (১৪০ চেণ্টমিটাৰ)ৰ পৰা ১১৫ ইঞ্চি (২৯২ চেণ্টিমিটাৰ)লৈকে উপলব্ধ হৈছে। কোম্পানীটোৱে জানিবলৈ দিয়া মতে, এই নতুন ফ্লেগশ্বিপ টেলিভিচনত নিজস্ব আৰজিবি বেকলাইট মাষ্টাৰ ড্ৰাইভ প্ৰ’ আৰু ব্ৰাভিয়া এক্সআৰ প্ৰচেছৰ ব্যৱহাৰ কৰা হৈছে, যিয়ে উন্নত…
Read More
অসমৰ বানাক্ৰান্তসকলৰ বাবে বাজাজ লাইফ ইঞ্চুৰেন্সৰ দ্ৰুত গতিৰ ক্লেইম সাহায্য

অসমৰ বানাক্ৰান্তসকলৰ বাবে বাজাজ লাইফ ইঞ্চুৰেন্সৰ দ্ৰুত গতিৰ ক্লেইম সাহায্য

বাজাজ লাইফ ইঞ্চুৰেন্সে উজনি অসমৰ বানপানীৰ দ্বাৰা প্ৰভাৱিত পলিচীহল্ডাৰসকলৰ বাবে এক বিশেষ ক্লেইম সাহায্য কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াৰ অধীনত এক সৰলীকৃত ক্লেইম নিষ্পত্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে, যাতে বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ পৰিয়ালসমূহক দ্ৰুত বিত্তীয় সাহায্য প্ৰদান কৰাটো নিশ্চিত কৰিব পৰা যায়। ব্যক্তিগত খণ্ডৰ জীৱন বীমা কোম্পানীটোৱে জনোৱা মতে এক সুকীয়া ক্লেইম নিষ্পত্তি ডেস্ক স্থাপন কৰা হৈছে আৰু বান পৰিস্থিতিৰ বাবে উদ্ভৱ হোৱা যোগ্য মৃত্যুৰ ক্লেইমসমূহক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। নথিৰ প্ৰয়োজনীয়তা হ্ৰাস আৰু নিষ্পত্তি প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে ক্লেইম প্ৰক্ৰিয়াটো সহজ কৰি তোলাই হৈছে এই পদক্ষেপৰ মূল উদ্দেশ্য। এই সৰলীকৃত প্ৰক্ৰিয়াৰ অধীনত…
Read More
পিএনবি মেটলাইফৰ শ্বিলঙত নতুন শাখা মুকলি: উত্তৰ-পূৰ্বাঞ্চলত উপস্থিতি অধিক শক্তিশালী কৰাৰ প্ৰয়াস

পিএনবি মেটলাইফৰ শ্বিলঙত নতুন শাখা মুকলি: উত্তৰ-পূৰ্বাঞ্চলত উপস্থিতি অধিক শক্তিশালী কৰাৰ প্ৰয়াস

দেশৰ অন্যতম আগশাৰীৰ জীৱন বীমা প্ৰতিষ্ঠান পিএনবি মেটলাইফ ইণ্ডিয়া ইঞ্চুৰেন্স কোম্পানী লিমিটেড-এ আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত এটা নতুন শাখা মুকলি কৰাৰ কথা ঘোষণা কৰিছে। গ্ৰাহকসকল থকা ঠাইতে বীমা সেৱা আৰু বিশ্বাসযোগ্য পৰামৰ্শ আগবঢ়াই বীমাক অধিক সহজলভ্য কৰি তোলাৰ বাবে কোম্পানীটোৱে লোৱা সংকল্পৰেই ই এক প্ৰতিফলন। এই উপলক্ষে পিএনবি মেটলাইফৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া সমীৰ বাঞ্চালিয়ে কয় যে, "বিশ্বাসেই সদায় পিএনবি মেটলাইফ আৰু গ্ৰাহকৰ সম্পৰ্কৰ মূল ভেটি হৈ আহিছে। এতিয়া সমগ্ৰ ভাৰতত আমাৰ ১৮৫টা কাৰ্যালয় হৈছে। ইয়াৰ দ্বাৰা আমি কেৱল আমাৰ পৰিসৰেই বৃদ্ধি কৰা নাই, বৰঞ্চ গ্ৰাহকসকলে যে প্ৰতিটো খোজতে আমাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে, সেই বিশ্বাসো অধিক দৃঢ়…
Read More
ভি ফাউণ্ডেচন আৰু এৰিকছনে ৰবোৎসৱ প্লেটফৰ্মৰ জৰিয়তে প্ৰসাৰ ঘটাইছে ষ্টেম শিক্ষাৰ

ভি ফাউণ্ডেচন আৰু এৰিকছনে ৰবোৎসৱ প্লেটফৰ্মৰ জৰিয়তে প্ৰসাৰ ঘটাইছে ষ্টেম শিক্ষাৰ

ভোডাফোন আইডিয়াৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা শাখা ভি ফাউণ্ডেচনে সমগ্ৰ ভাৰতৰে শিক্ষাৰ্থীসকলৰ মাজত ৰব’টিক্স আৰু কৃত্ৰিম বুদ্ধিমত্তা শিক্ষা সম্প্ৰসাৰণৰ উদ্দেশ্যেৰে এক আন্তঃবিদ্যালয় ৰব’টিক্স প্লেটফৰ্ম ৰবোৎসৱ – দ্য ফেষ্টিভেল অৱ টেকন’লজি মুকলি কৰিবলৈ এৰিকছনৰ সৈতে অংশীদাৰিত্ব কৰিছে। জ্ঞান অংশীদাৰ মইনী ফাউণ্ডেচনৰ সহযোগত ৰব’টিক্স লেব প্ৰগ্ৰেমৰ অধীনত বিকশিত কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে ডিজিটেল আৰু ব্যৱহাৰিক অভিজ্ঞতাৰ সংমিশ্ৰণেৰে ষ্টেম শিক্ষাক অধিক আকৰ্ষণীয় কৰি তোলা। নতুনকৈ মুকলি কৰা ৰবোৎসৱ ৱেবছাইটে দেশজুৰি ছাত্ৰ-ছাত্ৰীসকলক কুইজ, ৰচনা লিখন প্ৰতিযোগিতা, ব্লগ আৰু ৰব’টিক্স, এআই, থ্ৰীডি প্ৰিণ্টিং, প্ৰগ্ৰামিং, ভাৰ্চুৱেল ৰিয়েলিটি তথা জেনেৰেটিভ এআই সামৰি লোৱা নিৰ্বাচিত শিক্ষণ সমলসমূহ লাভ কৰাৰ সুযোগ প্ৰদান কৰিছে। এটা মুক্ত ডিজিটেল প্লেটফৰ্ম হিচাপে ডিজাইন…
Read More
জুনিয়ৰ প্ৰগ্ৰেমৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ মটৰস্পৰ্টছক শক্তিশালী কৰিছে টিভিএছ মটৰে আপাচে

জুনিয়ৰ প্ৰগ্ৰেমৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ মটৰস্পৰ্টছক শক্তিশালী কৰিছে টিভিএছ মটৰে আপাচে

টিভিএছ মটৰ কোম্পানীয়ে ভাৰতৰ যুৱ ৰেচিং প্ৰতিভাক চিনাক্ত আৰু উদযাপনৰ উদ্দেশ্যে এক তৃণমূল পৰ্যায়ৰ মটৰস্পৰ্টছ পদক্ষেপ— টিভিএছ আপাচে জুনিয়ৰ প্ৰগ্ৰেম মুকলি কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে কোম্পানীটোৱে মাদ্ৰাজ মটৰ স্পৰ্টছ ক্লাৱক ১০ খন টিভিএছ আপাচে আৰআৰ ২০০ মিনি মটৰচাইকেল আগবঢ়াইছে। এমএমএচচিয়ে এই মটৰচাইকেলসমূহ এক সুপৰিকল্পিত ৰাইডাৰ ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ অধীনত ১০ৰ পৰা ১৪ বছৰ বয়সৰ উদীয়মান ৰেচাৰসকলক প্ৰশিক্ষণ দিবলৈ ব্যৱহাৰ কৰিব। এই পদক্ষেপৰ অধীনত মাদ্ৰাজ ইণ্টাৰনেচনেল কাৰ্টিং এৰিনাত পেছাদাৰী প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ইয়াত অংশগ্ৰহণকাৰীসকলে অভিজ্ঞ প্ৰশিক্ষক আৰু টিভিএছ ৰেচিং চেম্পিয়নসকলৰ তত্ত্বাৱধানত বিশেষভাৱে প্ৰস্তুত কৰা আপাচে আৰআৰ ২০০ মিনি মটৰচাইকেলৰ সহায়ত প্ৰশিক্ষণ লাভ কৰিব। এই কাৰ্যসূচীয়ে এক নিয়ন্ত্ৰিত পৰিৱেশত অনুশাসন, সঠিকতা,…
Read More
এই বাৰিষাৰ সময়ছোৱাত সঠিক বীমাৰে আপোনাৰ বাহনখন সুৰক্ষিত ৰাখক

এই বাৰিষাৰ সময়ছোৱাত সঠিক বীমাৰে আপোনাৰ বাহনখন সুৰক্ষিত ৰাখক

অসমৰ বানপীড়িত অঞ্চলসমূহৰ লগতে বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে হৈ থকা বৰষুণৰ ফলত বাহনৰ গৰাকীসকল এক জটিল পৰিস্থিতিৰ মুখামুখি হৈছে। এনে সময়ত পানীৰ বাবে বাহনৰ ক্ষতিসাধন, হঠাতে বিকল হোৱা আৰু যাতায়াত ব্যাহত হোৱাৰ আশংকা বহুত বেছি থাকে। এই পৰিস্থিতিত বাহন চালকসকলে নিজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু বাহনৰ ক্ষতিৰ আশংকা হ্ৰাস কৰিবলৈ আৱশ্যকীয় সাৱধানতা অৱলম্বন কৰাটো জৰুৰী। পানী জমা হোৱা পথ এৰাই চলা, যাত্ৰা কৰাৰ পূৰ্বে বতৰ আৰু পথৰ অৱস্থা পৰীক্ষা কৰা, টায়াৰ আৰু ব্ৰেক সঠিককৈ ৰখা, আৰু বাহনৰ জৰুৰী অংশসমূহ সক্ৰিয় হৈ থকাটো নিশ্চিত কৰিলে বাৰিষা কালত হ’ব পৰা দুৰ্ঘটনা আৰু বিকলতা বহুখিনি ৰোধ কৰিব পৰা যায়। ইয়াৰ উপৰিও এক নিৰ্ভৰযোগ্য মটৰ…
Read More
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ অসমৰ বান সাহায্য সামগ্ৰী পৰিবহনৰ ক্ষেত্ৰত কাৰ্গ’ মাচুলত ৰেহাই

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ অসমৰ বান সাহায্য সামগ্ৰী পৰিবহনৰ ক্ষেত্ৰত কাৰ্গ’ মাচুলত ৰেহাই

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে অসমৰ বানপীড়িত অঞ্চলসমূহত চলি থকা সাহায্য অভিযানৰ প্ৰতি সমৰ্থন জনাই সাহায্য সামগ্ৰী পৰিবহণৰ বাবে কাৰ্গ’ মাচুল সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে বানপীড়িত ৰাইজৰ সহায়ৰ বাবে কাম কৰি থকা পঞ্জীয়নভুক্ত বেচৰকাৰী সংগঠন আৰু স্বীকৃতিপ্ৰাপ্ত সাহায্য সংস্থাসমূহৰ জৰুৰী সামগ্ৰীসমূহৰ সৰবৰাহ ক্ষিপ্ৰ কৰি তোলা। যোগ্য কাৰ্গ’সমূহৰ ভিতৰত খাদ্য আৰু শুকান ৰেচন, খোৱাপানী, ঔষধ, অনাময় আৰু স্বচ্ছতা কিট, কাপোৰ, কম্বল, তিৰ্পাল আৰু অন্যান্য জৰুৰী মানৱীয় যোগান সামগ্ৰী অন্তৰ্ভুক্ত হ’ব পাৰে, যিবোৰ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ নিয়ম আৰু নীতিৰ অধীনত নিৰীক্ষণ কৰা হ’ব। এই ৰেহাই ব্যৱস্থা দিল্লী, বেংগালুৰু আৰু কলকাতাৰ পৰা গুৱাহাটী অভিমুখে চলাচল কৰা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ…
Read More
২০২৬ বৰ্ষৰ পেৰা স্পৰ্টছ ছিজনৰ মুখ্য স্পনছৰ হিচাপে পিচিআইৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰিলে এছবিআই লাইফে

২০২৬ বৰ্ষৰ পেৰা স্পৰ্টছ ছিজনৰ মুখ্য স্পনছৰ হিচাপে পিচিআইৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰিলে এছবিআই লাইফে

এছবিআই লাইফ ইঞ্চুৰেন্সে ২০২৬ বৰ্ষৰ পেৰা স্পৰ্টছ ছিজনৰ বাবে ভাৰতীয় দলৰ মূল সহযোগী হৈ পেৰালিম্পিক কমিটী অৱ ইণ্ডিয়া(পিচিআই)ৰ সৈতে থকা সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিছে। ইয়াৰ লগতে গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ পেৰা গেমছ আৰু জাপানৰ আইচি-নাগোয়াত হ’বলগীয়া এছিয়ান পেৰা গেমছত অংশগ্ৰহণ কৰিবলগীয়া এথলীটসকলৰ বাবে এছবিআই লাইফ ইঞ্চুৰেন্স অফিচিয়েল লাইফ ইঞ্চুৰেন্স পাৰ্টনাৰ হিচাপে থাকিব। এই ঘোষণাই পেৰিছ ২০২৪ পেৰালিম্পিক গেমছৰ সময়ত গঢ়ি উঠা সহযোগিতাৰ পিছত ভাৰতৰ পেৰা-এথলীটসকলৰ সৈতে এছবিআই লাইফৰ অংশগ্ৰহণৰ পৰিসৰ অধিক বৃদ্ধিক বুজাইছে। এই নৱীকৃত অংশীদাৰিত্বৰ অধীনত বীমা প্ৰতিষ্ঠানটোৱে ২০২৬ চনত হ’বলগীয়া দুটা ডাঙৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে সাজু হোৱা ভাৰতীয় দলটোক সম্পূৰ্ণ সমৰ্থন আগবঢ়াব। এছবিআই লাইফে জনাইছে যে,…
Read More
প্ৰিমিয়াম চেডান ক্ৰেতাসকলক লক্ষ্য কৰি স্ক’ডা শ্লাভিয়া মণ্টে কাৰ্ল’ত এক্সক্লুচিভ ৰং সংযোজন

প্ৰিমিয়াম চেডান ক্ৰেতাসকলক লক্ষ্য কৰি স্ক’ডা শ্লাভিয়া মণ্টে কাৰ্ল’ত এক্সক্লুচিভ ৰং সংযোজন

স্ক’ডা অটো ইণ্ডিয়াই নিজৰ শ্লাভিয়া মণ্টে কাৰ্ল’  মডেলত দুটা নতুন এক্সক্লুচিভ ডুৱেল-টোন ৰং— চিমলা গ্ৰীন আৰু ষ্টীল গ্ৰে অন্তৰ্ভুক্ত কৰি নিজৰ প্ৰিমিয়াম চেডান শ্ৰেণীটোক অধিক আকৰ্ষণীয় কৰি তুলিছে। স্ক’ডাই ঘোষণা কৰা অনুসৰি, এই সীমিত সংস্কৰণৰ গাড়ী কেৱল ২০০ খনহে প্ৰস্তুত কৰা হ’ব। এই ৰংসমূহ ১.০ লিটাৰ টিএছআই অটোমেটিক আৰু ১.৫ লিটাৰ টিএছআই ডিএছজি অটোমেটিক দুয়োটা পাৱাৰট্ৰেইনতে উপলব্ধ হ’ব। এই শেহতীয়া সংযোজনৰ উদ্দেশ্য হৈছে শ্লাভিয়া মণ্টে কাৰ্ল’ৰ ক্ৰীড়াসুলভ ষ্টাইল, ব্লেক-আউট বাহ্যিক অংশ, মণ্টে কাৰ্ল’ৰ স্বকীয় ডিজাইন, ক'লা আৰু ৰঙা ৰঙৰ কেবিন থিম আৰু অত্যাধুনিক ইণ্টেৰিঅ'ৰ অক্ষুণ্ণ ৰাখি গ্ৰাহকক অধিক এক্সক্লুচিভ বা অনন্য অনুভৱ প্ৰদান কৰা। ব্ৰেণ্ড ডাইৰেক্টৰ আশিস গুপ্তাই কয় যে…
Read More